শীঘ্ৰেই আঁতৰাব লাগিব শিশুৰ সৈতে জড়িত আপত্তিজনক বিজ্ঞাপনঃ ইনষ্টাগ্ৰামক নিৰ্দেশ চৰকাৰৰ

ইনষ্টাগ্ৰামত শিশুৰ যৌন শোষণৰ সৈতে জড়িত পেইড বিজ্ঞাপন আৰু কন্টেন্ট সন্দৰ্ভত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰে মেটাক ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ পৰা এনে কন্টেন্ট তৎকালীনভাৱে আঁতৰাবলৈ নিৰ্দেশ দিয়ে। এই সন্দৰ্ভত চৰকাৰে মেটাৰ পৰা স্পষ্টীকৰণও বিচাৰিছিল।

কেন্দ্ৰীয় চৰকাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত শিশু যৌন শোষণ আৰু নিৰ্যাতন সামগ্ৰী সম্পৰ্কীয় পেইড বিজ্ঞাপন আৰু কন্টেন্ট সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ কৰি মেটাক অনতিপলমে সেইবোৰ আঁতৰাবলৈ নিৰ্দেশ দিছে। সূত্ৰ অনুসৰি, ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে (MeitY) মেটাক এনে সকলো পেইড বিজ্ঞাপন আৰু কন্টেন্ট আঁতৰাবলৈ নিৰ্দেশ দিছে যিয়ে যিকোনো প্ৰকাৰে ব্যৱহাৰকাৰীক চিএছইএমত প্ৰৱেশৰ সুবিধা প্ৰদান কৰে বা ইয়াক উপলব্ধ কৰাত সহায় কৰে।

সূত্ৰ অনুসৰি কেন্দ্ৰীয় চৰকাৰে জাননীখনত স্পষ্ট কৰি দিছে যে শিশুৰ যৌন শোষণৰ সৈতে জড়িত যিকোনো ধৰণৰ সামগ্ৰী সহ্য কৰা নহ’ব।ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে মেটাক ইনষ্টাগ্ৰামত এনে সকলো পেইড এডভাৰটাইজ আৰু আনুষংগিক কন্টেন্ট তৎকালীনভাৱে নিষ্ক্ৰিয় কৰিবলৈ নিৰ্দেশ দিছে। তদুপৰি ভৱিষ্যতে যাতে এনেধৰণৰ বিষয়বস্তু ছ’চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰকাশ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব।

সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে মেটাক এই সন্দৰ্ভত উত্তৰ দিবলৈ সাত দিনৰ সময় দিছে। ইনষ্টাগ্ৰামত এনেধৰণৰ কন্টেন্ট আৰু বিজ্ঞাপন কেনেদৰে ওলাল আৰু ইয়াক প্ৰতিৰোধৰ বাবে এতিয়ালৈকে কি পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি চৰকাৰে মেটাক সোধা-পোছা কৰিছে। চৰকাৰে মেটাৰ কন্টেন্ট মডাৰেচন চিষ্টেম আৰু এড ৰিভিউ প্ৰক্ৰিয়াত কেনেকৈ এনে ত্ৰুটি ঘটিছিল সেই সন্দৰ্ভত বিশদ প্ৰতিবেদন আৰু ব্যাখ্যা বিচাৰিছে।

তদুপৰি ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে মেটাক নিৰ্দেশ দিছে যে যৌন শোষণৰ সৈতে জড়িত বিষয়বস্তু বহল দৰ্শকৰ মাজলৈ বৃদ্ধি কৰাত ভূমিকা লোৱা যিকোনো এলগৰিদম তৎক্ষণাত বন্ধ কৰক। কেন্দ্ৰীয় চৰকাৰৰ মত যে এনে বিষয়বস্তুৰ প্ৰচাৰ কৰা যিকোনো প্ৰযুক্তি বা এলগৰিদমিক ব্যৱস্থাৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।

