শীঘ্ৰেই এছিয়া কাপৰ বাবে ঘোষণা হ’ব টিম ইণ্ডিয়া; গীল-জয়ছোৱালে পাব সুযোগ… দাবীদাৰ এইজন খেলুৱৈও

শীঘ্ৰেই এছিয়া কাপৰ বাবে ঘোষণা হ’ব টিম ইণ্ডিয়া

এছিয়া কাপ ২০২৫ৰ বাবে ভাৰতীয় দল নিৰ্বাচনৰ কাউণ্টডাউন আৰম্ভ হৈছে । এইবাৰ যুৱ বেটছমেন যশস্বী জয়ছোৱাল, শুভমন গীল আৰু ছাই সুদৰ্শনৰ দাবীয়ে গতি লাভ কৰিছে । আগষ্ট মাহৰ তৃতীয় সপ্তাহত দলটো নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে ।

যোৱা কেইখনমান টি-২০ মেচত দেখা নোপোৱা গীল আৰু জয়ছোৱালে ইংলেণ্ডৰ বিৰুদ্ধে ৫ খন টেষ্টৰ ক্লান্তিকৰ শৃংখলাৰ পিছত এমাহৰ জিৰণি লাভ কৰিছে । এতিয়া দুয়োজন ফিট আৰু নিৰ্বাচনৰ বাবে উপলব্ধ । আনহাতে, ছাই সুদৰ্শনে ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন কৰি নিৰ্বাচকসকলৰ আত্মবিশ্বাস অধিক শক্তিশালী কৰি তুলিছে ।

বি চি চি আইৰ বাছনি সমিতিয়ে সকলো সম্ভাৱনা মনত ৰাখি দলটো প্ৰস্তুত কৰি আছে । যদি ভাৰতে ২৮ ছেপ্টেম্বৰত এছিয়া কাপৰ ফাইনেলত প্ৰৱেশ কৰে, তেন্তে তাৰ মাত্ৰ চাৰিদিন পিছত অৰ্থাৎ ২ অক্টোবৰৰ পৰা ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলা আৰম্ভ হ’ব । এনে পৰিস্থিতিত খেলুৱৈৰ কামৰ বোজাৰ ভাৰসাম্য ৰক্ষা কৰাটো এটা ডাঙৰ প্ৰত্যাহ্বান হ’ব ।

ব’ৰ্ডৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয়, ‘সঞ্জু চেমছন আৰু অভিষেক শৰ্মাৰ ফৰ্ম অতি উত্তম, কিন্তু পাঁচ সপ্তাহৰ বিৰতি আৰু শীৰ্ষ অৰ্ডাৰৰ স্থিতিশীলতাক বিবেচনা কৰিলে জয়ছোৱাল, গীল আৰু সুদৰ্শনক অগ্ৰাধিকাৰ দিব পাৰি । ৬খন মেচৰ এই প্ৰতিযোগিতাখনে খেলুৱৈসকলৰ ওপৰত বিশেষ বোজা নেপেলাব ।’

শীৰ্ষ অৰ্ডাৰৰ বাবে ডাঙৰ দায়িত্ব-

এছিয়া কাপ ইউ এ ইত অনুষ্ঠিত হ’ব, য’ত পিটচসমূহ লেহেমীয়া আৰু স্পীন ফ্ৰেণ্ডলী বুলি গণ্য কৰা হয় । লগতে, অহা ছমাহত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ কথা মনত ৰাখি নিৰ্বাচকসকলে এনে বেটছমেন বিচাৰে যিয়ে দলটোক বিদেশী পৰিস্থিতিত ভাল আৰম্ভণি দিব পাৰে । এই ক্ষেত্ৰত জয়ছোৱাল, গীল আৰু সুদৰ্শন আটাইকেইজনেই শক্তিশালী প্ৰতিদ্বন্দ্বী ।

ফিটনেছ টেষ্টৰ ওপৰত নিৰ্ভৰ বুমৰাহ-চিৰাজৰ প্ৰত্যাৱৰ্তন-

দল নিৰ্বাচনৰ পূৰ্বে বেষ্ট বলাৰ যশপ্ৰীত বুমৰাহ আৰু মহম্মদ চিৰাজৰ ফিটনেছ ৰিপৰ্টেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব । যোৱা কেইমাহমানত দুয়োজনকে বিভিন্ন ফৰ্মেটত সাৱধানে ব্যৱহাৰ কৰা হৈছে । নিৰ্বাচনৰ পূৰ্বে তেওঁলোকৰ ফিটনেছ মূল্যায়ন কৰা হ’ব, যাতে ভৱিষ্যতৰ কৌশল স্পষ্ট হ’ব পাৰে ।

