বাজেট অধিৱেশনৰ পূৰ্বে সৰ্বদলীয় বৈঠক আহ্বান কেন্দ্ৰীয় চৰকাৰৰ

বাজেট অধিবেশনৰ পূৰ্বে সৰ্বদলীয় বৈঠক আহ্বান কৰিছে কেন্দ্ৰীয় চৰকাৰে। ২৮ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব সংসদৰ বাজেট অধিৱেশন ।

বাজেট অধিবেশনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে সৰ্বদলীয় বৈঠক আহ্বান কৰিছে । এই সভা অহা ২৭ জানুৱাৰীৰ পুৱা ১১ বজাত অনুষ্ঠিত হ’ব । ইয়াত বিধায়িনী কাৰ্য আৰু সংসদত আহিবলগীয়া অন্যান্য বিষয়সমূহৰ ওপৰত আলোচনা কৰা হ’ব । ২৮ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব সংসদৰ বাজেট অধিৱেশন । প্ৰথম দিনাই দুয়োখন সদনত (লোকসভা আৰু ৰাজ্যসভা) ৰাষ্ট্ৰপতিয়ে ভাষণ প্ৰদান কৰিব । লগতে ইকনমিক চাৰ্ভেও দাখিল কৰা হ’ব ।

ইয়াৰ পিছত ১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বাজেট দাখিল কৰা হ’ব । ২৮ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব লগা অধিৱেশনৰ প্ৰথম খণ্ড ১৩ ফেব্ৰুৱাৰীলৈকে চলিব । প্ৰথম খণ্ডৰ সময়ছোৱাত দুয়োখন সদনে ৰাষ্ট্ৰপতিৰ ভাষণত ধন্যবাদসূচক প্ৰস্তাৱৰ ওপৰত আলোচনা কৰিব । দুয়োখন সদনৰ আলোচনাৰ প্ৰতি সঁহাৰি জনাব প্ৰধানমন্ত্ৰী মোদীয়ে । বাজেট অধিবেশনৰ দ্বিতীয় খণ্ড ৯ মাৰ্চৰ পৰা আৰম্ভ হ’ব আৰু ২ এপ্ৰিললৈকে চলিব ।

লগতে পঢ়ক : নামভৰ্তিৰ পৰা চাকৰিলৈ… সকলোতে লাগিব জন্মৰ প্ৰমাণ পত্ৰ, চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

কেন্দ্ৰ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত;  নিষিদ্ধ হ’ল ১০০ মিলিগ্ৰাম পেইন কিলাৰ নিম’ছুলাইড

১০০ মিলিগ্ৰামৰ ওপৰৰ মাত্ৰাত নিম’ছুলাইড নিষিদ্ধ কৰিলে কেন্দ্ৰ চৰকাৰে। মানুহৰ স্বাস্থ্যৰ বাবে বিপদজনক হ’ব পাৰে এই ঔষধ।

নিম’ছুলাইড ঔষধৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে এটা ডাঙৰ পদক্ষেপ লৈছে। স্বাস্থ্য সুৰক্ষাৰ কথা মনত ৰাখি চৰকাৰে ১০০ মিলিগ্ৰামৰ ওপৰৰ মাত্ৰাত নিম’ছুলাইডৰ মৌখিক ঔষধ নিৰ্মাণ,তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বিক্ৰী আৰু বিতৰণ নিষিদ্ধ কৰা হৈছে।

এই সিদ্ধান্ত ১৯৪০ চনৰ ড্ৰাগছ আৰু প্ৰসাধন সামগ্ৰী আইন ২৬এৰ অধীনত লোৱা হৈছে।চৰকাৰে কয় যে ইমান বেছি মাত্ৰাৰ এই ঔষধ মানুহৰ স্বাস্থ্যৰ বাবে বিপদজনক হ’ব পাৰে আৰু ইয়াৰ নিৰাপদ বিকল্প বজাৰত উপলব্ধ।

স্বাস্থ্য মন্ত্ৰালয়ৰ অধিসূচনা অনুসৰি,১০০ মিলিগ্ৰামতকৈ অধিক মাত্ৰাৰ নিম’ছুলাইড ঔষধে মানুহৰ বাবে বিপদৰ সৃষ্টি কৰিব পাৰে।

