চৰকাৰী মাটিত গঢ়ি উঠা অবৈধ নিৰ্মাণত চলিল উচ্ছেদ অভিযান

চৰকাৰী মাটি দখল কৰি অবৈধভাৱে কৰা নিৰ্মাণত পৰিল প্ৰশাসনৰ হাতুৰীৰ কোব । জিলা প্ৰশাসন আৰু আৰক্ষীয়ে যুটীয়াভাৱে এই উচ্ছেদ অভিযান চলায় ।

কাছাৰত প্ৰশাসনৰ উচ্ছেদ অভিযান । জিলাখনত অবৈধ নিৰ্মাণত পৰিল প্ৰশাসনৰ হাতুৰীৰ কোব । দুটাকৈ বৃহৎ উচ্ছেদ অভিযান চলাই চৰকাৰী মাটিত গঢ়ি উঠা অবৈধ নিৰ্মাণ ধ্বংস কৰে প্ৰশাসনে । কাচিপুৰ আৰু সোণাবাৰীঘাটত প্ৰশাসনৰ যুটীয়া উচ্ছেদ অভিযানত এই অবৈধ নিৰ্মাণ ধ্বংস কৰা হয় ।

এই উচ্ছেদ অভিযানত সোণাই সমষ্টিৰ অন্তৰ্গত সোণাবাৰীঘাট বজাৰত, চিকিৎসালয়ৰ সন্মুখত চৰকাৰী মাটি অবৈধভাৱে দখল কৰি নিৰ্মাণ কৰা ১৫ খনকৈ দোকান বুলডজাৰেৰে ভাঙি পেলোৱা হয় । এই মাটিত দীৰ্ঘদিন ধৰি মাটি দখল কৰি দোকান নিৰ্মাণ কৰি ভাড়ালৈ দিয়া হৈছিল বুলি অভিযোগ উত্থাপন হৈ আছিল ।

চিকিৎসালয় পৰিচালনা সমিতিৰ অনুৰোধত জিলা প্ৰশাসন আৰু আৰক্ষীয়ে যুটীয়াভাৱে এই উচ্ছেদ অভিযান চলায় । অভিযানত সোণাইৰ চক্ৰ বিষয়াসহ প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে আৰু উচ্ছেদস্থলীৰ সুৰক্ষাৰ বাবে আৰক্ষী বাহিনী মোতায়েন কৰা হয় ।

আনহাতে, ভাৰতমালা প্ৰকল্পৰ অধীনত প্ৰস্তাৱিত পথৰ বাবে অধিগ্ৰহণ কৰা মাটি দখলমুক্ত কৰিবলৈ উদাৰবন্দ সমষ্টিৰ কাচিপুৰত এক বৃহৎ উচ্ছেদ অভিযান চলোৱা হয় । ২০খনতকৈয়ো অধিক বুলডজাৰ, প্ৰায় ১,০০০ আৰক্ষী আৰু চিআৰপিএফ জোৱান মোতায়েন কৰি শ শ অবৈধ দোকান, ঘৰ-দুৱাৰ আৰু নাৰ্ছাৰী ভাঙি পেলোৱা হয় । যোৱা ৫ জুনত আৰকাটিপুৰত চলোৱা অভিযানৰ পিছত কাচিপুৰত এয়া প্ৰশাসনৰ আন এক ডাঙৰ পদক্ষেপ ।

চৰকাৰী মাটি দখলমুক্ত কৰি উন্নয়নমূলক প্ৰকল্পৰ কাম আগবঢ়াই নিয়া আৰু জনস্বাৰ্থ সুৰক্ষিত কৰাৰ বাবেই এই অভিযান চলোৱা হৈছে বুলি প্ৰশাসনে উল্লেখ কৰিছে । ইফালে স্থানীয় একাংশ বাসিন্দাই এই প্ৰশাসনৰ এই পদক্ষেপক আদৰণি জনাই ।

লগতে পঢ়ক : বিগত দুবছৰত ১৬৭৯ জন অবৈধ বাংলাদেশীক পুশ্ববেক: বিধানসভাত চৰকাৰৰ তথ্য

প্ৰথমে প্ৰেম; পিছত বিয়া কৰোৱাৰ চলেৰে ধৰ্ষণ কৰি হত্যা প্ৰেমিকাক

কাছাৰৰ কাটিগড়া কান্দিগ্ৰামত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ধৰ্ষণ আৰু হত্যাৰ অভিযোগ উত্থাপন কৰি প্ৰেমিক সহ ৮ জনৰ বিৰুদ্ধে গোচৰ ৰুজু মৃতকৰ পৰিয়ালৰ ৷