লগতে পঢ়ক : ভাৰত-ইংলেণ্ড টেষ্ট শৃংখলাত গঢ়িল এই ১০টা ডাঙৰ অভিলেখ…

এবছৰৰ বাবে স্থগিত টিম ইণ্ডিয়াৰ বাংলাদেশ ভ্ৰমণ; বি চি চি আইয়ে জাৰি কৰিলে বিবৃতি

এবছৰৰ বাবে স্থগিত টিম ইণ্ডিয়াৰ বাংলাদেশ ভ্ৰমণ

চলিত বৰ্ষৰ আগষ্টত ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হ’বলগীয়া সীমিত অভাৰৰ শৃংখলা পিছুৱাই দিয়া হৈছে । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এক বিবৃতি প্ৰকাশ কৰি ভাৰতীয় ব’ৰ্ড আৰু বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে সহমতৰ ভিত্তিত এই শৃংখলা পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰিছে । দুয়োখন দেশৰ মাজত এই শৃংখলা এতিয়া ২০২৬ চনৰ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’ব ।

পৰৱৰ্তী সময়ত প্ৰকাশ কৰা হ’ব সংশোধিত সূচী-

দুয়োটা দলৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিশ্ৰুতি আৰু সূচীৰ সুবিধাৰ কথা মনত ৰাখি দুয়োখন ব’ৰ্ডৰ মাজত আলোচনাৰ অন্তত এই সিদ্ধান্ত লোৱা বুলি বি চি চি আইয়ে প্ৰকাশ কৰে । ২০২৬ চনৰ ছেপ্টেম্বৰ মাহত এই ছিৰিজৰ বাবে টিম ইণ্ডিয়াক আদৰণি জনোৱাৰ বাবে বি চি বি আগ্ৰহী ।

ৰোহিত-কোহলীৰ বাবে বাঢ়িব অপেক্ষা-

টিম ইণ্ডিয়াৰ বাংলাদেশ ভ্ৰমণ স্থগিত ৰখাৰ সিদ্ধান্তই ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ অনুৰাগীৰ বাবে এক জোকাৰণিৰ সৃষ্টি কৰিছে । কাৰণ এতিয়াৰে পৰা ৰোহিত আৰু কোহলীয়ে ভাৰতৰ হৈ কেৱল এদিনীয়া মেচহে খেলিব । কিয়নো দুয়োজনেই টেষ্ট আৰু টি-২০ ইণ্টাৰনেশ্যনেলৰ পৰা অৱসৰ লৈছে । তেওঁলোকৰ অনুৰাগীসকলে আশা কৰিছিল যে ৰোহিত-কোহলী যুটি বাংলাদেশৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত খেলিব, কিন্তু এতিয়া এই ভ্ৰমণ এবছৰৰ বাবে পিছুৱাই দিয়াৰ বাবে ৰোহিত-কোহলীক খেলপথাৰত দেখাৰ অপেক্ষাও বৃদ্ধি পাইছে ।

১৭ আগষ্টৰ পৰা অনুষ্ঠিত হ’বলগীয়া আছিল এই শৃংখলা-

বৰ্তমান ভাৰতীয় দলটো ইংলেণ্ড ভ্ৰমণত আছে য’ত পাঁচখন মেচৰ টেষ্ট শৃংখলা খেলি আছে । ভাৰতৰ ইংলেণ্ড ভ্ৰমণ ৪ আগষ্টলৈকে চলিব । ১৭ আগষ্টৰ পৰা ভাৰত আৰু বাংলাদেশৰ মাজত এদিনীয়া আৰু টি-২০ শৃংখলা আৰম্ভ হ’ব লাগিছিল । সূচী অনুসৰি ভাৰতে প্ৰথমে তিনিখন এদিনীয়া খেলাৰ কথা আছিল আৰু তাৰ পিছত দুয়োটা দলৰ মাজত তিনিখন মেচৰ টি-২০ শৃংখলা অনুষ্ঠিত হোৱাৰ কথা আছিল ।

লগতে পঢ়ক : আই চি চি টেষ্ট ৰেংকিঙত শীৰ্ষ ৫ গৰাকী বলাৰ কোন ? ভাৰতৰ কেইজন খেলুৱৈ অন্তৰ্ভুক্ত হৈছে ?

