বনজুইৰ বিধ্বংসী ৰূপ... ১৬ জন লোকৰ মৃত্যু, ১৯ জন আহত

বনজুইৰ বিধ্বংসী ৰূপ… ১৬ জন লোকৰ মৃত্যু, ১৯ জন আহত

দক্ষিণ কোৰিয়াৰ দক্ষিণ অঞ্চলত খৰালি বতৰ আৰু প্ৰচণ্ড বতাহৰ ফলত হোৱা অগ্নিকাণ্ডত এতিয়ালৈকে ১৬ জন লোকৰ মৃত্যু হৈছে । এই অগ্নিকাণ্ডত ঊনৈশজন লোক আহত হোৱা বুলি চৰকাৰী তথ্যত প্ৰকাশ পাইছে । শুকান বতাহৰ ফলত কেইবাটাও অঞ্চলত সংঘটিত হোৱা বনজুই নিৰ্বাপন কৰিবলৈ অগ্নিনিৰ্বাপক বাহিনীয়ে মঙলবাৰে আণ্ডং

দক্ষিণ কোৰিয়াৰ দক্ষিণ অঞ্চলত খৰালি বতৰ আৰু প্ৰচণ্ড বতাহৰ ফলত হোৱা অগ্নিকাণ্ডত এতিয়ালৈকে ১৬ জন লোকৰ মৃত্যু হৈছে । এই অগ্নিকাণ্ডত ঊনৈশজন লোক আহত হোৱা বুলি চৰকাৰী তথ্যত প্ৰকাশ পাইছে ।

শুকান বতাহৰ ফলত কেইবাটাও অঞ্চলত সংঘটিত হোৱা বনজুই নিৰ্বাপন কৰিবলৈ অগ্নিনিৰ্বাপক বাহিনীয়ে মঙলবাৰে আণ্ডং চহৰ আৰু অন্যান্য দক্ষিণ-পূব চহৰৰ কৰ্তৃপক্ষই মানুহক ঘৰৰ পৰা ওলাই যাবলৈ নিৰ্দেশ দিয়ে । এই অগ্নিকাণ্ডৰ ফলত ৪৩ হাজাৰ বিঘাৰো অধিক ভূমি ক্ষতিগ্ৰস্ত হৈছে । তদুপৰি উইছয়ঙৰ ১৩০০ বছৰীয়া বৌদ্ধ মন্দিৰ গৌনছাও এই জুইত জাহ যায় । অৱশ্যে ইয়াৰ ফলত কোনো লোক আহত হোৱাৰ কোনো তথ্য পোৱা হোৱা নাই । শিলৰ বুদ্ধ প্ৰতিমূৰ্তিকে ধৰি মন্দিৰৰ কিছু ধন-সম্পত্তি, কাঠৰ অট্টালিকাবোৰ জুই লগাৰ আগতেই খালী কৰা হয় ।

৫৫০০ৰো অধিক লোকে ঘৰ এৰিবলগীয়া হয়-

দক্ষিণ কোৰিয়াৰ আভ্যন্তৰীণ আৰু সুৰক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি এণ্ডং, উইচেং, ছানচেয়ং আৰু উলছান চহৰত ৫৫০০ৰো অধিক লোকে ঘৰ খালী কৰিবলৈ বাধ্য হৈছে । দক্ষিণ কোৰিয়াৰ বিষয়াসকলে পূৰ্বে কয় যে অগ্নিনিৰ্বাপক বাহিনীয়ে আটাইতকৈ ডাঙৰ জুই নিৰ্বাপন কৰিছে যদিও শুকান বতৰৰ বাবে তেওঁলোকৰ প্ৰচেষ্টাত বাধাৰ সৃষ্টি হয় আৰু পুনৰ জুই বিয়পি পৰে ।

জুই নিৰ্বাপনৰ বাবে ৯০০০ অগ্নিনিৰ্বাপক বাহিনী আৰু ১৩০ খনতকৈও অধিক হেলিকপ্টাৰ নিয়োগ-

প্ৰায় ৯,০০০ অগ্নিনিৰ্বাপক বাহিনী, ১৩০ খনতকৈও অধিক হেলিকপ্টাৰ আৰু শ শ বাহন নিয়োগ কৰা হয় । কিন্তু নিশাৰ ভিতৰতে প্ৰচণ্ড বতাহৰ ফলত অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰচেষ্টা আংশিকভাৱে বন্ধ হৈ পৰে, যাৰ ফলত আণ্ডং আৰু উইছং কাউন্টিৰ কৰ্তৃপক্ষই কেইবাখনো গাঁও আৰু ইয়াৰ আশে-পাশে থকা বাসিন্দাসকলক বিশ্ববিদ্যালয়, নিৰাপদ স্থান বা অস্থায়ী আশ্ৰয় শিবিৰলৈ স্থানান্তৰিত হবলৈ নিৰ্দেশ দিয়ে । ইয়াৰ ভিতৰত আছিল স্কুল আৰু ইনড’ৰ জিম, কিয়নো প্ৰচণ্ড বতাহৰ বাবে উইছংত জুই বিয়পি পৰিছিল ।

শেহতীয়া প্ৰৱন্ধসমূহ