ই এক নন-ষ্টেৰইডাল এন্টি-ইনফ্লেমেটৰী ড্ৰাগ (NSAID) হয়,যাৰ যকৃতৰ বিষক্ৰিয়াৰ সম্ভাৱনা থাকে আৰু অন্যান্য পাৰ্শ্বক্ৰিয়াৰ সন্দৰ্ভত বিশ্বজুৰি তদন্ত চলি আছে।

চৰকাৰে ড্ৰাগছ টেকনিকেল এডভাইজাৰী ব’ৰ্ডৰ লগত আলোচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে। এই নিৰ্দেশ অনুসৰি,এই নিষেধাজ্ঞা তৎক্ষণাত সমগ্ৰ দেশতে কাৰ্যকৰী হ’ব।কম মাত্ৰাৰ প্ৰস্তুতি আৰু অন্যান্য নিৰাপদ বিকল্প বজাৰত উপলব্ধ থাকিব।

স্বাস্থ্য মন্ত্ৰালয়ৰ এক অধিসূচনাত কোৱা হৈছে যে,”১০০ মিলিগ্ৰামতকৈ অধিক নিম’ছুলাইড থকা সকলো মৌখিক প্ৰস্তুতিত,যিবোৰ তৎক্ষণাত মুক্তি পোৱা মাত্ৰাৰ ৰূপত থাকে,ই মানুহৰ বাবে বিপজ্জনক হ’ব পাৰে আৰু ইয়াৰ নিৰাপদ বিকল্পও আছে।”

চৰকাৰে কৈছে যে,জনস্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে যাতে মানুহৰ স্বাস্থ্যৰ প্ৰতি কোনো বিপদ নহয়।

লগতে পঢ়ক: বাংলাদেশত পুনৰ হিন্দু যুৱকক হত্যা… মুছলমান বন্ধুৱে চলালে গুলী

বিতৰ্কৰ মাজতে আৰাৱলীক লৈ কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত… সম্প্ৰসাৰিত হ’ব সংৰক্ষিত এলেকাও

আৰাৱলীক লৈ চলি থকা বিতৰ্কৰ মাজতে শেহতীয়াকৈ কেন্দ্ৰই এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । অবৈধ আৰু অনিয়ন্ত্ৰিত খনন সম্পূৰ্ণৰূপে বন্ধ কৰি আৰাৱলীক বহনক্ষম ভূ-ৰূপ হিচাপে সংৰক্ষণ কৰাৰ লক্ষ্য লৈছে চৰকাৰে ।

আৰাৱলী পৰ্বতমালাক সম্পূৰ্ণৰূপে সুৰক্ষিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে । পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে সংশ্লিষ্ট সকলো ৰাজ্যকে নিৰ্দেশ দিছে যে আৰাৱলী অঞ্চলত কোনো নতুন খননৰ অনুমতি প্ৰদান কৰা নহ’ব । এই নিষেধাজ্ঞা গুজৰাটৰ পৰা দিল্লীলৈকে সমগ্ৰ আৰাৱলী ৰেঞ্জত সমানে প্ৰযোজ্য হ’ব । অবৈধ আৰু অনিয়ন্ত্ৰিত খনন সম্পূৰ্ণৰূপে বন্ধ কৰি আৰাৱলীক বহনক্ষম ভূ-ৰূপ হিচাপে সংৰক্ষণ কৰাৰ লক্ষ্য লৈছে চৰকাৰে । শেহতীয়া বিতৰ্কৰ মাজতে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ।

দিল্লী-এন চি আৰৰ বায়ু পৰিষ্কাৰ কৰি ৰখা, মৰুভূমি সম্প্ৰসাৰণ ৰোধ কৰা, ভূগৰ্ভস্থ পানী সংৰক্ষণ কৰা, জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত আৰাৱলী পৰ্বতমালাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । কেন্দ্ৰীয় চৰকাৰে এইসমূহৰ দীৰ্ঘম্যাদী সুৰক্ষাৰ প্ৰতি দৃঢ় দায়বদ্ধতা প্ৰদৰ্শন কৰিছে ।

