‘মই TIPS দিবৰ কাৰণে সাজু আছো...’; বিৰোধী পক্ষলৈ প্ৰধানমন্ত্ৰী মোদীৰ পৰামৰ্শ

‘মই TIPS দিবৰ কাৰণে সাজু আছো…’; বিৰোধী পক্ষলৈ প্ৰধানমন্ত্ৰী মোদীৰ পৰামৰ্শ

‘মই TIPS দিবৰ কাৰণে সাজু আছো…’,প্ৰধানমন্ত্ৰী সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিৰোধীয়ে নিজৰ কৌশল সলনি কৰিব লাগে।মই তেওঁলোকে কেনেকৈ পৰিবেশন কৰিব লাগে তাৰ TIPS দিবলৈ সাজু । প্ৰধানমন্ত্ৰী মোদীয়ে বিৰোধীক সংসদ কাৰ্যক্ষম হ’বলৈ আবেদন কৰি কয় যে, যি দলেই হওক, নতুন

‘মই TIPS দিবৰ কাৰণে সাজু আছো…’,প্ৰধানমন্ত্ৰী

সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিৰোধীয়ে নিজৰ কৌশল সলনি কৰিব লাগে।মই তেওঁলোকে কেনেকৈ পৰিবেশন কৰিব লাগে তাৰ TIPS দিবলৈ সাজু ।

প্ৰধানমন্ত্ৰী মোদীয়ে বিৰোধীক সংসদ কাৰ্যক্ষম হ’বলৈ আবেদন কৰি কয় যে, যি দলেই হওক, নতুন প্ৰজন্মৰ যিসকল সাংসদ প্ৰথমবাৰলৈ সংসদ ভৱনলৈ আহিছে ইয়াৰ দ্বাৰা তেওঁলোক উপকৃত হোৱা উচিত।

প্ৰধানমন্ত্ৰীয়ে কয় যে নাটক কৰাৰ বাবে যথেষ্ট ঠাই আছে, কিন্তু ইয়াত প্ৰয়োজন হৈছে ডেলিভাৰী, নাটকৰ নহয়। ইয়াত শ্লোগান নহয়, নীতিৰ ওপৰত গুৰুত্ব দিয়া হৈছে। তেওঁ কয় যে ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে ইতিবাচক চিন্তাধাৰা থাকিব লাগে।

তেওঁ আৰু কয়, ‘কিছুদিনৰ পৰা আমাৰ সদন নিৰ্বাচনৰ ৱাৰ্ম আপৰ বাবে ব্যৱহাৰ কৰা হৈছে।হয়টো ইয়াৰ ব্যৱহাৰ পৰাজয়ৰ হতাশাক উদঙাই দিবলৈ এই কাম কৰা হৈছে’।

‘ এনে কিছুমান ৰাজ্যত ক্ষমতাত থকাৰ পিছত ইমানেই বিৰোধী ক্ষমতা হৈছে যে জনসাধাৰণৰ কাষ চাপিব পৰা নাই আৰু তেওঁলোকে নিজৰ সকলো খং সদনত উলিয়াই দিয়ে’।

‘ আৰু একাংশ দলে সদনক ৰাজ্যৰ ৰাজনীতিৰ বাবে ব্যৱহাৰ কৰাৰ নতুন পৰম্পৰা আৰম্ভ কৰিছে। এই দলসমূহে বিগত ১০ বছৰ ধৰি খেলি অহা খেলখন দেশে মানি লোৱা নাই, সেই সন্দৰ্ভত চিন্তা-চৰ্চা কৰা উচিত। তেওঁলোকে নিজৰ কৌশল সলনি কৰিব লাগে।’

লগতে পঢ়ক: ‘ভাৰতীয় নৌসেনাত আইএনএছ মাহে…’; ‘মন কি বাত’ৰ জৰিয়তে দেশবাশীক ভাল খবৰ দিলে প্ৰধানমন্ত্ৰীয়ে