অম্বুবাচী মেলাত ৮ লক্ষাধিক ভক্তৰ অভূতপূৰ্ব সমাগম

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে, এইবাৰৰ অম্বুবাচী মেলাত আঠ লাখতকৈও অধিক ভক্তই অংশগ্ৰহণ কৰিছে

কামাখ্যা ধামত অনুষ্ঠিত বাৰ্ষিক অম্বুবাচী মেলা আজি, শুকুৰবাৰে মন্দিৰৰ দুৱাৰ মুকলি হোৱাৰ লগে লগে সামৰণি পৰে । দেৱীৰ আশিস ল’বলৈ পুৱাৰ ভাগৰে পৰাই হাজাৰ হাজাৰ ভক্তৰ লানি নিছিগা সোঁত পৰিলক্ষিত হয় ।

বাৰ্ষিক এই ৰীতি-নীতিৰ অংশ হিচাপে সোমবাৰে সন্ধিয়াৰ পৰাই মন্দিৰৰ দুৱাৰ বন্ধ ৰখা হৈছিল । আজি পুৱা দেৱীৰ স্নান আৰু বিশেষ পূজা-অৰ্চনাৰ অন্তত মন্দিৰৰ দুৱাৰ মুকলি কৰা হয় ।

মন্দিৰ কৰ্তৃপক্ষই জনোৱা মতে, দুৱাৰ মুকলি হোৱাৰ লগে লগে ভক্তসকলে দৰ্শনৰ বাবে ভিৰ কৰিবলৈ আৰম্ভ কৰে । এগৰাকী বিষয়াৰ মতে, “আজি সূৰ্যাস্তলৈকে মন্দিৰৰ দুৱাৰ খোলা থাকিব । আমি আশা কৰিছো যে ভক্তসকলে শান্তিপূৰ্ণভাৱে দেৱী দৰ্শন কৰিব পাৰিব ।”

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে, এইবাৰৰ অম্বুবাচী মেলাত আঠ লাখতকৈও অধিক ভক্তই অংশগ্ৰহণ কৰিছে ।

এক্সত শ্বেয়াৰ কৰা এক বার্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়-

“মা কামাখ্যাৰ অম্বুবাচীৰ মহিমা আৰু ইয়াৰ আঁৰত নিহিত হৈ থকা তাৎপৰ্য অদ্বিতীয়, যাৰ সমান্তৰাল আন ক’তো দেখা নাযায় । এই উৎসৱ আমাৰ সভ্যতাৰ ঐতিহ্যত নাৰী শক্তিৰ কেন্দ্ৰীয় অৱস্থানৰ এক শ্ৰেষ্ঠ প্ৰতীক । বিগত কেইদিনমানৰ ভিতৰত ৮ লাখতকৈও অধিক ভক্তই এই অনন্য আধ্যাত্মিক পৰ্বত অংশগ্ৰহণ কৰিছে ।”

লগতে তেওঁ এই বছৰৰ মেলাত আঠ লাখতকৈও অধিক ভক্তৰ সমাগম হোৱা বুলি উল্লেখ কৰে ।

ফেচবুকত শ্বেয়াৰ কৰা এক বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়-“জয় মা কামাখ্যা

পৱিত্ৰ অম্বুবাচী মহাযোগৰ সমাপ্তিৰ পাছত আজি পুনৰ ভক্তসকলৰ বাবে মুকলি হৈছে মা কামাখ্যা ধামৰ পৱিত্ৰ দ্বাৰ । নীলাচল পাহাৰত আজি পুনৰ অনুভূত হ’ল আদ্যাশক্তিৰ অপাৰ মহিমা আৰু আধ্যাত্মিক শক্তিৰ স্পন্দন । এই শুভ আৰু মংগলময় ক্ষণত মা কামাখ্যাৰ শ্ৰীচৰণত সকলোৰে সুখ-শান্তি, সমৃদ্ধি আৰু কল্যাণৰ বাবে আন্তৰিক প্ৰাৰ্থনা জনালোঁ ।“

