এবছৰৰ বাবে স্থগিত টিম ইণ্ডিয়াৰ বাংলাদেশ ভ্ৰমণ

এবছৰৰ বাবে স্থগিত টিম ইণ্ডিয়াৰ বাংলাদেশ ভ্ৰমণ; বি চি চি আইয়ে জাৰি কৰিলে বিবৃতি

এবছৰৰ বাবে স্থগিত টিম ইণ্ডিয়াৰ বাংলাদেশ ভ্ৰমণ চলিত বৰ্ষৰ আগষ্টত ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হ’বলগীয়া সীমিত অভাৰৰ শৃংখলা পিছুৱাই দিয়া হৈছে । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এক বিবৃতি প্ৰকাশ কৰি ভাৰতীয় ব’ৰ্ড আৰু বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে সহমতৰ ভিত্তিত এই শৃংখলা পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ

এবছৰৰ বাবে স্থগিত টিম ইণ্ডিয়াৰ বাংলাদেশ ভ্ৰমণ

চলিত বৰ্ষৰ আগষ্টত ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হ’বলগীয়া সীমিত অভাৰৰ শৃংখলা পিছুৱাই দিয়া হৈছে । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এক বিবৃতি প্ৰকাশ কৰি ভাৰতীয় ব’ৰ্ড আৰু বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে সহমতৰ ভিত্তিত এই শৃংখলা পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰিছে । দুয়োখন দেশৰ মাজত এই শৃংখলা এতিয়া ২০২৬ চনৰ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’ব ।

পৰৱৰ্তী সময়ত প্ৰকাশ কৰা হ’ব সংশোধিত সূচী-

দুয়োটা দলৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিশ্ৰুতি আৰু সূচীৰ সুবিধাৰ কথা মনত ৰাখি দুয়োখন ব’ৰ্ডৰ মাজত আলোচনাৰ অন্তত এই সিদ্ধান্ত লোৱা বুলি বি চি চি আইয়ে প্ৰকাশ কৰে । ২০২৬ চনৰ ছেপ্টেম্বৰ মাহত এই ছিৰিজৰ বাবে টিম ইণ্ডিয়াক আদৰণি জনোৱাৰ বাবে বি চি বি আগ্ৰহী ।

ৰোহিত-কোহলীৰ বাবে বাঢ়িব অপেক্ষা-

টিম ইণ্ডিয়াৰ বাংলাদেশ ভ্ৰমণ স্থগিত ৰখাৰ সিদ্ধান্তই ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ অনুৰাগীৰ বাবে এক জোকাৰণিৰ সৃষ্টি কৰিছে । কাৰণ এতিয়াৰে পৰা ৰোহিত আৰু কোহলীয়ে ভাৰতৰ হৈ কেৱল এদিনীয়া মেচহে খেলিব । কিয়নো দুয়োজনেই টেষ্ট আৰু টি-২০ ইণ্টাৰনেশ্যনেলৰ পৰা অৱসৰ লৈছে । তেওঁলোকৰ অনুৰাগীসকলে আশা কৰিছিল যে ৰোহিত-কোহলী যুটি বাংলাদেশৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত খেলিব, কিন্তু এতিয়া এই ভ্ৰমণ এবছৰৰ বাবে পিছুৱাই দিয়াৰ বাবে ৰোহিত-কোহলীক খেলপথাৰত দেখাৰ অপেক্ষাও বৃদ্ধি পাইছে ।

১৭ আগষ্টৰ পৰা অনুষ্ঠিত হ’বলগীয়া আছিল এই শৃংখলা-

বৰ্তমান ভাৰতীয় দলটো ইংলেণ্ড ভ্ৰমণত আছে য’ত পাঁচখন মেচৰ টেষ্ট শৃংখলা খেলি আছে । ভাৰতৰ ইংলেণ্ড ভ্ৰমণ ৪ আগষ্টলৈকে চলিব । ১৭ আগষ্টৰ পৰা ভাৰত আৰু বাংলাদেশৰ মাজত এদিনীয়া আৰু টি-২০ শৃংখলা আৰম্ভ হ’ব লাগিছিল । সূচী অনুসৰি ভাৰতে প্ৰথমে তিনিখন এদিনীয়া খেলাৰ কথা আছিল আৰু তাৰ পিছত দুয়োটা দলৰ মাজত তিনিখন মেচৰ টি-২০ শৃংখলা অনুষ্ঠিত হোৱাৰ কথা আছিল ।

লগতে পঢ়ক : আই চি চি টেষ্ট ৰেংকিঙত শীৰ্ষ ৫ গৰাকী বলাৰ কোন ? ভাৰতৰ কেইজন খেলুৱৈ অন্তৰ্ভুক্ত হৈছে ?