অভিযোগ মতে, কাটিগড়া তিনটিকৰি গাঁৱৰ চয়ফুল উদ্দিন নামৰ এগৰাকী যুৱকৰ লগত প্ৰেমৰ সম্পৰ্ক আছিলে ১৯ বছৰীয়া যুৱতী গৰাকীৰ ।

কিন্তু যোৱা শনিবাৰে বিয়াৰ প্ৰলোভন দি যুৱতী গৰাকীক ঘৰৰ পৰা পলোৱাই লৈ যায় প্ৰেমিক চয়ফুল উদ্দিনে। পলোৱাই নি যুৱতী গৰাকীক প্ৰথমে ধৰ্ষণ কৰে চয়ফুল উদ্দিন নামৰ যুৱকজনে।

ধৰ্ষণ কাণ্ড সংঘটিত কৰি যুৱতী গৰাকী নিজ ঘৰত লৈ গৈ প্ৰেমিক চয়ফুল সহ তেওঁৰ পৰিয়ালৰ লোকে দলৱদ্ধভাৱে মাৰপিট কৰি বলপূৰ্বকভাবে বিহ পান কৰাই বুলি অভিযোগ কৰে যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে।

বিহ পান কৰাই প্ৰেমিক চয়ফুলে যুবতী গৰাকীক কাটিগড়া মডেল হাস্পতালত লৈ যায় ৷ ঘটনাৰ খৱৰ পাই হাস্পতালত যুৱতী গৰাকীৰ পৰিয়ালৰ লোক সকল উপস্থিত হোৱাত হাস্পতালৰ পৰা পলায়ন কৰে প্ৰেমিক চয়ফুল সহ তেওঁৰ পৰিয়ালৰ লোক সকল।

ইপিনে যুবতী গৰাকীৰ অৱস্থা সংকটজনক হোৱাত কাটিগড়া মডেল হাস্পতালৰ পৰা প্ৰেৰণ কৰা হয় শিলচৰ মেডিকেল কলেজত। শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন অবস্থাত যোৱা সোমবাৰে মৃত্যু হয় যুৱতী গৰাকীৰ ।

আনহাতে এই ঘটনাৰ পাছত মৃত যুৱতী গৰাকীৰ পৰিয়ালে ধৰ্ষণ আৰু হত্যাৰ অভিযোগ উত্থাপিত কৰি কাটিগড়া আৰক্ষী চকীত প্ৰেমিক ছয়ফুল উদ্দিন সহ মোট ৮ জনৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে।

গোচৰ ৰুজুৰ পাছত ইতিমধ্যে ঘটনা লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এতিয়া লৈকে এজনো অভিযুক্তক কৰায়ত্ত কৰিব পৰা নাই আৰক্ষীয়ে ।  

চাঞ্চল্যকৰ ; চলন্ত ট্ৰাকৰ পৰা পৰি মৃত্যু সহ-চালকৰ

কাছাৰৰ দিগৰখালত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এখন চলন্ত ট্ৰাকৰ পৰা পৰি মৃত্যু সহ-চালকৰ ৷মৃত সহ- চালকৰ নাম জছিম উদ্দিন ৷দিগৰখালত নিৰ্মীয়মান টোলগেটৰ সম্মুখত সংঘটিত হৈছে ঘটনাটো ৷

জানিব পৰা মতে মেঘালয়ৰ পৰা বৰাক অভিমুখী NL01 AH 1159 নম্বৰৰ এখন ট্ৰাক দ্ৰুত গতিত আহি থকাৰ সময়তে টোলগেটৰ সম্মুখত হঠাৎ চলন্ত ট্ৰাকখনৰ পৰা তলত বাগৰি পৰে সহচালকক জছিম উদ্দিন ৷

ঘটনাত থিতাতেই মৃত্যু হয় জছিমৰ ৷জছিমৰ ঘৰ কাটিগড়া জালালপুৰৰ ৰংপুৰত বুলি জানিব পৰা গৈছে ৷ঘটনাৰ পাছত ট্ৰাক এৰি পলায়ন কৰে চালকে ৷

কিন্তু চলন্ত ট্ৰাকখনৰ পৰা জছিম কেনেকৈ তলত পৰিবলৈ পালে তাক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে SMCH ত প্ৰেৰণ কৰিছে ৷