২৮ ছেপ্টেম্বৰত মুম্বাইত অনুষ্ঠিত হ’ব বি চি চি আইৰ বাৰ্ষিক সাধাৰণ সভা… অধ্যক্ষকে ধৰি সকলো পদৰ নিৰ্বাচন

২৮ ছেপ্টেম্বৰত মুম্বাইত অনুষ্ঠিত হ’ব বি চি চি আইৰ বাৰ্ষিক সাধাৰণ সভা

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ এ জি এম অৰ্থাৎ বাৰ্ষিক সাধাৰণ সভা ২৮ ছেপ্টেম্বৰত মুম্বাইত অনুষ্ঠিত হ’ব । এই সময়ছোৱাত ব’ৰ্ডৰ অধ্যক্ষ আৰু আই পি এলৰ অধ্যক্ষকে ধৰি কেইবাটাও পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব । চলিত মাহৰ আৰম্ভণিতে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ৰজাৰ বিনীয়ে পদত্যাগ কৰাৰ পিছত বি চি চি আইৰ অধ্যক্ষ পদ খালী হোৱাৰ বিপৰীতে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ অধ্যক্ষ অৰুণ ধুমলে ছবছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পিছত বাধ্যতামূলক কুলিং পিৰিয়ডলৈ যোৱাৰ সম্ভাৱনা আছে ।

পদ অক্ষুণ্ণ ৰখাৰ সম্ভাৱনা-

বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াই এই পৰ্যন্ত প্ৰায় তিনি বছৰৰ কাৰ্যকাল সম্পূৰ্ণ কৰিছে । ইয়াত তেওঁ দুবছৰ তিনিমাহ যুটীয়া সচিব আৰু ৯ মাহ সচিব হিচাপে কাম কৰি আহিছে । এনে পৰিস্থিতিত পদটোত তেওঁৰ ধাৰাবাহিকতা প্ৰায় নিশ্চিত বুলি ধৰা হৈছে । দৰাচলতে জয় শ্বাহ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ অধ্যক্ষ হোৱাৰ পাছত চলিত বৰ্ষৰ জানুৱাৰী মাহত সৰ্বসন্মতিক্ৰমে সচিব নিৰ্বাচিত হৈছিল শইকীয়া । ইয়াৰ উপৰিও পদ অক্ষুণ্ণ ৰখাৰ সম্ভাৱনা থকা আন বিষয়াসকলৰ ভিতৰত আছে ৰোহন গৌণ দেশাই আৰু প্ৰভতেজ ভাটিয়া । চলিত বৰ্ষৰ মাৰ্চ মাহত দেশাই যুটীয়া সচিব নিৰ্বাচিত হোৱাৰ লগতে জানুৱাৰী মাহত ভাটিয়াক শইকীয়াৰ সৈতে কোষাধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয় ।

২০২২ত অধ্যক্ষ হৈছিল বিনী-

২০২২ চনৰ অক্টোবৰ মাহত বিনীক বি চি চি আইৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিল । ভাৰতীয় প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ ঠাইত বিনীক বি চি চি আইৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিল । গাংগুলীয়ে তিনি বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰিছিল । তেতিয়া বিনীয়েই আছিল শীৰ্ষ পদৰ বাবে মনোনয়ন দাখিল কৰা একমাত্ৰ প্ৰাৰ্থী । ইয়াৰ পূৰ্বে ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া বি চি চি আইৰ এ জি এমলৈকে বিনী এই পদত থাকিব বুলি খবৰ ওলাইছিল যদিও জুলাই মাহত ৭০ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে তেওঁৰ কাৰ্যকাল শেষ হয় ।

অধ্যক্ষ হিচাপে বিনীৰ কাৰ্যকাল-

বিনী বি চি চি আইৰ অধ্যক্ষ হোৱাৰ পিছত ভাৰতে দুখন সীমিত অভাৰ ফৰ্মেট আই চি চি প্ৰতিযোগিতাত জয়লাভ কৰে । ভাৰতে আই চি চি টি-২০ বিশ্বকাপ ২০২৪ আৰু আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ত জয়লাভ কৰে । ঐতিহাসিক মহিলা প্ৰিমিয়াৰ লীগ (ডব্লিউ পি এল)ও বিনীৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত আৰম্ভ হয় । অধ্যক্ষ হিচাপে থকা সময়ছোৱাত ঘৰুৱা ক্ৰিকেটে উন্নত উৎসাহ লাভ কৰিছিল । খেলুৱৈৰ দৰমহা বৃদ্ধি কৰি টিম ইণ্ডিয়াৰ জ্যেষ্ঠ খেলুৱৈসকলক ঘৰুৱা প্ৰতিযোগিতাত খেলা কৰিবলৈ উপযুক্ত আৰু কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হয় ।

