মহাকাশৰ বাবে ভাৰতৰ ডাঙৰ প্ৰস্তুতি; ২০৪০ চনত চন্দ্ৰত অৱতৰণ কৰিব মানৱ

সংসদত মহাকাশ অভিযান সন্দৰ্ভত আলোচনা। মহাকাশৰ বাবে ভাৰতৰ ডাঙৰ প্ৰস্তুতি

মহাকাশ অভিযানৰ বাবে ভাৰতে ব্যাপক প্ৰস্তুতি চলাইছে।ভাৰত চৰকাৰে ২০৪০ চনৰ ভিতৰত চন্দ্ৰলৈ মানৱবাহী অভিযান আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে।ইয়াৰ বাবে প্ৰস্তুতি চলাবলৈ আগন্তুক সময়ত আৰু বহুতো মহাকাশ যান মহাকাশলৈ প্ৰেৰণ কৰা হ’ব।

শীতকালীন অধিৱেশনৰ সময়ত তামিলনাডুৰ লিবাৰেশ্যন পেন্থাৰ্ছ পাৰ্টিৰ বৰ্তমানৰ সভাপতি তথা চিদাম্বৰম লোকসভা সমষ্টিৰ সাংসদ ড০ থল থিৰুমাভালাভানে মহাকাশ অভিযান সন্দৰ্ভত চৰকাৰক প্ৰশ্ন কৰে।

তেওঁৰ প্ৰশ্নৰ উত্তৰ ৰাজ্যিক মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে দিয়ে।তেওঁ কয় যে ভাৰতে ২০৪০ চনৰ ভিতৰত চন্দ্ৰত এজন মানুহ অৱতৰণ কৰাৰ পৰিকল্পনা কৰিছে।

তেওঁ কয় যে ইছৰোৱে পাঁচটা মডিউলৰে গঠিত থলুৱা ভাৰতীয় মহাকাশ কেন্দ্ৰৰ মডিউল প্ৰস্তুত কৰিছে।২০৩৫ চনৰ ভিতৰত ই সম্পূৰ্ণৰূপে সক্ৰিয় হোৱাৰ সম্ভাৱনা আছে।এই সমগ্ৰ মডিউলটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰ্যালোচনা সমিতিৰ দ্বাৰা পৰ্যালোচনা কৰা হৈছে।

তেওঁ কয় যে ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত কেবিনেটে ২০২৮ চনৰ ভিতৰত ভাৰতীয় মহাকাশ কেন্দ্ৰৰ (BAS-01) প্ৰথমটো মডিউল প্ৰস্তুত আৰু উৎক্ষেপণৰ বাবে অনুমোদন জনাইছিল।

BAS 01 মডিউলৰ কাৰ্য্যকলাপ ভালদৰে আগবাঢ়িছে।এইবোৰত অভিযান্ত্ৰিক ব্যৱস্থা আৰু বহুতো উপ-ব্যৱস্থাৰ প্ৰযুক্তিগত বিকাশৰ কাম চলি আছে।

পূৰ্বৰ কেইবাটাও মিছন, য’ত BAS -01 ৰ উন্নয়ন আৰু মুকলিৰ বাবে বাজেট আবণ্টন গগনিয়ান কাৰ্যসূচীত ৰখা হৈছে।ইয়াৰ পৰিমাণ ২০২৪ চনত ২০,১৯৩ কোটি টকালৈ বৃদ্ধি কৰা হৈছে।

ইয়াৰ বেচ মডিউল (BAS-01)ৰ বিকাশ আৰু মুকলি সম্পূৰ্ণ কৰাৰ লক্ষ্য ২০২৮ চনৰ বাবে নিৰ্ধাৰণ কৰা হৈছে।৫টা মডিউলৰ সৈতে BAS ২০৩৫ চনৰ ভিতৰত কাৰ্য্যকলাপৰ বাবে সাজু হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

তেওঁ কয় যে ইছৰোৱে BAS-01 উপ-ব্যৱস্থাৰ ডিজাইনত আন্তঃৰাষ্ট্ৰীয় মানদণ্ড অন্তৰ্ভুক্ত কৰিছে।ইয়াৰ ফলত BAS-01 ৰ আন্তঃকাৰ্য্যক্ষমতা নিশ্চিত হয়।

