ইৰাণৰ আটাইতকৈ পবিত্ৰ চহৰখনত খেমেইনীক কৰা হ’ব সমাধিস্থ...

ইৰাণৰ আটাইতকৈ পবিত্ৰ চহৰত খেমেইনীক কৰা হ’ব সমাধিস্থ…

আমেৰিকা-ইজৰাইল যুদ্ধত নিহত হোৱা আয়াতুল্লাহ আলী খেমেইনীক মছহাদ চহৰত সমাধিস্থ কৰাৰ প্ৰস্তুতি চলি আছে।তেহৰাণত অনুষ্ঠিত হ’ব খেমেইনীৰ বিদায়ী অনুষ্ঠান। আমেৰিকা-ইজৰাইল যুদ্ধত নিহত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেইনীক দেশখনৰ এখন পবিত্ৰ চহৰত সমাধিস্থ কৰাৰ প্ৰস্তুতি চলি আছে। ইৰাণৰ অৰ্ধ-অফিচিয়েল ফাৰ্চ নিউজ এজেন্সীৰ উদ্ধৃতি দি,এ এফ

আমেৰিকা-ইজৰাইল যুদ্ধত নিহত হোৱা আয়াতুল্লাহ আলী খেমেইনীক মছহাদ চহৰত সমাধিস্থ কৰাৰ প্ৰস্তুতি চলি আছে।তেহৰাণত অনুষ্ঠিত হ’ব খেমেইনীৰ বিদায়ী অনুষ্ঠান।

আমেৰিকা-ইজৰাইল যুদ্ধত নিহত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেইনীক দেশখনৰ এখন পবিত্ৰ চহৰত সমাধিস্থ কৰাৰ প্ৰস্তুতি চলি আছে।

ইৰাণৰ অৰ্ধ-অফিচিয়েল ফাৰ্চ নিউজ এজেন্সীৰ উদ্ধৃতি দি,এ এফ পিয়ে প্ৰকাশ কৰে যে,তেওঁক মছহাদত সমাধিস্থ কৰা হ’ব,যিখন উত্তৰ-পূবৰ আটাইতকৈ পবিত্ৰ চহৰ।এই চহৰখনতেই খেমেইনীয়ে জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ পিতৃকো ইমাম ৰজা দৰগাহৰ ভিতৰত সমাধিস্থ কৰা হৈছিল।

জানিব পৰা মতে, আজি নিশা ইৰাণৰ সময় অনুসৰি নিশা ১০ বজাৰ পৰা খেমেইনীৰ অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰা আৰম্ভ হ’ব।ইমাম খুমেইনী মছজিদত তিনিদিনীয়া বিদায়ী অনুষ্ঠান অনুষ্ঠিত হ’ব।সম্প্ৰতি সমাধিস্থ কাৰ্যসূচী চলি আছে,যিটো ঘোষণা কৰা হ’ব।

ইৰাণৰ দ্বিতীয় বৃহত্তম চহৰ হৈছে মছহাদ,ই দেশৰ অন্যতম গুৰুত্বপূৰ্ণ ধৰ্ম কেন্দ্ৰ।তাত ইমাম ৰেজাৰ দৰগাহ আছে,যিটো ছিয়া ইছলামৰ এটা প্ৰধান তীৰ্থস্থান,য’ত প্ৰতি বছৰে লাখ লাখ লোক উপস্থিত হয়।

খেমেইনী ইৰাণৰ আটাইতকৈ দীৰ্ঘদিনীয়া ৰাষ্ট্ৰপতি আছিল আৰু ১৯৭৯ চনৰ ইছলামিক বিপ্লৱৰ পিছত মাত্ৰ দ্বিতীয়জন সৰ্বোচ্চ নেতা আছিল।দেশৰ সৰ্বোচ্চ বিষয়া হিচাপে তেওঁৰ ওচৰত প্ৰতিৰক্ষা, অৰ্থনীতি, শিক্ষা আদি গুৰুত্বপূৰ্ণ চৰকাৰী বিষয়সমূহৰ চূড়ান্ত কৰ্তৃত্ব আছিল।

তিনি দশকৰো অধিক সময় ধৰি তেওঁ ইৰাণৰ ৰাজনৈতিক ব্যৱস্থাত শক্তিশালী দখল বজাই ৰাখিছিল আৰু সমগ্ৰ মধ্যপ্ৰাচ্যতে ইয়াৰ প্ৰভাৱ বৃদ্ধি কৰিলে।

লগতে পঢ়ক: মধ্যপ্ৰাচ্যৰ উত্তেজনাৰ মাজতে ভাৰতীয়ৰ বাবে চৰকাৰৰ নিয়ন্ত্ৰণ কক্ষ স্থাপন; হেল্পলাইন নম্বৰ মুকলি