অসম পৰ্যটনৰ সোণালী দশক: যোৱা ১০ বছৰত ৬ কোটি পৰ্যটকৰ আগমন

যোৱা এটা দশকত ৰাজ্যখনৰ পৰ্যটন উদ্যোগত অভূতপূৰ্ব উত্থান পৰিলক্ষিত হৈছে

অসম বিধানসভাৰ মজিয়াত দাখিল কৰা তথ্য অনুসৰি, যোৱা এটা দশকত ৰাজ্যখনৰ পৰ্যটন উদ্যোগত অভূতপূৰ্ব উত্থান পৰিলক্ষিত হৈছে । যোৱা ১০ বছৰত অসমে ৬ কোটিতকৈও অধিক দেশী-বিদেশী পৰ্যটকক আদৰণি জনাইছে ।

বিধানসভাৰ চলিত অধিবেশনত কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এক প্ৰশ্নৰ লিখিত উত্তৰ দি পৰ্যটন মন্ত্ৰী অজন্তা নেওগে এই গুৰুত্বপূৰ্ণ তথ্য সদৰী কৰে ।

১০ বছৰৰ পৰ্যটকৰ পৰিসংখ্যা

পৰ্যটন মন্ত্ৰীগৰাকীয়ে সদনক জনোৱা মতে, ২০১৬-১৭ বৰ্ষৰ পৰা ২০২৫-২৬ বৰ্ষৰ ভিতৰত অসমলৈ অভিলেখসংখ্যক পৰ্যটকৰ আগমন ঘটিছে ।

সৰ্বমুঠ পৰ্যটক: ৬,০৪,৮৫,৬৩৮ গৰাকী

বিদেশী পৰ্যটক: ২,৪১,১৯২ গৰাকী

ক’ভিডৰ প্ৰভাৱ আৰু পৰৱৰ্তী অভিলেখ

প্ৰতিবেদন অনুসৰি, ক’ভিড মহামাৰীৰ ভয়াৱহতা আৰু লকডাউনৰ বাবে ২০২০-২১ বৰ্ষত অসমৰ পৰ্যটন খণ্ড আটাইতকেই বেছি প্ৰভাৱিত হৈছিল । কিন্তু তাৰ ঠিক পৰৱৰ্তী সময়ছোৱাতে পৰ্যটন খণ্ডই এক বৃহৎ জাঁপ মাৰিবলৈ সক্ষম হয় ।

সৰ্বাধিক আগমন (২০২২-২৩): মহামাৰীৰ পৰৱৰ্তী এই বৰ্ষটোত অসমে সৰ্বাধিক পৰ্যটক লাভ কৰে । এই সময়ছোৱাত ১৮,৯৪৬ গৰাকী বিদেশী পৰ্যটকসহ মুঠ ৯৮,৩১,১৪১ গৰাকী লোকে ৰাজ্যখন ভ্ৰমণ কৰে ।

সৰ্বনিম্ন আগমন (২০২০-২১): ক’ভিডকালীন ভ্ৰমণ নিষেধাজ্ঞা তথা ভীতিৰ বাবে এই বৰ্ষত পৰ্যটকৰ সংখ্যা মাত্ৰ ১৩,৫২,০৩৭ গৰাকীলৈ হ্ৰাস পায়, যাৰ ভিতৰত বিদেশী পৰ্যটক আছিল মাত্ৰ ৩৪৭ গৰাকী ।

বিদেশী পৰ্যটকৰ মূল আকৰ্ষণস্থল অসম

অসম ভ্ৰমণ কৰা বিদেশী নাগৰিকসকলৰ মূল উৎস দেশসমূহৰ ভিতৰত প্ৰধানকৈ যুক্তৰাজ্য, ফ্ৰান্স, সংযুক্ত আৰৱ আমিৰশ্বাহী, অষ্ট্ৰেলিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ, চুইজাৰলেণ্ড, নেপাল, বাংলাদেশ, কানাডা, শ্ৰীলংকা, জাপান, স্পেইন, বেলজিয়াম আৰু ইজৰাইল আদি দেশ অন্তৰ্ভুক্ত আছে ।

উন্নত আইন-শৃংখলা আৰু ভ্ৰমণ নিৰ্দেশনা সংশোধন

ৰাজ্যখনৰ পৰ্যটন খণ্ডৰ বাবে এক ডাঙৰ ইতিবাচক বাৰ্তা কঢ়িয়াই মন্ত্ৰী অজন্তা নেওগে সদনক জনায় যে অসমৰ আইন-শৃংখলা পৰিস্থিতিৰ লক্ষণীয় উন্নতি ঘটিছে ।

