আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কেন উইলিয়ামছনৰ

আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কেন উইলিয়ামছনৰ

টি-২০ ক্ৰিকেটৰ পৰা সন্যাস কেন উইলিয়ামছনৰ নিউজীলেণ্ডৰ কিংবদন্তি বেটছমেন কেন উইলিয়ামছনে দেওবাৰে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে । অৱশ্যে উইলিয়ামছনে স্পষ্ট কৰি দিছে যে তেওঁ নিউজীলেণ্ডৰ হৈ টেষ্ট আৰু এদিনীয়া ফৰ্মেটত খেলি থাকিব । ২০১১ চনত নিউজীলেণ্ডৰ হৈ টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলত

টি-২০ ক্ৰিকেটৰ পৰা সন্যাস কেন উইলিয়ামছনৰ

নিউজীলেণ্ডৰ কিংবদন্তি বেটছমেন কেন উইলিয়ামছনে দেওবাৰে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে । অৱশ্যে উইলিয়ামছনে স্পষ্ট কৰি দিছে যে তেওঁ নিউজীলেণ্ডৰ হৈ টেষ্ট আৰু এদিনীয়া ফৰ্মেটত খেলি থাকিব ।

২০১১ চনত নিউজীলেণ্ডৰ হৈ টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলত অভিষেক ঘটোৱা কেন উইলিয়ামছনে ১৮টা অৰ্ধশতককে ধৰি ৯৩খন মেচত ২৫৭৫ ৰান সংগ্ৰহ কৰিছে । তেওঁৰ সৰ্বোচ্চ স্ক’ৰ হৈছে ৯৫ । এই ফৰ্মেটত তেওঁ নিউজীলেণ্ডৰ দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী । ইয়াৰ উপৰিও তেওঁ নিউজীলেণ্ডক ৭৫খন টি-২০ত অধিনায়কত্ব কৰাৰ লগতে ২০১৬ আৰু ২০২২ চনত টি-২০ বিশ্বকাপৰ ছেমি ফাইনেললৈ আৰু ২০২১ চনত ফাইনেললৈ দলক নেতৃত্ব দিছিল ।

নিজৰ সিদ্ধান্তৰ কথা ঘোষণা কৰি উইলিয়ামছনে কয় যে, “এইটো এটা ফৰ্মেট যিটো মই সদায় খেলি ভাল পাই আহিছো । এই স্মৃতি আৰু অভিজ্ঞতাৰ বাবে মই অবিশ্বাস্যভাৱে কৃতজ্ঞ । মই অনুভৱ কৰোঁ যে মোৰ আৰু দল দুয়োটাৰে বাবে নতুন দিশত আগবাঢ়ি যোৱাৰ সময় উপযুক্ত । ইয়াৰ দ্বাৰা আগন্তুক টি-২০ বিশ্বকাপৰ বাবেও দলটোত স্পষ্টতা আহিব ।”

উইলিয়ামছনে আৰু কয় যে তেওঁ এতিয়া এই ফৰ্মেটত নতুন খেলুৱৈক সুযোগ দিয়াৰ পক্ষপাতী । উইলিয়ামছনে কয় যে আমাৰ হাতত টি-২০ৰ বহু প্ৰতিভা আছে । এই খেলুৱৈসকলৰ বিকাশ আৰু তেওঁলোকক আন্তঃৰাষ্ট্ৰীয় অভিজ্ঞতা প্ৰদানৰ বাবে আগন্তুক সময় অতি গুৰুত্বপূৰ্ণ হ’ব । উইলিয়ামছনে হয়তো টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লৈছে, কিন্তু তেওঁ বিশ্বৰ আন টি-২০ লীগত খেলি থাকিব ।

লগতে পঢ়ক : ২২ বছৰীয়া বৰ্ণময় কেৰিয়াৰৰ সমাপ্তি… টেনিছৰ পৰা অৱসৰ ঘোষণা ৰোহন বোপান্নাৰ

শেহতীয়া প্ৰৱন্ধসমূহ