উল্লেখ্য যে, অসমৰ অন্যতম বৃহৎ ধৰ্মীয় সমাৱেশ অম্বুবাচী মেলাই প্ৰতি বছৰে দেশ-বিদেশৰ পৰা অহা তীৰ্থযাত্ৰী, সাধু-সন্ন্যাসী আৰু পৰ্যটকক আকৰ্ষণ কৰি আহিছে । চৰকাৰী তথ্য অনুসৰি, ২০২৫ চনত এই মহোৎসৱত ৪২ গৰাকী বিদেশী নাগৰিককে ধৰি ৭,৭২,০১৯ গৰাকী লোকে অংশগ্ৰহণ কৰিছিল । ইয়াৰ বিপৰীতে ২০২৪ চনত এই মেলাত ২০ গৰাকী বিদেশী ভক্তসহ মুঠ ৭,৪৬,০৬৬ গৰাকী লোকৰ সমাগম হৈছিল ।

লগতে পঢ়ক : অসমত হ’ব বৃহৎ বিনিয়োগ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ জাপানৰ ৰাষ্ট্ৰদূতৰ ফোন

অম্বুবাচী মেলাক লৈ যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা; ভক্তৰ বাবে থাকিব বিশেষ সুবিধা

চলিত মাহৰ ২২ তাৰিখৰ পৰা আৰম্ভ হ’ব মহা অম্বুবাচী মেলা। অম্বুবাচী মেলাক লৈ মহানগৰ আৰক্ষীয়ে যান-বাহন চলাচলক লৈ বিশেষ নিৰ্দেশনা জাৰী কৰিছে।

পবিত্ৰ মা কামাখ্যা মন্দিৰত অনুষ্ঠিত হ’বলগীয়া মহা অম্বুবাচী মেলাৰ বাবে অসম চৰকাৰে ব্যাপক প্ৰস্তুতি চলাইছে। কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে যে এইবাৰ অম্বুবাচীত প্ৰায় ৮, লাখ ভক্ত আৰু দৰ্শনাৰ্থীয়ে অংশগ্ৰহণ কৰিব। অম্বুবাচী উপলক্ষ্যে গুৱাহাটীৰ যান-বাহন শাখাৰ আৰক্ষী উপ-আযুক্ত (DCP) জয়ন্ত সাৰথি বৰাই অম্বুবাচীৰ বাবে যান-বাহন চলাচলক লৈ গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। তেওঁ জানিবলৈ দিয়ে যে জৰুৰীকালীন সেৱাৰ বাহিৰে আন কোনো বাহন ওপৰলৈ যাবলৈ দিয়া নহ’ব। খাদ্য সামগ্ৰী কঢ়িওৱা বাহনসমূহক কেৱল নিশা ১১:০০ বজাৰ পৰা পুৱা ৫:০০ বজাৰ ভিতৰতহে চলাচলৰ অনুমতি দিয়া হ’ব। জালুকবাৰীৰ দিশৰ পৰা অহা বাহন সমূহ মালিগাঁৱতে ৰখাব লাগিব।  ভক্তসকলৰ যাতায়তৰ সুবিধাৰ্থে পাণ্ডু ঘাটৰ জৰিয়তে আৰু সোণাৰাম স্কুল খেলপথাৰৰ পৰা ফেৰীকাৰ সমূহ সোণাৰাম খেলপথাৰৰ পৰা উপলব্ধ হ’ব। কামাখ্যা ৰেলৱে ষ্টেচনৰ পৰা পাণ্ডু পৰ্টৰ দিশে যোৱা বাহনসমূহক আদাবাৰী হৈ ডাইভাৰ্ট (পথ সলনি) কৰা হ’ব, আনহাতে জালুকবাৰীৰ পৰা অহা বাহনসমূহক স্বাগতম হাস্পতালৰ পথটোৰে আগবাঢ়ি যাবলৈ দিয়া নহ’ব।

