বুধবাৰে পুৱা দিল্লীৰ পৰা আহি জুবিনক্ষেত্ৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। জুবিনক্ষেত্ৰত উপস্থিত হৈ প্ৰাণৰ শিল্পীগৰাকীৰ সমাধিত সেৱা কৰি শ্ৰদ্ধাঞ্জলি জনায় মুখ্যমন্ত্ৰীয়ে।
দ্বিতীয়বাৰ কাৰ্যভাৰ গ্ৰহণ কৰিয়েই বুধবাৰে পুৱা জুবিনক্ষেত্ৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। জুবিনক্ষেত্ৰত উপস্থিত হৈ সমাধিক্ষেত্ৰৰ কাম-কাজ পৰিদৰ্শন কৰাৰ লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনালে মুখ্যমন্ত্ৰী গৰাকীয়ে।নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছিল যে নিৰ্বাচনৰ পিছতে তেওঁ জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰিব।আজি মুখ্যমন্ত্ৰী গৰাকীয়ে সমাধিক্ষেত্ৰ পৰিদৰ্শন কৰি জুবিন গাৰ্গ সন্দৰ্ভত বহু কথা উল্লেখ কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ইতিমধ্যে লোকনিৰ্মাণ বিভাগে জুবিনক্ষেত্ৰ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম হাতত লৈছে।প্ৰায় ৩ কোটি টকাৰ ব্যয়ৰে চৌহদৰ দেৱাল নিৰ্মাণৰ কাম হাতত লোৱা হৈছে। ওপৰৰ পাহাৰৰ পৰা যাতে মাটি খহি পৰিব নোৱাৰে তাৰ কাৰণেও কিছু ব্যৱস্থা লোৱা হৈছে।
মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, জুবিন গাৰ্গৰ এই সমাধিক্ষেত্ৰখনত ৰাজনীতি ক্ষেত্ৰৰ লগত জড়িত একাংশ লোকে ইমানেই ৰাজনীতি কৰিলে যে এটা সময়ত ইয়ালৈ আহিবলৈ বেয়া লগা হ’ল।ইয়াত জুবিনতকৈ ৰাজনীতিৰ কথা বেছি আলোচনা কৰা হ’ল। আৰু মই জানিছিলো লোৱা নিৰ্বাচন শেষ হোৱাৰ পিছত সেই আলোচনাবোৰ শেষ হ’ব। এতিয়া ৰাজনীতি শেষ হ’ল।বৰ্তমান মানুহবোৰে জুবিনৰ সংগীত কেনেকৈ জীয়াই ৰাখিব, সংগীত, অৱদান, স্মৃতি কেনেকৈ জীয়াই ৰাখিব তাক লৈ আলোচনা কৰিব।আৰু ভৱিষ্যতেও যাতে জুবিনক লৈ কোনেও ৰাজনীতি কৰিব নালাগে।তেতিয়াহে জুবিনৰ প্ৰকৃত সত্বাটো জীয়াই থাকিব পাৰিব। জীয়াই থকাৰ দিনত সেই সকলে জুবিনক সমালোচনা কৰিছিল। আমাৰ কাৰণে জুবিন অতীতত যেনেদৰে আছিল বৰ্তমান আৰু ভৱিষ্যতেও একেদৰেই থাকিব।
তেওঁ লগতে কয় যে, নিৰ্বাচনৰ পুলিং বুথত, কাৰ্যালয়ত জুবিনৰ ফটো লৈ ৰাজনীতি কৰাটো মানুহে নিবিচাৰে। মানুহে শিল্পীক অৰাজনৈতিক ভাৱে থকাটোৱেই বিচাৰে। কংগ্ৰেছে হাতৰ চিহ্নৰ পৰিৱৰ্তে জুবিনৰ ফটো লৈ ৰাজনীতি কৰিলে।জুবিনক লৈ ৰাজনীতি নকৰাৰ বাবেই বিধানসভা নিৰ্বাচনত আমি প্ৰতিটো সমষ্টিত ২০ শতাংশ ভোট বেছি পাইছোঁ।বিজেপিৰ স্পষ্ট কথা আছিল যে, আমি কেতিয়াও জুবিনক লৈ ৰাজনীতি নকৰো। সেই সিদ্ধান্ত শুদ্ধ আছিল তাক সময়ে প্ৰমাণ কৰিছে।
লগতে পঢ়ক: মন্ত্ৰী অতুল বৰাক সংসদীয় পৰিক্ৰমা বিভাগৰ অতিৰিক্ত দায়িত্ব









