৩৬ হাজাৰ ‘বিদেশী’ চিনাক্ত, কিন্তু ঘূৰাই পঠালে মাত্ৰ ১৯৬ জনক! বিধানসভাত বিস্ফোৰক তথ্য

অসমত হাজাৰ হাজাৰ বিদেশী চিনাক্ত, কিন্তু বহিষ্কাৰ হ’ল কেইজনমানহে! বিধানসভাত চৰকাৰৰ তথ্য ।

অসমত দীৰ্ঘদিন ধৰি চলি থকা বিদেশী সমস্যা আৰু অনুপ্ৰৱেশকাৰীৰ বহিষ্কাৰ প্ৰক্ৰিয়াক লৈ এক ডাঙৰ তথ্য পোহৰলৈ আহিছে । ২০২১ চনৰ পৰা বৰ্তমানলৈকে ৰাজ্যৰ বিদেশী ন্যায়াধিকৰণসমূহ (Foreigners Tribunals)-এ ৩৬,০০০ তকৈও অধিক লোকক বিদেশী বুলি ঘোষণা কৰিছে । কিন্তু আশ্বৰ্যজনকভাৱে, এই বৃহৎ সংখ্যাৰ বিপৰীতে এই সময়ছোৱাত মাত্ৰ ১৯৬ জন লোককহে বাংলাদেশলৈ প্ৰত্যাৱৰ্তন কৰা হৈছে । ৮ জুলাইত অসম বিধানসভাৰ মজিয়াত চৰকাৰে এই তথ্য সদৰী কৰে ।

বিদেশী ঘোষণাৰ বছৰভিত্তিক পৰিসংখ্যা

কংগ্ৰেছ বিধায়ক মহিবুৰ ৰহমানে উত্থাপন কৰা এক লিখিত প্ৰশ্নৰ উত্তৰত ৰাজ্যৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাই এই তথ্য প্ৰদান কৰে । মন্ত্ৰীগৰাকীৰ তথ্য অনুসৰি, ২০২১ চনৰ পৰা ২০২৬ চনৰ মে’ মাহৰ ভিতৰত মুঠ ৩৬,৩৫৮ জন লোকক বিদেশী ন্যায়াধিকৰণসমূহে ‘বিদেশী’ বুলি চিনাক্ত কৰিছে ।

মন্ত্ৰী অতুল বৰাই দাঙি ধৰা বছৰভিত্তিক খতিয়ান অনুসৰি, ২০২১ চনত ৭,১৫১ জন, ২০২২ চনত ৯,০২৮ জন, ২০২৩ চনত ৬,৮৫৯ জন, ২০২৪ চনত ৬,১৭৮ জন, ২০২৫ চনত ৫,১০৬ জন আৰু ২০২৬ চনত এতিয়ালৈকে ২,০৩৬ জন লোকক বিদেশী বুলি ঘোষণা কৰা হৈছে । এই বৃহৎ সংখ্যক বিদেশীৰ ভিতৰত কেৱল ১৯৬ জনকহে নিজ দেশলৈ ওভতাই পঠোৱা হৈছে ।

অসম চুক্তি আৰু আইনী প্ৰক্ৰিয়া

ঐতিহাসিক অসম চুক্তি (Assam Accord) অনুসৰি, ১৯৭১ চনৰ ২৫ মাৰ্চ বা তাৰ পিছত অবৈধভাৱে অসমত প্ৰৱেশ কৰা বিদেশীসকলক চিনাক্ত কৰা, ভোটাৰ তালিকাৰ পৰা তেওঁলোকৰ নাম কৰ্তন কৰা আৰু পৰৱৰ্তী সময়ত তেওঁলোকক বহিষ্কাৰ কৰাটো বাধ্যতামূলক ।

অসমৰ বৰ্তমানৰ আইনী কাঠামো অনুসৰি, কেৱল বিদেশী ন্যায়াধিকৰণসমূহৰহে এজন ব্যক্তি বিদেশী হয় নে নহয় তাৰ সিদ্ধান্ত লোৱাৰ আইনী কৰ্তৃত্ব আছে । অৱশ্যে, ন্যায়াধিকৰণৰ ৰায়ত অসন্তুষ্ট হোৱা যিকোনো ব্যক্তিয়ে এই নিৰ্দেশক উচ্চ ন্যায়ালয় বা উচ্চতম আদালতত প্ৰত্যাহ্বান জনাব পাৰে ।

সদনত অখিল গগৈ আৰু অতুল বৰাৰ বাকযুদ্ধ

এই বিষয়টোক কেন্দ্ৰ কৰি বিধানসভাৰ মজিয়াত এক উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হয় । ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে বৰ্তমান অসমত অবৈধভাৱে বসবাস কৰি থকা বিদেশীৰ সঠিক সংখ্যা কিমান, সেই সন্দৰ্ভত চৰকাৰৰ পৰা স্পষ্ট উত্তৰ দাবী কৰে ।

