নিৰ্ণায়ক এদিনীয়াত যশস্বী জয়ছোৱালৰ দুৰ্দান্ত শতক, অৰ্জন কৰিলে এই বিৰল কৃতিত্ব
এদিনীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ প্ৰথমটো শতক অৰ্জন কৰিছে যশস্বী জয়ছোৱালে । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত শৃংখলাৰ নিৰ্ণায়ক মেচত এই কৃতিত্ব অৰ্জন কৰে তেওঁ । জয়ছোৱাল এতিয়া তিনিওটা ফৰ্মেটতে শতক অৰ্জন কৰা ষষ্ঠজন ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হৈছে ।
স্মৰণীয় শতকৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ অন্ত পেলায় যশস্বী জয়ছৱালে । ভাৰত-দক্ষিণ আফ্ৰিকাৰ এদিনীয়া শৃংখলাৰ প্ৰথম আৰু দ্বিতীয় মেচত ব্যৰ্থ হোৱাৰ পিছত জয়ছোৱালে নিৰ্ণায়ক মেচখনত নিজৰ বেটিং বিক্ৰম প্ৰদৰ্শন কৰি এদিনীয়া কেৰিয়াৰৰ প্ৰথমটো শতক অৰ্জন কৰে । বিশাখাপট্টনমত অনুষ্ঠিত হোৱা শৃংখলাৰ অন্তিমখন মেচত জয়ছোৱালে ধীৰ আৰম্ভণিৰ অন্তত চাৰি আৰু ছয় কোবাবলৈ আৰম্ভ কৰে আৰু তাৰ পিছত ৩৬ নং অভাৰত ১১১ বলত শতক অৰ্জন কৰে । ভাৰতীয় এই যুৱ অ’পেনাৰগৰাকীয়ে নিজৰ মাত্ৰ চতুৰ্থখন এদিনীয়াত এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয় ।
শুভমন গীলৰ আঘাতৰ বাবে যশস্বী জয়ছোৱালক এই শৃংখলাত ইনিংছ মুকলি কৰাৰ সুযোগ দিয়া হৈছিল । ইয়াৰ পূৰ্বে তেওঁ মাত্ৰ এখন এদিনীয়া খেলিছিল, যিখন বছৰৰ আৰম্ভণিতে অনুষ্ঠিত হৈছিল । অভিষেক এদিনীয়াৰ পাছত যশস্বী জয়ছোৱালে এই ফৰ্মেটত কোনো সুযোগ পোৱা নাছিল । অৱশ্যে এই শৃংখলাত যেতিয়া তেওঁ বেটিং কৰিবলৈ আহে তেতিয়া তেওঁৰ আৰম্ভণি দুৰ্বল আছিল । প্ৰথমখন মেচত মাত্ৰ ১৮ ৰান আৰু দ্বিতীয় মেচত ২২ ৰানহে কৰিবলৈ সক্ষম হয় তেওঁ । ইয়াৰ ফলত তেওঁ চাপৰ সন্মুখীন হৈছিল যদিও তৃতীয় মেচত তেওঁ শক্তিশালী প্ৰদৰ্শনেৰে শতক অৰ্জন কৰি সকলো সন্দেহ ভুল প্ৰমাণ কৰে ।
অৱশ্যে এই ইনিংছতো যশস্বী জয়ছোৱালৰ আৰম্ভণি আছিল অতি লেহেমীয়া । টিম ইণ্ডিয়াই ২৭১ ৰানৰ লক্ষ্য অনুসৰণ কৰিছিল আৰু পূৰ্বৰ দুখন মেচৰ দৰেই জয়ছোৱালে মুক্তভাৱে ৰান কৰিবলৈ সংগ্ৰাম কৰিছিল । অৱশ্যে ৰোহিত শৰ্মাৰ লগত তেওঁ ইনিংছ আগুৱাই লৈ গৈ ৭৫টা বলত প্ৰথমটো অৰ্ধশতক অৰ্জন কৰে । ইয়াৰ পিছত তেওঁ দ্ৰুত গতিত ৰান সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰে আৰু শীঘ্ৰেই এদিনীয়া ক্ৰিকেটত প্ৰথমটো শতক অৰ্জন কৰে ।
উল্লেখ্য যে, যশস্বী জয়ছোৱালৰ এই শতকে ২০ বছৰ আগৰ এম এছ ধোনীৰ কৃতিত্বৰ কথা সোঁৱৰাই দিয়ে । ২০০৫ চনত বিশাখাপট্টনমত এম এছ ধোনীয়েও প্ৰথম এদিনীয়া শতক অৰ্জন কৰিছিল । ইয়াৰ পিছত ধোনীয়ে মাত্ৰ পঞ্চমখন এদিনীয়াত পাকিস্তানৰ বিৰুদ্ধে ১৪৮ ৰান সংগ্ৰহ কৰে । ইফালে যশস্বী জয়ছোৱালে চতুর্থ মেচত এই কৃতিত্ব অর্জন কৰি অপৰাজিত ১১৬ ৰান (১২১ বল, ১২ ফোৰ, ২ ছয়) সংগ্ৰহ কৰে । জয়ছোৱালৰ এই শতকৰ সহায়ত ভাৰতীয় দলে কেৱল ৯ উইকেটত জয়লাভ কৰাই নহয়, এই ফৰ্মেটত নিজৰ দাবীও কঠিন কৰি তুলিছে তেওঁ ৷
কেৱল এয়াই নহয়, জয়ছোৱাল এতিয়া তিনিওটা ফৰ্মেটতে শতক অৰ্জন কৰা ষষ্ঠজন ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হৈছে । ইতিমধ্যে জয়ছোৱালে টেষ্ট ক্ৰিকেটত শতক অৰ্জন কৰিছে । এই ফৰ্মেটত এতিয়ালৈকে ৭টা শতক অৰ্জন কৰিছে তেওঁ । এছিয়ান গেমছত তেওঁ নিজৰ একমাত্ৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰে । কিন্তু প্ৰথম তিনিখন এদিনীয়া মেচত ব্যৰ্থ হোৱাৰ পিছত অৱশেষত এই ফৰ্মেটতো শতক অৰ্জন কৰি ইতিহাসত নিজৰ নাম খোদিত কৰিছে যশস্বীয়ে ।
লগতে পঢ়ক : তৃতীয় এদিনীয়াত জয়েৰে শৃংখলা দখল টীম ইণ্ডিয়াৰ,যশস্বীৰ দুৰ্দান্ত শতক