মন কৰিবলগীয়া যে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত শিশুৰ সুৰক্ষা সন্দৰ্ভত ক্ৰমাৎ উদ্বেগ বৃদ্ধি পোৱাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। ছ’চিয়েল মিডিয়া কোম্পানীসমূহৰ দায়িত্ব কেৱল আপত্তিজনক বিষয়বস্তু আঁতৰোৱাত সীমাবদ্ধ নহয়; ইয়াৰ উপৰিও এনে বিষয়বস্তু চিনাক্ত কৰিবলৈ আৰু ইয়াৰ প্ৰচাৰ ৰোধ কৰিবলৈ শক্তিশালী কাৰিকৰী ব্যৱস্থা বিকশিত কৰা হৈছে।

লগতে পঢ়ক: মহাকাশত প্ৰথমবাৰলৈ ‘উদ্ধাৰ অভিযান’: নাছাৰ স্বীফ্ট টেলিস্কোপক লৈ চলিছে ব্যাপক প্ৰস্তুতি

বিশ্বজুৰি ডাউন হ’ল ফেচবুক, ইনষ্টাগ্ৰাম…

শুকুৰবাৰে ভাৰতকে ধৰি সমগ্ৰ বিশ্বৰ বহু ফেচবুক আৰু ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীয়ে এই প্লেটফৰ্ম ডাউন হোৱাৰ অভিযোগ উত্থাপন কৰে।

ছচিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুক আৰু ইনষ্টাগ্ৰাম কাৰিকৰী বিজুতিৰ বাবে ছাৰ্ভাৰ ডাউন হৈ পৰিছে। শুক্ৰবাৰে সন্ধিয়া হঠাতে মেটাৰ মুখ্য ছচিয়েল মিডিয়া প্লেটফৰ্মসমূহ ডাউন হৈ পৰে। ব্যৱহাৰকাৰীসকলে স্ক্ৰলিং কৰা আৰু পোষ্ট কৰাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে।

ভাৰতকে ধৰি সমগ্ৰ বিশ্বৰ লাখ লাখ ব্যৱহাৰকাৰীয়ে এই কাৰিকৰী সমস্যাৰ সন্মুখীন হৈছে। আবেলিৰ পৰাই ব্যৱহাৰকাৰীসকলে এই এপসমূহ ব্যৱহাৰ কৰা আৰু এক্সেছ কৰাৰ ক্ষেত্ৰত অসুবিধা পাইছে।

লগতে পঢ়ক: পৃথিৱীৰ দিশে ধাবমান মহাশক্তিশালী সৌৰ ধুমুহা : ভাৰতৰ আকাশতো দেখা যাব পাৰে অপূৰ্ব মেৰুপ্ৰভা!

মেটাৰ বৃহৎ ঘোষণা, এতিয়াৰে পৰা ইনষ্টাগ্ৰাম-হোৱাটছএপ চলাবলৈও কৰিব লাগিব ৰিচাৰ্জ!

এতিয়াৰে পৰা ইনষ্টাগ্ৰাম, ফেচবুক আৰু হোৱাটছএপ ব্যৱহাৰ কৰাৰ অভিজ্ঞতা সম্পূৰ্ণ সলনি হ’বলৈ গৈ আছে

ছ’চিয়েল মিডিয়া জায়ান্ট মেটা (Meta)-ই ব্যৱহাৰকাৰীসকলৰ বাবে এক ডাঙৰ ঘোষণা কৰিছে । এতিয়াৰে পৰা ইনষ্টাগ্ৰাম, ফেচবুক আৰু হোৱাটছএপ ব্যৱহাৰ কৰাৰ অভিজ্ঞতা সম্পূৰ্ণ সলনি হ’বলৈ গৈ আছে, কাৰণ কোম্পানীটোৱে এই জনপ্ৰিয় এপসমূহৰ বাবে নতুন পেইড চাবস্ক্ৰিপচন প্লেন মুকলি কৰিছে । ভাৰতসহ সমগ্ৰ বিশ্বৰ ব্যৱহাৰকাৰীসকলৰ বাবে এই প্লেনসমূহ অনা হৈছে ।