ৰাজহুৱা বাছসমূহক ফ্লাইঅভাৰখন ব্যৱহাৰ কৰাৰ অনুমতি দিয়া হ’ব, কিন্তু ফ্লাইঅভাৰৰ তলৰ চাৰ্ভিচ ৰোডত বাছ চলাচল কৰিব নোৱাৰিব। কৰ্তৃপক্ষই কেইবাটাও পাৰ্কিং স্থান নিৰ্ধাৰণ কৰিছে আৰু সতৰ্ক কৰি দিছে যে পথৰ কাষত পাৰ্কিং কৰাটো সম্পূৰ্ণৰূপে নিষিদ্ধ হ’ব। পৰ্যটন বিভাগৰ আয়ুক্ত তথা সচিব দিগন্ত বৰাই কয় যে ভক্তসকলক পুৱা ৫:০০ বজাৰ পৰা সন্ধিয়া ৬:০০ বজাৰ ভিতৰতহে কামাখ্যা মন্দিৰৰ দিশে যাবলৈ দিয়া হ’ব। ইয়াৰ উপৰিও তেওঁ সকীয়াই দিয়ে যে মদ্যপান বা নিচাযুক্ত সামগ্ৰী সেৱন কৰা অৱস্থাত বা মাদৱ দ্ৰব্য সেৱন কৰি মন্দিৰলৈ যোৱা যিকোনো লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। প্ৰশাসনৰ তৰফৰ পৰা নিৰ্দেশ দিয়া হৈছে যে ধৰ্মীয় স্থলীখনৰ পবিত্ৰতা ৰক্ষা কৰি কোনো ভক্তকে জোতা বা চেণ্ডেল পিন্ধি মন্দিৰ প্ৰাংগণৰ দিশে আগবাঢ়ি যাবলৈ দিয়া নহ’ব। নাৰ্চাৰী পইণ্টত থাকিব জোতা-চেণ্ডল ৰখাৰ ব্যৱস্থা। অম্বুবাচী লৈ অহা ভক্তসকলৰ বাবে কামাখ্যা ষ্টেচনৰ পৰা বিনামূলীয়া বাছৰ ব্যৱস্থা কৰা হৈছে।ৰাজপথৰ দুয়োপাৰে যান-বাহন ৰখাব নোৱাৰিব। সমগ্ৰ বিশ্বৰ পৰা লাখ লাখ তীৰ্থযাত্ৰী অহাৰ সম্ভাৱনা থকাৰ পৰিপ্ৰেক্ষিতত, এই ব্যাপক ব্যৱস্থাসমূহে এক সুৰক্ষিত, শৃংখলাবদ্ধ আৰু আধ্যাত্মিকভাৱে ফলপ্ৰসূ অম্বুবাচী মেলা ২০২৬ নিশ্চিত কৰিব বুলি কৰ্তৃপক্ষই আত্মবিশ্বাস প্ৰকাশ কৰিছে।

আনহাতে, অম্বুবাচী মেলাক লৈ সংবাদ মাধ্যমক সম্বোধন কৰি অসমৰ পৰ্যটন মন্ত্ৰী অজন্তা নেওগে কয় যে মেলাৰ সময়ত ভক্ত আৰু দৰ্শনাৰ্থীসকলৰ থকা-মেলাৰ বাবে তিনিটাকৈ ডাঙৰ শিবিৰ স্থাপন কৰা হৈছে। যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে পথ পকীকৰণ আৰু মেৰামতিৰ কাম হাতত লোৱা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ভিৰ নিয়ন্ত্ৰণ আৰু তথ্য প্ৰচাৰৰ সুবিধাৰ বাবে এটা ৰাজহুৱা ঘোষণা প্ৰণালীৰ ব্যৱস্থাও কৰা হৈছে।