ডুবাইত টছত জয়লাভ কৰি বেটিঙৰ সিদ্ধান্ত বাংলাদেশৰ, টিম ইণ্ডিয়াৰ মূল একাদশত ডাঙৰ পৰিৱৰ্তন

আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ত ভাৰতীয় দলৰ আজি (২০ ফেব্ৰুৱাৰী) প্ৰথমখন খেল বাংলাদেশৰ বিৰুদ্ধে আছে । এই খেলখন ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছে । এই খেলখনত ৰোহিত শৰ্মাই ভাৰতীয় দলৰ অধিনায়কত্ব কৰাৰ বিপৰীতে বাংলাদেশী দলৰ কমাণ্ডত আছে নাজমুল হুছেইন শান্তো ।

মেচখনত বাংলাদেশৰ অধিনায়ক নাজমুল হুছেইন শান্তোৱে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । ইফালে এই মেচখনত ভাৰতীয় দলৰ মূল একাদশত কেইটামান পৰিৱৰ্তন কৰা হৈছে । টিম ইণ্ডিয়াৰ মূল একাদশৰ পৰা বাহিৰ হৈছে অৰ্শদীপ সিং আৰু বৰুণ চক্ৰৱৰ্তী । ৰবীন্দ্ৰ জাডেজা মূল একাদশলৈ ঘূৰি আহিছে । আনহাতে ঋষভ পন্ট আকৌ এবাৰ হতাশ হ’ব লগা হৈছে ।

একে সময়তে বিশ্বকাপ ২০২৩ৰ ফাইনেলৰ পাছত একেৰাহে ১১টা টছত পৰাস্ত হৈছে ভাৰত । ২০১১ চনৰ মাৰ্চৰ পৰা ২০১৩ চনৰ আগষ্টৰ ভিতৰত ১১টা টছ পৰাস্ত হোৱা নেদাৰলেণ্ডৰ সৈতে এদিনীয়াত সৰ্বাধিক টছ হেৰুৱাৰ এই যৌথ অভিলেখ আছে ভাৰতৰ ।

খেলখনত ভাৰতৰ প্লেইং-১১ :

ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল, বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, কে এল ৰাহুল (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, ৰবীন্দ্ৰ জাডেজা, কুলদীপ যাদৱ, মহম্মদ ছামী, হৰ্ষিত ৰাণা ।

বাংলাদেশৰ মূল একাদশ-

তাঞ্জিদ হাছান, সৌম্য চৰকাৰ, নাজমুল হোছেইন শান্তো (অধিনায়ক), তৌহিদ হৃদয়, মুছফিকুৰ ৰহিম (উইকেটকীপাৰ), জাকাৰ আলী, মেহদি হাছান মিৰাজ, ৰিছাদ হোছেইন, তাস্কিন আহমেদ, তাঞ্জিম হাছান, মুস্তাফিজুৰ ৰহমান ।

নীতিশ ৰেড্ডীৰ দুৰ্দান্ত প্ৰদৰ্শন, এটা শতকেৰে মেলবৰ্ণত হৈ পৰিল টিম ইণ্ডিয়াৰ নায়ক…জানক তেওঁৰ মুঠ সম্পত্তি

বৰ্তমান শিৰোনামত আছে নীতিশ কুমাৰ ৰেড্ডী । কিয়নো ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত পাঁচখনীয়া খেলৰ টেষ্ট শৃংখলাৰ চতুৰ্থখন মেচত তেওঁ মেলবৰ্ণত ভাৰতীয় দলৰ বাবে সংকটমোচকৰ ৰূপত অৱতীৰ্ণ হৈছে । মেচখনৰ তৃতীয় দিনা (২৮ ডিচেম্বৰ) দলৰ প্ৰথম ইনিংছত অল ৰাউণ্ডাৰ নীতিশ ৰেড্ডীয়ে এক দুৰ্দান্ত শতক অৰ্জন কৰে । তেওঁৰ টেষ্ট কেৰিয়াৰৰ এই শতকটো বিশেষ কাৰণ যেতিয়া তেওঁ ক্ৰীজলৈ আহিছিল তেতিয়া ভাৰত ফ’ল’ অ’নৰ ভাবুকিৰ সন্মুখীন হৈছিল । কিন্তু তেওঁৰ ইনিংছে এই ভাবুকি দূৰ কৰাত সহায় কৰে । অতি সাধাৰণ পৰিয়ালৰ পৰা অহা নীতিশ ৰেড্ডীৰ নেট ৱৰ্থ তথা মুঠ সম্পত্তিৰ কথা ক’বলৈ গ’লে সেয়া কোটি টকাত আছে । আনহাতে তেওঁৰ হাতত দামী গাড়ী আৰু বাইকৰো এক বৃহৎ সংগ্ৰহ আছে ।

