ইতিহাসত নাম খোদিত কৰিলে যশস্বী জয়ছোৱালে, অৰ্জন কৰিলে এদিনীয়া কেৰিয়াৰৰ প্ৰথমটো শতক

নিৰ্ণায়ক এদিনীয়াত যশস্বী জয়ছোৱালৰ দুৰ্দান্ত শতক, অৰ্জন কৰিলে এই বিৰল কৃতিত্ব

এদিনীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ প্ৰথমটো শতক অৰ্জন কৰিছে যশস্বী জয়ছোৱালে । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত শৃংখলাৰ নিৰ্ণায়ক মেচত এই কৃতিত্ব অৰ্জন কৰে তেওঁ । জয়ছোৱাল এতিয়া তিনিওটা ফৰ্মেটতে শতক অৰ্জন কৰা ষষ্ঠজন ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হৈছে । স্মৰণীয় শতকৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ অন্ত

এদিনীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ প্ৰথমটো শতক অৰ্জন কৰিছে যশস্বী জয়ছোৱালে । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত শৃংখলাৰ নিৰ্ণায়ক মেচত এই কৃতিত্ব অৰ্জন কৰে তেওঁ । জয়ছোৱাল এতিয়া তিনিওটা ফৰ্মেটতে শতক অৰ্জন কৰা ষষ্ঠজন ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হৈছে ।

স্মৰণীয় শতকৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ অন্ত পেলায় যশস্বী জয়ছৱালে । ভাৰত-দক্ষিণ আফ্ৰিকাৰ এদিনীয়া শৃংখলাৰ প্ৰথম আৰু দ্বিতীয় মেচত ব্যৰ্থ হোৱাৰ পিছত জয়ছোৱালে নিৰ্ণায়ক মেচখনত নিজৰ বেটিং বিক্ৰম প্ৰদৰ্শন কৰি এদিনীয়া কেৰিয়াৰৰ প্ৰথমটো শতক অৰ্জন কৰে । বিশাখাপট্টনমত অনুষ্ঠিত হোৱা শৃংখলাৰ অন্তিমখন মেচত জয়ছোৱালে ধীৰ আৰম্ভণিৰ অন্তত চাৰি আৰু ছয় কোবাবলৈ আৰম্ভ কৰে আৰু তাৰ পিছত ৩৬ নং অভাৰত ১১১ বলত শতক অৰ্জন কৰে । ভাৰতীয় এই যুৱ অ’পেনাৰগৰাকীয়ে নিজৰ মাত্ৰ চতুৰ্থখন এদিনীয়াত এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয় ।

শুভমন গীলৰ আঘাতৰ বাবে যশস্বী জয়ছোৱালক এই শৃংখলাত ইনিংছ মুকলি কৰাৰ সুযোগ দিয়া হৈছিল । ইয়াৰ পূৰ্বে তেওঁ মাত্ৰ এখন এদিনীয়া খেলিছিল, যিখন বছৰৰ আৰম্ভণিতে অনুষ্ঠিত হৈছিল । অভিষেক এদিনীয়াৰ পাছত যশস্বী জয়ছোৱালে এই ফৰ্মেটত কোনো সুযোগ পোৱা নাছিল । অৱশ্যে এই শৃংখলাত যেতিয়া তেওঁ বেটিং কৰিবলৈ আহে তেতিয়া তেওঁৰ আৰম্ভণি দুৰ্বল আছিল । প্ৰথমখন মেচত মাত্ৰ ১৮ ৰান আৰু দ্বিতীয় মেচত ২২ ৰানহে কৰিবলৈ সক্ষম হয় তেওঁ । ইয়াৰ ফলত তেওঁ চাপৰ সন্মুখীন হৈছিল যদিও তৃতীয় মেচত তেওঁ শক্তিশালী প্ৰদৰ্শনেৰে শতক অৰ্জন কৰি সকলো সন্দেহ ভুল প্ৰমাণ কৰে ।

অৱশ্যে এই ইনিংছতো যশস্বী জয়ছোৱালৰ আৰম্ভণি আছিল অতি লেহেমীয়া । টিম ইণ্ডিয়াই ২৭১ ৰানৰ লক্ষ্য অনুসৰণ কৰিছিল আৰু পূৰ্বৰ দুখন মেচৰ দৰেই জয়ছোৱালে মুক্তভাৱে ৰান কৰিবলৈ সংগ্ৰাম কৰিছিল । অৱশ্যে ৰোহিত শৰ্মাৰ লগত তেওঁ ইনিংছ আগুৱাই লৈ গৈ ৭৫টা বলত প্ৰথমটো অৰ্ধশতক অৰ্জন কৰে । ইয়াৰ পিছত তেওঁ দ্ৰুত গতিত ৰান সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰে আৰু শীঘ্ৰেই এদিনীয়া ক্ৰিকেটত প্ৰথমটো শতক অৰ্জন কৰে ।

উল্লেখ্য যে, যশস্বী জয়ছোৱালৰ এই শতকে ২০ বছৰ আগৰ এম এছ ধোনীৰ কৃতিত্বৰ কথা সোঁৱৰাই দিয়ে । ২০০৫ চনত বিশাখাপট্টনমত এম এছ ধোনীয়েও প্ৰথম এদিনীয়া শতক অৰ্জন কৰিছিল । ইয়াৰ পিছত ধোনীয়ে মাত্ৰ পঞ্চমখন এদিনীয়াত পাকিস্তানৰ বিৰুদ্ধে ১৪৮ ৰান সংগ্ৰহ কৰে । ইফালে যশস্বী জয়ছোৱালে চতুর্থ মেচত এই কৃতিত্ব অর্জন কৰি অপৰাজিত ১১৬ ৰান (১২১ বল, ১২ ফোৰ, ২ ছয়) সংগ্ৰহ কৰে । জয়ছোৱালৰ এই শতকৰ সহায়ত ভাৰতীয় দলে কেৱল ৯ উইকেটত জয়লাভ কৰাই নহয়, এই ফৰ্মেটত নিজৰ দাবীও কঠিন কৰি তুলিছে তেওঁ ৷

কেৱল এয়াই নহয়, জয়ছোৱাল এতিয়া তিনিওটা ফৰ্মেটতে শতক অৰ্জন কৰা ষষ্ঠজন ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হৈছে । ইতিমধ্যে জয়ছোৱালে টেষ্ট ক্ৰিকেটত শতক অৰ্জন কৰিছে । এই ফৰ্মেটত এতিয়ালৈকে ৭টা শতক অৰ্জন কৰিছে তেওঁ । এছিয়ান গেমছত তেওঁ নিজৰ একমাত্ৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰে । কিন্তু প্ৰথম তিনিখন এদিনীয়া মেচত ব্যৰ্থ হোৱাৰ পিছত অৱশেষত এই ফৰ্মেটতো শতক অৰ্জন কৰি ইতিহাসত নিজৰ নাম খোদিত কৰিছে যশস্বীয়ে ।

লগতে পঢ়ক : তৃতীয় এদিনীয়াত জয়েৰে শৃংখলা দখল টীম ইণ্ডিয়াৰ,যশস্বীৰ দুৰ্দান্ত শতক

শেহতীয়া প্ৰৱন্ধসমূহ