ইয়াৰ প্ৰত্যুত্তৰত মন্ত্ৰী অতুল বৰাই কয় যে চৰকাৰৰ ওচৰত বৰ্তমান অসমত থকা অবৈধ বিদেশীৰ এনে কোনো সঠিক তথ্য সদনত দাখিল কৰিব পৰাকৈ উপলব্ধ নাই । মন্ত্ৰীগৰাকীৰ এই উত্তৰত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে বিধায়ক অখিল গগৈয়ে ।

লগতে পঢ়ক : ৰাজ্যৰ ৮৩ হাজাৰ হেক্টৰ ভূমি চুবুৰীয়া ৰাজ্যৰ দখলত: বিধানসভাত বিস্ফোৰক তথ্য মন্ত্ৰী অতুল বৰাৰ

মন্ত্ৰী অতুল বৰাক সংসদীয় পৰিক্ৰমা বিভাগৰ অতিৰিক্ত দায়িত্ব

মন্ত্ৰী অতুল বৰাক এক অন্তৱৰ্তীকালীন ব্যৱস্থা হিচাপে সংসদীয় পৰিক্ৰমা বিভাগৰ অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হৈছে

নৱগঠিত অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন আৰম্ভ হোৱাৰ ঠিক পূৰ্বে ৰাজ্য চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । এক চৰকাৰী অধিসূচনা অনুসৰি, মন্ত্ৰী অতুল বৰাক এক অন্তৱৰ্তীকালীন ব্যৱস্থা হিচাপে সংসদীয় পৰিক্ৰমা বিভাগৰ অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হৈছে ।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন দ্বিতীয়খন কেবিনেটৰ অন্যতম জ্যেষ্ঠ সদস্য অতুল বৰাই বৰ্তমান পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম চুক্তি ৰূপায়ণ, সীমান্ত সুৰক্ষা আৰু উন্নয়ন, আৰু আবকাৰী বিভাগৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰসমূহ চম্ভালি আছে । ইয়াৰ উপৰি এতিয়াৰে পৰা তেওঁ সংসদীয় পৰিক্ৰমা বিভাগৰো কাম-কাজ চাব ।

গত ১৬ মে’ তাৰিখে জাৰি কৰা চৰকাৰী অধিসূচনাখনত উল্লেখ কৰা হৈছে যে, মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মৰ্মে অসমৰ ৰাজ্যপালে মন্ত্ৰী শ্ৰী অতুল বৰাক তেওঁৰ বৰ্তমানৰ দপ্তৰসমূহৰ উপৰি এক অন্তৱৰ্তীকালীন ব্যৱস্থা হিচাপে সংসদীয় পৰিক্ৰমা বিভাগৰ সৈতে জড়িত বিষয়সমূহো চোৱাচিতা কৰিবলৈ অনুমতি প্ৰদান কৰিছে ।

অহা বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’বলগীয়া নতুন বিধানসভাৰ প্ৰথমটো বৈঠকৰ ঠিক পূৰ্বমুহূৰ্ততে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । ৪ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া এই বিধানসভাৰ অধিৱেশন অহা ২৬ মে’ত সামৰণি পৰিব ।

উল্লেখ্য যে, অতুল বৰাৰ উপৰি অলপতে কেবিনেটত অন্তৰ্ভুক্ত হোৱা আন আন মন্ত্ৰীসকল হ’ল ক্ৰমে- ৰামেশ্বৰ তেলী, অজন্তা নেওগ আৰু চৰণ বড়ো । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে স্পষ্ট কৰি দিছে যে চলিত বিধানসভা অধিৱেশন সমাপ্ত হোৱাৰ পিছতহে কেবিনেটৰ পূৰ্ণাংগ সম্প্ৰসাৰণ কৰা হ’ব । ধাৰণা কৰা হৈছে যে, অধিৱেশন সুচাৰুৰূপে পৰিচালনা কৰাৰ স্বাৰ্থতে এই অন্তৱৰ্তীকালীন দায়িত্ব অৰ্পণ কৰা হৈছে ।

লগতে পঢ়ক : অস্বাভাৱিক দামবৃদ্ধিৰ বিৰুদ্ধে কঠোৰ অসম চৰকাৰৰ; বজাৰ নিৰীক্ষণ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ নিৰ্দেশ

হিমন্ত বিশ্ব শৰ্মাৰ নতুন কেবিনেট: ৪ জ্যেষ্ঠ নেতাই ল’ব মন্ত্ৰীত্বৰ শপত, অধ্যক্ষৰ দৌৰত ৰঞ্জিত দাস

১২ মে’ত অনুষ্ঠিত হ’বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে চাৰিজন জ্যেষ্ঠ নেতাই মন্ত্ৰী হিচাপে শপত ল’ব

