অভেলত যশস্বী জয়ছোৱালৰ দৰ্শনীয় শতক…

অভেলত যশস্বী জয়ছোৱালৰ দৰ্শনীয় শতক… পঞ্চম টেষ্টত চালকৰ আসনত ভাৰত

অভেলত যশস্বী জয়ছোৱালৰ দৰ্শনীয় শতক টীম ইণ্ডিয়াৰ তাৰকা অ’পেনাৰ যশস্বী জয়ছোৱালে ইংলেণ্ডৰ বিৰুদ্ধে অন্তিমখন টেষ্টৰ অন্তিম ইনিংছত শতক অৰ্জন কৰিছে । জয়ছোৱালৰ এই শতকৰ সহায়ত এই টেষ্টত চালকৰ আসনত বহিছে ভাৰতীয় দল । যোৱা কেইটামান ইনিংছত ডাঙৰ স্ক’ৰ গঢ়াত ব্যৰ্থ হোৱা যশস্বীয়ে কঠিন পৰিস্থিতিত ভাৰতৰ

অভেলত যশস্বী জয়ছোৱালৰ দৰ্শনীয় শতক

টীম ইণ্ডিয়াৰ তাৰকা অ’পেনাৰ যশস্বী জয়ছোৱালে ইংলেণ্ডৰ বিৰুদ্ধে অন্তিমখন টেষ্টৰ অন্তিম ইনিংছত শতক অৰ্জন কৰিছে । জয়ছোৱালৰ এই শতকৰ সহায়ত এই টেষ্টত চালকৰ আসনত বহিছে ভাৰতীয় দল । যোৱা কেইটামান ইনিংছত ডাঙৰ স্ক’ৰ গঢ়াত ব্যৰ্থ হোৱা যশস্বীয়ে কঠিন পৰিস্থিতিত ভাৰতৰ হৈ অভেল টেষ্টৰ দ্বিতীয় ইনিংছত শতক অৰ্জন কৰে । এই ইনিংছে টিম ইণ্ডিয়াক ইংলেণ্ডক তীব্ৰ প্ৰত্যাহ্বান জনোৱাত সহায় কৰিছে ।

অভেল টেষ্টত তৃতীয় দিনা ভাৰতীয় দলটোৱে ধৈৰ্যশীল বেটিঙেৰে প্ৰথম অধিবেশনত ১১৪ ৰান সংগ্ৰহ কৰে । আকাশদীপৰ সৈতে যশস্বী জয়ছোৱালে তৃতীয় উইকেটৰ বাবে শতকীয় অংশীদাৰিত্ব গঢ়ে । শতকৰে ইংলেণ্ড ভ্ৰমণৰ আৰম্ভণি কৰা এই অ’পেনাৰগৰাকীয়ে শেষৰখন মেচতো শতক অৰ্জন কৰে । ১২৭টা বলত ১১টা চাৰি আৰু ২টা ৬ৰ সহায়ত শতক সম্পূৰ্ণ কৰে যশস্বী জয়ছোৱালে ।

ইংলেণ্ডৰ বিৰুদ্ধে অভেল টেষ্টৰ দ্বিতীয় ইনিংছত যশস্বী জয়ছোৱালে ইংৰাজ দলটোক শলঠেকত পেলাইছিল । এই ইনিংছত তেওঁ ৫০ শতাংশ ৰান সংগ্ৰহ কৰে । ইংলেণ্ডে তেওঁক বাধা দিয়াৰ কোনো উপায় পোৱা নাছিল।  ইংলেণ্ডৰ অধিনায়কৰ বাবে এয়া প্ৰত্যাহ্বান আছিল আৰু তেওঁক অসহায় যেন লাগিছিল ।

ভাৰতৰ হৈ যশস্বী জয়ছোৱালে লিডছত ১০১ ৰানৰ ইনিংছৰে শৃংখলা আৰম্ভ কৰে । দ্বিতীয়খন মেচৰ প্ৰথম ইনিংছত ৮৭ ৰান সংগ্ৰহ কৰি আউট হোৱাৰ লগতে শতক অৰ্জন কৰাৰ পৰা বঞ্চিত হয় তেওঁ । ইয়াৰ পিছত তেওঁৰ বেটে বিশেষ প্ৰদৰ্শনত ব্যৰ্থ হয় আৰু তেওঁ ২৮, ১৩ আৰু শূন্য ৰানত পেভিলিয়নমুখী হয় । শেষৰখন খেলৰ প্ৰথম ইনিংছত পুনৰ অৰ্ধশতক অৰ্জন কৰিছিল যদিও দ্বিতীয় ইনিংছত একাউণ্ট নোখোলাকৈ আউট হৈছিল তেওঁ । এতিয়া শেষৰখন খেলৰ দ্বিতীয় ইনিংছত শতক অৰ্জন কৰি শৃংখলাৰ অন্ত পেলাইছে জয়ছোৱালে ।

লগতে পঢ়ক : মহম্মদ ছিৰাজে ভংগ কৰিলে শচীন তেণ্ডুলকাৰৰ এই মহান অভিলেখ…

শেহতীয়া প্ৰৱন্ধসমূহ