মন্ত্ৰীগৰাকীয়ে কয় যে মন্দিৰ প্ৰাংগণ আৰু ইয়াৰ আশে-পাশে থকা এলেকাসমূহত পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু অনাময় ব্যৱস্থাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া হৈছে। জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম সকলৰ বাবেও এক সুচল তীৰ্থযাত্ৰাৰ অভিজ্ঞতা নিশ্চিত কৰিবলৈ বিশেষ ব্যৱস্থা কৰা হৈছে। জনস্বাস্থ্য সুৰক্ষিত কৰাৰ বাবে,  অম্বুবাচীৰ সময়ছোৱাত খাদ্যৰ গুণগত মান আৰু সুৰক্ষাৰ মানদণ্ড তীক্ষ্ণভাৱে নিৰীক্ষণ কৰিবলৈ খাদ্য পৰিদৰ্শকসকলক নিয়োগ কৰা হৈছে। অসমৰ ক্ৰমবৰ্ধমান পৰ্যটন খণ্ডৰ ওপৰত আলোকপাত কৰি অজন্তা নেওগে কয় যে ৰাজ্যখনে এতিয়ালৈকে প্ৰায় ৮৫ লাখ ঘৰুৱা পৰ্যটক আৰু প্ৰায় ৪২,০০০ বিদেশী পৰ্যটকক আদৰণি জনাইছে।

লগতে পঢ়ক: স্কুল বেগৰ ওজনক লৈ মহানগৰীৰ বিদ্যালয়লৈ শিক্ষা বিভাগৰ নিৰ্দেশনা

ঘোষণা হ’ল অম্বুবাচী মেলা ২০২৬ৰ তাৰিখ; কামাখ্যা মন্দিৰত প্ৰস্তুতি আৰম্ভ

অহা ২২ জুনৰ পৰা কামাখ্যা মন্দিৰত অনুষ্ঠিত হ’ব মহা অম্বুবাচী মেলা।

অহা ২২ জুনৰ পৰা ২৬ জুনলৈ নীলাচলৰ বুকুত অনুষ্ঠিত হ’ব মহা অম্বুবাচী মেলা। ২২ জুনৰ ৰাতি ৯ বাজি ১০ মিনিটৰ প্ৰবৃত্তিৰ পিছতেই বন্ধ হ’ব কামাখ্যা মন্দিৰৰ দুৱাৰ। ২৩, ২৪ আৰু ২৫ জুনলৈকে বন্ধ থাকিব মন্দিৰৰ দুৱাৰ। ২৬ জুনৰ পুৱাহে ভক্তৰ বাবে খোল খাব মন্দিৰৰ দুৱাৰ।

মন্দিৰ কৰ্তৃপক্ষই অম্বুবাচী মেলাৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে আৰু নিৰাপত্তা, ভিৰ ব্যৱস্থাপনাক লৈ জিলা প্ৰশাসনৰ সৈতে আলোচনাত মিলিত হৈছে।এই অম্বুবাচী মেলাত দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ ভক্ত, তপস্বী আৰু তীৰ্থযাত্ৰী উপস্থিত হোৱাৰ সম্ভাৱনা আছে।

যানজঁট লাঘৱ কৰা আৰু তীৰ্থযাত্ৰীৰ বাবে এইবাৰ পাণ্ডু পথটোও খুলি দিয়াৰ কৰ্তৃপক্ষই সিদ্ধান্ত গ্ৰহণ কৰিছে।অম্বুবাচী মেলাৰ সময়ত নিৰাপত্তা শক্তিশালী কৰাৰ বাবে মন্দিৰ চৌহদত চিচিটিভি কেমেৰাও স্থাপনৰ ব্যৱস্থা কৰা হৈছে। যদিও অম্বুবাচী মেলালৈ এতিয়াও এমাহ বাকী আছে কিন্তু ইতিমধ্যে বহু সাধু-সন্ত কামাখ্যা ধামত উপস্থিত হৈছে।

লগতে পঢ়ক: ‘জুবিনক লৈ যাতে ভৱিষ্যতে কোনেও ৰাজনীতি কৰিব নালাগে ’;জুবিনক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

