“১০ টকা দিব লাগিব”: প্ৰচাৰৰ মাজতে দোকানত ৰৈ ঝালমুৰিৰ সোৱাদ ললে প্ৰধানমন্ত্ৰী মোদীয়ে

“১০ টকা দিব লাগিব”: প্ৰচাৰৰ মাজতে দোকানত ৰৈ ঝালমুৰিৰ সোৱাদ ললে প্ৰধানমন্ত্ৰী মোদীয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বংগত ধাৰাবাহিকভাৱে সভা অনুষ্ঠিত কৰিছে। ইয়াৰ মাজতে দেওবাৰে পথৰ কাষৰ দোকানত ৰৈ ঝালমুৰিৰ সোৱাদ ললে। পশ্চিম বংগত নিৰ্বাচনী প্ৰচাৰত সক্ৰিয়ভাৱে নিয়োজিত হৈ আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নিৰ্বাচনী প্ৰচাৰৰ মাজতে পশ্চিম বংগৰ পথৰ কাষৰ দোকানত ৰৈ খাদ্যৰ সোৱাদ ললে প্ৰধানমন্ত্ৰী গৰাকীয়ে। প্ৰধানমন্ত্ৰী গৰাকীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বংগত ধাৰাবাহিকভাৱে সভা অনুষ্ঠিত কৰিছে। ইয়াৰ মাজতে দেওবাৰে পথৰ কাষৰ দোকানত ৰৈ ঝালমুৰিৰ সোৱাদ ললে।

পশ্চিম বংগত নিৰ্বাচনী প্ৰচাৰত সক্ৰিয়ভাৱে নিয়োজিত হৈ আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নিৰ্বাচনী প্ৰচাৰৰ মাজতে পশ্চিম বংগৰ পথৰ কাষৰ দোকানত ৰৈ খাদ্যৰ সোৱাদ ললে প্ৰধানমন্ত্ৰী গৰাকীয়ে। প্ৰধানমন্ত্ৰী গৰাকীৰ এই ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

ঝাৰগ্ৰামত এখন ৰাজহুৱা সভা সম্বোধন কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে হেলিপেড খেলপথাৰলৈ যোৱাৰ পথত হঠাৎ কলেজ ম’ৰত ৰৈ দিয়ে। য’ত তেওঁ স্থানীয় দোকানৰ পৰা ঝালমুৰি খোৱাৰ লগতে সাধাৰণ মানুহৰ লগতো মত বিনিময় কৰে।

ঝালমুৰি খোৱাৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত ইয়াৰ ছবি শ্বেয়াৰ কৰি লিখিছে-দেওবাৰে পশ্চিমবংগত চাৰিটা ৰেলীৰ মাজতে ঝাৰগ্ৰামৰ সুস্বাদু ঝালমুৰি খালোঁ। লক্ষণীয় যে প্ৰধানমন্ত্ৰী মোদীয়ে দোকানীজনক ঝালমুৰি খোৱাৰ বাবদ ১০ টকাও দিয়ে।

ইফালে প্ৰধানমন্ত্ৰী গৰাকীৰ সমৰ্থকে সমবেত হৈ ভিৰ কৰা দেখিবলৈ পোৱা গৈছে।প্ৰধানমন্ত্ৰী মোদীয়ে স্থানীয় লোকসকলৰ সৈতে মত বিনিময়ো কৰে।এই সময়ছোৱাত তেওঁ ৰাইজৰ সৈতে ঝালমুৰি ভাগ কৰিছিল।

লগতে পঢ়ক: ২৯ এপ্ৰিলৰ পূৰ্বে আত্মসমৰ্পণৰ অন্তিম সুযোগ: টিএমচিৰ “গুণ্ডাৰাজ আৰু চিণ্ডিকেট”ক লৈ প্ৰধানমন্ত্ৰী মোদীৰ সকীয়নি