ফুটবল কিংবদন্তি লিয়নেল মেছিক টিম ইণ্ডিয়াৰ জাৰ্চি উপহাৰ দিলে জয় শ্বাহে, টি-২০ বিশ্বকাপলৈয়ো জনালে নিমন্ত্ৰণ

দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত আজি উপস্থিত থাকে ফুটবল সম্ৰাট লিয়নেল মেছি । তেওঁক আই চি চিৰ অধ্যক্ষ জয় শ্বাহে প্ৰদান কৰে বিশেষ উপহাৰ ।

বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ লিয়নেল মেছিয়ে তেওঁৰ “GOAT Tour to India 2025″ৰ অংশ হিচাপে কলকাতা, হায়দৰাবাদ আৰু মুম্বাইৰ পিছত দিল্লীত উপস্থিত হয় । এই ভ্ৰমণৰ সময়ত মেছিয়ে ১৫ ডিচেম্বৰ, সোমবাৰে অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে । মেছি চাবলৈ ষ্টেডিয়ামখন অনুৰাগীৰে ভৰি পৰে । অনুৰাগীৰ পৰা লাভ কৰা মৰমত মেছি আপ্লুত হৈ পৰে । মেছিৰ সৈতে আৰ্জেণ্টিনাৰ তাৰকা ফুটবলাৰ ৰড্ৰিগো ডি পল আৰু উৰুগুৱেৰ কিংবদন্তি লুইছ ছুয়াৰেজো উপস্থিত আছিল ।

অৰুণ জেটলী ষ্টেডিয়ামত লিয়নেল মেছিয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ অধ্যক্ষ জয় শ্বাহ, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু দিল্লী জিলা ক্ৰিকেট সন্থাৰ সভাপতি ৰোহন জেটলীক সাক্ষাৎ কৰে । শ্বাহে মেছিক ভাৰতীয় ক্ৰিকেট দলৰ ১০ নম্বৰ জাৰ্চি উপহাৰ দিয়ে । লগতে শ্বাহে লুইছ ছুৱেৰেজক ৯ নম্বৰৰ জাৰ্চি আৰু ৰড্ৰিগো ডি পলক ৭ নম্বৰ জাৰ্চি প্ৰদান কৰে ।

লগতে আই চি চিৰ অধ্যক্ষ জয় শ্বাহে লিয়নেল মেছিক ভাৰতীয় ক্ৰিকেটাৰৰ স্বাক্ষৰিত ক্ৰিকেট বেট প্ৰদান কৰে । অনুষ্ঠানটোক আৰু বিশেষ কৰি তুলিবলৈ শ্বাহে মেছিক আই চি চি টি-২০ বিশ্বকাপ ২০২৬লৈ নিমন্ত্ৰণ কৰি ভাৰত বনাম ইউ এছ এৰ খেলখনৰ টিকট উপহাৰ দিয়ে ।

লিয়নেল মেছিয়ে কয়, “মই পূৰ্বেই জানিছিলোঁ যে ভাৰতত বহুত মৰম পাই, কিন্তু প্ৰত্যক্ষভাৱে অনুভৱ কৰাটো সম্পূৰ্ণ বেলেগ অভিজ্ঞতা আছিল । যোৱা কেইদিনমানত আপোনালোক সকলোৱে আমাৰ বাবে যিখিনি কৰিলে সেয়া আছিল আচৰিত ধৰণৰ, উন্মাদনাতকৈ কম নহয় । আপোনালোকৰ সকলো মৰমৰ বাবে আকৌ এবাৰ ধন্যবাদ । আমি নিশ্চিতভাৱে আকৌ ভাৰতলৈ আহিম, হয়তো মেচ খেলিবলৈ বা আন কোনো অনুষ্ঠানৰ বাবে । কিন্তু এটা কথা নিশ্চিত যে আমি আহিম ।”