ৰাজ্যৰ ৰাজনীতিত এক নতুন অধ্যায়ৰ সূচনা কৰি সোমবাৰে মনোনীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ নতুন চৰকাৰৰ ৰূপৰেখা ঘোষণা কৰে । অহা মঙলবাৰ অৰ্থাৎ ১২ মে’ত অনুষ্ঠিত হ’বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে চাৰিজন জ্যেষ্ঠ নেতাই মন্ত্ৰী হিচাপে শপত ল’ব ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নতুন মন্ত্ৰীপৰিষদত স্থান লাভ কৰা নেতাসকল হ’ল— ৰামেশ্বৰ তেলী, অতুল বৰা, চৰণ বড়ো আৰু অজন্তা নেওগ । ইয়াৰ উপৰিও, বিজেপি বিধায়ক ৰঞ্জিত কুমাৰ দাসক অসম বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ পদৰ বাবে শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰা হৈছে ।

শপত গ্ৰহণৰ পূৰ্বে এক বিবৃতি যোগে ড০ শৰ্মাই নৱ-নিযুক্ত মন্ত্ৰীসকল আৰু অধ্যক্ষৰ প্ৰাৰ্থীগৰাকীক আন্তৰিক অভিনন্দন জনাই কয়, “আমাৰ নতুন দলে একত্ৰিত হৈ আৰু নিষ্ঠাৰে অসমৰ সৰ্বাংগীণ উন্নতি তথা সমৃদ্ধিৰ বাবে কাম কৰি যাব ।”

মঙলবাৰৰ এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ লগতে এন ডি এৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু জ্যেষ্ঠ নেতা আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ দলীয় কৰ্মী উপস্থিত থকাৰ সম্ভাৱনা আছে । এই নতুন টিমে অসমৰ উন্নয়নৰ যাত্ৰাক কিদৰে ত্বৰান্বিত কৰে, তাৰ ওপৰত এতিয়া সকলোৰে চকু নিবদ্ধ হৈছে ।

লগতে পঢ়ক : মঙলবাৰে শপত গ্ৰহণ : কোন হ’ব হিমন্ত বিশ্ব শৰ্মাৰ নতুন কেবিনেটৰ অংশীদাৰ ? আজি নিশা চূড়ান্ত হ’ব তালিকা

‘অতুল বৰা বিজেপিত আছিল আৰু বিজেপিতে থাকিব: মুখ্যমন্ত্ৰী

দিছপুৰ সমষ্টিৰ পৰা টিকট বঞ্চিত হৈ ক্ষোভিত হৈ পৰিছিল বিধায়ক অতুল বৰা। তাৰ পিছতে বৃহস্পতিবাৰে নিশা অতুল বৰাৰ ঘৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

টিকট বঞ্চিত অতুল বৰাৰ ঘৰত বৃহস্পতিবাৰে নিশা উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।পদূলিৰ পৰাই মুখ্যমন্ত্ৰী গৰাকীক আদৰি নিলে অতুল বৰাই।দিছপুৰ সমষ্টিৰ পৰা টিকট লাভ নকৰাৰ পিছত ক্ষুন্ন হৈ পৰিছিল অতুল বৰা। তাৰ পিছতেই অতুল বৰাক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

অতুল বৰাক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, দিছপুৰ সমষ্টিৰ পৰা টিকট নিশ্চিত আছিল। কিন্তু বিশেষ ৰাজনৈতিক কাৰণত তেওঁক টিকট দিব পৰা নগ’ল। অতুল বৰা আমাৰ জ্যেষ্ঠ। গতিকে তেওঁ দুষাৰ ক’লে আমি শুনিবও লাগিব।অতুল দা বিজেপিত আছিল আৰু বিজেপিতেই থাকিব। আৰু তেওঁ নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশ ল’ব।ভগৱানে যদি চৰকাৰ খন আনে তেতিয়া অতুল বৰা দা আগকৈও অধিক সক্ৰিয় হৈ থাকিব। দলৰ প্ৰচাৰটো তেওঁ উপস্থিত থাকিব।

লগতে মীৰা বৰঠাকুৰক আশীৰ্বাদ দিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, আশীৰ্বাদ দিয়াটো ডাঙৰ কথা নহয়। আশীৰ্বাদ দুই ধৰণৰ। এটা আয়ুষ্মান ভৱঃ আৰু আন এটা বিজয়ী ভৱঃ।কাক কেনেকৈ আশীৰ্বাদ দিব লাগে সেই কথা অতুল দাই ভালকৈ জানে। তাত মই অতুল দাক শিকাবলগীয়া একো নাই। অতুল দাই যিটো আশীৰ্বাদ দিয়াৰ প্ৰয়োজন সেইটোৱেই দিছে।   

আনহাতে অতুল বৰাই কৈছে যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মোৰ ঘৰলৈ আহিছে আৰু মই ভাল পাইছো। এই সন্দৰ্ভত অহা ২২ মাৰ্চত মোৰ নিজৰ স্থিতি স্পষ্ট কৰিম।

লগতে পঢ়ক: জনসমুদ্ৰৰ মাজেৰে মনোনয়ন দাখিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