লগতে পঢ়ক : হকী এছিয়া কাপৰ ফাইনেলত ভাৰত… ৭-০ত পৰাস্ত চীন

এছিয়া কাপ ‘বৰ্জন’ কৰিবলৈ সাজু বি চি চি আই; এ চি চিৰ বৈঠকত উপস্থিত থাকিবলৈ অস্বীকাৰ

এছিয়া কাপ ‘বৰ্জন’ কৰিবলৈ সাজু বি চি চি আই

এছিয়া কাপ ২০২৫ লৈ অব্যাহত আছে অনিশ্চয়তা । প্ৰতিবেদন অনুসৰি যদি এছিয়ান ক্ৰিকেট পৰিষদৰ বাৰ্ষিক সাধাৰণ সভা (এ জি এম) ঢাকাত অনুষ্ঠিত হয়, তেন্তে বি চি চি আইয়ে যিকোনো প্ৰস্তাৱক “বৰ্জন” কৰিব পাৰে । টি-২০ ফৰ্মেটত ছটা দলৰ মাজত অনুষ্ঠিত হ’ব লগা প্ৰতিযোগিতা এছিয়া কাপৰ ভৱিষ্যত অনিশ্চিত । ভাৰত এই প্ৰতিযোগিতাৰ নিৰ্দিষ্ট আয়োজক আৰু এ চি চিয়ে এতিয়াও ঘোষণা কৰা নাই প্ৰতিযোগিতাখনৰ সূচী বা স্থান । আনহাতে, ছেপ্টেম্বৰ মাহত প্ৰতিযোগিতাখনৰ আয়োজনৰ কথা আছিল যদিও এতিয়া এই প্ৰতিযোগিতাৰ ওপৰত সংকটৰ ডাৱৰ উৰিছে ।

উল্লেখ্য যে ২৪ জুলাইত ঢাকাত সভা অনুষ্ঠিত হোৱাৰ কথা । কিন্তু শেহতীয়াকৈ ভাৰত আৰু বাংলাদেশৰ মাজত যি পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে বৈঠকৰ বাবে যাত্ৰা কৰিবলৈ অস্বীকাৰ কৰিছে । শেহতীয়াকৈ বি চি চি আই আৰু বি চি বিয়ে পাৰস্পৰিকভাৱে ভাৰতৰ বাংলাদেশ ভ্ৰমণ ২০২৫ চনৰ আগষ্টৰ পৰা ২০২৬ চনৰ ছেপ্টেম্বৰলৈ পিছুৱাই দিয়াৰ সিদ্ধান্ত লৈছিল ।

পাকিস্তানৰ গৃহমন্ত্ৰী মহছিন নাকভি এ চি চিৰ নেতৃত্বত আছে । প্ৰকাশিত বাতৰি অনুসৰি বৈঠক সন্দৰ্ভত নাকভিয়ে ভাৰতৰ ওপৰত “অপ্ৰয়োজনীয় হেঁচা” প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছে । লগতে বি চি চি আইয়ে সংস্থাটোৰ অধ্যক্ষক সভাৰ স্থান সলনি কৰিবলৈ অনুৰোধ জনাইছিল যদিও এতিয়ালৈকে কোনো সঁহাৰি পোৱা নাই ।

প্ৰতিবেদন অনুসৰি ভাৰতৰ বাহিৰেও শ্ৰীলংকা, আফগানিস্তান আৰু ওমানৰ ক্ৰিকেট ব’ৰ্ডেও এই বৈঠকৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত ল’ব পাৰে । এই দেশসমূহেও ঢাকাক বৈঠকৰ স্থান হিচাপে লোৱাত আপত্তি প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : ‘ঋষভ পন্তক চতুৰ্থ টেষ্টৰ পৰা আঁতৰাই ৰাখক’;ৰবি শাস্ত্ৰীয়ে টিম ইণ্ডিয়াক দিলে পৰামৰ্শ