তেওঁ কয়- “ৰাজ্যৰ শান্তিপূৰ্ণ পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়াকৈ অষ্ট্ৰেলিয়া, জাপান আৰু ইউৰোপীয় ইউনিয়নৰ সকলো ২৭ খন সদস্য ৰাষ্ট্ৰই অসমৰ বাবে জাৰি কৰা তেওঁলোকৰ পূৰ্বৰ ভ্ৰমণ নিৰ্দেশনা সংশোধন কৰিছে ।”

লগতে পঢ়ক : ৰাজ্যত শীঘ্ৰে গঠন হ’ব ১৪টা নতুন চক্ৰ বিষয়াৰ কাৰ্যালয়

হিমন্ত বিশ্ব শৰ্মাৰ নতুন কেবিনেট: ৪ জ্যেষ্ঠ নেতাই ল’ব মন্ত্ৰীত্বৰ শপত, অধ্যক্ষৰ দৌৰত ৰঞ্জিত দাস

১২ মে’ত অনুষ্ঠিত হ’বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে চাৰিজন জ্যেষ্ঠ নেতাই মন্ত্ৰী হিচাপে শপত ল’ব

ৰাজ্যৰ ৰাজনীতিত এক নতুন অধ্যায়ৰ সূচনা কৰি সোমবাৰে মনোনীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ নতুন চৰকাৰৰ ৰূপৰেখা ঘোষণা কৰে । অহা মঙলবাৰ অৰ্থাৎ ১২ মে’ত অনুষ্ঠিত হ’বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে চাৰিজন জ্যেষ্ঠ নেতাই মন্ত্ৰী হিচাপে শপত ল’ব ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নতুন মন্ত্ৰীপৰিষদত স্থান লাভ কৰা নেতাসকল হ’ল— ৰামেশ্বৰ তেলী, অতুল বৰা, চৰণ বড়ো আৰু অজন্তা নেওগ । ইয়াৰ উপৰিও, বিজেপি বিধায়ক ৰঞ্জিত কুমাৰ দাসক অসম বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ পদৰ বাবে শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰা হৈছে ।

শপত গ্ৰহণৰ পূৰ্বে এক বিবৃতি যোগে ড০ শৰ্মাই নৱ-নিযুক্ত মন্ত্ৰীসকল আৰু অধ্যক্ষৰ প্ৰাৰ্থীগৰাকীক আন্তৰিক অভিনন্দন জনাই কয়, “আমাৰ নতুন দলে একত্ৰিত হৈ আৰু নিষ্ঠাৰে অসমৰ সৰ্বাংগীণ উন্নতি তথা সমৃদ্ধিৰ বাবে কাম কৰি যাব ।”

মঙলবাৰৰ এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ লগতে এন ডি এৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু জ্যেষ্ঠ নেতা আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ দলীয় কৰ্মী উপস্থিত থকাৰ সম্ভাৱনা আছে । এই নতুন টিমে অসমৰ উন্নয়নৰ যাত্ৰাক কিদৰে ত্বৰান্বিত কৰে, তাৰ ওপৰত এতিয়া সকলোৰে চকু নিবদ্ধ হৈছে ।

লগতে পঢ়ক : মঙলবাৰে শপত গ্ৰহণ : কোন হ’ব হিমন্ত বিশ্ব শৰ্মাৰ নতুন কেবিনেটৰ অংশীদাৰ ? আজি নিশা চূড়ান্ত হ’ব তালিকা

বিধানসভাত দাখিল অন্তৰ্ৱতীকালীন বাজেট

১৬ ফেব্ৰুৱাৰীত চলিত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ২৫,৮৯৮.৯৭ কোটি টকাৰ এক পৰিপূৰক বাজেট অসম বিধানসভাত উত্থাপন কৰে ।

অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগে সোমবাৰে, ১৬ ফেব্ৰুৱাৰীত চলিত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ২৫,৮৯৮.৯৭ কোটি টকাৰ এক পৰিপূৰক বাজেট অসম বিধানসভাত উত্থাপন কৰে ।

২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ‘পৰিপূৰক মঞ্জুৰীৰ দাবীৰ তালিকা’ আৰু ‘পৰিপূৰক বিনিয়োগ’ হিচাপে এই লেখানুদান উপস্থাপন কৰা হয় । অহা ১৮ ফেব্ৰুৱাৰীত সদনত এই পৰিপূৰক বাজেটৰ ওপৰত আলোচনা হ’ব ।

অধিৱেশনৰ সময়সীমা: ১৬ ফেব্ৰুৱাৰীত ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হোৱা এই চাৰিদিনীয়া অধিৱেশন ১৯ ফেব্ৰুৱাৰিলৈকে চলিব। এয়া বৰ্তমানৰ বিধানসভাৰ কাৰ্যকালৰ অন্তিম পৰ্যায় ।

