অস্বাভাৱিক মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰা আৰু বজাৰৰ সুস্থিৰতা বজাই ৰখাৰ উদ্দেশ্যে অসম চৰকাৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে
ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰা আৰু বজাৰৰ সুস্থিৰতা বজাই ৰখাৰ উদ্দেশ্যে অসম চৰকাৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে । ১৮ মে’ত অনুষ্ঠিত এক উচ্চস্তৰীয় পৰ্যালোচনা বৈঠকত চৰকাৰে ৰাজ্যৰ মূল্য নিৰীক্ষণ ব্যৱস্থাৰ বুজ লয় আৰু কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰে ।
চৰকাৰী নিৰ্দেশনা অনুসৰি, ৰাজ্যৰ সকলো জিলাৰ উপায়ুক্তসকলক অহা তিনিৰ পৰা চাৰি দিনৰ ভিতৰত জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিসমূহৰ বৈঠক আহ্বান কৰিবলৈ কোৱা হৈছে । এতিয়াৰে পৰা ৰাজ্যৰ সকলো খুচুৰা আৰু পাইকাৰী দোকানত অত্যাৱশ্যকীয় সামগ্ৰীৰ পাইকাৰী আৰু খুচুৰা মূল্য ৰাইজৰ সুবিধাৰ্থে স্পষ্টকৈ প্ৰদৰ্শন কৰাটো বাধ্যতামূলক কৰা হৈছে ।
বজাৰত কৃত্ৰিম নাটনি বা অস্বাভাৱিক মূল্যবৃদ্ধিৰ জৰিয়তে গ্ৰাহকক হাৰাশাস্তি কৰা ব্যৱসায়ীসকলৰ বিৰুদ্ধে চৰকাৰে কঠোৰ হুংকাৰ প্ৰদান কৰিছে । এনে কাৰ্যত লিপ্ত থকাটো প্ৰমাণিত হ’লে সংশ্লিষ্ট ব্যৱসায়ী প্ৰতিষ্ঠানৰ ব্যৱসায়িক অনুজ্ঞাপত্ৰ (ট্ৰেড লাইচেন্স) বাতিল কৰা হ’ব বুলিও চৰকাৰে সকীয়াই দিয়ে ।
বজাৰৰ তদাৰকী ব্যৱস্থা অধিক শক্তিশালী কৰিবলৈ উপায়ুক্ত, চেম্বাৰ অব্ কমাৰ্চ আৰু বিভিন্ন ব্যৱসায়িক সংস্থাসমূহক সাঙুৰি নিয়মীয়াকৈ সাপ্তাহিক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা হ’ব । ইয়াৰ উপৰিও, বজাৰত হঠাত হোৱা মূল্যবৃদ্ধি ধৰা পেলাবলৈ আৰু ইয়াক প্ৰতিহত কৰিবলৈ বিষয়াসকলক ক্ষেত্ৰভিত্তিক পৰিদৰ্শন (ফিল্ড ভিজিট) তীব্ৰতৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।
আনহাতে, এলপিজি চিলিণ্ডাৰ বিতৰণ প্ৰক্ৰিয়া অধিক সুশৃংখলিত কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ বাবে আধাৰ সংযোগ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰাৰ বাবেও চৰকাৰে বিশেষ ঘোষণা কৰে ।
ৰাজ্য চৰকাৰে স্পষ্ট কৰি দিছে যে জনসাধাৰণৰ চিন্তা দূৰ কৰিবলৈ আৰু সমগ্ৰ অসমতে অত্যাৱশ্যকীয় সামগ্ৰীৰ নিয়মীয়া যোগান তথা সঠিক মূল্য নিৰ্ধাৰণ নিশ্চিত কৰিবলৈ চৰকাৰ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ ।
লগতে পঢ়ক : ‘চৰ-চাপৰি মানুহেহে অসমীয়া ভাষা-সংস্কৃতি জীয়াই ৰাখিছে’; বসন্ত কুমাৰ গোস্বামীৰ বিস্ফোৰক মন্তব্য