এবছৰৰ বাবে স্থগিত টিম ইণ্ডিয়াৰ বাংলাদেশ ভ্ৰমণ; বি চি চি আইয়ে জাৰি কৰিলে বিবৃতি

এবছৰৰ বাবে স্থগিত টিম ইণ্ডিয়াৰ বাংলাদেশ ভ্ৰমণ

চলিত বৰ্ষৰ আগষ্টত ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হ’বলগীয়া সীমিত অভাৰৰ শৃংখলা পিছুৱাই দিয়া হৈছে । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এক বিবৃতি প্ৰকাশ কৰি ভাৰতীয় ব’ৰ্ড আৰু বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে সহমতৰ ভিত্তিত এই শৃংখলা পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰিছে । দুয়োখন দেশৰ মাজত এই শৃংখলা এতিয়া ২০২৬ চনৰ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’ব ।

পৰৱৰ্তী সময়ত প্ৰকাশ কৰা হ’ব সংশোধিত সূচী-

দুয়োটা দলৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিশ্ৰুতি আৰু সূচীৰ সুবিধাৰ কথা মনত ৰাখি দুয়োখন ব’ৰ্ডৰ মাজত আলোচনাৰ অন্তত এই সিদ্ধান্ত লোৱা বুলি বি চি চি আইয়ে প্ৰকাশ কৰে । ২০২৬ চনৰ ছেপ্টেম্বৰ মাহত এই ছিৰিজৰ বাবে টিম ইণ্ডিয়াক আদৰণি জনোৱাৰ বাবে বি চি বি আগ্ৰহী ।

ৰোহিত-কোহলীৰ বাবে বাঢ়িব অপেক্ষা-

টিম ইণ্ডিয়াৰ বাংলাদেশ ভ্ৰমণ স্থগিত ৰখাৰ সিদ্ধান্তই ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ অনুৰাগীৰ বাবে এক জোকাৰণিৰ সৃষ্টি কৰিছে । কাৰণ এতিয়াৰে পৰা ৰোহিত আৰু কোহলীয়ে ভাৰতৰ হৈ কেৱল এদিনীয়া মেচহে খেলিব । কিয়নো দুয়োজনেই টেষ্ট আৰু টি-২০ ইণ্টাৰনেশ্যনেলৰ পৰা অৱসৰ লৈছে । তেওঁলোকৰ অনুৰাগীসকলে আশা কৰিছিল যে ৰোহিত-কোহলী যুটি বাংলাদেশৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত খেলিব, কিন্তু এতিয়া এই ভ্ৰমণ এবছৰৰ বাবে পিছুৱাই দিয়াৰ বাবে ৰোহিত-কোহলীক খেলপথাৰত দেখাৰ অপেক্ষাও বৃদ্ধি পাইছে ।

১৭ আগষ্টৰ পৰা অনুষ্ঠিত হ’বলগীয়া আছিল এই শৃংখলা-

বৰ্তমান ভাৰতীয় দলটো ইংলেণ্ড ভ্ৰমণত আছে য’ত পাঁচখন মেচৰ টেষ্ট শৃংখলা খেলি আছে । ভাৰতৰ ইংলেণ্ড ভ্ৰমণ ৪ আগষ্টলৈকে চলিব । ১৭ আগষ্টৰ পৰা ভাৰত আৰু বাংলাদেশৰ মাজত এদিনীয়া আৰু টি-২০ শৃংখলা আৰম্ভ হ’ব লাগিছিল । সূচী অনুসৰি ভাৰতে প্ৰথমে তিনিখন এদিনীয়া খেলাৰ কথা আছিল আৰু তাৰ পিছত দুয়োটা দলৰ মাজত তিনিখন মেচৰ টি-২০ শৃংখলা অনুষ্ঠিত হোৱাৰ কথা আছিল ।

লগতে পঢ়ক : আই চি চি টেষ্ট ৰেংকিঙত শীৰ্ষ ৫ গৰাকী বলাৰ কোন ? ভাৰতৰ কেইজন খেলুৱৈ অন্তৰ্ভুক্ত হৈছে ?