মেটাই এতিয়া নিজৰ এপ্পসমূহৰ বাবে ‘প্লাছ সংস্কৰণ’ (Plus version) মুকলি কৰিবলৈ লৈছে । ইয়াৰ জৰিয়তে ধন পৰিশোধ কৰা গ্ৰাহকসকলে কিছুমান এনেকুৱা এক্সক্লুচিভ সঁজুলি আৰু কাষ্টমাইজেশ্যন ফিচাৰ লাভ কৰিব, যিবোৰ সাধাৰণ বা বিনামূলীয়া সংস্কৰণত উপলব্ধ নহ’ব ।

কেৱল বিজ্ঞাপনৰ ওপৰত নিৰ্ভৰশীলতা নহয়, উপাৰ্জন বৃদ্ধিৰ নতুন লক্ষ্য মেটাৰ এই পৰিকল্পনাৰ মূল উদ্দেশ্য হৈছে নিজৰ ৰাজহ বা উপাৰ্জন বৃদ্ধি কৰা । কোম্পানীটোৰ এই পদক্ষেপৰ পৰা স্পষ্ট হৈ পৰিছে যে এতিয়া তেওঁলোকে উপাৰ্জনৰ বাবে কেৱল বিজ্ঞাপনৰ ওপৰত নিৰ্ভৰ কৰি থাকিব নিবিচাৰে । তাৰ পৰিৱর্তে এক নতুন পথৰ সন্ধান কৰিছে, য’ত ব্যৱহাৰকাৰীসকলে প্ৰিমিয়াম ফিচাৰ্চ, উন্নত অভিজ্ঞতা আৰু অধিক দৰ্শক (Audience reach) লাভ কৰিবলৈ প্ৰতি মাহে এটা নিৰ্দিষ্ট পৰিমাণৰ ধন পৰিশোধ কৰিব লাগিব ।

ফেচবুক, ইনষ্টাগ্ৰাম আৰু হোৱাটছএপ প্লাছৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত ইনষ্টাগ্ৰাম প্লাছ আৰু ফেচবুক প্লাসৰ মাহিলী মূল্য ৩.৯৯ ডলাৰ (প্ৰায় ৩৮৭ টকা) ধাৰ্য কৰা হৈছে । আনহাতে, হোৱাটছএপ প্লাসৰ মাহিলী মূল্য ২.৯৯ ডলাৰ (প্ৰায় ২৯০ টকা) ৰখা হৈছে । অৱশ্যে, মেটাই এতিয়ালৈকে ভাৰতীয় বজাৰৰ বাবে ইয়াৰ নিৰ্দিষ্ট মূল্য ঘোষণা কৰা নাই ।

হোৱাটছএপ প্লাছত কি কি বিশেষ সুবিধা লাভ কৰিব ?

‘টেক ক্ৰাঞ্চ’ৰ ৰিপৰ্ট অনুসৰি, হোৱাটছএপ প্লাছৰ গ্ৰাহকসকলে মূলতঃ পাৰ্চনেলাইজেচন মেচেজিঙৰ ওপৰত ভিত্তি কৰি কেইবাটাও শক্তিশালী ফিচাৰ পাব । ইয়াৰ ভিতৰত কাষ্টম থিম, ইউনিক ৰিংট’ন, প্ৰিমিয়াম ষ্টিচকাৰ আৰু পূৰ্বতকৈ অধিক চেট্ পিন কৰি থোৱাৰ সুবিধা অন্তৰ্ভুক্ত আছে ।

ফেচবুক আৰু ইনষ্টাগ্ৰাম প্লাছৰ বিশেষ ফিচাৰসমূহ ইনষ্টাগ্ৰাম প্লাছ আৰু ফেচবুক প্লাছৰ গ্ৰাহকসকলৰ বাবে প্ৰফাইল কাষ্টমাইজেশ্যন আৰু এডভান্সড টুলচৰ ব্যৱস্থা কৰা হৈছে । ইনষ্টাগ্ৰাম প্লাছত ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ ষ্ট’ৰী কোনে কোনে আৰু কিমানবাৰ পুনৰ চাইছে সেয়া সহজে চাব পাৰিব । লগতে ‘ক্ল’জ ফ্ৰেণ্ডচ’ ফিচাৰৰ সহায়ত আনলিমিটেড ষ্ট’ৰী অডিয়েন্স লিষ্ট বনাব পাৰিব আৰু দৰ্শকৰ তালিকাত নিজৰ নাম নোলোৱাকৈয়ে আনৰ ষ্ট’ৰীৰ প্ৰিভিউ চাব পাৰিব ।

