জনসমুদ্ৰৰ মাজেৰে মনোনয়ন দাখিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

জনসমুদ্ৰৰ মাজেৰে মনোনয়ন দাখিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

জনসমুদ্ৰৰ মাজেৰে মনোনয়ন দাখিল কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। ২০ সহস্ৰাধিক সমৰ্থকক লগত লৈ জালুকবাৰী সমষ্টিৰ বাবে খানাপাৰাৰ পৰা জিলা আয়ুক্ত কাৰ্যালয়লৈ মুখ্যমন্ত্ৰীৰ বিশাল ৰেলী। মুখ্যমন্ত্ৰীৰ মনোনয়ন দাখিল পৰ্বত সংগ দিলে পত্নী পুত্ৰই। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে জালুকবাৰী বিধানসভা সমষ্টিৰ পৰা তেওঁৰ

জনসমুদ্ৰৰ মাজেৰে মনোনয়ন দাখিল কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। ২০ সহস্ৰাধিক সমৰ্থকক লগত লৈ জালুকবাৰী সমষ্টিৰ বাবে খানাপাৰাৰ পৰা জিলা আয়ুক্ত কাৰ্যালয়লৈ মুখ্যমন্ত্ৰীৰ বিশাল ৰেলী। মুখ্যমন্ত্ৰীৰ মনোনয়ন দাখিল পৰ্বত সংগ দিলে পত্নী পুত্ৰই।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে জালুকবাৰী বিধানসভা সমষ্টিৰ পৰা তেওঁৰ মনোনয়ন পত্ৰ দাখিল কৰে। অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আজি মনোনয়ন যাত্ৰাত অগণন সমৰ্থকেৰে শক্তি প্ৰদৰ্শন কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ লগে লগে একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে তেওঁ আগবঢ়া এই যুঁজখনে এক বিশেষ চৰ্চা লাভ কৰিছে ।

মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে মাতৃ মৃণালিনী দেৱীৰ আশীৰ্বাদ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে। লক্ষাধিক সমৰ্থকসহ খানাপাৰাৰ পৰা মনোনয়ন দাখিল যাত্ৰা আৰম্ভ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পিছতেই গুৱাহাটীৰ কামৰূপ (মহানগৰ) ৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টিৰ বৃহৎ সংখ্যক সমৰ্থকৰ সৈতে উপস্থিত হৈ শৰ্মাই তেওঁৰ মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিলত অগণন সমৰ্থকৰ লগতে তেওঁক সংগ দিয়ে পত্নী ৰিণিকি ভূঞা শর্মা আৰু পুত্ৰ নন্দিল বিশ্ব শৰ্মা আৰু গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধিয়ে।

এইবাৰ তেওঁৰ “সপ্তম নিৰ্বাচন” বুলি অভিহিত কৰি মুখ্যমন্ত্ৰী শৰ্মাই পৰিচয় আৰু উন্নয়নক কেন্দ্ৰ কৰি তেওঁৰ নিৰ্বাচনী প্ৰচাৰৰ ৰূপৰেখা দাঙি ধৰে। তেওঁ কয়, “আমি অসমৰ পৰিচয় সুৰক্ষিত কৰিব বিচাৰো। আমি দ্ৰুত উন্নয়ন বিচাৰো। এই দুয়োটাই আমাৰ উদ্দেশ্য।” লগতে তেওঁ “অসমৰ ৰাইজৰ পূৰ্ণ সমৰ্থন” লাভ কৰিব বুলিও আত্মবিশ্বাস প্ৰকাশ কৰে।

উল্লেখযোগ্য যে​জালুকবাৰীৰ পৰা পাঁচবাৰৰ বিধায়ক শৰ্মাই প্ৰথমে ২০০১ চনত বিধানভালৈ নিৰ্বাচিত হৈছিল আৰু ২০১৬ চনৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিত যোগদান কৰাৰ আগলৈকে তিনিটা কাৰ্যকাল সেৱা আগবঢ়াইছিল।

লগতে পঢ়ক: মা কামাখ্যৰ আশীৰ্বাদ লৈ ২০ মাৰ্চত মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

শেহতীয়া প্ৰৱন্ধসমূহ