২২ জুনৰ পৰা নীলাচলৰ বুকুত মহা অম্বুবাচী মেলা… লাখ লাখ ভক্তক আদৰিবলৈ সাজু কামাখ্যা ধাম কৰ্তৃপক্ষ

২২ জুনৰ পৰা মহা অম্বুবাচী মেলা

২২ জুনৰ পৰা কামাখ্যা ধামত অনুষ্ঠিত হ’ব মহা অম্বুবাচী মেলা । দেশ-বিদেশৰ পৰা অহা ভক্ত, সাধু-সন্যাসীৰ উপস্থিতিৰে পুনৰ উখল মাখল হৈ উঠিব নীলাচলৰ বুকু । ২২ জুনৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত হ’বলগা এই পবিত্ৰ মেলাক লৈ ইতিমধ্যে সাজু হৈ উঠিছে অসম চৰকাৰৰ পৰ্যটন বিভাগ ।

মহা অম্বুবাচী মেলাক লৈ অসম পৰ্যটন বিভাগৰ কাৰ্যালয়ত ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰণজিত কুমাৰ দাসে এক সংবাদমেল সম্বোধন কৰে । সংবাদমেলত মন্ত্ৰী দাসে অম্বুবাচীৰ প্ৰস্তুতি সম্পৰ্কে অৱগত কৰে ।

এইবাৰ ২২ জুনৰ বিয়লি ২.৫৬ মিনিটত হ’ব অম্বুবাচীৰ প্ৰবৃত্তি । ২৬ জুনৰ পুৱতি নিশা ৩ বজাত হ’ব নিবৃত্তি । ২৪টা বিভাগৰে মন্ত্ৰী ৰণজিত কুমাৰ দাসে অম্বুবাচী সন্দৰ্ভত এক বৈঠকত অংশগ্ৰহণ কৰে । বৈঠকৰ অন্তত সম্বোধন কৰা সংবাদমেলত অম্বুবাচীলৈ অহা ভক্তসকলৰ বাবে বিশেষ নিৰ্দেশনাৰ বিষয়ে অৱগত কৰে মন্ত্ৰীগৰাকীয়ে ।

মন্ত্ৰী দাসে জনোৱা অনুসৰি ভক্তসকলে মানিব লাগিব বহুকেইটা নিৰ্দেশনা । জোতা-চেণ্ডেল পিন্ধি মন্দিৰৰ প্ৰাংগনত প্ৰৱেশ কৰিব নোৱাৰিব । লগতে বহিঃৰাজ্যৰ পৰা অহা ভক্তসকলৰ বাবে নিৰ্মাণ কৰা হ’ব শিৱিৰ । বৰ্তমানলৈ ৪টা শিৱিৰৰ ব্যৱস্থা কৰা হৈছে ।

ইফালে কামাখ্যাৰ মূল গেটৰ পৰা কাৰ্পেট-পানী আদিৰ ব্যৱস্থা কৰা হ’ব । তলৰ গেটৰ পৰাও কাৰ্পেট-পানী আদিৰ ব্যৱস্থা থাকিব । অম্বুবাচীৰ মাজত ভক্তক হৈ-হাল্লা নকৰিবলৈ লগতে সকলো ভক্তৰ সহায়-সহযোগিতাৰ আহ্বান জনাইছে মন্ত্ৰী দাসে ।

আনহাতে পূৰ্বৰ দৰে এইবাৰৰ অম্বুবাচী মেলাও ভি আই পি-ভি ভি আই পি মুক্ত হ’ব বুলি জানিবলৈ দিছে মন্ত্ৰী ৰণজিত কুমাৰ দাসে । লগতে মেলালৈ অহা সকলোৱে কোভিড প্ৰটকলো মানিব লাগিব বুলি জনায় মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক : বৃটেইনছ গট টেলেন্টত জিলিকিল অসমৰ বিনীতা চেত্ৰী… ৰচিলে ইতিহাস