‘RCBৰ ইভেণ্টত আমাৰ কোনো ভূমিকা নাই, কিন্তু…; বেংগালুৰু ঘটনা সন্দৰ্ভত BCCI ৰ বিবৃতি

বেংগালুৰু ঘটনা সন্দৰ্ভত BCCI ৰ বিবৃতি

আই পি এল ২০২৫ত ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ (RCB) ঐতিহাসিক জয় উদযাপনৰ পূৰ্বে বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত পদপৃষ্ট হৈ ১১ জন লোকৰ মৃত্যু হৈছে।

আনহাতে বহু লোক আহত হৈছে বুলি জানিব পৰা গৈছে। এই ঘটনা সন্দৰ্ভত এতিয়া BCCI এ সচিব দেৱজিৎ শইকীয়াই কয় যে, এইটো এটা অতি দুৰ্ভাগ্যজনক ঘটনা।এনে ঘটনাৰ পৰা সকলোৱে শিক্ষা লব লাগে।

দেৱজিৎ শইকীয়াই লগতে কয় যে, ‘মই ভাবো এই ঘটনাত কিছু ভুল হৈছে।যদিও RCBৰ এই অনুষ্ঠানৰ সৈতে BCCIৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই,কিন্তু তথাপিও আমি ইয়াৰ পৰা শিক্ষা লোৱা উচিত।’

তেওঁ আৰু কয় যে BCCI এ এতিয়া এনে বিজয় উদযাপনৰ সন্দৰ্ভত কিছু নতুন নিয়ম প্ৰণয়নৰ কথা চিন্তা কৰিছে,যাতে ভৱিষ্যতে এনে ঘটনা ৰোধ কৰিব পৰা যায়।

BCCIৰ উপ সভাপতি ৰাজীৱ শুক্লাৰ বক্তব্য

এই দুৰ্ঘটনা সন্দৰ্ভত বিচিচিআইৰ উপ-সভাপতি ৰাজীৱ শুক্লাই কয় যে’ যি সহায় কৰিব পাৰি, আমি নিশ্চয় কৰিম।কৰ্ণাটক চৰকাৰৰ লগত মোৰ অহৰহ কথা-বতৰা হৈ আছে’।

‘ আমিও এই বিষয়ত গুৰুত্বসহকাৰে আলোচনা কৰি আছো।এই কৰুণ ঘটনাক লৈ ৰাজনীতি হ’ব নালাগে। এনে ঘটনা যিকোনো ঠাইতে হ’ব পাৰে, গতিকে ইয়াৰ সমাধান সামূহিক প্ৰচেষ্টাৰেহে সম্ভৱ’।

উপ-সভাপতি লগতে কয় যে, ‘ক্ৰিকেট এটা খেল,ইয়াত ৰাজনীতিৰ কোনো স্থান থাকিব নালাগে।আই পি এলৰ দৰে লীগত এনে ঘটনা ঘটিব, এই কথা কোনেও কল্পনা কৰা নাছিল। আমি সকলো ক্ষতিগ্ৰস্ত পৰিয়ালৰ সৈতে থিয় দিছো আৰু সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ’।

লগতে পঢ়ক: “অসমত আছে বাংলাদেশ আৰু পাকিস্তানৰ ফেচবুক ইউজাৰ”; মুখ্যমন্ত্ৰী

হাৰ্দিক পাণ্ডিয়াৰ বিৰুদ্ধে BCCI এ ললে ব্যৱস্থা ; পাঞ্জাৱ কিংছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰলৈও নিৰ্দেশ

হাৰ্দিক পাণ্ডিয়াৰ বিৰুদ্ধে BCCI এ ললে ব্যৱস্থা

দেওবাৰে আই পি এল ২০২৫ৰ দ্বিতীয়খন কোৱালিফায়াৰত পাঞ্জাৱ কিংছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰৰ ৪১টা বলত অপৰাজিত ৮৭ ৰানৰ সহায়ত মুম্বাই ইণ্ডিয়ানছ (এম আই)ক ৫ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।

ইয়াৰ লগে লগে এইটোও গম পোৱা গৈছে যে আই পি এলে এই ছিজনত নতুন চেম্পিয়ন লাভ কৰিব।

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত বৰষুণৰ বাবে খেলখন পলমকৈ আৰম্ভ হোৱা খেলখনত দুয়োগৰাকী অধিনায়কক BCCI এ জৰিমনা বিহা হৈছে।

