ৰাজ্যত স্থাপন হ’ব ৪ খন নতুন চিকিৎসা মহাবিদ্যালয়;  হ’ব বৃহৎ নিযুক্তি

 বিত্তমন্ত্ৰী জয়ন্তমল্ল বৰুৱাই বাজেট ভাষণত এক গুৰুত্বপূৰ্ণ ঘোষণা কৰে। গোৱালপাৰা, হাইলাকান্দি, হোজাই আৰু বজালী জিলাত ৪ খন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হ’ব।

শুকুৰবাৰে বিধানসভাত ২০২৬-২৭ বৰ্ষৰ অসম বাজেট উত্থাপন কৰাৰ সময়ত ৰাজ্যৰ বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই স্বাস্থ্য খণ্ডক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। ইয়াৰ ভিতৰত আটাইতকেই উল্লেখনীয় বিষয়টো হৈছে ৰাজ্যত অতিৰিক্ত ৪ খন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ প্ৰস্তাৱ।

কোন কোন জিলাত নিৰ্মাণ হ’ব নতুন চিকিৎসা মহাবিদ্যালয়?

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ ঘোষণা অনুসৰি, নতুন চিকিৎসা মহাবিদ্যালয়সমূহ তলত উল্লেখ কৰা ৪ খন জিলাত নিৰ্মাণ কৰা হ’ব : গোৱালপাৰা, হাইলাকান্দি, হোজাই আৰু বজালী ।

এই নতুন ৪ খন চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগে লগে অসমত মুঠ চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ২৮ খনলৈ বৃদ্ধি পাব । চৰকাৰৰ এই ঐতিহাসিক পদক্ষেপ আচলতে “এখন জিলা, এখন বিশ্ববিদ্যালয়, এখন চিকিৎসা মহাবিদ্যালয় আৰু এখন অভিযান্ত্ৰিক মহাবিদ্যালয়”ৰ দূৰদৰ্শী পৰিকল্পনাৰেই এক গুৰুত্বপূৰ্ণ অংশ । ইয়াৰ জৰিয়তে অসমৰ প্ৰতিখন জিলাতে গুণগত মানদণ্ডৰ উচ্চ শিক্ষা নিশ্চিত কৰাৰ লক্ষ্য লোৱা হৈছে ।

প্ৰতিটো সমষ্টিত ৫০ খন বিছনাযুক্ত FRU স্থাপনৰ প্ৰতিশ্ৰুতি

স্বাস্থ্য আন্তঃগাঁথনি অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে বিত্তমন্ত্ৰীগৰাকীয়ে আন এক ডাঙৰ ঘোষণা কৰে । ৰাজ্যৰ বৰ্তমানৰ স্বাস্থ্য সেৱাৰ সুবিধাসমূহ সুদৃঢ় কৰাৰ লগতে প্ৰতিটো বিধানসভা সমষ্টিত অন্ততঃ এখনকৈ ৫০ খন বিছনাযুক্ত FRU স্থাপন কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি তেওঁ সদৰী কৰে ।

সৃষ্টি হ’ব নতুন স্বাস্থ্যসেৱাৰ পদ: নিযুক্তি পাব ডাক্তৰ-নাৰ্ছ

অসমৰ স্বাস্থ্য প্ৰতিষ্ঠানসমূহক চিকিৎসক আৰু কৰ্মীৰ অভাৱ দূৰ কৰিবলৈ চৰকাৰে এক বৃহৎ নিযুক্তি প্ৰক্ৰিয়াৰো ইংগিত দিছে । বাজেট ভাষণত বিত্তমন্ত্ৰী বৰুৱাই কয় যে ৰাজ্যৰ স্বাস্থ্যখণ্ডক শক্তিশালী কৰিবলৈ নতুন স্বাস্থ্যসেৱা পদ সৃষ্টিৰ প্ৰস্তাৱ লোৱা হৈছে । ইয়াৰ অধীনত এম বি বি এছ ডাক্তৰ, আয়ুষ ডাক্তৰ, দন্ত চিকিৎসক, নাৰ্চ, ফাৰ্মাচিষ্ট, পৰীক্ষাগাৰ টেকনিচিয়ান, ৰেডিঅ’গ্ৰাফাৰ আৰু এ এন এম কৰ্মীক নিযুক্তি দিয়া হ’ব ।