লেখানুদান (Vote-on-Account): আগন্তুক বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে পূৰ্ণাংগ বাজেটৰ পৰিৱৰ্তে লেখানুদান উত্থাপন কৰাৰ সিদ্ধান্ত লৈছে। এই অন্তৱৰ্তীকালীন ব্যৱস্থাই নতুন চৰকাৰ গঠন নোহোৱালৈকে আৰু পূৰ্ণাংগ বাজেট গৃহীত নোহোৱালৈকে চৰকাৰক জৰুৰী ব্যয়সমূহ বহন কৰাত সহায় কৰিব।

আইনী কাৰ্যসূচী: বিত্তীয় কাম-কাজৰ উপৰিও এই অধিৱেশনত এখন সংশোধনী বিধেয়কো উত্থাপন কৰাৰ কথা আছে।

এই চলিত অধিৱেশনখন যথেষ্ট তাৎপৰ্যপূৰ্ণ, কিয়নো এয়া হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ শেষ বিধানসভা অধিৱেশন আৰু ইয়াৰ সৈতে পঞ্চদশ অসম বিধানসভাৰ কাৰ্যকালৰ সমাপ্তি ঘটিব।

লগতে পঢ়ক : আজি ৰাজনৈতিক দলৰে নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ বৈঠক

মহিলাৰ পৰা কৃষকলৈ ২০২৫-২৬ বাজেটত কাৰ কাৰ বাবে আছে ভাল খবৰ; বিত্তমন্ত্ৰী অজন্তা নেওগৰ ডাঙৰ ঘোষণা

সোমবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে সদনৰ মজিয়াত দাখিল কৰিলে ৰাজ্য চৰকাৰৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালৰ এইখনেই শেষ পূৰ্ণাংগ বাজেট।

এই বাজেটত মহিলাৰ পৰা কৃষকলৈ বিত্তমন্ত্ৰী গৰাকীয়ে দিছে কেইবাটাও ভাল খবৰ।এই বাজেট অনুসৰি ২০২৫-২৬বৰ্ষৰ বাজেটত অসমত অৰণোদয় আচঁনিৰ হিতাধিকাৰীৰ সংখ্যা ৩৭.০২লাখলৈ বৃদ্ধিৰ সিদ্ধান্ত।

এই আঁচনিখনৰ বাবে ৫হাজাৰ কোটি টকা আছুতীয়াকৈ ধাৰ্য কৰা হৈছে। মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ অভিযানৰ জৰিয়তে গ্ৰামাঞ্চলৰ ৩০লাখ আত্মসহায়ক গোট আৰু নগৰাঞ্চলৰ ২লাখ আত্মসহায়ক গোটক সামৰি লোৱা কথা ঘোষণা।

সকলোকে প্ৰদান কৰা হব ১০হাজাৰকৈ টকা। এই আচঁনিৰ বাবে ৩,০৩৮কোটি টকা ব্যয় কৰাৰ সিদ্ধান্ত। এইবাৰ ‘মামা’ই ভাগিনক প্ৰতিমাহে ২৫০০টকা দিব।

জীৱন প্ৰেৰণা আঁচনিৰ অধিনত প্ৰতিমাহে ভাগিন সকলক দিব এই ধন। ২০২৫ বৰ্ষত উত্তীৰ্ণ স্নাতকলৈ এবছৰৰ বাবে দিয়া হ’ব এই সাহাৰ্য। গৱেষক শিক্ষাৰ্থীৰ বাবেও এককালীন ২৫ হাজাৰ টকা ঘোষণা।

অক্টোবৰৰ পৰা আৰম্ভ হ’ব জীৱন প্ৰেৰণা আঁচনিৰ এই প্ৰক্ৰিয়া।ইয়াৰ বাবে ২৫কোটি খৰছ ধাৰ্য কৰা হৈছে।মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ বাবে ২০২৫-২৬বিত্তীয় বৰ্ষত ৭৭৩কোটি টকা ধাৰ্য কৰাৰ কথা ঘোষণা এই বাজেটত।

চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবে ২০২৫-২৬বাজেটত ৩৪২কোটি টকাৰ আৱন্টন কৰিছে অসম চৰকাৰে।নিবনুৱা সকলৰ বাবে এই বাজেটে আনিছে ভাল খবৰ।শীঘ্ৰেই ৪০,৬৯৭ টা চাকৰিৰ বিজ্ঞাপন মুকলি কৰা হ’ব।

মুখ্যমন্ত্ৰীৰ উৎকৰ্ষ যোজনাৰ অধীনত ৫০০টা কৃষক উৎপাদক সংস্থাক ১০লাখকৈ টকা প্ৰদান কৰা হব। ইয়াৰোপৰি প্ৰতি কুইন্টল ধানত ২৫০টকা, প্ৰতি কুইন্টল সৰিয়হত ৫০০টকা চৰকাৰী সাহায্য প্ৰদান কৰা হ’ব।