ইয়াৰ উপৰিও অন্যান্য মহাকাশ সংস্থাসমূহৰ পৰাও সহায় আৰু সহযোগিতাৰ সন্ধান কৰা হৈছে।ইয়াৰ ভিতৰত ভাৰতীয় মানৱ মহাকাশ কাৰ্যসূচীৰ বাবে প্ৰযুক্তি বিকাশ আৰু পৰীক্ষণৰ বাবেও ব্যৱহাৰ কৰা হয়।

লগতে পঢ়ক: প্ৰতিৰক্ষা খণ্ডত ভাৰতৰ আন এক বৃহৎ সফলতা

সংসদত বন্দে মাতৰম আৰু নিৰ্বাচনী সংস্কাৰ সন্দৰ্ভত আলোচনাৰ তাৰিখ নিৰ্ধাৰণ, সহমতত চৰকাৰ-বিৰোধী

শীতকালীন অধিৱেশনত বন্দে মাতৰম আৰু নিৰ্বাচনী সংস্কাৰ সন্দৰ্ভত আলোচনাৰ তাৰিখ নিৰ্ধাৰণ

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে সোমবাৰে লোকসভাত ‘বন্দে মাতৰম’ৰ ১৫০ বছৰীয়া জয়ন্তী সন্দৰ্ভত চৰ্চা আৰু মঙলবাৰে নিৰ্বাচনী সংস্কাৰৰ সন্দৰ্ভত আলোচনা কৰা হ’ব । লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ অধ্যক্ষতাত অনুষ্ঠিত সৰ্বদলীয় বৈঠক আৰু ব্যৱসায়িক পৰামৰ্শদাতা সমিতিৰ বৈঠকৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে । কিৰেন ৰিজিজুৱে এক্সত এটা পোষ্টযোগে কয়, ‘আজি লোকসভাৰ অধ্যক্ষৰ অধ্যক্ষতাত অনুষ্ঠিত সৰ্বদলীয় বৈঠকৰ সময়ত ৮ ডিচেম্বৰ সোমবাৰে দিনৰ ১২ বজাৰ পৰা লোকসভাত ‘বন্দে মাতৰম’ৰ ১৫০ বছৰীয়া জয়ন্তী সন্দৰ্ভত আৰু ৯ ডিচেম্বৰ মঙলবাৰে দুপৰীয়া ১২ বজাৰ পৰা নিৰ্বাচনী সংস্কাৰ সন্দৰ্ভত এক আলোচনা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে ।’

৮ ডিচেম্বৰত ‘বন্দে মাতৰম’ৰ ওপৰত আলোচনা-

ব্যৱসায়িক উপদেষ্টা পৰিষদৰ বৈঠকত সিদ্ধান্ত লোৱা হয় যে অহা ৮ ডিচেম্বৰত লোকসভাত ‘বন্দে মাতৰম’ সন্দৰ্ভত বিতং আলোচনা অনুষ্ঠিত হ’ব । ইয়াৰ বাবে দহ ঘণ্টা সময় নিৰ্ধাৰণ কৰা হৈছে । এই ঐতিহাসিক বিতৰ্ক উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । আশা কৰা হৈছে যে এই বিতৰ্কত আধুনিক ভাৰতত ৰাষ্ট্ৰীয় গীতৰ ইতিহাস, তাৎপৰ্য, ভূমিকা আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব ।

৯ আৰু ১০ ডিচেম্বৰত নিৰ্বাচনী সংস্কাৰৰ ওপৰত আলোচনা-

ইয়াৰ উপৰিও ৯ ডিচেম্বৰত নিৰ্বাচনী সংস্কাৰৰ ওপৰত ১০ ঘণ্টীয়া আলোচনা অনুষ্ঠিত হ’ব বুলিও সিদ্ধান্ত লোৱা হয় । চৰকাৰ আৰু বিৰোধী উভয়ে নিজৰ মতামত দাঙি ধৰিব । আলোচনাৰ সামৰণিৰ পিছতে ১০ ডিচেম্বৰত চৰকাৰৰ হৈ উত্তৰ দিব কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে ।

কোনো বাধা নোহোৱাকৈ অধিবেশন চলোৱাত সহমতি-

১ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা সংসদৰ শীতকালীন অধিৱেশনৰ সময়ত লোকসভাত কোনো বাধা নোহোৱাকৈ কাৰ্য্যবিধি চলাবলৈ সহমতত উপনীত হৈছে । অধ্যক্ষ ওম বিৰলাৰ চেম্বাৰত অনুষ্ঠিত নেতাসকলৰ বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে । বৈঠকৰ সময়ত কেইবাটাও দলে সদনৰ কাম-কাজ নিয়মীয়া কৰি ৰখাৰ বাবে সন্মতি প্ৰকাশ কৰে আৰু গুৰুতৰ বিষয়ত গুৰুত্ব আৰোপ কৰে ।