স্বাস্থ্য খণ্ডত অসমৰ অভূতপূৰ্ব সফলতা: হ্ৰাস পালে মাতৃ মৃত্যুৰ হাৰ

বাজেটত ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ এক ইতিবাচক তথা আশাপ্ৰদ ছবিও দাঙি ধৰে মন্ত্ৰীগৰাকীয়ে । বিগত দশকটোৰ তুলনাত অসমত মাতৃ মৃত্যুৰ হাৰ ৬৫% লৈ হ্ৰাস পাইছে । বৰ্তমান এই হাৰ প্ৰতি লাখ জীৱিত জন্মৰ বিপৰীতে ৮৪ লৈ হ্ৰাস পাইছে, যিটো বৰ্তমান ৰাষ্ট্ৰীয় গড়তকৈও কম ।

ইয়াৰ উপৰিও, চৰকাৰী প্ৰচেষ্টাৰ ফলত ৰাজ্যত প্ৰতিষ্ঠানিক প্ৰসৱৰ হাৰ ৮৭.৬% লৈ বৃদ্ধি পাইছে । একেদৰে, দক্ষ স্বাস্থ্যকৰ্মীৰ উপস্থিতিত প্ৰসৱৰ হাৰ ৯০.৭% লৈ বৃদ্ধি পোৱাৰ বিপৰীতে বাল্যবিবাহৰ হাৰ উল্লেখনীয়ভাৱে ৬২% লৈ হ্ৰাস পাইছে ।

লগতে পঢ়ক: অসম বাজেট ২০২৬-২৭: উচ্চশিক্ষাৰ বাবে বৃহৎ ঘোষণা চৰকাৰৰ

চৰকাৰী বিদ্যালয়ৰ শ্ৰেণীকোঠাতে ভক্ষণ নিষিদ্ধ মাংস, হিন্দু ছাত্ৰকো খুৱাবলৈ চেষ্টা

বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ ভিতৰতে একাংশ বিশেষ ধৰ্মৰ ছাত্ৰই নিষিদ্ধ মাংস ভক্ষণ কৰাৰ লগতে আন হিন্দু ছাত্ৰ তথা সহপাঠীক সেয়া খাবলৈ বাধ্য কৰোৱাৰ চেষ্টা চলোৱা বুলি এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে

গোৱালপাৰা জিলাৰ কৃষ্ণাইত সংঘটিত এক ভয়ংকৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । কৃষ্ণাইৰ হাবৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ ভিতৰতে একাংশ বিশেষ ধৰ্মৰ ছাত্ৰই নিষিদ্ধ মাংস ভক্ষণ কৰাৰ লগতে আন হিন্দু ছাত্ৰ তথা সহপাঠীক সেয়া খাবলৈ বাধ্য কৰোৱাৰ চেষ্টা চলোৱা বুলি এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে । এই সন্দৰ্ভত ইতিমধ্যে কৃষ্ণাই আৰক্ষী থানাত এক আনুষ্ঠানিক গোচৰ ৰুজু কৰা হৈছে ।

কি আছিল প্ৰকৃত ঘটনা ?

অভিযোগ অনুসৰি, বিদ্যালয়খনৰ বিশেষ সম্প্ৰদায়ৰ পাঁচজন ছাত্ৰই শ্ৰেণীকোঠাৰ ভিতৰলৈ নিষিদ্ধ মাংস লৈ আহিছিল আৰু সকলোৰে সমুখতে সেয়া ভক্ষণ কৰিছিল । কেৱল ইমানেই নহয়, উক্ত ছাত্ৰকেইজনে তেওঁলোকৰ দুজন হিন্দু সহপাঠীকো সেই মাংস খাবলৈ বাধ্য কৰিবলৈ চেষ্টা চলায় । হিন্দু ছাত্ৰ দুজনে এই নিষিদ্ধ মাংস খাবলৈ অস্বীকাৰ কৰাত তেওঁলোকৰ ওপৰত তীব্ৰ মানসিক চাপ সৃষ্টি কৰা বুলিও এজাহাৰত উল্লেখ কৰা হৈছে ।