পাঞ্জাৱ কিংছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰ আৰু মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াক নিজৰ নিজৰ দলৰ স্লো অভাৰ ৰেটৰ বাবে জৰিমনা ভৰিবলগীয়া হৈছে।

BCCI এ শ্ৰেয়াছ আয়াৰক ২৪ লাখ টকা জৰিমনা বিহা হয়।আই পি এলৰ ক’ড অৱ কণ্ডাক্ট, ২০১৯ৰ অধীনত তেওঁৰ দলৰ এই ছিজনৰ দ্বিতীয়টো অপৰাধ আছিল।

আনহাতে পাণ্ডিয়াক তৃতীয়বাৰৰ বাবে অপৰাধ সংঘটিত কৰাৰ বাবে ৩০ লাখ টকা জৰিমনা বিহা হয়।

বাকী পঞ্জাৱৰ সদস্যসকলক হয় ৬ লাখ টকা বা তেওঁলোকৰ মেচ মাচুলৰ ২৫% (যিটো কম) জৰিমনা বিহা হৈছিল, আনহাতে মুম্বাইৰ বাবে এই সংখ্যা ১২ লাখ টকা আৰু ৫০% হয়।

এইটো তৃতীয়টো অভাৰ ৰেট অপৰাধ হোৱাৰ পিছতো হাৰ্দিকে নিলম্বনৰ সন্মুখীন নহ’ব।যেনেদৰে আই পি এল ২০২৪ৰ শেষত তেওঁ মুখামুখি হ’বলগীয়া হৈছিল, যাৰ বাবে তেওঁ আই পি এল ২০২৫ৰ প্ৰথমখন মেচ খেলিব পৰা নাছিল, কাৰণ সেই নিয়ম চলিত ছিজনৰ আগতেই সংশোধন কৰা হৈছিল।

লগতে পঢ়ক: সেনাৰ শিবিৰত ভয়ংকৰ ভূমিস্খলন; সন্ধান নাই  ৯ সেনা জোৱানৰ

ভাৰত আৰু পাকিস্তানৰ বিবাদক লৈ BCCI-ৰ ডাঙৰ ঘোষণা; এছিয়া কাপত অংশগ্ৰহণ নকৰে টীম ইণ্ডিয়াই!

৮ মে’ত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰা হৈছিল।অৱশ্যে দুয়োখন দেশৰ মাজত এতিয়াও উত্তেজনা অব্যাহত আছে।বৰ্তমানৰ উত্তেজনাই দুয়োখন দেশৰ ক্ৰিকেটৰ ওপৰটো প্ৰভাৱ পেলাব পাৰে।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এছিয়ান ক্ৰিকেট পৰিষদক মৌখিকভাৱে জনাইছে যে তেওঁলোকে আগন্তুক পুৰুষ এছিয়া কাপ ২০২৫ৰ পৰা আঁতৰি আহিছে, লগতে, তেওঁলোকে ইয়াক আয়োজন নকৰে।

কেৱল এয়াই নহয়, ভাৰতীয় মহিলা দলটোৱেও এছিয়া কাপ ২০২৫, ত অংশগ্ৰহণ নকৰে, যিটো অহা মাহত শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া আছিল।

ভাৰতে অংশগ্ৰহণ নকৰাৰ বাবে মহিলা উদীয়মান দলৰ এছিয়া কাপ বাতিল কৰা হৈছে ।ছেপ্টেম্বৰ মাহত পুৰুষ এছিয়া কাপ অনুষ্ঠিত কৰাৰ কথা ক’বলৈ গ’লে এচিচিৰ বৈঠকত শীঘ্ৰে এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব।

সম্প্ৰতি এছিয়ান ক্ৰিকেট কাউন্সিলৰ সভাপতি পাকিস্তানৰ গৃহমন্ত্ৰী মহছিন নাকৱী হয়,যি পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ (পিচিবি) অধ্যক্ষও।এই পদক্ষেপৰ জৰিয়তে বিচিচিআইয়ে ক্ৰিকেটতো পাকিস্তানক পৃথক কৰাৰ চেষ্টা কৰিছে।

যদি ভাৰতে এছিয়া কাপত অংশগ্ৰহণ নকৰে তেন্তে এই প্ৰতিযোগিতাখন আয়োজন কৰাটো অসম্ভৱ কাৰণ আন্তঃৰাষ্ট্ৰীয় মেচৰ পৃষ্ঠপোষকসকলৰ অধিকাংশই ভাৰতৰ।