লগতে পঢ়ক : কেৱল ৰোহিত-কোহলীয়েই নহয়… বৰ্তমানৰ প্ৰতিগৰাকী ভাৰতীয় খেলুৱৈক লৈ বিচিচিআইৰ কঠোৰ স্থিতি

বি চি চি আইত কোনে  ল’লে জয় শ্বাহৰ ঠাই ? প্ৰাক্তন ক্ৰিকেটাৰক নতুন সচিব হিচাপে নিযুক্তি ব’ৰ্ডৰ সভাপতিৰ

বি চি চি আইৰ সভাপতি ৰজাৰ বিন্নীয়ে দেৱজিৎ শইকীয়াক ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ কাৰ্যবাহী সচিব হিচাপে নিযুক্তি দিছে । ১ ডিচেম্বৰৰ পৰা আই চি চিৰ নতুন অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰা জয় শ্বাহৰ ঠাইত তেওঁক নিযুক্তি দিয়া হৈছে । স্থায়ী সচিব নিযুক্তি নোপোৱালৈকে অন্তৱৰ্তীকালীন পদত থাকিব অসম সন্তান দেৱজিৎ শইকীয়া । উল্লেখ্য যে ২০১৯ বৰ্ষৰ পৰা জয় শ্বাহে বি চি চি আইৰ সচিবৰ পদত অধিষ্ঠিত আছিল, কিন্তু এতিয়া বিন্নীয়ে নিজৰ সাংবিধানিক ক্ষমতা ব্যৱহাৰ কৰি এই পদত দেৱজিৎ শইকীয়াক নিযুক্তি দিছে ।

ৰজাৰ বিন্নীয়ে এই ঘোষণা কৰি কয় যে, “বি চি চি আইৰ পৰিস্থিতি আৰু নিয়মৰ প্ৰতি লক্ষ্য ৰাখি এই পদত স্থায়ী নিযুক্তি নোহোৱালৈকে মই আপোনাৰ হাতত সচিব পদৰ দায়িত্ব অৰ্পণ কৰিছো । মই নিশ্চিত যে আপুনি আপোনাৰ সামৰ্থ আৰু গৌৰৱেৰে আপোনাৰ কাম সম্পাদন কৰিব ।” উল্লেখ্য যে, অহা বছৰ ছেপ্টেম্বৰ পৰ্যন্ত কাৰ্যবাহী সচিব পদত থাকিব শইকীয়া । সচিব পদ খালী হোৱাৰ ৪৫ দিনৰ ভিতৰত বি চি চি আইয়ে নতুনকৈ নিযুক্তি দিব লাগে, সেয়েহে বৰ্তমান দেৱজিৎ শইকীয়াক ভাৰপ্ৰাপ্ত সচিব হিচাপে নিযুক্তি দিয়া হৈছে ।

কোন হয় দেৱজিৎ শইকীয়া ?

দেৱজিৎ শইকীয়া ভাৰতৰ এগৰাকী প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ আছি, তেওঁ এগৰাকী অধিবক্তা হোৱাৰ উপৰিও ক্ৰিকেট প্ৰশাসনৰ অভিজ্ঞতাও আছে । অসম সন্তানগৰাকীয়ে ৰঞ্জী ট্ৰফীত নিজৰ ৰাজ্যক প্ৰতিনিধিত্ব কৰিছিল । শইকীয়াই ক্ৰিকেট কেৰিয়াৰত উইকেটকীপাৰ আৰু মিডল অৰ্ডাৰ বেটছমেনৰ ভূমিকা পালন কৰিছিল । ২০২২ চনৰ পৰা বি চি চি আইৰ যুটীয়া সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি জয় শ্বাহৰ নেতৃত্বত বহু ডাঙৰ সিদ্ধান্ত লোৱাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে শইকীয়াই ।