ইয়াৰ উপৰি, ব্যৱহাৰকাৰীসকলে ২৪ ঘণ্টাতকৈ অধিক সময়লৈকে নিজৰ ষ্ট’ৰী দেখুওৱাৰ বিকল্প পাব । প্ৰতি সপ্তাহত এটা ষ্ট’ৰীক ‘স্পটলাইট’ কৰিব পৰা যাব যাতে সেইটোৱে অধিক দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে । লগতে ষ্ট’ৰীৰ ভিউৱাৰ্চ লিষ্টত ছাৰ্চ কৰাৰ সুবিধাও থাকিব । কছমেটিক আপগ্ৰেড হিচাপে ইনষ্টাগ্ৰাম প্লাসত এনিমেটেড ছুপাৰ হাৰ্ট ৰিয়েকচন, কাষ্টম এপ আইকন, বায়’ৰ বাবে বিশেষ ফণ্ট আৰু অধিক প্ৰফাইল পিন কৰাৰ দৰে সুবিধা দিয়া হৈছে ।

মেটা ভেৰিফাইডতকৈ সম্পূৰ্ণ সুকীয়া এই প্লেন মন কৰিবলগীয়া যে মেটাৰ এই নতুন চাবস্ক্ৰিপচন প্লেনসমূহ বৰ্তমান চলি থকা মেটা ভেৰিফাইডতকৈ সম্পূৰ্ণ সুকীয়া । মেটা ভেৰিফাইড হৈছে কোম্পানীটোৰ বৰ্তমানৰ পেইড চাৰ্ভিচ, য’ত কেৱল আইডেন্টিটি ভেৰিফিকেচন (পৰিচয় পত্ৰ পৰীক্ষণ) আৰু কাষ্টমাৰ চাপৰ্ট আদিহে উপলব্ধ থাকে ।

এআই ব্যৱহাৰকাৰীৰ বাবে ‘Meta One’ প্লেন মেটাই ছ’চিয়েল মিডিয়া এপৰ উপৰিও ‘Meta One’ নামেৰে এআই (AI), ক্ৰিয়েটৰ আৰু বিজনেচ ফ’কাচড্ প্লেনো মুকলি কৰিছে । ইয়াৰ অধীনত মেটা এআই চাবস্ক্ৰিপচন প্লেনক দুটা ভাগত বিভক্ত কৰা হৈছে । প্ৰথমটো হৈছে ‘মেটা ৱান প্লাস’, যাৰ মাহিলী মূল্য ৭.৯৯ ডলাৰ (প্ৰায় ৭৫৫ টকা)। যিসকলে মেটা এআই ব্যৱহাৰ কৰি প্ৰচুৰ পৰিমাণে ইমেজ বা ভিডিঅ’ তৈয়াৰ কৰে আৰু দীঘলীয়া ৰিজনিং টাস্ক সম্পূৰ্ণ কৰে, তেওঁলোকৰ বাবে এই প্লেনটো প্ৰস্তুত কৰা হৈছে । দ্বিতীয়টো হৈছে ‘মেটা ৱান প্ৰিমিয়াম’, যাৰ মাহিলী মূল্য ১৯.৯৯ ডলাৰ (প্ৰায় ১,৯৩৯ টকা)। ইয়াত সৰ্বোচ্চ ব্যৱহাৰৰ সীমা অধিক পোৱা যাব ।

অৱশ্যে, সাধাৰণ ব্যৱহাৰকাৰীৰ বাবে Meta AI চ্যাটবটৰ বিনামূলীয়া ব্যৱহাৰ পূৰ্বৰ দৰেই জাৰি থাকিব । কিন্তু ইমেজ আৰু ভিডিঅ’ বনোৱাৰ এটা নিৰ্দিষ্ট সীমা শেষ হোৱাৰ পিছত এই পেইড প্লেন লোৱাটো বাধ্যতামূলক হৈ পৰিব, যদিও এই সৰ্বোচ্চ সীমাৰ বিষয়ে মেটাই এতিয়ালৈকে স্পষ্টকৈ একো জনোৱা নাই ।