পৰিয়ালৰ লোকৰ এজাহাৰ দাখিল :

বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ পিছত ভুক্তভোগী ছাত্ৰ দুজনে সমগ্ৰ ঘটনাৰ বিষয়ে নিজৰ পিতৃ-মাতৃক অৱগত কৰে । ঘটনাৰ ভয়াৱহতা বুজি পাই ছাত্ৰ দুজনৰ পৰিয়ালৰ লোকসকলে স্থানীয় ৰাইজৰ সহযোগত কৃষ্ণাই আৰক্ষী থানাত উপস্থিত হয় আৰু দোষী ছাত্ৰকেইজনৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ দাবীৰে এখন এজাহাৰ দাখিল কৰে ।

কৃষ্ণাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঘটনাৰ সত্যতা স্বীকাৰ কৰি সংবাদ মাধ্যমক জনায় যে ভুক্তভোগী ছাত্ৰদ্বয়ৰ পিতৃ-মাতৃয়ে এই ঘটনাৰ সন্দৰ্ভত থানাত এটা গোচৰ ৰুজু কৰিছে । আৰক্ষীয়ে সমগ্ৰ বিষয়টো গুৰুত্বসহকাৰে লৈছে ।

বিদ্যালয় প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ :

ইফালে, এই সমগ্ৰ ঘটনাক কেনেকৈ বিদ্যালয় কৰ্তৃপক্ষই আওকাণ কৰিবলৈ পাৰিলে, তাক লৈ স্থানীয় ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে । অভিযোগকাৰীসকলৰ দাবী যে বিদ্যালয় প্ৰশাসনে এই সন্দৰ্ভত কোনো উপযুক্ত বা তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ হৈছে । আনকি পৰিস্থিতি নিয়ন্ত্ৰণৰ নামত বিদ্যালয় কৰ্তৃপক্ষই সমগ্ৰ বিষয়টো গাপ দিবলৈহে চেষ্টা চলাইছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে ।

বৰ্তমান এই ঘটনাক কেনেকৈ স্থানীয় অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । স্থানীয় ৰাইজে শান্তিপূৰ্ণ পৰিৱেশ অটুট ৰখাৰ স্বাৰ্থত আৰু বিদ্যালয়ৰ পবিত্ৰতা ৰক্ষাৰ্থে ঘটনাৰ এক পুংখানুপুংখ তথা নিৰপেক্ষ তদন্তৰ দাবী জনাইছে ।

লগতে পঢ়ক : “১ আগষ্টৰ পৰা পুনৰ চেনি, চাউল, তেল লাভ কৰিব”;কেবিনেটত মুখ্যমন্ত্ৰীৰ ডাঙৰ সিদ্ধান্ত

ভাতৃৰ বিবাহেই কাল হ’ল ককায়েকৰ; দুৰ্ঘটনাত পতিত বিবাহযাত্ৰীৰ বাহন

ভাতৃৰ বিবাহ যাত্ৰী বাহনত যাওঁতেই যে জীৱন শেষ হ’ব সেই কথা হয়টো কল্পনাও কৰা নাছিল দুই জ্যেষ্ঠ ভাতৃয়ে। গোৱালপাৰাত দুৰ্ঘটনাত পতিত বিবাহযাত্ৰীৰ বাহন।

গোৱালপাৰাৰ আগিয়ৰ বুধিপাৰাত পুৱতি নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। বিবাহযাত্ৰী কঢ়িয়াই নিয়া বাছত প্ৰচণ্ড খুন্দা তীব্ৰবেগী ট্ৰাকৰ।

জানিব পৰা মতে বিয়া শেষ কৰি কইনা লৈ ঘৰলৈ যাবৰ বাবে সাজু হৈছিল বিবাহ যাত্ৰীৰ বাছখন।সেই সময়তে তীব্ৰবেগত অহা ট্ৰাখখনে পাছফালৰ পৰা খুন্দা মাৰে বিবাহ যাত্ৰীৰ বাছখনক।

দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় দৰাৰ দুই ককায়েক নৰেশ দাস আৰু ৰবি দাস।১৭ নামৰ ৰাষ্ট্ৰীয় ঘাইপথতে পৰি ৰ’ল দুই ককায়েকৰ নিথৰ দেহ।

গোলোকগঞ্জৰ উত্তৰ ৰায়পুৰৰ পৰা গোৱালপাৰাৰ বুধিপাৰালৈ আহিছিল বিবাহযাত্ৰীৰ দলটো। দুৰ্ঘটনাটোত দুজন লোক নিহত হোৱাৰ লগতে বহুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটোৰ পিছতে কান্দোনত ভাগি পৰিছে আত্মীয়-স্বজন।      

লগতে পঢ়ক: কঁপাই গ’ল শক্তিশালী ভূমিকম্পই : ৰিখটাৰ স্কেলত প্ৰাবল্য ৫.৯ 

পুৱাৰে চলিছে বুলড’জাৰ; গোৱালপাৰাৰ দহিকাটাত চলিল বৃহৎ উচ্ছেদ অভিযান

দহিকাটাত চলিল বৃহৎ উচ্ছেদ অভিযান

সমগ্ৰ ৰাজ্যজুৰি চলি থকা উচ্ছেদ অভিযানৰ মাজতে দেওবাৰে গোৱালপাৰা জিলা প্ৰশাসনে দহিকাটাত আৰম্ভ কৰে বুলড’জাৰ এক্সন । এক বৃহৎ অভিযানৰ জৰিয়তে ৫০খনৰো অধিক এক্সকেভেটৰৰ সহায়ত বনাঞ্চলৰ মাটিত বেদখলমুক্ত কৰিলৈ আৰম্ভ কৰা হয় অভিযান ।

দহিকাটা অঞ্চলৰ পাঁচটা ব্লকত প্ৰায় ১,১৪০ বিঘা মাটি বেদখলৰ পৰা মুক্ত কৰিবলৈ লক্ষ্য লৈছে প্ৰশাসনে । উচ্ছেদৰ পূৰ্বে প্ৰায় ৭০ শতাংশ বসতিপ্ৰধান লোকে অঞ্চলটো খালী কৰিছে বুলি জানিব পৰা গৈছে ।

ইফালে নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে ব্লেক কমাণ্ডো আৰু চি আৰ পি এফকে ধৰি আৰক্ষী জোৱানৰ এক বৃহৎ দল অঞ্চলটোত মোতায়েন কৰা হৈছে । গোৱালপাৰা জিলা প্ৰশাসনে জনোৱা মতে, “৫৮০টা পৰিয়ালে ১১৪০ বিঘা মাটি বেদখল কৰি আছিল । ১৫ দিনতকৈও অধিক পূৰ্বে তেওঁলোকক এই অঞ্চলসমূহ খালী কৰাৰ বাবে জাননী জাৰি কৰা হৈছিল ।”

দেওবাৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হয় এই উচ্ছেদ অভিযান । ইয়াৰ মাজতে উত্তপ্ত গৈ পৰে উচ্ছেদস্থলীৰ পৰিস্থিতি । হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰি একাংশই প্ৰশাসনৰ কামত বাধা আৰোপ কৰাৰ চেষ্টা চলাইছিল । প্ৰশাসনৰ কামত বাধা আৰোপ কৰাৰ বাবে আৰক্ষীয়ে AIUDFৰ মুখপাত্ৰ আব্দুল হাইসহ ৩জনক আটক কৰে ।

লগতে পঢ়ক : যুদ্ধ বিমানৰ শব্দত কঁপিব গুৱাহাটী; বৰলুইতৰ ওপৰত বায়ুসেনাৰ বিশেষ এয়াৰ শ্ব’

