২৮ ছেপ্টেম্বৰত মুম্বাইত অনুষ্ঠিত হ’ব বি চি চি আইৰ বাৰ্ষিক সাধাৰণ সভা...

২৮ ছেপ্টেম্বৰত মুম্বাইত অনুষ্ঠিত হ’ব বি চি চি আইৰ বাৰ্ষিক সাধাৰণ সভা… অধ্যক্ষকে ধৰি সকলো পদৰ নিৰ্বাচন

২৮ ছেপ্টেম্বৰত মুম্বাইত অনুষ্ঠিত হ’ব বি চি চি আইৰ বাৰ্ষিক সাধাৰণ সভা ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ এ জি এম অৰ্থাৎ বাৰ্ষিক সাধাৰণ সভা ২৮ ছেপ্টেম্বৰত মুম্বাইত অনুষ্ঠিত হ’ব । এই সময়ছোৱাত ব’ৰ্ডৰ অধ্যক্ষ আৰু আই পি এলৰ অধ্যক্ষকে ধৰি কেইবাটাও পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব

২৮ ছেপ্টেম্বৰত মুম্বাইত অনুষ্ঠিত হ’ব বি চি চি আইৰ বাৰ্ষিক সাধাৰণ সভা

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ এ জি এম অৰ্থাৎ বাৰ্ষিক সাধাৰণ সভা ২৮ ছেপ্টেম্বৰত মুম্বাইত অনুষ্ঠিত হ’ব । এই সময়ছোৱাত ব’ৰ্ডৰ অধ্যক্ষ আৰু আই পি এলৰ অধ্যক্ষকে ধৰি কেইবাটাও পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব । চলিত মাহৰ আৰম্ভণিতে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ৰজাৰ বিনীয়ে পদত্যাগ কৰাৰ পিছত বি চি চি আইৰ অধ্যক্ষ পদ খালী হোৱাৰ বিপৰীতে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ অধ্যক্ষ অৰুণ ধুমলে ছবছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পিছত বাধ্যতামূলক কুলিং পিৰিয়ডলৈ যোৱাৰ সম্ভাৱনা আছে ।

পদ অক্ষুণ্ণ ৰখাৰ সম্ভাৱনা-

বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াই এই পৰ্যন্ত প্ৰায় তিনি বছৰৰ কাৰ্যকাল সম্পূৰ্ণ কৰিছে । ইয়াত তেওঁ দুবছৰ তিনিমাহ যুটীয়া সচিব আৰু ৯ মাহ সচিব হিচাপে কাম কৰি আহিছে । এনে পৰিস্থিতিত পদটোত তেওঁৰ ধাৰাবাহিকতা প্ৰায় নিশ্চিত বুলি ধৰা হৈছে । দৰাচলতে জয় শ্বাহ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ অধ্যক্ষ হোৱাৰ পাছত চলিত বৰ্ষৰ জানুৱাৰী মাহত সৰ্বসন্মতিক্ৰমে সচিব নিৰ্বাচিত হৈছিল শইকীয়া । ইয়াৰ উপৰিও পদ অক্ষুণ্ণ ৰখাৰ সম্ভাৱনা থকা আন বিষয়াসকলৰ ভিতৰত আছে ৰোহন গৌণ দেশাই আৰু প্ৰভতেজ ভাটিয়া । চলিত বৰ্ষৰ মাৰ্চ মাহত দেশাই যুটীয়া সচিব নিৰ্বাচিত হোৱাৰ লগতে জানুৱাৰী মাহত ভাটিয়াক শইকীয়াৰ সৈতে কোষাধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয় ।

২০২২ত অধ্যক্ষ হৈছিল বিনী-

২০২২ চনৰ অক্টোবৰ মাহত বিনীক বি চি চি আইৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিল । ভাৰতীয় প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ ঠাইত বিনীক বি চি চি আইৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিল । গাংগুলীয়ে তিনি বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰিছিল । তেতিয়া বিনীয়েই আছিল শীৰ্ষ পদৰ বাবে মনোনয়ন দাখিল কৰা একমাত্ৰ প্ৰাৰ্থী । ইয়াৰ পূৰ্বে ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া বি চি চি আইৰ এ জি এমলৈকে বিনী এই পদত থাকিব বুলি খবৰ ওলাইছিল যদিও জুলাই মাহত ৭০ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে তেওঁৰ কাৰ্যকাল শেষ হয় ।

অধ্যক্ষ হিচাপে বিনীৰ কাৰ্যকাল-

বিনী বি চি চি আইৰ অধ্যক্ষ হোৱাৰ পিছত ভাৰতে দুখন সীমিত অভাৰ ফৰ্মেট আই চি চি প্ৰতিযোগিতাত জয়লাভ কৰে । ভাৰতে আই চি চি টি-২০ বিশ্বকাপ ২০২৪ আৰু আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ত জয়লাভ কৰে । ঐতিহাসিক মহিলা প্ৰিমিয়াৰ লীগ (ডব্লিউ পি এল)ও বিনীৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত আৰম্ভ হয় । অধ্যক্ষ হিচাপে থকা সময়ছোৱাত ঘৰুৱা ক্ৰিকেটে উন্নত উৎসাহ লাভ কৰিছিল । খেলুৱৈৰ দৰমহা বৃদ্ধি কৰি টিম ইণ্ডিয়াৰ জ্যেষ্ঠ খেলুৱৈসকলক ঘৰুৱা প্ৰতিযোগিতাত খেলা কৰিবলৈ উপযুক্ত আৰু কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হয় ।

লগতে পঢ়ক : হকী এছিয়া কাপৰ ফাইনেলত ভাৰত… ৭-০ত পৰাস্ত চীন

শেহতীয়া প্ৰৱন্ধসমূহ