লগতে পঢ়ক : ‘অসম দিৱস’ত বৰ অসম নিৰ্মাণৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ; প্ৰধানমন্ত্ৰীয়েও জনালে শুভেচ্ছা

সংসদত হ’ব বন্দে মাতৰমৰ চৰ্চা; প্ৰধানমন্ত্ৰী মোদীয়েও কৰিব অংশগ্ৰহণ

সংসদত হ’ব বন্দে মাতৰমৰ চৰ্চা

ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত ‘বন্দে মাতৰম’ৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে সংসদৰ শীতকালীন অধিৱেশনত এক বিশেষ আলোচনা আয়োজন কৰা হ’ব । এই আলোচনা লোকসভাত বৃহস্পতিবাৰ বা শুকুৰবাৰে অনুষ্ঠিত হ’ব, যাৰ বাবে ১০ ঘণ্টাৰ সময় নিৰ্ধাৰণ কৰা হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই বিশেষ বিতৰ্কত অংশগ্ৰহণ কৰিব । এই আলোচনাত স্বাধীনতা সংগ্ৰামৰ এই প্ৰেৰণাদায়ক গীতটোৰ ঐতিহাসিক আৰু সাংস্কৃতিক তাৎপৰ্যৰ ৰূপৰেখা দাঙি ধৰা হ’ব ।

৩০ নৱেম্বৰত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে আহ্বান কৰা সৰ্বদলীয় বৈঠক আৰু লোকসভা আৰু ৰাজ্যসভাৰ ব্যৱসায়িক পৰামৰ্শদাতা সমিতিৰ বৈঠকত এই প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰা হয় । শাসকীয় দলসমূহৰ সদস্যসকলে ৰাজ্যসভাত ইয়াৰ তীব্ৰ পোষকতা কৰিছিল । চৰকাৰে ইয়াক ৰাষ্ট্ৰীয় ঐক্যৰ প্ৰতীক আখ্যা দি সকলো দলকে ইয়াত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছে । এন ডি এৰ সদস্যসকলে ৰাজ্যসভাতো বন্দে মাতৰম সন্দৰ্ভত আলোচনাৰ তীব্ৰ পোষকতা কৰে ।

১৯৫০ চনত ভাৰত গণৰাজ্যৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে গ্ৰহণ কৰা ‘বন্দে মাতৰম’ ১৮৭০ চনত বাংকিম চন্দ্ৰ চেটাৰ্জীয়ে ৰচনা কৰিছিল । ১৮৮২ চনত প্ৰথম প্ৰকাশিত বংকিম চন্দ্ৰ চেটাৰ্জীৰ বাংলা উপন্যাস আনন্দমথৰ অংশ আছিল এই গীত । এই গীতটো ভাৰতৰ স্বাধীনতা আন্দোলনৰ বাবে এক প্ৰধান প্ৰেৰণাৰ উৎস হৈ পৰিছিল । এই গীতটিৰ ৰচনাৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে কেন্দ্ৰীয় চৰকাৰে বিশেষ স্মৃতিচাৰণ মুদ্ৰা আৰু ডাক টিকটো জাৰি কৰিছিল । শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে ‘বন্দে মাতৰম’ক স্বাধীনতা সংগ্ৰামৰ অমৰ ঐতিহ্য বুলি অভিহিত কৰি সকলোকে এই গীত গাবলৈ আহ্বান জনাইছে ।

লোকসভাৰ ব্যৱসায়িক পৰামৰ্শদাতা সমিতিৰ বৈঠকত কংগ্ৰেছে SIR আৰু নিৰ্বাচনী সংস্কাৰ সন্দৰ্ভত বিতৰ্কৰ দাবী উত্থাপন কৰে যদিও চৰকাৰে বন্দে মাতৰামক অগ্ৰাধিকাৰ দিয়ে । তৃণমূল কংগ্ৰেছে লোকসভাত ‘বন্দে মাতৰম’ সন্দৰ্ভত বিশেষ আলোচনাক সমৰ্থন কৰে ।