ক্ৰিয়েটৰ আৰু ব্যৱসায়ীসকলৰ বাবেও নতুন সুবিধা ক্ৰিয়েটৰ আৰু ব্যৱসায়মুখী ব্যৱহাৰকাৰীসকলৰ বাবে মেটাই দুটা বিশেষ প্লেন আনিছে । তাৰে প্ৰথমটো হ’ব ‘Meta One Essential’, যাৰ মাহিলী মূল্য ১৪.৯৯ ডলাৰ (প্ৰায় ১,৪৫৪ টকা)। ইয়াত ভেৰিফিকেচন বেনিফিটচ, উন্নত প্ৰফাইল লিংক আৰু ক্ৰিয়েটৰসকলে নিজকে বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্ম তথা ৱেব প’ৰ্টেলত প্ৰচাৰ কৰাৰ সুবিধা পাব ।

আনহাতে, ইনফ্লুৱেঞ্চাৰ আৰু ডাঙৰ বিজনেচসমূহৰ বাবে ‘Meta One Advanced’ প্লেনটো প্ৰস্তুত কৰা হৈছে । ইয়াৰ জৰিয়তে ব্যৱহাৰকাৰীসকলে ফেচবুক ফীড আৰু ছাৰ্চ ৰিজাল্টত অগ্ৰাধিকাৰ পাব, যাৰ ফলত তেওঁলোকৰ পোষ্টসমূহ অতি সহজে অধিক দৰ্শকৰ ওচৰলৈ যাব পাৰিব ।

লগতে পঢ়ক : মঙলৰ অতি কাষেৰে পাৰ হৈ গ’ল নাছাৰ ‘চাইকী’, প্ৰেৰণ কৰিলে ৰঙা গ্ৰহটোৰ বিৰল ছবি

ইনষ্টাগ্ৰামত ১০ কোটীৰ ক্লাবত প্ৰৱেশ কৰা বিশ্বৰ প্ৰথমজন নেতা, প্ৰধানমন্ত্ৰী মোদীৰ আন এক অভিলেখ

প্ৰধানমন্ত্ৰী মোদীৰ জনপ্ৰিয়তা এইখিনিৰ পৰাই অনুমান কৰিব পাৰি যে তেওঁৰ ইনষ্টাগ্ৰাম ফ’ল’ৱাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ তুলনাত দুগুণতকৈও অধিক ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইনষ্টাগ্ৰাম ফ’ল’ৱাৰে ১০ কোটি অতিক্ৰম কৰিলে । তেওঁ এই মাইলৰ খুঁটিত উপনীত হোৱা বিশ্বৰ প্ৰথমজন নেতা হিচাপে পৰিগণিত হৈছে । প্ৰধানমন্ত্ৰী মোদীয়ে ২০১৪ চনত ইনষ্টাগ্ৰামত যোগদান কৰিছিল ।

প্ৰধানমন্ত্ৰী মোদীৰ জনপ্ৰিয়তা এইখিনিৰ পৰাই অনুমান কৰিব পাৰি যে তেওঁৰ ইনষ্টাগ্ৰাম ফ’ল’ৱাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ তুলনাত দুগুণতকৈও অধিক । তদুপৰি বিশ্বৰ আন শীৰ্ষ পাঁচগৰাকী নেতাৰ সংযুক্ত অনুগামীৰ সংখ্যাও প্ৰধানমন্ত্ৰী মোদীৰ তুলনাত কম ।

উল্লেখ্য যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ইনষ্টাগ্ৰামত ৪.৩ কোটি ফ’ল’ৱাৰ আছে । ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবো ছুবিয়ানটোৰ আছে ১.৫ কোটি ফ’ল’ৱাৰ । ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা ছিলভাৰ ফ’ল’ৱাৰ  ১ কোটি ৪০ লাখ । ইফালে তুৰ্কীৰ ৰাষ্ট্ৰপতি এৰদোগানৰ ফ’ল’ৱাৰ ১ কোটি ১০ লাখ আৰু আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মেলেইৰ ফ’ল’ৱাৰ ৬৪ লাখ । স্পষ্টভাৱে এই নেতাসকলৰ ফ’ল’ৱাৰৰ মুঠ সংখ্যাও প্ৰধানমন্ত্ৰী মোদীৰ ফ’ল’ৱাৰতকৈ কম ।