মেলবৰ্ণত টিম ইণ্ডিয়াৰ নায়ক-

অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত টিম ইণ্ডিয়াৰ নায়ক হিচাপে পৰিগণিত হোৱা নীতিশ কুমাৰ ৰেড্ডীৰ জন্ম হৈছিল ২০০৩ চনৰ ২৬ মে’ত অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত । পিতৃয়ে হিন্দুস্তান জিংক কোম্পানীত কাম কৰিছিল যদিও পুত্ৰৰ সপোন আছিল আৰম্ভণিৰে পৰাই ক্ৰিকেটাৰ হোৱা, যিটো পূৰণ কৰিবলৈ তেওঁ আনকি চাকৰি এৰি আহিছিল আৰু পিতৃ আৰু কঠোৰ পৰিশ্ৰমৰ সহায়ত নীতিশ ৰেড্ডীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আত্মপ্ৰকাশ কৰিছিল । এতিয়া তেওঁ প্ৰথম টেষ্ট অভিষেক ঘটায়ে নিজৰ শক্তিশালী প্ৰদৰ্শনেৰে উজ্জলি উঠিবলৈ সক্ষম হৈছে ।

নীতিশৰ সম্পত্তি-

সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰা নীতিশ কুমাৰ ৰেড্ডীয়ে প্ৰথম অৱস্থাত আৰ্থিক অসুবিধাৰ সন্মুখীন হ’বলগীয়া হ’লেও আজি তেওঁৰ হাতত কোটি কোটি মূল্যৰ সম্পত্তি আছে । টিম ইণ্ডিয়াৰ হৈ সকলো ফৰ্মেটতে উজ্জ্বল প্ৰদৰ্শন আগবঢ়োৱা নীতিশ ৰেড্ডীয়ে আই পি এলৰ পৰাও উপাৰ্জন কৰিছে কোটি কোটি টকা । খবৰ অনুসৰি নীতিশ ৰেড্ডী নেট ৱৰ্থ ৮ কোটি টকাতকৈও অধিক (আনুমানিক)।

২০২৩ চনত তেওঁ আই পি এলত প্ৰৱেশ কৰিছিল আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদে তেওঁক ২০ লাখ টকাত ক্ৰয় কৰিছিল যদিও ২০২৫ চনৰ আই পি এলত তেওঁৰ দলটোৱে তেওঁক ৬ কোটি টকাৰ বিপুল পৰিমাণৰ বিনিময়ত ৰিটেইন কৰে ।

বিলাসী গাড়ী আৰু বাইকৰ সংগ্ৰহ-

নীতিশ কুমাৰ ৰেড্ডী গাড়ী আৰু বাইকৰ প্ৰতি অতি আকৰ্ষিত আৰু তেওঁৰ সংগ্ৰহো আচৰিত । খবৰ অনুসৰি তেওঁৰ সংগ্ৰহত টয়োটা হাইৰাইডাৰ আৰু অন্যান্য গাড়ীও আছে । ইয়াৰ উপৰিও তেওঁৰ বাইক সংগ্ৰহত আছে BMW G 310 GS আৰু Jawa 42 ।

বৰষুণৰ বিধি-পথালি… ২৬০ ৰানত অল আউট টিম ইণ্ডিয়া, ১৮৫ ৰানত অগ্ৰগতি লাভ অষ্ট্ৰেলিয়াৰ

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা পাঁচখনীয়া টেষ্ট শৃংখলাৰ তৃতীয়খন টেষ্ট ব্রিছবেনত অনুষ্ঠিত হৈছে ৷ আজি গাব্বা টেষ্টৰ পঞ্চম আৰু অন্তিম দিন । এই টেষ্টত ভাৰতীয় অধিনায়কগৰাকীয়ে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । প্ৰথমে বেটিং কৰি অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত ৪৪৫ ৰান সংগ্ৰহ কৰে । প্ৰত্যুত্তৰত ভাৰতীয় দলৰ প্ৰথম ইনিংছ ২৬০ ৰানত সমাপ্ত হয় ।

২৬০ ৰানত সমাপ্ত ভাৰতৰ ইনিংছ-

ভাৰতে প্ৰথম ইনিংছত ২৬০ ৰানত আটাইকেইটা উইকেট হেৰুৱাই । আজি অৰ্থাৎ বুধবাৰৰ পৰা ৯ উইকেটত ২৫২ ৰানত খেল আৰম্ভ কৰা টীম ইণ্ডিয়াই ৮ ৰান সংগ্ৰহ কৰি শেষৰটো উইকেট হেৰুৱাই । শেষ উইকেট হিচাপে আউট হৈছিল আকাশ দীপ । তেওঁক ট্ৰেভিছ হেডে ৩১ ৰানত আউট কৰে । আকাশ আৰু বুমৰাহে দশম উইকেটৰ বাবে ৪৭ ৰানৰ অংশীদাৰিত্ব গঢ়ে । দুয়োজনে মুঠ ৭৮টা বল খেলে । ১০ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে বুমৰাহ ।