লগতে পঢ়ক : নাগালেণ্ড প্ৰতিষ্ঠাৰ ৬৩ বছৰ… ৰাষ্ট্ৰপতি,প্ৰধানমন্ত্ৰী মোদীকে ধৰি সমগ্ৰ দেশৰ অভিনন্দন

সংসদত পৰাজয়ৰ হতাশা প্ৰকাশ নকৰিবঃ বিৰোধীক প্ৰধানমন্ত্ৰী মোদীৰ পৰামৰ্শ

বিৰোধীক প্ৰধানমন্ত্ৰী মোদীৰ পৰামৰ্শ

শীতকালীন অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে সোমবাৰে সংসদৰ হংসদ্বাৰত সংবাদ মাধ্যমক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । তেওঁ সমগ্ৰ ভাষণত বিৰোধীৰ মনোভাৱ, সদনৰ কাম-কাজত অহৰহ ব্যাঘাত জন্মা, নতুন প্ৰজন্মৰ সাংসদসকলে কথা কোৱাৰ সুযোগৰ অভাৱ আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “এফালে এই গণতান্ত্ৰিক ব্যৱস্থাৰ ভিতৰত গণতন্ত্ৰৰ শক্তি আৰু অৰ্থনীতিৰ শক্তিৰ ওপৰত বিশ্বই তীক্ষ্ণ দৃষ্টি ৰাখিছে । ভাৰতে প্ৰমাণ কৰিছে যে Democracy can deliver । ভাৰতৰ অৰ্থনৈতিক পৰিস্থিতিয়ে আজি যি গতিৰে নতুন উচ্চতাত উপনীত হৈছে, সেই গতিবেগে আমাৰ মাজত নতুন আস্থা জগাই তোলাই নহয়, উন্নত ভাৰতৰ লক্ষ্যৰ দিশত আগবাঢ়ি যাবলৈও আমাক নতুন শক্তি প্ৰদান কৰে ।”

শীতকালীন অধিবেশন আৰম্ভ হোৱাৰ পূর্বে প্রধানমন্ত্রী মোদীয়ে উল্লেখ কৰে যে Democracy can deliver সেই কথা ভাৰতে প্রমাণ কৰিছে ৷ প্ৰধানমন্ত্ৰীয়ে কয় যে এই অধিবেশন উন্নত ভাৰতৰ সাধনাক আৰু অধিক শক্তিশালী কৰাৰ এক সুযোগ । তেওঁ বিৰোধী দলক পৰাজয়ৰ হতাশা দূৰ কৰি শক্তিশালী বিষয় উত্থাপন কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে, এই অধিবেশন পৰাজয়ৰ হতাশা বা বিজয়ৰ অহংকাৰৰ ভিত্তি হ’ব নালাগে বুলি তেওঁ গুৰুত্ব আৰোপ কৰে । অভিজ্ঞতাৰ দ্বাৰা নতুন প্ৰজন্মৰ সদস্যসকল উপকৃত হোৱা উচিত । ইয়াত নাটক নহয়, ডেলিভাৰী হ’ব লাগে । ৰাষ্ট্ৰীয় নীতিৰ বিষয়ে আলোচনা কৰা উচিত ।

লগতে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সদনক শ্লোগান বা ব্যক্তিগত আক্ৰমণৰ ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ পৰিৱৰ্তে নীতি আলোচনা আৰু ৰাজহুৱা বিষয়ত কাম কৰাৰ স্থান হ’ব লাগে । ইফালে বিৰোধীক লক্ষ্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “তেওঁলোকে এতিয়া নিজৰ কৌশল সলনি কৰিব লাগিব । তেওঁলোকে কেনে প্ৰদৰ্শন কৰিব লাগে তাৰ টিপছ দিবলৈ মই সাজু ।”

লগতে পঢ়ক : ‘মই TIPS দিবৰ কাৰণে সাজু আছো…’; বিৰোধী পক্ষলৈ প্ৰধানমন্ত্ৰী মোদীৰ পৰামৰ্শ