গোৱালপাৰাত গৰজিল আৰক্ষীৰ বন্দুক; নিহত ৪ দুধৰ্ষ ডকাইত

গোৱালপাৰাত গৰজিল আৰক্ষীৰ বন্দুক

গোৱালপাৰাত ডকাইতক লক্ষ্য কৰি গৰজিল আৰক্ষীৰ বন্দুক । গোৱালপাৰাত দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই অহা চাৰি দুধৰ্ষ ডকাইত নিশা আৰক্ষীৰ গুলীত নিহত হয় । নিশাৰ ভাগত চলোৱা এক অভিযানত আৰক্ষীৰ এনকাউন্টাৰত নিহত হয় এই চাৰি দুধৰ্ষ ডকাইত । জিলাখনত দীৰ্ঘদিনৰ পৰা সন্ত্ৰাসৰ সৃষ্টি কৰি আছিল এই ডকাইতকেইটাই ।

গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে চলোৱা এই অভিযানত নিহত হয় অস্ত্ৰধাৰী ডকাইতকেইটা । অভিযানৰ সময়ত ধূপধৰা থানাৰ অন্তৰ্গত ঘিলাডুবিত নিশা আৰক্ষীৰে মুখামুখি হয় ডকাইতকেইটা । পলোৱাৰ কোনো পথ নথকাত আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে ডকাইতৰ দলটোৱে । ফলত ডকাইতৰ দলটোক লক্ষ্য কৰি আৰক্ষীয়েও গুলীচালনা কৰিবলৈ বাধ্য হয় । পৰৱৰ্তী সময়ত গুলীচালনা বন্ধ হোৱাত আৰক্ষীয়ে গাড়ীৰ পৰা ডকাইতকেইটাক উদ্ধাৰ কৰে আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰে । কিন্তু চিকিৎসকে আটাইকেইটাকে মৃত ঘোষণা কৰে । নিহত ডকাইতকেইটা চুবুৰ উদ্দিন, মুকুন্দ ৰাভা, ছেমবাক মাৰাক আৰু জাহিদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে ।

উল্লেখ্য যে, ডকাইতকেইটাই AS 02 AE 2633 নম্বৰৰ বাহনখনত অস্ত্ৰসহ ঘূৰি ফুৰিছিল । গোৱালপাৰাৰ জ্যোষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ নেতৃত্বত চলা এই অভিযানত নিহত হয় দীৰ্ঘদিনে সন্ত্ৰাস সৃষ্টি কৰি অহা এই ডকাইতকেইটাৰ ।

লগতে পঢ়ক : ৰাইজৰ ক্ষোভৰ সৈতে খেলা নকৰিব : শ্যামকানু-সিদ্ধাৰ্থক সকীয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

শোকাৱহ ;  হাতীৰ আক্ৰমণত নিহত একেটা পৰিয়লৰ দুজন

গোৱালপাৰাৰ বালিজানাৰ নাৰায়ণপাৰাত এক শোকাৱহ ঘটনা সংঘটিত হৈছে।নিশাৰ ভাগত গোৱালপাৰা জিলাৰ বালিজানাৰ নাৰায়ণপাৰত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় একেটা পৰিয়ালৰ দুজনকৈ লোক।

নিহত হোৱা ব্যক্তি দুগৰাকী নাৰায়ণপাৰা গাওঁৰ ৰঞ্জন ৰায় আৰু তেওঁৰ ভাই বোৱাৰী ৰূপা ৰায় বুলি জানিব পৰা গৈছে।গাওঁ খনত কেইবাদিন ধৰি বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে।

বন বিভাগৰ লোকৰ বিৰুদ্ধে ৰাইজৰ অভিযোগ গাওঁখনৰ পৰা বনৰীয়া হাতীৰ জাকটো খেদিবলৈ ব্যৰ্থ হৈছে বন বিভাগ।

নিশা হাতীৰ আক্ৰমণত একেটা পৰিয়ালৰ দুজনকৈ লোক নিহত হোৱাক কেন্দ্ৰ কৰি পিছত উপ্তত্ত পৰিস্থিতি সৃষ্টি হয়।বন বিভাগৰ লোকে মৃতদেহ লৈ যোৱাত বাধা প্ৰদান উত্তেজিত ৰাইজৰ।ঘটনাক কেন্দ্ৰ কৰি গাওঁখনত চেপা উত্তেজনা বিৰাজ কৰিছে।