পুৱাৰে চলিছে বুলড'জাৰ; গোৱালপাৰাৰ দহিকাটাত চলিল বৃহৎ উচ্ছেদ অভিযান

পুৱাৰে চলিছে বুলড’জাৰ; গোৱালপাৰাৰ দহিকাটাত চলিল বৃহৎ উচ্ছেদ অভিযান

দহিকাটাত চলিল বৃহৎ উচ্ছেদ অভিযান সমগ্ৰ ৰাজ্যজুৰি চলি থকা উচ্ছেদ অভিযানৰ মাজতে দেওবাৰে গোৱালপাৰা জিলা প্ৰশাসনে দহিকাটাত আৰম্ভ কৰে বুলড’জাৰ এক্সন । এক বৃহৎ অভিযানৰ জৰিয়তে ৫০খনৰো অধিক এক্সকেভেটৰৰ সহায়ত বনাঞ্চলৰ মাটিত বেদখলমুক্ত কৰিলৈ আৰম্ভ কৰা হয় অভিযান । দহিকাটা অঞ্চলৰ পাঁচটা ব্লকত প্ৰায় ১,১৪০

দহিকাটাত চলিল বৃহৎ উচ্ছেদ অভিযান

সমগ্ৰ ৰাজ্যজুৰি চলি থকা উচ্ছেদ অভিযানৰ মাজতে দেওবাৰে গোৱালপাৰা জিলা প্ৰশাসনে দহিকাটাত আৰম্ভ কৰে বুলড’জাৰ এক্সন । এক বৃহৎ অভিযানৰ জৰিয়তে ৫০খনৰো অধিক এক্সকেভেটৰৰ সহায়ত বনাঞ্চলৰ মাটিত বেদখলমুক্ত কৰিলৈ আৰম্ভ কৰা হয় অভিযান ।

দহিকাটা অঞ্চলৰ পাঁচটা ব্লকত প্ৰায় ১,১৪০ বিঘা মাটি বেদখলৰ পৰা মুক্ত কৰিবলৈ লক্ষ্য লৈছে প্ৰশাসনে । উচ্ছেদৰ পূৰ্বে প্ৰায় ৭০ শতাংশ বসতিপ্ৰধান লোকে অঞ্চলটো খালী কৰিছে বুলি জানিব পৰা গৈছে ।

ইফালে নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে ব্লেক কমাণ্ডো আৰু চি আৰ পি এফকে ধৰি আৰক্ষী জোৱানৰ এক বৃহৎ দল অঞ্চলটোত মোতায়েন কৰা হৈছে । গোৱালপাৰা জিলা প্ৰশাসনে জনোৱা মতে, “৫৮০টা পৰিয়ালে ১১৪০ বিঘা মাটি বেদখল কৰি আছিল । ১৫ দিনতকৈও অধিক পূৰ্বে তেওঁলোকক এই অঞ্চলসমূহ খালী কৰাৰ বাবে জাননী জাৰি কৰা হৈছিল ।”

দেওবাৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হয় এই উচ্ছেদ অভিযান । ইয়াৰ মাজতে উত্তপ্ত গৈ পৰে উচ্ছেদস্থলীৰ পৰিস্থিতি । হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰি একাংশই প্ৰশাসনৰ কামত বাধা আৰোপ কৰাৰ চেষ্টা চলাইছিল । প্ৰশাসনৰ কামত বাধা আৰোপ কৰাৰ বাবে আৰক্ষীয়ে AIUDFৰ মুখপাত্ৰ আব্দুল হাইসহ ৩জনক আটক কৰে ।

লগতে পঢ়ক : যুদ্ধ বিমানৰ শব্দত কঁপিব গুৱাহাটী; বৰলুইতৰ ওপৰত বায়ুসেনাৰ বিশেষ এয়াৰ শ্ব’