মহিলা সবলীকৰণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ নতুন বাৰ্তা, জনালে বিশেষ আহ্বান

মহিলা সবলীকৰণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ নতুন বাৰ্তা, জনালে বিশেষ আহ্বান

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে গণতন্ত্ৰক অধিক সৰ্বাংগীন আৰু প্ৰতিনিধিত্বমূলক কৰি তোলা পদক্ষেপ গ্ৰহণৰ বাবে সংসদৰ গুৰুত্বপূৰ্ণ দায়িত্ব আছে এটা ভিডিঅ’ বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে উন্নত ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ হ’লে মহিলাৰ সম্পূৰ্ণ সম্ভাৱনাক ব্যৱহাৰ কৰাটো প্ৰয়োজন । নাৰী শক্তি বন্দন আইনৰ কথা উল্লেখ

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে গণতন্ত্ৰক অধিক সৰ্বাংগীন আৰু প্ৰতিনিধিত্বমূলক কৰি তোলা পদক্ষেপ গ্ৰহণৰ বাবে সংসদৰ গুৰুত্বপূৰ্ণ দায়িত্ব আছে

এটা ভিডিঅ’ বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে উন্নত ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ হ’লে মহিলাৰ সম্পূৰ্ণ সম্ভাৱনাক ব্যৱহাৰ কৰাটো প্ৰয়োজন । নাৰী শক্তি বন্দন আইনৰ কথা উল্লেখ কৰি তেওঁ বিধায়িনী দলত মহিলাৰ বাবে সংৰক্ষণক সময়ৰ প্ৰয়োজন বুলি অভিহিত কৰে । ইয়াৰ দ্বাৰা দেশৰ গণতন্ত্ৰ অধিক শক্তিশালী, সজীৱ আৰু অংশগ্ৰহণমূলক হ’ব বুলিও তেওঁ কয় ।

প্ৰধানমন্ত্ৰীয়ে এই বিষয়ত তেওঁৰ চৰকাৰী ৱেবছাইটত প্ৰকাশিত এক বিশদ প্ৰবন্ধত নিজৰ মতামত প্ৰকাশ কৰে । তেওঁ লিখিছে যে ভাৰত একবিংশ শতিকাৰ ঐতিহাসিক সন্ধিক্ষণত থিয় দিছে আৰু শীঘ্ৰে গণতন্ত্ৰক আৰু অধিক শক্তিশালী কৰাৰ বাবে এক বৃহৎ পদক্ষেপৰ সাক্ষী হ’ব । তেওঁৰ মতে, সমতা, অন্তৰ্ভুক্তি, জনসাধাৰণৰ অংশগ্ৰহণক এক নতুন মাত্ৰালৈ লৈ যোৱাৰ এয়া এক সুযোগ ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে গণতন্ত্ৰক অধিক সৰ্বাংগীন আৰু প্ৰতিনিধিত্বমূলক কৰি তোলা পদক্ষেপ গ্ৰহণৰ বাবে সংসদৰ এতিয়া গুৰুত্বপূৰ্ণ দায়িত্ব আছে । তেওঁ কয় যে মহিলা সংৰক্ষণ কাৰ্যকৰী হ’লে লোকসভা আৰু বিধানসভাত মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধি পাব আৰু তেওঁলোকক তেওঁলোকৰ উচিত স্থান দিয়া হ’ব ।

প্ৰবন্ধটোত তেওঁ দেশজুৰি পালন কৰা বিভিন্ন উৎসৱ, যেনে- ৰঙালী বিহু, পানা সংক্ৰান্তি, পইলা বৈশাখ, বিষু, পুথাণ্ডু, বৈশাখী আদিৰ কথা উল্লেখ কৰি আশা আৰু ইতিবাচকতাৰ সময় আখ্যা দিয়ে । তেখেতে মহাত্মা জ্যোতিবা ফুলেৰ ২০০ সংখ্যক জন্ম জয়ন্তী আৰু ড০ ভীমৰাও আম্বেদকাৰৰ জন্ম বাৰ্ষিকী সোঁৱৰণ কৰি সামাজিক ন্যায় আৰু সমতাৰ মূল্যবোধৰ কথা সোঁৱৰাই দিয়ে ।

মহিলাৰ ভূমিকাত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে মহিলাসকলে দেশৰ জনসংখ্যাৰ প্ৰায় আধা অংশক প্ৰতিনিধিত্ব কৰে আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদান অমূল্য । বিজ্ঞান, প্ৰযুক্তি, উদ্যোগীকৰণ, ক্ৰীড়া, সশস্ত্ৰ বাহিনী, কলাকে ধৰি প্ৰতিটো ক্ষেত্ৰতে মহিলাসকলে শক্তিশালী স্থান দখল কৰিছে ।

প্ৰধানমন্ত্ৰী মোদীৰ মতে মহিলাৰ অংশগ্ৰহণ বৃদ্ধিয়ে বিতৰ্কক সমৃদ্ধ কৰাই নহয়, শাসন ব্যৱস্থাৰ মানদণ্ডও উন্নত কৰে । ই গণতন্ত্ৰক অধিক সংবেদনশীল, সুষম আৰু জবাবদিহি কৰি তোলে ।

তেওঁ স্মৰণ কৰি কয় যে বছৰ বছৰ ধৰি মহিলা সংৰক্ষণৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে, কিন্তু ইয়াক আইন হিচাপে প্ৰণয়ন কৰা হোৱা নাই । ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত গৃহীত হোৱা নাৰী শক্তি বন্দন আইনক এক ঐতিহাসিক পদক্ষেপ বুলি অভিহিত কৰি তেওঁ কয় যে ২০২৯ চনৰ লোকসভা নিৰ্বাচন আৰু ভৱিষ্যতৰ বিধানসভা নিৰ্বাচনত ইয়াৰ সুফল লাভ কৰিব পৰাকৈ ইয়াক কাৰ্যকৰী কৰাৰ সময় আহি পৰিছে ।

লেখাটোৰ সামৰণিত প্ৰধানমন্ত্ৰী মোদীয়ে সকলো ৰাজনৈতিক দলকে এই গুৰুত্বপূৰ্ণ পদক্ষেপক সমৰ্থন কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে এইটো কোনো এটা দল বা চৰকাৰৰ কথা নহয়, সমগ্ৰ ৰাষ্ট্ৰৰ বিষয় আৰু ইয়াক সামূহিক সংকল্পৰে আগুৱাই নিব লাগে ।

লগতে পঢ়ক : ভোটদানৰ মহাপৰ্বত প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ আহ্বান