চাঞ্চল্যকৰ ; চলন্ত ট্ৰাকৰ পৰা পৰি মৃত্যু সহ-চালকৰ

কাছাৰৰ দিগৰখালত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এখন চলন্ত ট্ৰাকৰ পৰা পৰি মৃত্যু সহ-চালকৰ ৷মৃত সহ- চালকৰ নাম জছিম উদ্দিন ৷দিগৰখালত নিৰ্মীয়মান টোলগেটৰ সম্মুখত সংঘটিত হৈছে ঘটনাটো ৷ জানিব পৰা মতে মেঘালয়ৰ পৰা বৰাক অভিমুখী NL01 AH 1159 নম্বৰৰ এখন ট্ৰাক দ্ৰুত গতিত আহি থকাৰ

কাছাৰৰ দিগৰখালত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এখন চলন্ত ট্ৰাকৰ পৰা পৰি মৃত্যু সহ-চালকৰ ৷মৃত সহ- চালকৰ নাম জছিম উদ্দিন ৷দিগৰখালত নিৰ্মীয়মান টোলগেটৰ সম্মুখত সংঘটিত হৈছে ঘটনাটো ৷

জানিব পৰা মতে মেঘালয়ৰ পৰা বৰাক অভিমুখী NL01 AH 1159 নম্বৰৰ এখন ট্ৰাক দ্ৰুত গতিত আহি থকাৰ সময়তে টোলগেটৰ সম্মুখত হঠাৎ চলন্ত ট্ৰাকখনৰ পৰা তলত বাগৰি পৰে সহচালকক জছিম উদ্দিন ৷

ঘটনাত থিতাতেই মৃত্যু হয় জছিমৰ ৷জছিমৰ ঘৰ কাটিগড়া জালালপুৰৰ ৰংপুৰত বুলি জানিব পৰা গৈছে ৷ঘটনাৰ পাছত ট্ৰাক এৰি পলায়ন কৰে চালকে ৷

কিন্তু চলন্ত ট্ৰাকখনৰ পৰা জছিম কেনেকৈ তলত পৰিবলৈ পালে তাক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে SMCH ত প্ৰেৰণ কৰিছে ৷

শেহতীয়া প্ৰৱন্ধসমূহ