জৰ্ডানৰ সৈতে ৫খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ ভাৰতৰ, আজি ইথিওপিয়ালৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী মোদী

জৰ্ডানৰ সৈতে ৫খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ ভাৰতৰ, আজি ইথিওপিয়ালৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী মোদী

বৰ্তমান জৰ্ডান ভ্ৰমণত আছে প্ৰধানমন্ত্ৰী মোদী । এই ভ্ৰমণ কালত বাৰতে জৰ্ডানৰ সৈতে পাঁচখন বুজাবুদিৰ চুক্তিত স্বাক্ষৰ কৰে । সোমবাৰে ভাৰত আৰু জৰ্ডানৰ মাজত সন্ত্ৰাসবাদ বিৰোধী ব্যৱস্থা, গাজাকে ধৰি আঞ্চলিক উন্নয়ন আৰু দ্বিপাক্ষিক সহযোগিতাৰ সন্দৰ্ভত আলোচনা হয় । আম্মানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দ্বিতীয় ৰজা

বৰ্তমান জৰ্ডান ভ্ৰমণত আছে প্ৰধানমন্ত্ৰী মোদী । এই ভ্ৰমণ কালত বাৰতে জৰ্ডানৰ সৈতে পাঁচখন বুজাবুদিৰ চুক্তিত স্বাক্ষৰ কৰে ।

সোমবাৰে ভাৰত আৰু জৰ্ডানৰ মাজত সন্ত্ৰাসবাদ বিৰোধী ব্যৱস্থা, গাজাকে ধৰি আঞ্চলিক উন্নয়ন আৰু দ্বিপাক্ষিক সহযোগিতাৰ সন্দৰ্ভত আলোচনা হয় । আম্মানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দ্বিতীয় ৰজা আব্দুল্লাৰ মাজত হোৱা আলোচনাৰ অন্তত দুয়োপক্ষই পাঁচখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে । এই আলোচনাত বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, সন্ত্ৰাসবাদ বিৰোধী আৰু উগ্ৰবাদমুক্তকৰণ, সাৰ আৰু কৃষি, নবীকৰণযোগ্য শক্তি আৰু পৰ্যটন আদি খণ্ডত সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় ।

সন্ত্ৰাসবাদ আৰু উগ্ৰবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত দ্বিতীয় ৰজা আব্দুল্লাৰ ভূমিকাক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে অঞ্চলটোত শান্তি আৰু স্থিতিশীলতাৰ প্ৰতি ভাৰতৰ সমৰ্থন পুনৰ দৃঢ় কৰে ।

তিনিখন দেশৰ ভ্ৰমণৰ প্ৰথম কাৰ্যসূচী হিচাবে জৰ্ডানত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী, য’ত ইথিওপিয়া আৰু ওমানো অন্তৰ্ভুক্ত আছে । উল্লেখ্য যে, ৩৭ বছৰৰ ভিতৰত ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়া জৰ্ডানলৈ প্ৰথম পূৰ্ণাংগ দ্বিপাক্ষিক ভ্ৰমণ । এই ভ্ৰমণ দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি কৰা হৈছে । সোমবাৰে আম্মান বিমানবন্দৰত মোদীক উষ্ম আদৰণি জনায় জৰ্ডানৰ প্ৰধানমন্ত্ৰী জাফৰ হাছানে ।

পাঁচখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ-

-নতুন আৰু নবীকৰণযোগ্য শক্তি খণ্ডত কাৰিকৰী সহযোগিতাৰ বুজাবুজি চুক্তি

-জলসম্পদ ব্যৱস্থাপনা আৰু উন্নয়ন খণ্ডত সহযোগিতাৰ বুজাবুজি চুক্তি

-পেট্ৰা আৰু ইলোৰাৰ মাজত চুক্তি

-২০২৫-২০২৯ বৰ্ষৰ বাবে সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ নবীকৰণ

-ডিজিটেল ৰূপান্তৰৰ বাবে পৰিসৰত ৰূপায়িত সফল ডিজিটেল সমাধানসমূহ ভাগ-বতৰা কৰাৰ খণ্ডত সহযোগিতাৰ উদ্দেশ্য পত্ৰ

ভাৰত জৰ্ডানৰ তৃতীয় বৃহত্তম বাণিজ্যিক অংশীদাৰ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে আগন্তুক পাঁচ বছৰত দ্বিপাক্ষিক বাণিজ্য বৰ্তমানৰ ২.৮ বিলিয়ন ডলাৰৰ পৰা ৫ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ আগবঢ়ায় । তেওঁ জৰ্ডানৰ ডিজিটেল পেমেণ্ট চিষ্টেম আৰু ভাৰতৰ ইউনিফাইড পেমেণ্টছ ইন্টাৰফেছৰ মাজত সহযোগিতাৰো আহ্বান জনায় ।

লগতে পঢ়ক : ভাৰত-ৰাছিয়াৰ সামৰিক সহযোগিতাত অনুমোদন, RELOS চুক্তিত স্বাক্ষৰ পুটিনৰ