‘নাটক নহয়…’ বিৰোধীক প্ৰধানমন্ত্ৰী মোদীৰ কঠোৰ বাৰ্তা

বিৰোধীক প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

১ ডিচেম্বৰ, সোমবাৰৰ পৰা আৰম্ভ হৈছে সংসদৰ শীতকালীন অধিৱেশন । অধিৱেশনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদনৰ বাহিৰত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰে । ইয়াৰ মাজতে তেওঁ বিৰোধী দললৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰে যে এই শীতকালীন অধিৱেশন কেৱল এক অনুষ্ঠান নহয় । তেওঁ কয় যে ই দেশৰ অগ্ৰগতি ত্বৰান্বিত কৰাৰ বাবে চলি থকা প্ৰচেষ্টাক শক্তিশালী কৰিব । ভাৰতে গণতন্ত্ৰক জীৱিত ৰাখিছে আৰু গণতন্ত্ৰৰ প্ৰতি বিশ্বাস দৃঢ় কৰি তোলা ধৰণেৰে নিজৰ উদ্যম আৰু উৎসাহ বাৰে বাৰে প্ৰদৰ্শন কৰি আহিছে ।

প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কয় যে দীৰ্ঘদিন ধৰি মোৰ আটাইতকৈ ডাঙৰ চিন্তা হৈছে সদনলৈ নতুনকৈ নিৰ্বাচিত হোৱা বা কণিষ্ঠসকলকে ধৰি সকলো দলৰ সাংসদ গভীৰভাৱে অশান্তি আৰু অসুখী । তেওঁলোকে নিজৰ শক্তি প্ৰদৰ্শনৰ সুযোগ পোৱা নাই । নিজৰ সমষ্টিৰ সমস্যাৰ ওপৰত আলোকপাত কৰাৰ সুযোগ পোৱা নাই ।

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে তেওঁ ৰাষ্ট্ৰৰ উন্নয়ন যাত্ৰাৰ ওপৰত নিজৰ চিন্তাধাৰা ভাগ-বতৰা কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু সেইটোও বাধা দিয়া হৈছে । দল নিৰ্বিশেষে আমাৰ নতুন প্ৰজন্মৰ সাংসদক আমি সুযোগ দিয়া উচিত । তেওঁলোকৰ অভিজ্ঞতাৰ পৰা সদন লাভৱান হোৱা উচিত । এইবোৰ বিষয়ক গুৰুত্বসহকাৰে ল’বলৈ আহ্বান জনাইছো ।

সদনত নাটক নহয়ঃ প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী মোদীয়ে বিৰোধী দলসমূহক সম্বোধন কৰি কঠোৰভাৱে কয় যে নাটকৰ বহু ঠাই আছে, যিয়ে কৰিব বিচাৰে তেওঁ কৰিব লাগে, কিন্তু ইয়াত নাটক নহয়, ডেলিভাৰী হ’ব লাগে । তেওঁ কয় যে সমগ্ৰ দেশ শ্লোগানৰ বাবে আছে । যিমান শ্লোগান লাগে, সমগ্ৰ দেশ আছে । ইয়াত নীতিৰ ওপৰত গুৰুত্ব দিয়া উচিত, শ্লোগানৰ ওপৰত নহয় । সেইটোৱেই আপোনালোকৰ উদ্দেশ্য হ’ব লাগে ।

ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে এই কথাও কয় যে নেতিবাচকতা ৰাজনীতিত উপযোগী হ’ব পাৰে, কিন্তু ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে ইতিবাচক চিন্তাও প্ৰয়োজনীয় । মোৰ আশা যে আপোনালোকে নেতিবাচকতাক সীমাৰ ভিতৰত ৰাখক আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ ওপৰত গুৰুত্ব দিয়ক ।

লগতে পঢ়ক : ‘মই TIPS দিবৰ কাৰণে সাজু আছো…’; বিৰোধী পক্ষলৈ প্ৰধানমন্ত্ৰী মোদীৰ পৰামৰ্শ

আজিৰ পৰা আৰম্ভ সংসদৰ শীতকালীন অধিৱেশন; SIRক লৈ বিতৰ্কৰ সম্ভাৱনা

আজিৰ পৰা আৰম্ভ সংসদৰ শীতকালীন অধিৱেশন

আজিৰে পৰা আৰম্ভ হৈছে সংসদৰ শীতকালীন অধিৱেশন।যি ১৯ ডিচেম্বৰলৈকে চলি থাকিব।এইবাৰ সংসদৰ অধিৱেশন সংঘাতপূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।

অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে সংসদ ভৱনৰ হান্স গেটত সংবাদ মাধ্যমক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

নেশ্যনেল হেৰাল্ডৰ গোচৰত ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে নতুন এফআইআৰক লৈ ক্ষুব্ধ কংগ্ৰেছ।ইয়াৰ বাহিৰেও দেশত চলি থকা এছ আই আৰ প্ৰক্ৰিয়াক লৈ হুলস্থুলৰ সৃষ্টি হ’ব পাৰে।