১৮৫ ৰানৰ অগ্ৰগতি অষ্ট্ৰেলিয়াৰ-

প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াই ৪৪৫ ৰান সংগ্ৰহ কৰে । এই ক্ষেত্ৰত দ্বিতীয় ইনিংছত দলটোৱে ১৮৫ ৰানৰ অগ্ৰগতি লাভ কৰিছে । ভাৰতীয় দলটো মঙলবাৰে ফ’ল’ অনৰ পৰা ৰক্ষা পৰে । ২৪৬ ৰান সংগ্ৰহ কৰাৰ লগে লগে ফ’ল’ অনৰ পৰা ৰক্ষা পৰে দলটো ।  টিম ইণ্ডিয়াৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে কে এল ৰাহুলে । তেওঁ ৮৪ ৰান সংগ্ৰহ কৰে । একে সময়তে ৰবীন্দ্ৰ জাদেজাই ৭৭ ৰানৰ ইনিংছ খেলে । অষ্ট্ৰেলিয়াৰ হৈ অধিনায়ক কামিন্সে ৪টা উইকেট দখল কৰে । ইফালে মিচেল ষ্টাৰ্কে তিনিটা উইকেট দখল কৰে । ট্ৰেভিছ হেড, জোছ হেজলউড আৰু নাথান লায়নে এটাকৈ উইকেট দখল কৰে ।

খেল বন্ধ হ’ল গাব্বাত-

ভাৰতীয় খেলুৱৈসকল ওলাই আহিবলৈ সাজু আছিল যদিও তেওঁলোকক পুনৰ ড্ৰেছিং ৰুমলৈ যাবলৈ কোৱা হৈছে । গাব্বাত চাৰিওফালে বিজুলীৰ চিকমিকনি দেখা গৈছে আৰু পিটছ ঢাকি দিয়া হৈছে । আজি বৰষুণৰ বাবে আৰু কিছু হতাশাজনক বিঘিনি ঘটিব পাৰে । গাব্বাৰ ওপৰত ক’লা ডাৱৰ উৰি আছে । আজি গব্বা টেষ্টৰ পঞ্চম দিনা ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে ।

বিগত এঘণ্টা ধৰি বৰষুণ দি আছে-

যোৱা ডেৰ ঘণ্টা ধৰি ব্রিছবেনত বৰষুণ দি আছে ৷ যাৰ বাবে খেলখন বাধাগ্ৰস্ত হৈছে । এতিয়াও গাব্বাৰ ওপৰত ক’লা ডাৱৰ উৰি আছে । ভাৰতীয় ইনিংছ ২৬০ ৰানত সমাপ্ত হয় । দ্বিতীয় ইনিংছত ১৮৫ ৰানৰ অগ্ৰগতিৰে বেটিং কৰিবলৈ ওলাই আহিব অষ্ট্ৰেলিয়াৰ দলটো । মেচখন ড্ৰ’ৰ দিশে আগবাঢ়িছে ।

টিম ইণ্ডিয়াৰ জাৰ্চিত নাম লিখাৰ বাবে কিমান টকা লয় বি চি চি আই-এ ? এখন খেলতে কোটি কোটি টকা উপাৰ্জন

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড অথবা বি চি চি আই হৈছে বিশ্বৰ ভিতৰতে ধনী ক্ৰিকেট ব’ৰ্ড, যাৰ সম্পত্তিৰ পৰিমাণ ১৮ হাজাৰ কোটিতকৈও অধিক । ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ আয়ৰ বহু উৎস আছে । ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, সংবাদ মাধ্যমৰ অধিকাৰ আৰু টাইটেল স্পনছৰশ্বিপ ইয়াৰ আয়ৰ কিছুমান মূল উৎস । ইয়াত বিশেষকৈ যদি আমি টাইটেল স্পনছৰশ্বিপৰ কথা কওঁ, তেন্তে আমি সকলোৱে যোৱা এবছৰ ধৰি টিম ইণ্ডিয়াৰ জাৰ্চিত ডাঙৰ ডাঙৰ আখৰেৰে লিখা ‘DREAM 11’ দেখি আহিছো । কিন্তু প্ৰশ্ন হয়, জাৰ্চিৰ সন্মুখত নাম লিখাৰ বাবে এটা কোম্পানীয়ে বি চি চি আইক কিমান টকা দিব লাগে ?