আনকি আন ভাৰতীয় নেতাৰ তুলনাতো প্ৰধানমন্ত্ৰী মোদী বহু আগবাঢ়ি আছে । উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ইনষ্টাগ্ৰামত ১ কোটি ৬০ লাখ ফ’ল’ৱাৰ আছে । কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ইনষ্টাগ্ৰামত ১ কোটি ২০ লাখ লোকে অনুসৰণ কৰে ।

লগতে পঢ়ক : এতিয়াৰে পৰা ‘কেৰালাম’ নামেৰে জনা যাব কেৰালাক, মোদী কেবিনেটৰ সিদ্ধান্ত

ঘণ্টাৰ পিছত ঘণ্টা ইনষ্টাগ্ৰাম ৰীল চাই নেকি ?  সাৱধান হওক…নহ’লে আক্ৰান্ত হ’ব পাৰে এই গুৰুতৰ ৰোগত

ইনষ্টাগ্ৰাম ৰীলৰ স্ক্ৰল কৰা, ছ’চিয়েল মিডিয়াত মিম শ্বেয়াৰ কৰা, ছ’চিয়েল প্ৰফাইল আপডেট কৰা, ৰীল-লাইফক বাস্তৱ জীৱনৰ সৈতে তুলনা কৰাটো এতিয়া সাধাৰণ হৈ পৰিছে । ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে । যাৰ বাবে আমাৰ জীৱনত ইতিবাচক আৰু নেতিবাচক দুয়োটা প্ৰভাৱ পৰে । ছ’চিয়েল মিডিয়া প্লেটফৰ্ম আমাৰ দৈনন্দিন কাম-কাজৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে । যিয়ে সংযোগ, আত্মপ্ৰকাশ আৰু সম্প্ৰদায় গঠনৰ সুযোগ প্ৰদান কৰে । তথাপিও ছ’চিয়েল মিডিয়াৰ উপস্থিতি বৃদ্ধি পোৱাৰ লগে লগে মানসিক স্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়েও চৰ্চা বৃদ্ধি পাইছে ।

বাছ, ৰে’ল, মেট্ৰ’, ঘৰ, পৰিয়াল বা আমাৰ আশে-পাশে হওক মানুহৰ মাজত সাধাৰণ এটা অভ্যাস হ’ল সকলোৱে নিজৰ ফোনত ব্যস্ত থাকে । ঘণ্টাৰ পিছত ঘণ্টা ফোন স্ক্ৰল কৰি ইনষ্টা ৰীল চোৱাৰ অভ্যাসে আজিকালি মানুহক ইমানেই আগুৰি ধৰিছে যে ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত পৰিছে ।

ৰীলৰ চোৱাৰ আসক্তিৰ বাবে এই ৰোগ হ’ব পাৰে-

আজি আমি এই বিষয়ে আলোচনা কৰিম এই কাৰণেই যে, ফোনত অত্যধিক ব্যস্ত থকা লোকসকলে টোপনিৰ অভাৱ, মূৰৰ বিষ, মাইগ্ৰেইন ইত্যাদি সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে । যদি আপুনি শুই আছে তেন্তে আপুনি ৰীলটোৰ সপোন দেখিছে । ৰীল চোৱাৰ এই অভ্যাস কেৱল যুৱক-যুৱতীৰ ক্ষেত্ৰতে দেখা পোৱা নাযায়, ১০ বছৰৰ পৰা ৫৫ বছৰ বয়সৰ লোকৰ ক্ষেত্ৰতো দেখা যায় । যাৰ বাবে প্ৰতিদিনে মানসিক ৰোগ বাঢ়িছে ।