সমগ্ৰ আৰাৱলী অঞ্চলত কোনো নতুন খনন অনুমতি প্ৰদান কৰা নহ’ব । অবৈধ খননৰ ক্ৰমবৰ্ধমান সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে । ইয়াৰ দ্বাৰা আৰাৱলী অঞ্চলৰ প্ৰাকৃতিক গঠন সংৰক্ষণ আৰু পৰিৱেশৰ ক্ষতি ৰোধ কৰা হ’ব ।

কেন্দ্ৰীয় চৰকাৰে ইণ্ডিয়ান কাউন্সিল অফ ফৰেষ্ট্ৰি ৰিচাৰ্ছ এণ্ড এডুকেশ্যন(ICFRE)এ সমগ্ৰ আৰাৱলী অঞ্চলৰ অতিৰিক্ত অঞ্চল চিনাক্ত কৰিবলৈ নিৰ্দেশ দিছে য’ত খনন সম্পূৰ্ণ নিষিদ্ধ হ’ব । ইতিমধ্যে নিষিদ্ধ কৰা অঞ্চলসমূহৰ উপৰিও ই পৰিৱেশ, ভূতাত্ত্বিক আৰু ভূ-প্ৰকৃতিৰ বিবেচনাৰ ওপৰত ভিত্তি কৰি হ’ব ।

ICFREয়ে সমগ্ৰ আৰাৱলী অঞ্চলৰ বাবে বৈজ্ঞানিক আৰু ব্যাপক বহনক্ষম খনি ব্যৱস্থাপনা পৰিকল্পনা প্ৰস্তুত কৰিব । এই পৰিকল্পনাত পৰিৱেশ প্ৰভাৱৰ বিস্তৃত মূল্যায়ন, স্পৰ্শকাতৰ অঞ্চল চিনাক্তকৰণ, পুনৰুদ্ধাৰৰ ব্যৱস্থা আৰু খনন বহন ক্ষমতাৰ অধ্যয়ন অন্তৰ্ভুক্ত কৰা হ’ব । পৰিকল্পনা সম্পূৰ্ণ হ’লে সকলো অংশীদাৰৰ পৰা পৰামৰ্শ লাভৰ বাবে ইয়াক ৰাজহুৱা কৰা হ’ব । বিশেষকৈ স্থানীয় ভূ-প্ৰকৃতি, পৰিৱেশ বিজ্ঞান আৰু জৈৱ বৈচিত্ৰ্যৰ কথা বিবেচনা কৰিলে ইয়াৰ ফলত আৰাৱলী অঞ্চলৰ সংৰক্ষিত অঞ্চলটো আৰু অধিক সম্প্ৰসাৰিত হ’ব ।

ইতিমধ্যে কাৰ্যক্ষম খনিসমূহৰ বাবে ৰাজ্য চৰকাৰসমূহক পৰিৱেশ সম্পৰ্কীয় সকলো নিয়ম কঠোৰভাৱে বলবৎ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি চলি থকা খনন কাৰ্যকলাপত অতিৰিক্ত বাধা আৰোপ কৰা হ’ব । পৰিৱেশৰ যাতে কোনো ক্ষতি নহয় তাৰ বাবে বহনক্ষম খনন নিয়ম কঠোৰভাৱে পালন কৰিব লাগিব ।

লগতে পঢ়ক : মহাকাশত ইছৰোৱে ৰচিলে নতুন ইতিহাস, উৎক্ষেপণ কৰিলে আটাইতকৈ গধুৰ উপগ্ৰহ

কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত, পঞ্চম-অষ্টম শ্ৰেণীত পুনৰ প্ৰৱৰ্তন পাছ-ফেইল নীতি

