সমগ্ৰ অসমতে কাৰ্যকৰী হ’ব 'চেল ব্ৰডকাষ্ট চিষ্টেম'; দুৰ্যোগৰ মুহূৰ্ততে মোবাইলত বাজিব সতৰ্কঘণ্টা

সমগ্ৰ অসমতে কাৰ্যকৰী হ’ব ‘চেল ব্ৰডকাষ্ট চিষ্টেম’; দুৰ্যোগৰ মুহূৰ্ততে মোবাইলত বাজিব সতৰ্কঘণ্টা

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই ঘোষণা কৰিছে যে দুৰ্যোগৰ সময়ত নাগৰিকসকলক মুহূৰ্তৰ ভিতৰতে জৰুৰীকালীন সতৰ্কবাণী প্ৰদান কৰিবলৈ সমগ্ৰ ৰাজ্যতে Cell Broadcast System কাৰ্যকৰী কৰা হ’ব অসম চৰকাৰে ৰাজ্যখনৰ দুৰ্যোগ ব্যৱস্থাপনা ব্যৱস্থাটোক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই ঘোষণা কৰিছে যে দুৰ্যোগৰ সময়ত নাগৰিকসকলক মুহূৰ্তৰ ভিতৰতে জৰুৰীকালীন সতৰ্কবাণী প্ৰদান কৰিবলৈ সমগ্ৰ ৰাজ্যতে Cell Broadcast System কাৰ্যকৰী কৰা হ’ব

অসম চৰকাৰে ৰাজ্যখনৰ দুৰ্যোগ ব্যৱস্থাপনা ব্যৱস্থাটোক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই (ASDMA) আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে দুৰ্যোগৰ সময়ত নাগৰিকসকলক মুহূৰ্তৰ ভিতৰতে জৰুৰীকালীন সতৰ্কবাণী প্ৰদান কৰিবলৈ সমগ্ৰ ৰাজ্যতে ‘চেল ব্ৰডকাষ্ট চিষ্টেম‘ (Cell Broadcast System – CBS) কাৰ্যকৰী কৰা হ’ব ।

কেন্দ্ৰীয় চৰকাৰৰ দূৰসংযোগ বিভাগ, ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ আৰু গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ যৌথ সহযোগত এই অত্যাধুনিক প্ৰযুক্তি বিকশিত কৰা হৈছে । এই ব্যৱস্থাৰ জৰিয়তে কৰ্তৃপক্ষই কোনো এটা নিৰ্দিষ্ট বিপদসংকুল এলেকাৰ ভিতৰত থকা আটাইবোৰ মোবাইল ফোনলৈ একেলগে ভৌগোলিকভাৱে লক্ষ্য নিৰ্ধাৰিত (Geo-targeted) জৰুৰীকালীন বাৰ্তা প্ৰেৰণ কৰিব পাৰিব । উল্লেখ্য যে, যোৱা মে’ মাহত আৰম্ভ হোৱা এক দেশজোৰা পাইলট প্ৰকল্পৰ অধীনত অসমত ইয়াৰ সফল পৰীক্ষণ সম্পন্ন হৈছে আৰু আন কেইবাখনো ৰাজ্যত ই ইতিমধ্যে কাৰ্যকৰী প্ৰমাণিত হৈছে । বৰ্তমান পৰীক্ষণৰ পৰ্যায় শেষ হোৱাৰ বাবে ASDMA-ই ইয়াক সমগ্ৰ ৰাজ্যতে সম্পূৰ্ণৰূপে প্ৰয়োগ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

কেনেকৈ কাম কৰিব চেল ব্ৰডকাষ্ট চিষ্টেমে ?