ৰিল চোৱাৰ বিপজ্জনক অসুবিধা-

প্ৰাথমিক অনুসন্ধানত ৰোগীসকলে স্বীকাৰ কৰে যে তেওঁলোকে প্ৰায় ডেৰ বছৰ ধৰি ৰীল চাই আছে । য’ত তেওঁ পুৱা সাৰ পোৱাৰ লগে লগে ৰীল চাবলৈ আৰম্ভ কৰে আৰু ৰাতিলৈকে চাই থাকে । একে সময়তে একাংশ লোকে স্বীকাৰ কৰে যে হোৱাটছএপত শ্বেয়াৰ কৰা ৰীলবোৰ চাই ভাল পায় । ৰীল নাচালে তাৰ অদ্ভুত অনুভৱ হ’বলৈ আৰম্ভ কৰে । এফালে মূৰৰ বিষ হ’বলৈ আৰম্ভ কৰে আৰু আনফালে কোনো কাম কৰিবলৈ মন নাযায় । বহু ৰোগীৰ কাহিনী অদ্ভুত । ৰাতি সাৰ পোৱাৰ লগে লগে তেওঁ বহি ৰীল চাবলৈ আৰম্ভ কৰে । যেতিয়ালৈকে তেওঁলোকৰ আকৌ টোপনি নাহে ।

ৰীল চালে শৰীৰত এই সমস্যাবোৰ হ’বলৈ আৰম্ভ কৰে-

-চকু আৰু মূৰত তীব্ৰ বিষ

-শুই থকাৰ সময়ত চকুত পোহৰৰ অনুভূতি

-সময়মতে খোৱা-বোৱা নকৰা

ৰীল চোৱাৰ নিচা এটা বেমাৰতকৈ কম নহয়, এইদৰে নিজকে ৰক্ষা কৰক-

-যদি আপুনি এই ৰোগৰ পৰা হাত সাৰিব বিচাৰে তেন্তে প্ৰতিদিনে কম ৰীল চাবলৈ চেষ্টা কৰক

-প্ৰয়োজনৰ সময়তহে মোবাইল ব্যৱহাৰ কৰক

-কিতাপ পঢ়িবলৈ আৰম্ভ কৰক

-বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে অধিক সময় কটাওক

হঠাতে বন্ধ হৈ গ’ল ইনষ্টাগ্ৰাম আৰু ফেচবুক সেৱা; চিন্তিত হৈ পৰিল  হোৱাটছএপ ব্যৱহাৰকাৰীসকলো

আমেৰিকাকে ধৰি সমগ্ৰ বিশ্বতে পুনৰবাৰ মেটা সেৱা বিচ্ছিন্ন হোৱাৰ খবৰ প্ৰকাশ পাইছে । বুধবাৰে গভীৰ নিশা হঠাৎ কাম কৰা বন্ধ হৈ যায় ফেচবুক আৰু ইনষ্টাগ্ৰামৰ । ইয়াৰ বাবে লাখ লাখ লোকে অভিযোগ কৰিবলৈ আৰম্ভ কৰে । লগে লগে ফেচবুক আৰু ইনষ্টাগ্ৰামে কাম নকৰাৰ খবৰ সকলোতে প্ৰকাশ পায় ।

আউটেজ ট্ৰেকিং ৱেবছাইট DownDetector.com ৰ তথ্য অনুসৰি ফেচবুকৰ এক লাখৰো অধিক ব্যৱহাৰকাৰী আৰু ইনষ্টাগ্ৰামৰ প্ৰায় ৭০ হাজাৰ ব্যৱহাৰকাৰীয়ে সেৱা বন্ধ হোৱাৰ অভিযোগ উত্থাপন কৰিছে । কিন্তু কম সময়ৰ ভিতৰতে ফেচবুক আৰু ইনষ্টাগ্ৰামৰ সেৱা পুনৰুদ্ধাৰ হয় ।

এই সন্দৰ্ভত মেটাই টুইট কৰি তথ্য দিছে । প্ৰতিষ্ঠানটোৱে কয় যে ‘আমি জানো যে এটা কাৰিকৰী সমস্যাই কিছুমান ব্যৱহাৰকাৰীৰ আমাৰ এপসমূহত প্ৰৱেশ কৰাৰ ক্ষমতাত প্ৰভাৱ পেলাইছে । আমি অতি সোনকালে কামবোৰ স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ কাম কৰি আছো আৰু যিকোনো অসুবিধাৰ বাবে ক্ষমা বিচাৰিছো ।‘