ড্ৰিম ১১ (DREAM 11’) হৈছে এটা ফেণ্টাচি স্প’ৰ্টছ ব্ৰেণ্ড, যাৰ নেট ৱৰ্থ কোটি টকা । তেওঁলোকে ৩৫৮ কোটি টকাত টিম ইণ্ডিয়াৰ লিড স্পনছৰশ্বিপ ৰাইট ক্ৰয় কৰিছিল । বি চি চি আইৰ সৈতে ৩৫৮ কোটি টকাৰ এই চুক্তি ২০২৩ চনৰ জুলাইৰ পৰা ২০২৬ চনৰ মাৰ্চলৈকে চলিব । বি চি চি আইয়ে দ্বিপাক্ষিক শৃংখলাত টাইটেল স্পনছৰশ্বিপৰ ভিত্তি মূল্য প্ৰতিখন মেচত ৩ কোটি টকা ৰাখিছিল । পূৰ্বে ভাৰতীয় দলৰ জাৰ্চিত এটা এডুকেচন ব্ৰেণ্ড (Byju’s) লিখা আছিল, য’ত প্ৰতিখন মেচত ৫.৫ কোটি টকাৰ ধন দিয়া হৈছিল । এতিয়া ভাৰতৰ পুৰুষ, মহিলা আৰু ১৯ বছৰ অনুৰ্ধ পৰ্যায়ৰ দলৰ জাৰ্চিত ডাঙৰ ডাঙৰ ইংৰাজী আখৰেৰে লিখা দেখা গৈছে ‘DREAM11’  ।

সংবাদ মাধ্যমৰ অধিকাৰ এতিয়া কাৰ ?

ভাৰতত ভাৰতীয় ক্ৰিকেট দল আৰু ক্ৰিকেটৰ জনপ্ৰিয়তা বিবেচনা কৰিলে সংবাদ মাধ্যমৰ অধিকাৰো প্ৰতিবাৰেই হাজাৰ কোটি টকাত বিক্ৰী হৈছে । টিম ইণ্ডিয়াৰ বৰ্তমানৰ সংবাদ মাধ্যমৰ অধিকাৰ ভায়াকম নেটৱৰ্কৰ হাতত আছে, যিয়ে ২০২৩ চনৰ ছেপ্টেম্বৰৰ পৰা ২০২৮ চনৰ মাৰ্চলৈকে ভাৰতৰ মেচ সম্প্ৰচাৰৰ বাবে ৫,৯৬৩ কোটি টকাৰ ধন দিছে ।

দক্ষিণ আফ্ৰিকাৰ জয়ে বাবে বঢ়ালে টিম ইণ্ডিয়াৰ চিন্তা…আকৰ্ষণীয় হৈ পৰিছে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ গণিত

দক্ষিণ আফ্ৰিকা আৰু শ্ৰীলংকাৰ মাজৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন খেল গকেবাৰহাৰ ছেইণ্ট জৰ্জ পাৰ্কত অনুষ্ঠিত হয় । এই টেষ্টত আয়োজক দল দক্ষিণ আফ্ৰিকাই ১০৯ ৰানত জয়লাভ কৰে । মেচখনত জয়ী হ’বলৈ শ্ৰীলংকাই ৩৪৮ ৰানৰ লক্ষ্য অনুসৰণ কৰিছিল । কিন্তু মেচখনৰ পঞ্চম দিনা (৯ ডিচেম্বৰ) দ্বিতীয় ইনিংছত ২৩৮ ৰানতে দলটোৱে আটাইকেইটা উইকেট হেৰুৱাই । এই জয়েৰে দক্ষিণ আফ্ৰিকাই দুখন মেচৰ টেষ্ট শৃংখলা ২-০ ব্যৱধানত দখল কৰে ।

দক্ষিণ আফ্রিকা এতিয়া শীর্ষত…

শ্ৰীলংকাৰ বিৰুদ্ধে এই জয়ৰ পিছত দক্ষিণ আফ্ৰিকাই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউ টি চি)ত ডাঙৰ অগ্ৰগতি লাভ কৰিছে । আফ্ৰিকান দলটোৱে এতিয়া ডব্লিউ টি চিৰ পইণ্ট তালিকাত প্ৰথম স্থানত উপনীত হৈছে । এতিয়া দক্ষিণ আফ্ৰিকাই ৬খনত জয়, ৩খনত পৰাজয় আৰু এখন ড্ৰ’ৰে ১০খন মেচৰ পৰা ৭৬ পইণ্ট লাভ কৰিছে । দক্ষিণ আফ্ৰিকাৰ ন্মবৰ শতাংশ ৬৩.৩৩, যি অষ্ট্ৰেলিয়াতকৈ বেছি ।