১২খন ৰাজ্যত চলি থকা বিশেষ নিবিড় পুনৰীক্ষণ প্ৰক্ৰিয়াক লৈ সংসদত চৰকাৰক কোণত ৰখাৰ পৰিকল্পনা কৰিছে বিৰোধীয়ে।

ইয়াৰ উপৰিও দিল্লীৰ আত্মঘাতী বোমা বিস্ফোৰণ আৰু দিল্লী-এনচিআৰত প্ৰদূষণৰ ভয়ংকৰ অৱস্থাৰ ওপৰত আলোচনাৰ দাবীয়ে অধিবেশন হিংসাত্মক ৰূপ লোৱাৰো সম্ভাৱনা আছে।

লগতে পঢ়ক: নেশ্যনেল হেৰাল্ড গোচৰত ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে নতুন FIR…

শীতকালীন অধিৱেশনৰ পৰা নিলম্বিত দুগৰাকীকৈ বিৰোধী বিধায়ক

শীতকালীন অধিৱেশনৰ পৰা নিলম্বিত বিৰোধী বিধায়ক

অসম বিধানসভাৰ বিৰোধী দলৰ দুগৰাকী বিধায়কক চলি থকা শীতকালীন অধিৱেশনৰ বাকী সময়ছোৱাৰ বাবে মঙলবাৰে নিলম্বন কৰা হয় । বিশেষাধিকাৰ সমিতিৰ প্ৰতিবেদনৰ পৰামৰ্শৰ ভিত্তিত এই নিলম্বন কৰা হৈছে । ২০২৫ চনৰ ২৪ মাৰ্চত উপাধ্যক্ষ নোমল মমিনক বেয়া আচৰণ কৰাৰ অভিযোগ উত্থাপন হৈছিল এই দুয়োগৰাকী বিধায়ৰ বিৰু্দ্ধে ।

কংগ্ৰেছৰ বিধায়ক নুৰুল হুদা আৰু বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদক নিলম্বনৰ পৰামৰ্শ দি বিশেষাধিকাৰ সমিতিৰ প্ৰতিবেদনৰ আধাৰত সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে প্ৰস্তাৱ আগবঢ়ায় ।

মন্ত্ৰীগৰাকীয়ে কয় যে, “প্ৰিভিলেজ কমিটীয়ে নৰুল হুদাই মমিনক আক্ৰমণ কৰা বুলি ধৰা পেলাইছিল, আনহাতে শ্বেৰমান আসললী আহমেদে উপাধ্যক্ষৰ বিৰুদ্ধে গালি-গালাজ ব্যৱহাৰ কৰিছিল । সেয়েহে কমিটীয়ে দুয়োজন সদস্যক শীতকালীন অধিবেশনৰ বাকী সময়ছোৱাৰ বাবে নিলম্বন কৰাৰ পৰামৰ্শ দিছিল ।” ইয়াৰ পিছতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে গৃহীত কৰাৰ প্ৰস্তাৱ আগবঢ়ায় । কংগ্ৰেছে বিৰোধিতা কৰিলেও সদনে এই প্ৰস্তাৱ গৃহীত কৰে ।

অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় যে প্ৰিভিলেজ কমিটীয়ে ইতিমধ্যে প্ৰতিবেদন দাখিল কৰিছে আৰু ইয়াৰ তথ্যক লৈ প্ৰশ্ন উত্থাপন কৰি লাভ নাই ।

মাৰ্চ মাহত শাসকীয় মিত্ৰজোঁটে অভিযোগ কৰিছিল যে বিৰোধী দলসমূহে প্ৰতিবাদ কৰি থকাৰ সময়তে সদনৰ ঠিক বাহিৰত থকা বিধানসভা ভৱনৰ কৰিড’ৰত হুডাই নোমল মমিনক আক্ৰমণ কৰিছিল । অৱশ্যে হুদা আৰু কংগ্ৰেছে এই অভিযোগ অস্বীকাৰ কৰে ।

সেই একেই মাহতে শ্বেৰমান আলী আহমেদে সদনত এটা বিষয় আলোচনা কৰি থাকোঁতে এটা আপত্তিজনক শব্দ ব্যৱহাৰ কৰিছিল, যিটো পিছলৈ আঁতৰাই দিয়া হৈছিল ।

