চৰকাৰী মাটিত গঢ়ি উঠা অবৈধ নিৰ্মাণত চলিল উচ্ছেদ অভিযান

চৰকাৰী মাটিত গঢ়ি উঠা অবৈধ নিৰ্মাণত চলিল উচ্ছেদ অভিযান

চৰকাৰী মাটি দখল কৰি অবৈধভাৱে কৰা নিৰ্মাণত পৰিল প্ৰশাসনৰ হাতুৰীৰ কোব । জিলা প্ৰশাসন আৰু আৰক্ষীয়ে যুটীয়াভাৱে এই উচ্ছেদ অভিযান চলায় । কাছাৰত প্ৰশাসনৰ উচ্ছেদ অভিযান । জিলাখনত অবৈধ নিৰ্মাণত পৰিল প্ৰশাসনৰ হাতুৰীৰ কোব । দুটাকৈ বৃহৎ উচ্ছেদ অভিযান চলাই চৰকাৰী মাটিত গঢ়ি উঠা অবৈধ

চৰকাৰী মাটি দখল কৰি অবৈধভাৱে কৰা নিৰ্মাণত পৰিল প্ৰশাসনৰ হাতুৰীৰ কোব । জিলা প্ৰশাসন আৰু আৰক্ষীয়ে যুটীয়াভাৱে এই উচ্ছেদ অভিযান চলায় ।

কাছাৰত প্ৰশাসনৰ উচ্ছেদ অভিযান । জিলাখনত অবৈধ নিৰ্মাণত পৰিল প্ৰশাসনৰ হাতুৰীৰ কোব । দুটাকৈ বৃহৎ উচ্ছেদ অভিযান চলাই চৰকাৰী মাটিত গঢ়ি উঠা অবৈধ নিৰ্মাণ ধ্বংস কৰে প্ৰশাসনে । কাচিপুৰ আৰু সোণাবাৰীঘাটত প্ৰশাসনৰ যুটীয়া উচ্ছেদ অভিযানত এই অবৈধ নিৰ্মাণ ধ্বংস কৰা হয় ।

এই উচ্ছেদ অভিযানত সোণাই সমষ্টিৰ অন্তৰ্গত সোণাবাৰীঘাট বজাৰত, চিকিৎসালয়ৰ সন্মুখত চৰকাৰী মাটি অবৈধভাৱে দখল কৰি নিৰ্মাণ কৰা ১৫ খনকৈ দোকান বুলডজাৰেৰে ভাঙি পেলোৱা হয় । এই মাটিত দীৰ্ঘদিন ধৰি মাটি দখল কৰি দোকান নিৰ্মাণ কৰি ভাড়ালৈ দিয়া হৈছিল বুলি অভিযোগ উত্থাপন হৈ আছিল ।

চিকিৎসালয় পৰিচালনা সমিতিৰ অনুৰোধত জিলা প্ৰশাসন আৰু আৰক্ষীয়ে যুটীয়াভাৱে এই উচ্ছেদ অভিযান চলায় । অভিযানত সোণাইৰ চক্ৰ বিষয়াসহ প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে আৰু উচ্ছেদস্থলীৰ সুৰক্ষাৰ বাবে আৰক্ষী বাহিনী মোতায়েন কৰা হয় ।

আনহাতে, ভাৰতমালা প্ৰকল্পৰ অধীনত প্ৰস্তাৱিত পথৰ বাবে অধিগ্ৰহণ কৰা মাটি দখলমুক্ত কৰিবলৈ উদাৰবন্দ সমষ্টিৰ কাচিপুৰত এক বৃহৎ উচ্ছেদ অভিযান চলোৱা হয় । ২০খনতকৈয়ো অধিক বুলডজাৰ, প্ৰায় ১,০০০ আৰক্ষী আৰু চিআৰপিএফ জোৱান মোতায়েন কৰি শ শ অবৈধ দোকান, ঘৰ-দুৱাৰ আৰু নাৰ্ছাৰী ভাঙি পেলোৱা হয় । যোৱা ৫ জুনত আৰকাটিপুৰত চলোৱা অভিযানৰ পিছত কাচিপুৰত এয়া প্ৰশাসনৰ আন এক ডাঙৰ পদক্ষেপ ।

চৰকাৰী মাটি দখলমুক্ত কৰি উন্নয়নমূলক প্ৰকল্পৰ কাম আগবঢ়াই নিয়া আৰু জনস্বাৰ্থ সুৰক্ষিত কৰাৰ বাবেই এই অভিযান চলোৱা হৈছে বুলি প্ৰশাসনে উল্লেখ কৰিছে । ইফালে স্থানীয় একাংশ বাসিন্দাই এই প্ৰশাসনৰ এই পদক্ষেপক আদৰণি জনাই ।

লগতে পঢ়ক : বিগত দুবছৰত ১৬৭৯ জন অবৈধ বাংলাদেশীক পুশ্ববেক: বিধানসভাত চৰকাৰৰ তথ্য