২৩ ডিচেম্বৰত এটা ডাঙৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে । এই সিদ্ধান্ত অনুসৰি ‘নো ডিটেনচন পলিচি’ বাতিল কৰিছে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে । এতিয়া ৫ম আৰু অষ্টম শ্ৰেণীৰ বাৰ্ষিক পৰীক্ষাত অনুতীৰ্ণ ছাত্ৰ-ছাত্ৰীক উত্তীৰ্ণ কৰাব নোৱাৰিব বিদ্যালয়ে । পূৰ্বে অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক উত্তীৰ্ণ কৰি পৰৱৰ্তী শ্ৰেণীলৈ পদোন্নতি দিয়া হৈছিল যদিও এতিয়া সেয়া নহ’ব । অৱশ্যে অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলে দুমাহৰ ভিতৰত পুনৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ পাব । যদি কোনো ছাত্ৰই পুনৰ বিফল কৰে তেন্তে তেওঁক পদোন্নতি দিয়া নহ’ব ।

প্ৰাথমিক শিক্ষাৰ মান উন্নত কৰাৰ বাবে শিক্ষা মন্ত্ৰালয়ে পঞ্চম আৰু অষ্টম শ্ৰেণীৰ বাবে নো ডিটেনচন নীতি বাতিল কৰিছে য’ত বিদ্যালয়সমূহে বছৰৰ শেষৰ পৰীক্ষাত উত্তীৰ্ণ নোহোৱা ছাত্ৰ-ছাত্ৰীক পৰৱৰ্তী শ্ৰেণীলৈ উন্নীত কৰাবলৈ অনুমতি দিয়া হৈছিল । একে সময়তে অষ্টম শ্ৰেণীলৈকে কোনো ছাত্ৰ-ছাত্ৰীক বিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা নহ’ব ।

ইতিমধ্যে ১৬খন ৰাজ্যই ‘নো-ডিটেনচন পলিচি’ বিলুপ্ত কৰিছিল-

একে সময়তে ২০১৯ চনত শিক্ষাৰ অধিকাৰ আইন (আৰ টি ই)ৰ সংশোধনীৰ পিছত ১৬খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চলে ইতিমধ্যে এই দুটা শ্ৰেণীৰ বাবে ‘নো-ডিটেনচন পলিচি’ বিলুপ্ত কৰিছিল । এতিয়া কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে এই নীতি সমাপ্ত কৰাৰ পিছত যদি কোনো ছাত্ৰই ৫ম আৰু অষ্টম শ্ৰেণীত অনুত্তীৰ্ণ হয় তেন্তে দুমাহৰ ভিতৰত পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব । যদি ছাত্ৰজনে পৰীক্ষাত উত্তীৰ্ণ নহয় তেন্তে তেওঁক পৰৱৰ্তী শ্ৰেণীলৈ পদোন্নতি দিয়া নহ’ব ।

জাৰি কৰা অধিসূচনাত কোৱা হৈছে যে শিশুটিক জিম্মাত ৰখাৰ সময়ত শিক্ষকে প্ৰয়োজন হ’লে শিশুটিৰ লগতে অভিভাৱককো পথ প্ৰদৰ্শন কৰিব । একে সময়তে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়েও স্পষ্ট কৰি দিছে যে প্ৰাথমিক শিক্ষা সম্পূৰ্ণ নোহোৱালৈকে কোনো শিশুক কোনো বিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা নহ’ব ।

ৰাজ্যসমূহে নিজৰ সিদ্ধান্ত নিজে ল’ব পাৰিব-

শিক্ষা মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াসকলৰ মতে, কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত ৩ হাজাৰৰো অধিক বিদ্যালয়ৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য হ’ব, য’ত কেন্দ্ৰীয় বিদ্যালয়, নৱোদয় বিদ্যালয়, সৈনিক বিদ্যালয় আদিও অন্তৰ্ভুক্ত আছে । মন্ত্ৰালয়ৰ তথ্য অনুসৰি স্কুলীয়া শিক্ষা ৰাজ্যিক বিষয় । গতিকে এই ক্ষেত্ৰত ৰাজ্যসমূহে নিজৰ সিদ্ধান্ত ল’ব পাৰে । ইতিমধ্যে দিল্লীকে ধৰি ১৬খন ৰাজ্য আৰু ২খন কেন্দ্ৰীয় শাসিত অঞ্চলে এই দুটা শ্ৰেণীৰ বাবে নো-ডিটেনচন নীতি বিলুপ্ত কৰিছে ।