উল্লেখ্য যে, মঙলবাৰৰ পৰা আৰম্ভ হোৱা পাঁচদিনীয়া শীতকালীন অধিৱেশন শনিবাৰে সামৰণি পৰিব ।

লগতে পঢ়ক : দ্বিতীয় বিবাহ কৰিলেই হ’ব জে’ল; বিধানসভাত উত্থাপন বহুবিবাহ বিৰোধী বিধেয়ক

শীতকালীন অধিৱেশন : পাৰমাণৱিক ক্ষেত্ৰত মুকলি হ’ব ব্যক্তিগত খণ্ডৰ প্ৰৱেশৰ পথ!

শীতকালীন অধিৱেশনৰ প্ৰস্তুতি

১ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব সংসদৰ শীতকালীন অধিৱেশন । এই অধিৱেশনত চৰকাৰে ১০খন নতুন বিধেয়ক উত্থাপনৰ প্ৰস্তুতি চলাইছে । ইয়াৰে আটাইতকৈ উল্লেখযোগ্য হৈছে পাৰমাণৱিক শক্তি বিল, ২০২৫, যিয়ে দেশৰ অসামৰিক পাৰমাণৱিক খণ্ডত ব্যক্তিগত কোম্পানীসমূহৰ বাবে মুকলি কৰাৰ পথ মুকলি কৰিব । এতিয়ালৈকে এই খণ্ডটো সম্পূৰ্ণৰূপে চৰকাৰী নিয়ন্ত্ৰণত আছে । চৰকাৰে কয় যে এই নতুন আইনখনে পাৰমাণৱিক শক্তিৰ ব্যৱহাৰ আৰু নিয়ন্ত্ৰণক আধুনিকীকৰণ আৰু ফলপ্ৰসূভাৱে নিয়ন্ত্ৰণ কৰিব । ইয়াৰ দ্বাৰা দেশৰ শক্তি উৎপাদন আৰু প্ৰযুক্তিগত বিকাশত এক নতুন গতি লাভ কৰিব বুলি আশা কৰা হৈছে ।

উচ্চ শিক্ষাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তনৰ প্ৰস্তাৱ-

ভাৰতীয় হায়াৰ এডুকেশ্যন কমিশ্যন অভ্ ইণ্ডিয়া বিধেয়কখনো অধিৱেশনৰ কাৰ্যসূচীত আছে । লোকসভাৰ বুলেটিন অনুসৰি এই বিধেয়কখনে এনে এখন আয়োগ গঠন কৰিব যিয়ে বিশ্ববিদ্যালয় আৰু উচ্চ শিক্ষানুষ্ঠানসমূহক অধিক স্বায়ত্তশাসন প্ৰদান কৰিব, তেওঁলোকক স্বাধীন আৰু স্ব-শাসিত হ’বলৈ সহায় কৰিব আৰু স্বীকৃতি প্ৰক্ৰিয়াক স্বচ্ছ আৰু শক্তিশালী কৰি তুলিব । এই প্ৰস্তাৱ চৰকাৰৰ পৰিকল্পনাত যথেষ্ট দিনৰ পৰা আছে আৰু এতিয়া আগুৱাই নিয়া হৈছে ।

পথ, কোম্পানী আৰু বজাৰৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ সংশোধনী-

এই শীতকালীন অধিৱেশনতে কিছুমান আওপুৰণি আইন সৰল আৰু আধুনিকীকৰণৰ বাবেও চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে । ইয়াৰ ভিতৰত আছে কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক ।

-ৰাষ্ট্ৰীয় ঘাইপথ (সংশোধনী) বিধেয়ক–  ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে ভূমি অধিগ্ৰহণ দ্ৰুত, স্বচ্ছ আৰু সহজ কৰি তোলাৰ লক্ষ্য ।

-কৰ্পৰেট আইন (সংশোধনী) বিধেয়ক, ২০২৫–  কোম্পানী আইন, ২০১৩, আৰু এল এল পি আইন, ২০০৮ৰ সংশোধনৰ জৰিয়তে ‘ইজ অব্ ডুইং বিজনেছ’ক প্ৰসাৰিত কৰিব ।