কামাখ্যা দৰ্শন কৰিলে ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে… ইংলেণ্ড ভ্ৰমণৰ পূৰ্বে বিচাৰিলে আশীৰ্বাদ

কামাখ্যা দৰ্শন গৌতম গম্ভীৰৰ

টেষ্ট শৃংখলাৰ বাবে ইংলেণ্ড ভ্ৰমণলৈ যাব ভাৰতীয় দল । ২০ জুনৰ পৰা দুয়োটা দলৰ মাজত পাঁচখনীয়া মেচৰ টেষ্ট শৃংখলা আৰম্ভ হ’ব । ইয়াৰ পূৰ্বে সোমবাৰে মা কামাখ্যা মন্দিৰত উপস্থিত হয় ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ । কামাখ্যা দৰ্শন কৰি আশীৰ্বাদ বিচাৰিলে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকগৰাকীয়ে ।

ইংলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় দল ঘোষণাৰ কিছুদিন পিছতে কামাখ্যা ধাম দৰ্শনৰ বাবে গুৱাহাটীত উপস্থিত হয় গম্ভীৰ । উল্লেখ্য যে ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ জৰিয়তে ভাৰতৰ বাবে আৰম্ভ হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫-২৭ চক্ৰ । ইংলেণ্ডৰ বিৰুদ্ধে এই শৃংখলা প্ৰশিক্ষক গম্ভীৰৰ বাবেও অতি গুৰুত্বপূৰ্ণ । ইয়াৰ পূৰ্বে প্ৰশিক্ষক গম্ভীৰৰ অধীনত টিম ইণ্ডিয়াই নিউজীলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাত শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছিল ।

গৌতম গম্ভীৰৰ অধীনত ভাৰতৰ টেষ্ট অভিলেখ-

গৌতম গম্ভীৰ মুখ্য প্ৰশিক্ষক হৈ থকা অৱস্থাত ভাৰতে এতিয়ালৈকে ৩ খন টেষ্ট শৃংখলা খেলিছে আৰু ইয়াৰে মাত্ৰ এটা টেষ্ট শৃংখলাতহে জয়লাভ কৰিছে । বাংলাদেশৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাত ভাৰতীয় দলটোৱে ২-০ ব্যৱধানত জয়লাভ কৰিছিল যদিও তাৰ পাছত নিউজীলেণ্ডে ভাৰতক নিজৰ ঘৰুৱা মাটিতে ৩-০ ব্যৱধানত পৰাস্ত কৰিছিল । লগে লগে টিম ইণ্ডিয়াৰ ডব্লিউ টি চিৰ ফাইনেলৰ পথ প্ৰায় ৰুদ্ধ হ’বলৈ ধৰে । ইয়াৰ পিছতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১-৩ ব্যৱধানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল টিম ইণ্ডিয়া ।

এতিয়া শুভমন গীলৰ কান্ধত অধিনায়কৰ দায়িত্ব-

ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে টেষ্টৰ পৰা অৱসৰ লোৱাৰ পিছত ভাৰতীয় টেষ্ট দলৰ অধিনায়কত্ব শুভমন গীলক দিয়া হৈছে । আনহাতে ঋষভ পণ্টক উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে । ইংলেণ্ড ভ্ৰমণৰ বাবে কৰুণ নাইৰ আৰু শ্বাৰ্দুল ঠাকুৰ টেষ্ট দললৈ ঘূৰি অহাৰ বিপৰীতে হৰ্ষিত ৰাণা, মহম্মদ ছামি আৰু সৰফৰাজ খানক দলৰ পৰা বাদ দিয়া হৈছে ।

লগতে পঢ়ক : ‘ৰোহিত-বিৰাট নাই…টিম ইণ্ডিয়াত শূন্যতা..’; হৰভজন সিঙে বিশ্বাসত ল’ব পৰা নাই নেকি শুভমন গীলক?