ইনষ্টাগ্ৰামক নিৰ্দেশ চৰকাৰৰ;শীঘ্ৰেই আঁতৰাব লাগিব শিশুৰ সৈতে জড়িত আপত্তিজনক বিজ্ঞাপন

ইনষ্টাগ্ৰামক নিৰ্দেশ চৰকাৰৰ;শীঘ্ৰেই আঁতৰাব লাগিব শিশুৰ সৈতে জড়িত আপত্তিজনক বিজ্ঞাপন

ইনষ্টাগ্ৰামত শিশুৰ যৌন শোষণৰ সৈতে জড়িত পেইড বিজ্ঞাপন আৰু কন্টেন্ট সন্দৰ্ভত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰে মেটাক ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ পৰা এনে কন্টেন্ট তৎকালীনভাৱে আঁতৰাবলৈ নিৰ্দেশ দিয়ে। এই সন্দৰ্ভত চৰকাৰে মেটাৰ পৰা স্পষ্টীকৰণও বিচাৰিছিল। কেন্দ্ৰীয় চৰকাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত শিশু যৌন শোষণ আৰু

ইনষ্টাগ্ৰামত শিশুৰ যৌন শোষণৰ সৈতে জড়িত পেইড বিজ্ঞাপন আৰু কন্টেন্ট সন্দৰ্ভত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰে মেটাক ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ পৰা এনে কন্টেন্ট তৎকালীনভাৱে আঁতৰাবলৈ নিৰ্দেশ দিয়ে। এই সন্দৰ্ভত চৰকাৰে মেটাৰ পৰা স্পষ্টীকৰণও বিচাৰিছিল।

কেন্দ্ৰীয় চৰকাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত শিশু যৌন শোষণ আৰু নিৰ্যাতন সামগ্ৰী সম্পৰ্কীয় পেইড বিজ্ঞাপন আৰু কন্টেন্ট সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ কৰি মেটাক অনতিপলমে সেইবোৰ আঁতৰাবলৈ নিৰ্দেশ দিছে। সূত্ৰ অনুসৰি, ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে (MeitY) মেটাক এনে সকলো পেইড বিজ্ঞাপন আৰু কন্টেন্ট আঁতৰাবলৈ নিৰ্দেশ দিছে যিয়ে যিকোনো প্ৰকাৰে ব্যৱহাৰকাৰীক চিএছইএমত প্ৰৱেশৰ সুবিধা প্ৰদান কৰে বা ইয়াক উপলব্ধ কৰাত সহায় কৰে।

সূত্ৰ অনুসৰি কেন্দ্ৰীয় চৰকাৰে জাননীখনত স্পষ্ট কৰি দিছে যে শিশুৰ যৌন শোষণৰ সৈতে জড়িত যিকোনো ধৰণৰ সামগ্ৰী সহ্য কৰা নহ’ব।ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে মেটাক ইনষ্টাগ্ৰামত এনে সকলো পেইড এডভাৰটাইজ আৰু আনুষংগিক কন্টেন্ট তৎকালীনভাৱে নিষ্ক্ৰিয় কৰিবলৈ নিৰ্দেশ দিছে। তদুপৰি ভৱিষ্যতে যাতে এনেধৰণৰ বিষয়বস্তু ছ’চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰকাশ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব।

সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে মেটাক এই সন্দৰ্ভত উত্তৰ দিবলৈ সাত দিনৰ সময় দিছে। ইনষ্টাগ্ৰামত এনেধৰণৰ কন্টেন্ট আৰু বিজ্ঞাপন কেনেদৰে ওলাল আৰু ইয়াক প্ৰতিৰোধৰ বাবে এতিয়ালৈকে কি পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি চৰকাৰে মেটাক সোধা-পোছা কৰিছে। চৰকাৰে মেটাৰ কন্টেন্ট মডাৰেচন চিষ্টেম আৰু এড ৰিভিউ প্ৰক্ৰিয়াত কেনেকৈ এনে ত্ৰুটি ঘটিছিল সেই সন্দৰ্ভত বিশদ প্ৰতিবেদন আৰু ব্যাখ্যা বিচাৰিছে।

তদুপৰি ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে মেটাক নিৰ্দেশ দিছে যে যৌন শোষণৰ সৈতে জড়িত বিষয়বস্তু বহল দৰ্শকৰ মাজলৈ বৃদ্ধি কৰাত ভূমিকা লোৱা যিকোনো এলগৰিদম তৎক্ষণাত বন্ধ কৰক। কেন্দ্ৰীয় চৰকাৰৰ মত যে এনে বিষয়বস্তুৰ প্ৰচাৰ কৰা যিকোনো প্ৰযুক্তি বা এলগৰিদমিক ব্যৱস্থাৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।

মন কৰিবলগীয়া যে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত শিশুৰ সুৰক্ষা সন্দৰ্ভত ক্ৰমাৎ উদ্বেগ বৃদ্ধি পোৱাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। ছ’চিয়েল মিডিয়া কোম্পানীসমূহৰ দায়িত্ব কেৱল আপত্তিজনক বিষয়বস্তু আঁতৰোৱাত সীমাবদ্ধ নহয়; ইয়াৰ উপৰিও এনে বিষয়বস্তু চিনাক্ত কৰিবলৈ আৰু ইয়াৰ প্ৰচাৰ ৰোধ কৰিবলৈ শক্তিশালী কাৰিকৰী ব্যৱস্থা বিকশিত কৰা হৈছে।

লগতে পঢ়ক: মহাকাশত প্ৰথমবাৰলৈ ‘উদ্ধাৰ অভিযান’: নাছাৰ স্বীফ্ট টেলিস্কোপক লৈ চলিছে ব্যাপক প্ৰস্তুতি

শেহতীয়া প্ৰৱন্ধসমূহ