১২ মে’ত অনুষ্ঠিত হ’বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে চাৰিজন জ্যেষ্ঠ নেতাই মন্ত্ৰী হিচাপে শপত ল’ব
ৰাজ্যৰ ৰাজনীতিত এক নতুন অধ্যায়ৰ সূচনা কৰি সোমবাৰে মনোনীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ নতুন চৰকাৰৰ ৰূপৰেখা ঘোষণা কৰে । অহা মঙলবাৰ অৰ্থাৎ ১২ মে’ত অনুষ্ঠিত হ’বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে চাৰিজন জ্যেষ্ঠ নেতাই মন্ত্ৰী হিচাপে শপত ল’ব ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নতুন মন্ত্ৰীপৰিষদত স্থান লাভ কৰা নেতাসকল হ’ল— ৰামেশ্বৰ তেলী, অতুল বৰা, চৰণ বড়ো আৰু অজন্তা নেওগ । ইয়াৰ উপৰিও, বিজেপি বিধায়ক ৰঞ্জিত কুমাৰ দাসক অসম বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ পদৰ বাবে শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰা হৈছে ।
শপত গ্ৰহণৰ পূৰ্বে এক বিবৃতি যোগে ড০ শৰ্মাই নৱ-নিযুক্ত মন্ত্ৰীসকল আৰু অধ্যক্ষৰ প্ৰাৰ্থীগৰাকীক আন্তৰিক অভিনন্দন জনাই কয়, “আমাৰ নতুন দলে একত্ৰিত হৈ আৰু নিষ্ঠাৰে অসমৰ সৰ্বাংগীণ উন্নতি তথা সমৃদ্ধিৰ বাবে কাম কৰি যাব ।”
মঙলবাৰৰ এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ লগতে এন ডি এৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু জ্যেষ্ঠ নেতা আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ দলীয় কৰ্মী উপস্থিত থকাৰ সম্ভাৱনা আছে । এই নতুন টিমে অসমৰ উন্নয়নৰ যাত্ৰাক কিদৰে ত্বৰান্বিত কৰে, তাৰ ওপৰত এতিয়া সকলোৰে চকু নিবদ্ধ হৈছে ।
লগতে পঢ়ক : মঙলবাৰে শপত গ্ৰহণ : কোন হ’ব হিমন্ত বিশ্ব শৰ্মাৰ নতুন কেবিনেটৰ অংশীদাৰ ? আজি নিশা চূড়ান্ত হ’ব তালিকা