এই ব্যৱস্থাটো সাধাৰণ SMS সেৱাতকৈ সম্পূৰ্ণ পৃথক আৰু জৰুৰীকালীন অৱস্থাত অত্যন্ত ফলপ্ৰসূ। ইয়াৰ মূল বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল :

তাত্ক্ষণিক পপ-আপ বাৰ্তা আৰু উচ্চ শব্দ : দুৰ্যোগৰ সতৰ্কবাণীসমূহ মোবাইল স্ক্ৰীণত পপ-আপ বাৰ্তা হিচাপে দেখা দিব । ইয়াৰ লগতে এক সুকীয়া ধৰণৰ উচ্চ শব্দৰ এলাৰ্ট টোন বাজিব আৰু ফোনটো ভাইব্ৰেট হ’ব, যাতে মানুহে লগে লগে মনোযোগ দিয়ে ।

নেটৱৰ্ক জ্যাম হ’লেও কাম কৰিব : উৎসৱ-পাৰ্বন বা দুৰ্যোগৰ সময়ত প্ৰায়ে মোবাইল নেটৱৰ্ক জ্যাম হৈ পৰে । কিন্তু চেল ব্ৰডকাষ্ট চিষ্টেমে নেটৱৰ্ক জ্যাম থকা অৱস্থাতো কোনো বাধা নোহোৱাকৈ কাম কৰিব পাৰে ।

সকলোৰে বাবে সমানে উপযোগী : এই ব্যৱস্থাই সেই নিৰ্দিষ্ট এলেকাটোত থকা প্ৰতিজন মোবাইল ব্যৱহাৰকাৰীৰ ওচৰলৈ বাৰ্তা কঢ়িয়াই নিব- তেওঁ স্থানীয় বাসিন্দাই হওক বা কোনো পৰ্যটক বা দৰ্শনাৰ্থীয়েই হওক ।

বহুভাষিক আৰু সকলো নেটৱৰ্কত উপলব্ধ : এই ব্যৱস্থাই অসমীয়াৰ লগতে একাধিক ভাষা সমৰ্থন কৰে আৰু পুৰণি 2G, 3G-ৰ পৰা আৰম্ভ কৰি আধুনিক 4G আৰু 5G সকলো মোবাইল নেটৱৰ্কতে ই সক্ৰিয় হৈ থাকিব ।

কোনবোৰ দুৰ্যোগৰ ক্ষেত্ৰত সতৰ্কবাণী পোৱা যাব ?

ASDMA-ৰ বিষয়াসকলে জনোৱা মতে, এই চিষ্টেমৰ জৰিয়তে ৰাইজক আসন্ন বিপদৰ বিষয়ে আগতীয়াকৈ সজাগ কৰা হ’ব। ইয়াৰ ভিতৰত প্ৰধানকৈ :

-ধুমুহা আৰু প্ৰবল বৰষুণ

-বজ্ৰপাত আৰু ঘূৰ্ণীবতাহ

-বানপানী আৰু হঠাতে অহা বানপানী

উপকৃত হ’ব দুৰ্গম অঞ্চলৰ লোক আৰু জ্যেষ্ঠ নাগৰিকসকল

বিভাগীয় বিষয়াসকলে প্ৰকাশ কৰা মতে, এই প্ৰযুক্তিৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ’ল ইয়াৰ জৰিয়তে সমাজৰ আটাইতকৈ স্পৰ্শকাতৰ শ্ৰেণী, যেনে- বয়স্ক নাগৰিক আৰু দুৰ্গম তথা ৰিম’ট অঞ্চলত বসবাস কৰা লোকসকলক অতি সোনকালে বিপদৰ বাৰ্তা দিব পৰা যাব ।

প্ৰকৃতিৰ তাণ্ডৱৰ সৈতে বছৰি যুঁজি থকা অসমৰ দৰে ৰাজ্য এখনৰ বাবে এই ডিজিটেল আগতীয়া সতৰ্কবাণী ব্যৱস্থা এক ডাঙৰ আশীৰ্বাদ হিচাপে পৰিগণিত হ’ব। ইয়াৰ ফলত ক্ষয়-ক্ষতিৰ পৰিমাণ বহুখিনি হ্ৰাস পাব আৰু প্ৰশাসন তথা জনসাধাৰণে দুৰ্যোগৰ মোকাবিলা কৰিবলৈ পৰ্যাপ্ত সময় পাব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক : ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ; ৰাজ্যৰ উন্নয়নৰ বাবে বিচাৰিলে মাৰ্গদৰ্শন

শেহতীয়া প্ৰৱন্ধসমূহ