ছিকিউৰিটিজ মাৰ্কেটছ ক’ড (এছএমচি) বিল, ২০২৫— ছেবি আইন, ডিপ’জিটৰী আইন, আৰু ছিকিউৰিটিজ কন্ট্ৰেক্ট ৰেগুলেচন এক্ট, এই তিনিখন পুৰণি আইনক এক কৰি  “চিকিউৰিটিজ মাৰ্কেটছ কোড”ত একত্ৰিত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে । ইয়াৰ ফলত বজাৰৰ নিয়মসমূহ সৰল আৰু একে হ’ব ।

লগতে পঢ়ক : “মই এটা সুযোগ পোৱা উচিত…”;মুখ্যমন্ত্ৰীৰ পদৰ বিতৰ্কৰ মাজতে দিল্লীত উপস্থিত কৰ্ণাটকৰ ১০জন বিধায়ক

১-১৯ ডিচেম্বৰলৈ চলিব সংসদৰ শীতকালীন অধিৱেশন; ৰাষ্ট্ৰপতিৰ অনুমোদন

১-১৯ ডিচেম্বৰলৈ চলিব সংসদৰ শীতকালীন অধিৱেশন

কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে এক্সত জনাই যে, সংসদৰ শীতকালীন অধিৱেশন আহ্বান কৰাৰ চৰকাৰৰ প্ৰস্তাৱত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৱে অনুমোদন জনাইছে । ১ৰ পৰা ১৯ ডিচেম্বৰলৈ চলিব এই সত্ৰ ।

এক্সত কিৰেন ৰিজিজুৱে কয়, “ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে ২০২৫ চনৰ ১ ডিচেম্বৰৰ পৰা ২০২৫ চনৰ ১৯ ​​ডিচেম্বৰলৈ সংসদৰ শীতকালীন অধিবেশন আহ্বান কৰাৰ চৰকাৰৰ প্ৰস্তাৱত অনুমোদন জনাইছে (সংসদীয় কাৰ্যৰ প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ কৰি)। আমাৰ গণতন্ত্ৰক শক্তিশালী কৰা আৰু জনসাধাৰণৰ আকাংক্ষা পূৰণ কৰা গঠনমূলক আৰু ফলপ্ৰসূ অধিবেশনৰ বাবে আগ্ৰহী ।”

বৰ্ষাকালীন অধিবেশনত অপচয় হৈছিল ১৬৬ ঘণ্টা-

ইয়াৰ পূৰ্বে ২১ আগষ্টত সংসদৰ বৰ্ষাকালীন অধিৱেশন অনিদিৰ্ষ্টকালৰ বাবে স্থগিত হৈছিল । এছ আই আৰক লৈ বিৰোধীয়ে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ ফলত সংসদৰ ১৬৬ ঘণ্টা সময় অপচয় হয় আৰু ফলত প্ৰায় ২৪৮ কোটি টকা ৰাজহুৱা কৰ হেৰুৱাবলগীয়া হয় । বিশেষ আলোচনাই অপাৰেচন সিন্দুৰ বিষয়টো ৰোধ কৰিলে যদিও এছ আই আৰক লৈ ৰাজনৈতিক যুদ্ধ অন্তিম দিনটোলৈকে চলি থাকিল । এই হুলস্থুলৰ ফলত লোকসভাত ৮৪.৫ ঘন্টা আৰু উচ্চ সদন ৰাজ্যসভাত ৮১.১২ ঘন্টা লোকচান হয় । ৰাজ্যসভাৰ কার্যসূচী মাত্র ৩৮.৮৮ ঘন্টাহে চলে ৷

উল্লেখ্য যে, যিকোনো এখন সদনত এক মিনিটৰ কাৰ্য্যবিধিৰ বাবে ২.৫ লাখ টকা খৰচ হয় । অৰ্থা এক ঘন্টাত প্ৰায় ১.৫ কোটি টকা  খৰচ হয় । ইয়াৰ অৰ্থ হ’ল লোকসভাত প্ৰায় ১.২৬ কোটি আৰু ৰাজ্যসভাত ১.২৬ কোটি টকাৰ অপচয় হয় । কিন্তু শেষৰ ৯টা কৰ্মদিনত কাম দ্ৰুতগতি সম্পন্ন হয় । ৰাজ্যসভাত পোন্ধৰখন আৰু লোকসভাত ১২খন বিধেয়ক গৃহীত হয় ।

লগতে পঢ়ক : ‘আপোনালোক নতুন প্ৰজন্মৰ আদৰ্শ’; ৰাষ্ট্ৰপতিক সাক্ষাৎ চেম্পিয়ন কন্যাৰ