শীতকালীন অধিৱেশনৰ পৰা নিলম্বিত দুগৰাকীকৈ বিৰোধী বিধায়ক

শীতকালীন অধিৱেশনৰ পৰা নিলম্বিত দুগৰাকীকৈ বিৰোধী বিধায়ক

শীতকালীন অধিৱেশনৰ পৰা নিলম্বিত বিৰোধী বিধায়ক অসম বিধানসভাৰ বিৰোধী দলৰ দুগৰাকী বিধায়কক চলি থকা শীতকালীন অধিৱেশনৰ বাকী সময়ছোৱাৰ বাবে মঙলবাৰে নিলম্বন কৰা হয় । বিশেষাধিকাৰ সমিতিৰ প্ৰতিবেদনৰ পৰামৰ্শৰ ভিত্তিত এই নিলম্বন কৰা হৈছে । ২০২৫ চনৰ ২৪ মাৰ্চত উপাধ্যক্ষ নোমল মমিনক বেয়া আচৰণ কৰাৰ অভিযোগ

শীতকালীন অধিৱেশনৰ পৰা নিলম্বিত বিৰোধী বিধায়ক

অসম বিধানসভাৰ বিৰোধী দলৰ দুগৰাকী বিধায়কক চলি থকা শীতকালীন অধিৱেশনৰ বাকী সময়ছোৱাৰ বাবে মঙলবাৰে নিলম্বন কৰা হয় । বিশেষাধিকাৰ সমিতিৰ প্ৰতিবেদনৰ পৰামৰ্শৰ ভিত্তিত এই নিলম্বন কৰা হৈছে । ২০২৫ চনৰ ২৪ মাৰ্চত উপাধ্যক্ষ নোমল মমিনক বেয়া আচৰণ কৰাৰ অভিযোগ উত্থাপন হৈছিল এই দুয়োগৰাকী বিধায়ৰ বিৰু্দ্ধে ।

কংগ্ৰেছৰ বিধায়ক নুৰুল হুদা আৰু বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদক নিলম্বনৰ পৰামৰ্শ দি বিশেষাধিকাৰ সমিতিৰ প্ৰতিবেদনৰ আধাৰত সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে প্ৰস্তাৱ আগবঢ়ায় ।

মন্ত্ৰীগৰাকীয়ে কয় যে, “প্ৰিভিলেজ কমিটীয়ে নৰুল হুদাই মমিনক আক্ৰমণ কৰা বুলি ধৰা পেলাইছিল, আনহাতে শ্বেৰমান আসললী আহমেদে উপাধ্যক্ষৰ বিৰুদ্ধে গালি-গালাজ ব্যৱহাৰ কৰিছিল । সেয়েহে কমিটীয়ে দুয়োজন সদস্যক শীতকালীন অধিবেশনৰ বাকী সময়ছোৱাৰ বাবে নিলম্বন কৰাৰ পৰামৰ্শ দিছিল ।” ইয়াৰ পিছতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে গৃহীত কৰাৰ প্ৰস্তাৱ আগবঢ়ায় । কংগ্ৰেছে বিৰোধিতা কৰিলেও সদনে এই প্ৰস্তাৱ গৃহীত কৰে ।

অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় যে প্ৰিভিলেজ কমিটীয়ে ইতিমধ্যে প্ৰতিবেদন দাখিল কৰিছে আৰু ইয়াৰ তথ্যক লৈ প্ৰশ্ন উত্থাপন কৰি লাভ নাই ।

মাৰ্চ মাহত শাসকীয় মিত্ৰজোঁটে অভিযোগ কৰিছিল যে বিৰোধী দলসমূহে প্ৰতিবাদ কৰি থকাৰ সময়তে সদনৰ ঠিক বাহিৰত থকা বিধানসভা ভৱনৰ কৰিড’ৰত হুডাই নোমল মমিনক আক্ৰমণ কৰিছিল । অৱশ্যে হুদা আৰু কংগ্ৰেছে এই অভিযোগ অস্বীকাৰ কৰে ।

সেই একেই মাহতে শ্বেৰমান আলী আহমেদে সদনত এটা বিষয় আলোচনা কৰি থাকোঁতে এটা আপত্তিজনক শব্দ ব্যৱহাৰ কৰিছিল, যিটো পিছলৈ আঁতৰাই দিয়া হৈছিল ।

উল্লেখ্য যে, মঙলবাৰৰ পৰা আৰম্ভ হোৱা পাঁচদিনীয়া শীতকালীন অধিৱেশন শনিবাৰে সামৰণি পৰিব ।

লগতে পঢ়ক : দ্বিতীয় বিবাহ কৰিলেই হ’ব জে’ল; বিধানসভাত উত্থাপন বহুবিবাহ বিৰোধী বিধেয়ক