ইয়াৰ উপৰিও শইকীয়াই ২০২৩ চনৰ মে’ মাহৰ পৰা গুৱাহাটী ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদকৰ পদত অধিষ্ঠিত হৈ আছে । প্ৰথম শ্ৰেণীৰ কেৰিয়াৰত তেওঁ অসমৰ হৈ মাত্ৰ ৪ খন মেচ খেলিছিল য’ত তেওঁ ৫৩ ৰান সংগ্ৰহ কৰিছে । উইকেটকীপাৰৰ ভূমিকাত তেওঁ ৮টা কেচ লোৱাৰ লগতে এজন বেটছমেনক ষ্টাম্প কৰিছে ।

চেম্পিয়নছ ট্ৰফী  সন্দৰ্ভত আজি হ’ব পাৰে চূড়ান্ত সিদ্ধান্ত !  বি চি চি আই আৰু পি চি বিৰ সৈতে বৈঠকত মিলিত হ’ব আই চি চিৰ অধ্যক্ষ জয় শ্বাহ

চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত দীৰ্ঘদিন ধৰি চলি আছে বাদ-বিবাদ । কিন্তু এতিয়াও ওলোৱা নাই ইয়াৰ সমিধান । টিম ইণ্ডিয়াই প্ৰতিযোগিতাখনৰ বাবে পাকিস্তান ভ্ৰমণ নকৰে বুলি বি চি চি আইয়ে নিজৰ স্থিতি দৃঢ়তাৰে অব্যাহত ৰাখিছে । হাইব্ৰিড মডেলৰ অধীনত তেওঁলোকে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব । এতিয়া চেম্পিয়নছ ট্ৰফীৰ চূড়ান্ত সিদ্ধান্ত আজি অৰ্থাৎ ৫ ডিচেম্বৰ বৃহস্পতিবাৰে লোৱাৰ সম্ভাৱনা আছে ।

খবৰ অনুসৰি আজি আই চি চিৰ নতুন অধ্যক্ষ জয় শ্বাহে এখন বৈঠক অনুষ্ঠিত কৰিব । এই বৈঠকত সকলো ক্ৰিকেট ব’ৰ্ডে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে । জয় শ্বাহ (আই চি চিৰ অধ্যক্ষ)ৰ অধীনত এইখন হ’ব আই চি চিৰ প্ৰথমখন বৈঠক । অৱশ্যে আজিৰ বৈঠকত চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব নে নহয় সেই সন্দৰ্ভত এতিয়াও স্পষ্ট হোৱা নাই, কিন্তু সেয়া আশা কৰা হৈছে ।

অৱশ্যে আজিৰ বৈঠকতে চেম্পিয়নছ ট্ৰফীৰ সূচী প্ৰস্তুত কৰা হ’ব পাৰে বুলিও একাংশ সংবাদ মাধ্যমত দাবী কৰা হৈছে । বৰ্তমান এই সকলোবোৰ সন্দৰ্ভত কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ পোৱা নাই । এতিয়া আজিৰ বৈঠকত প্ৰতিযোগিতাখন সন্দৰ্ভত কি কি সিদ্ধান্ত লোৱা হয় সেয়া গুৰুত্বপূৰ্ণ হ’ব ।

পাকিস্তানৰ হাইব্ৰিড মডেল-

এই পৰ্যন্ত লাভ কৰা তথ্য অনুসৰি হাইব্ৰিড মডেল গ্ৰহণ কৰিবলৈ সাজু হৈছে পাকিস্তান । কিন্তু পাকিস্তানৰ হাইব্ৰিড মডেলত কিছু চৰ্ত ৰখা হৈছে । পাকিস্তানৰ পৰা কোৱা হৈছিল যে এই মডেলৰ অধীনত ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া আই চি চিৰ ইভেণ্টত ভাৰত-পাকিস্তানৰ মেচসমূহ নিৰপেক্ষ স্থানত অনুষ্ঠিত হ’ব । পাকিস্তান দলেও আই চি চি প্ৰতিযোগিতাৰ বাবে ভাৰত ভ্ৰমণ নকৰে ।

পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ মহছিন নাকৱীয়ে কৈছিল, “একপক্ষীয় সিদ্ধান্ত মানি লোৱা নহ’ব । আমি ভাৰতলৈ গৈ থাকিম হ’ব নোৱাৰে, কিন্তু তেওঁলোক পাকিস্তানলৈ নাহে । যিয়েই নহওক, সেয়া সমতাৰ ভিত্তিত হ’ব লাগে ।”

আই চি চিৰ অধ্যক্ষ হিচাপে কাৰ্যকাল আৰম্ভ জয় শ্বাহৰ, সন্মুখত প্ৰথম প্ৰত্যাহ্বান কি ?

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ তথা আই চি চিৰ নতুন অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিছে জয় শ্বাহে । ইয়াৰ লগতে তেওঁৰ নামত এক বিশেষ কৃতিত্বও পঞ্জীয়ন হৈছে । আই চি চিৰ অধ্যক্ষ হোৱা আটাইতকৈ কম বয়সীয়া ব্যক্তি হিচাপে পৰিগণিত হৈছে শ্বাহ । তেওঁৰ বৰ্তমান বয়স মাত্ৰ ৩৬ বছৰ । এই গুৰুত্বপূৰ্ণ পদ গ্ৰহণ কৰাৰ পূৰ্বে তেওঁ বি চি চি আইৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ।

গ্ৰেগ বাৰ্কলেৰ স্থান ললে জয় শ্বাহে-

আই চি চিৰ প্ৰাক্তন অধ্যক্ষ গ্ৰেগ বাৰ্কলেৰ ঠাই লৈছে জয় শ্বাহে । বাৰ্কলে নিউজীলেণ্ডৰ আছিল । উল্লেখ্য যে শ্বাহ দেশৰ হৈ এই গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হোৱা পঞ্চমজন ব্যক্তি । তেওঁৰ পূৰ্বে জগমোহন ডালমিয়া, শৰদ পাৱাৰ, শশাংক মনোহৰ আৰু উদ্যোগপতি এন শ্ৰীনিবাসনে এই পদত শোভা বঢ়াইছিল ।

জয় শ্বাহৰ সন্মুখত চেম্পিয়নছ ট্ৰফী প্ৰথম প্ৰত্যাহ্বান-

দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহৰ সন্মুখত প্ৰথম প্ৰত্যাহ্বান হৈছে আগন্তুক আই চি চি চেম্পিয়নছ ট্ৰফী । এই সমস্যাৰ পৰা তেওঁ কেনেকৈ মুক্তি পায় সেয়া চাবলৈ যথেষ্ট আকৰ্ষণীয় হ’ব । কাৰণ পি চি বিয়ে এই বিষয়ত অটল যে ভাৰতে পাকিস্তান ভ্ৰমণ কৰিব লাগে, আনহাতে টিম ইণ্ডিয়াই নিৰাপত্তা সম্পৰ্কীয় সমস্যাৰ বাবে পাকিস্তানলৈ যাব নিবিচাৰে ।

ইয়াৰ পূৰ্বে আই চি চিৰ অধ্যক্ষ নিৰ্বাচিত হোৱাৰ পিছত শ্বাহে কৈছিল- ‘মোক আই চি চিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰাৰ বাবে সকলোকে ধন্যবাদ । সমগ্ৰ বিশ্বতে ক্ৰিকেটৰ প্ৰচাৰৰ বাবে কাম কৰিম । বৰ্তমান সকলো ফৰ্মেট আগুৱাই নিয়াৰ প্ৰয়োজন আছে । গেমটোত কিছু নতুন প্ৰযুক্তি অন্তৰ্ভুক্ত কৰিম । মোৰ প্ৰচেষ্টা সদায় এই খেলখন জনপ্ৰিয় কৰি তোলাৰ বাবেই থাকিব ।‘