আনহাতে, অষ্ট্ৰেলিয়াৰ দলটো এতিয়া দ্বিতীয় স্থানলৈ অৱনমিত হৈছে । এতিয়ালৈকে অষ্ট্ৰেলিয়াই ১৪খন মেচত ১০২ পইণ্ট লাভ কৰি ৯খনত জয়, ৪খনত পৰাজয় আৰু ১খন ড্ৰ’ কৰিছে । তেওঁলোকৰ নম্বৰৰ শতাংশ ৬০.৭১ । বৰ্তমান তৃতীয় স্থানত থকা ভাৰতে ৯খনত জয়, ৬খনত পৰাজয় আৰু এখন ড্ৰ’ৰে ১৬খন খেলৰ পৰা ১১০ পইণ্ট লাভ কৰিছে । তেওঁলোকৰ নম্বৰৰ শতকৰা হাৰ ৫৭.২৯ । বৰ্তমানৰ চক্ৰত ভাৰতে আৰু ৩ খন মেচ খেলিব লাগিব, যি কেৱল অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আছে ।

এই পৰাজয়ৰ মাজতো শ্ৰীলংকাৰ দলটো চতুৰ্থ স্থানত আছে যদিও ফাইনেলত প্ৰৱেশৰ সম্ভাৱনা প্ৰায় শেষ হৈছে । শ্ৰীলংকাৰ ৪৫.৪৫ শতাংশ নম্বৰ আছে আৰু সৰ্বোচ্চ ৫৩.৮৫ শতাংশ নম্বৰ লাভ কৰাৰ সম্ভাৱনা আছে । ইংলেণ্ড পঞ্চম আৰু নিউজীলেণ্ড ষষ্ঠ স্থানত আছে । আনহাতে পাকিস্তান সপ্তম, বাংলাদেশ অষ্টম আৰু ৱেষ্ট ইণ্ডিজ নৱম স্থানত আছে । নিউজীলেণ্ড, ইংলেণ্ড, পাকিস্তান, বাংলাদেশ আৰু ৱেষ্ট ইণ্ডিজ ফাইনেলৰ দৌৰৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি আছে ।

এতিয়া ভাৰতৰ বাবে এই সমীকৰণ-

দেখা যায় যে, দক্ষিণ আফ্ৰিকাৰ বাবে এতিয়া ফাইনেলৰ পথ সহজ হৈ পৰিছে । দক্ষিণ আফ্ৰিকাই এতিয়া ঘৰুৱা ক্ষেত্ৰত পাকিস্তানৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলা খেলিব লাগিব । এই ছিৰিজত যদি আফ্ৰিকান দলটোৱে এখন মেচতো জয়ী হয় তেন্তে ডব্লিউ টি চিৰ ফাইনেলত প্ৰৱেশ কৰিব । আনহাতে ভাৰতীয় দলৰ বাবে সমীকৰণটো অধিক কঠিন হৈ পৰিছে । ফাইনেলত প্ৰৱেশ কৰিবলৈ হ’লে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৪-১ ব্যৱধানত শৃংখলা জয় কৰিব লাগিব ভাৰতে ।

অৰ্থাৎ ফাইনেলত প্ৰৱেশ কৰিবলৈ হ’লে ভাৰতে বাকী তিনিখন টেষ্টত জয়ী হ’ব লাগিব, যাতে ৬৩.১৫ শতাংশ নম্বৰত উপনীত হ’ব পাৰে । কিন্তু ভাৰতীয় দলটোৱে যদি এখন টেষ্টতো পৰাস্ত হয় তেন্তে পইণ্টৰ শতকৰা হাৰ ৫৭.৮৯ লৈ হ্ৰাস পাব । এনে পৰিস্থিতিত ভাৰতীয় দলটোৱে আশা কৰিব লাগিব যে পাকিস্তানে দক্ষিণ আফ্ৰিকাক ২-০ ব্যৱধানত পৰাস্ত কৰিব । আনহাতে শ্ৰীলংকাই ঘৰুৱা ক্ষেত্ৰত অষ্ট্ৰেলিয়াক ২-০ বা ১-০ ব্যৱধানত পৰাস্ত কৰিব লাগিব, অন্যথা দুয়োখন টেষ্ট ড্ৰ’ হ’ব লাগিব ।

পৰাজয়ৰ আশংকাত টিম ইণ্ডিয়াঃ কেংগাৰুৰ বিধ্বংসী বলিং, দ্বিতীয় ইনিংছতো বেটিং ব্যৰ্থতা