বি চি চি আইত কোনে  ল’লে জয় শ্বাহৰ ঠাই ? প্ৰাক্তন ক্ৰিকেটাৰক নতুন সচিব হিচাপে নিযুক্তি ব’ৰ্ডৰ সভাপতিৰ

বি চি চি আইৰ সভাপতি ৰজাৰ বিন্নীয়ে দেৱজিৎ শইকীয়াক ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ কাৰ্যবাহী সচিব হিচাপে নিযুক্তি দিছে । ১ ডিচেম্বৰৰ পৰা আই চি চিৰ নতুন অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰা জয় শ্বাহৰ ঠাইত তেওঁক নিযুক্তি দিয়া হৈছে । স্থায়ী সচিব নিযুক্তি নোপোৱালৈকে অন্তৱৰ্তীকালীন পদত থাকিব অসম সন্তান দেৱজিৎ শইকীয়া । উল্লেখ্য যে ২০১৯ বৰ্ষৰ পৰা জয় শ্বাহে বি চি চি আইৰ সচিবৰ পদত অধিষ্ঠিত আছিল, কিন্তু এতিয়া বিন্নীয়ে নিজৰ সাংবিধানিক ক্ষমতা ব্যৱহাৰ কৰি এই পদত দেৱজিৎ শইকীয়াক নিযুক্তি দিছে ।

ৰজাৰ বিন্নীয়ে এই ঘোষণা কৰি কয় যে, “বি চি চি আইৰ পৰিস্থিতি আৰু নিয়মৰ প্ৰতি লক্ষ্য ৰাখি এই পদত স্থায়ী নিযুক্তি নোহোৱালৈকে মই আপোনাৰ হাতত সচিব পদৰ দায়িত্ব অৰ্পণ কৰিছো । মই নিশ্চিত যে আপুনি আপোনাৰ সামৰ্থ আৰু গৌৰৱেৰে আপোনাৰ কাম সম্পাদন কৰিব ।” উল্লেখ্য যে, অহা বছৰ ছেপ্টেম্বৰ পৰ্যন্ত কাৰ্যবাহী সচিব পদত থাকিব শইকীয়া । সচিব পদ খালী হোৱাৰ ৪৫ দিনৰ ভিতৰত বি চি চি আইয়ে নতুনকৈ নিযুক্তি দিব লাগে, সেয়েহে বৰ্তমান দেৱজিৎ শইকীয়াক ভাৰপ্ৰাপ্ত সচিব হিচাপে নিযুক্তি দিয়া হৈছে ।

কোন হয় দেৱজিৎ শইকীয়া ?

দেৱজিৎ শইকীয়া ভাৰতৰ এগৰাকী প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ আছি, তেওঁ এগৰাকী অধিবক্তা হোৱাৰ উপৰিও ক্ৰিকেট প্ৰশাসনৰ অভিজ্ঞতাও আছে । অসম সন্তানগৰাকীয়ে ৰঞ্জী ট্ৰফীত নিজৰ ৰাজ্যক প্ৰতিনিধিত্ব কৰিছিল । শইকীয়াই ক্ৰিকেট কেৰিয়াৰত উইকেটকীপাৰ আৰু মিডল অৰ্ডাৰ বেটছমেনৰ ভূমিকা পালন কৰিছিল । ২০২২ চনৰ পৰা বি চি চি আইৰ যুটীয়া সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি জয় শ্বাহৰ নেতৃত্বত বহু ডাঙৰ সিদ্ধান্ত লোৱাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে শইকীয়াই ।

ইয়াৰ উপৰিও শইকীয়াই ২০২৩ চনৰ মে’ মাহৰ পৰা গুৱাহাটী ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদকৰ পদত অধিষ্ঠিত হৈ আছে । প্ৰথম শ্ৰেণীৰ কেৰিয়াৰত তেওঁ অসমৰ হৈ মাত্ৰ ৪ খন মেচ খেলিছিল য’ত তেওঁ ৫৩ ৰান সংগ্ৰহ কৰিছে । উইকেটকীপাৰৰ ভূমিকাত তেওঁ ৮টা কেচ লোৱাৰ লগতে এজন বেটছমেনক ষ্টাম্প কৰিছে ।