এডিলেইড টেষ্টত দ্বিতীয় দিনাৰ খেলৰ শেষলৈকে ভাৰতে দ্বিতীয় ইনিংছত ৫ টা উইকেট হেৰুৱাই ১২৮ ৰাণ সংগ্ৰহ কৰিছে । ভাৰতীয় দলটো এতিয়াও প্ৰথম ইনিংছত ২৯ ৰাণত পিছ পৰি আছে । ভাৰতৰ দ্বিতীয় ইনিংছত ঋষভ পন্টে বৰ্তমান ২৮ ৰাণত অপৰাজিত আছে আৰু নীতিশ কুমাৰ ৰেড্ডীয়ে ১৫ ৰাণ সংগ্ৰহ কৰি ক্ৰীজত আছে । এতিয়ালৈকে, পেট কামিন্স আৰু স্ক’ট বোলেণ্ডে অষ্ট্ৰেলিয়াৰ হৈ দুটাকৈ উইকেট দখল কৰিছে, আনহাতে মিচেল ষ্টাৰ্কে এটা উইকেট দখল কৰিছে ।

প্ৰথম দিনাৰ খেলৰ শেষলৈ অষ্ট্ৰেলিয়াই এটা উইকেট হেৰুৱাই ৮৬ ৰাণ সংগ্ৰহ কৰিছিল । দ্বিতীয় দিনটো ভাৰতৰ বাবে ভাল আৰম্ভণি হৈছিল, কাৰণ নাথান মেকচুইনি আৰু ষ্টিভ স্মিথ সোনকালেই আউট হৈ পেভিলিয়নলৈ উভতি আহিছিল । মাৰ্নাছ লাবুচাগেনে ৬৪ ৰাণৰ অৰ্ধশতক অৰ্জন কৰে, কিন্তু ট্ৰেভিছ হেডে সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে । হেডে ৯৯ তকৈ অধিক ষ্ট্ৰাইক ৰেটত ১৪০ৰাণ সংগ্ৰহ কৰে, যিটো তেওঁৰ টেষ্ট কেৰিয়াৰৰ অষ্টমটো শতক আছিল ।

পৰাজয়ৰ পৰা ৫ উইকেটৰ দূৰত ভাৰত-

প্ৰথম ইনিংছত ভাৰতৰ বিৰুদ্ধে ১৫৭ ৰানত অগ্ৰগতি লাভ কৰিছিল অষ্ট্ৰেলিয়াই । যশস্বী জয়ছোৱাল আৰু কে এল ৰাহুলে ভাৰতৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰে । মাত্ৰ ৭ ৰান সংগ্ৰহ কৰি ৰাহুল আউট হয় । জয়ছোৱাল আৰু শুভমন গীলে ক্ৰমে ২৪ আৰু ২৮ ৰান সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় । ইফালে প্ৰথম টেষ্টৰ দ্বিতীয় ইনিংছত শতক অৰ্জন কৰা বিৰাট কোহলীয়ে মাত্ৰ ১১ ৰান কৰিয়েই পেভিলিয়নৰ বাট বুলে । ক্ৰীজলৈ অহাৰ পিছৰে পৰা অধিনায়ক ৰোহিত শৰ্মাক সংগ্ৰাম কৰি থকা দেখা যায় । অধিনায়কগৰাকীক পেট কামিন্সে ব্যক্তিগত ৬ ৰানৰ স্ক’ৰত ক্লিন বল্ড কৰে । এতিয়া ভাৰত পৰাজয়ৰ পৰা মাত্ৰ ৫ উইকেট দূৰত ।

ঋষভ পন্টৰ পৰা আশা-

বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত সময়ে সময়ে টিম ইণ্ডিয়াৰ বাবে ত্ৰাণকৰ্তা হৈ আহিছে ঋষভ পন্ট । দ্বিতীয় দিনৰ খেলৰ শেষলৈকে ঋষভ পণ্টে বৰ্তমান  ১১২ ৰানৰ ষ্ট্ৰাইক ৰেটত ২৮ ৰান সংগ্ৰহ কৰি খেলি আছে । তেওঁৰ লগতে নীতিশ কুমাৰ ৰেড্ডীয়েও ১৪টা বলত ১৫ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ আছে । দুয়োজনে দ্ৰুত শ্বট মাৰি খেলিবলৈ চেষ্টা কৰিছিল । ইনিংছৰ পৰাজয়ৰ পৰা হাত সাৰিবলৈ টিম ইণ্ডিয়াই কমেও ২৯ ৰান সংগ্ৰহ কৰিব লাগিব ।