মহিলা ক্ৰিকেটে আজি লাভ কৰিব নতুন বিশ্ব চেম্পিয়ন; ফাইনেলত ভাৰত-দক্ষিণ আফ্ৰিকাৰ হাই ভল্টেজ যুঁজ

মহিলা ক্ৰিকেটে আজি লাভ কৰিব নতুন বিশ্ব চেম্পিয়ন

আজি মহিলা ক্ৰিকেটে লাভ কৰিব নতুন বিশ্ব চেম্পিয়ন । আই চি চি মহিলা বিশ্বকাপ ২০২৫ৰ আজি অনুষ্ঠিত হ’ব ৰোমাঞ্চকৰ ফাইনেল মেচ । এই হাই ভল্টেজ মেচত মুখামুখি হ’ব ভাৰত-দক্ষিণ আফ্ৰিকা । এতিয়া প্ৰথমবাৰৰ বাবে এদিনীয়া বিশ্বকাপৰ খিতাপ দখলৰ অপেক্ষাত আছে দুয়োটা দল ।

ইফালে সপোনক বাস্তবায়িত কৰাৰ সুযোগ লাভ কৰিছে হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলে । এই মেচত জয়লাভ কৰি ইতিহাস ৰচনাৰ সুযোগ হৰমনপ্ৰীত বাহিনীৰ হাতত । দেশক বিশ্ব চেম্পিয়ন কৰা হৰমনপ্ৰীত কৌৰ বাহিনীৰ বহুদিনীয়া সপোন । দেওবাৰে ডি ৱাই পাটিল ষ্টেডিয়ামত মহিলা এদিনীয়া বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ’ব ভাৰতীয় দলটো । ভাৰতীয় দলটোৰ লক্ষ্য হ’ব এই প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়ন হোৱা । বিয়লি ৩ বজাৰ পৰা আৰম্ভ হ’ব এই মেচ ।

তৃতীয়বাৰৰ বাবে এদিনীয়া বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰি প্ৰথমটো খিতাপ দখলৰ অপেক্ষাত আছে ভাৰতীয় দল । ২০০৫ চনত অষ্ট্ৰেলিয়াই ভাৰতৰ চেম্পিয়ন হোৱাৰ সপোন চূৰমাৰ কৰিছিল আৰু ২০১৭ চনত ইংলেণ্ডে ভাঙিছিল ভাৰতীয় দলৰ এই সপোন । অষ্ট্ৰেলিয়া আৰু ইংলেণ্ড অবিহনে মহিলাৰ এদিনীয়া বিশ্বকাপৰ ইতিহাসত এইখন হ’ব প্ৰথমখন ফাইনেল । মহিলা ক্ৰিকেটত এইবাৰ নতুন বিশ্ব চেম্পিয়ন হোৱাটোও নিশ্চিত, কিয়নো দক্ষিণ আফ্ৰিকাও প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিছে ।

ছেমি ফাইনেলত ৭ বাৰৰ চেম্পিয়ন আৰু ১৫খন মেচৰ অপৰাজিত বিশ্বকাপ দল অষ্ট্ৰেলিয়াক পৰাস্ত কৰাৰ পাছত ভাৰতীয় দলটোৱে উচ্চ মনোবলেৰে ফাইনেলত প্ৰৱেশ কৰিব ।

লগতে পঢ়ক : ইতিহাস সৃষ্টি: অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ..

ইতিহাস ৰচিবলৈ সাজু হৰমনপ্ৰীত ব্ৰিগেড; কাইলৈ মহিলা ক্ৰিকেট বিশ্বকাপৰ ৰোমাঞ্চকৰ ফাইনেল

মহিলা ক্ৰিকেট বিশ্বকাপৰ বহু প্ৰতীক্ষিত ফাইনেল

দেওবাৰে নৱী মুম্বাইৰ ডি ৱাই পাটিল স্প’ৰ্টছ একাডেমীত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ৰ ফাইনেল মেচ । এই মেচৰ জৰিয়তে ইতিহাস ৰচিবলৈ সাজু হৈছে ভাৰতীয় মহিলা ক্ৰিকেট দল । ভাৰতীয় মহিলা দলটোৱে এই মেচত জয়লাভ কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ ট্ৰফী দখল কৰাৰ লক্ষ্য ৰাখিছে । ইফালে দক্ষিণ আফ্ৰিকাইও তেওঁলোকৰ প্ৰথমটো খিতাপ দখলৰ বাবে চকু মৰণপণ যুঁজত অৱতীৰ্ণ হ’ব । যিটো দলে এই মেচত জয়ী হ’ব সেই দলেই ইতিহাসৰ সৃষ্টি কৰিব ।

শনিবাৰৰ খিতাপ মেচৰ পূৰ্বে সংবাদমেলত অংশগ্ৰহণ কৰে ভাৰতীয় অধিনায়ক হৰমনপ্ৰীত কৌৰে । হৰমনপ্ৰীতে কয় যে তেওঁৰ দলটোৱে বহুবাৰ পৰাজয়ৰ যন্ত্ৰণা ভোগ কৰিছে, কিন্তু এতিয়া সেই আখ্যান সলনি কৰাৰ সময় আহি পৰিছে । হৰমনপ্ৰীতে কয় যে দলটোৱে এতিয়া বিজয়ৰ আনন্দ অনুভৱ কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে । তেওঁ লগতে কয় যে ভাৰতীয় দলটোৱে বিগত কেইমাহমানৰ পৰা আত্মবিশ্বাস, ঐক্য আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে এই সফলতা লাভ কৰিছে ।

হৰমনপ্ৰীত কৌৰে কয়, “আমি জানো পৰাজয় অনুভৱ কেনেকুৱা, কিন্তু এতিয়া আমি জানিব বিচাৰিছো যে জয়ৰ অনুভৱ কেনেকুৱা হয় । আমি বহুত কষ্ট কৰিছো আৰু এতিয়া আমি দলৰ বাবে সকলো দিব লাগিব । আশাকৰোঁ, ২ নৱেম্বৰ আমাৰ বাবে এক অতি বিশেষ দিন হ’ব । আমি যেতিয়াই খেলপথাৰত মুক্তভাৱে খেলো আৰু খেল উপভোগ কৰো, তেতিয়াই ফলাফল সদায় আমাৰ মতে যায় । যোৱা দুখন মেচত দলটোৱে শক্তিশালী প্ৰদৰ্শন আগবঢ়াইছে আৰু এইটো দলটোৰ বাবে সমগ্ৰ দেশৰ বাবে গৌৰৱৰ বিষয় ।”

তৃতীয় বাৰৰ বাবে ফাইনেল খেলিব টিম ইণ্ডিয়াই-

তৃতীয়বাৰৰ বাবে এদিনীয়া বিশ্বকাপৰ ফাইনেলত অংশগ্ৰহণ কৰিছে ভাৰতীয় মহিলা দলটোৱে । ২০০৫ চনৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত ৯৮ ৰানত পৰাস্ত হৈছিল ভাৰত । ২০১৭ চনত ৰোমাঞ্চকৰ ফাইনেলত ইংলেণ্ডে ভাৰতক ৯ ৰানত পৰাস্ত কৰিছিল । ২০২২ চনৰ কমনৱেলথ গেমছৰ ফাইনেলতো অষ্ট্ৰেলিয়াই ভাৰতক পৰাস্ত কৰিছিল । এই পৰাজয়ৰ যন্ত্ৰণা এতিয়াও দলৰ খেলুৱৈৰ হৃদয়ত সতেজ হৈ আছে যদিও এইবাৰৰ পৰিস্থিতি বেলেগ । ঘৰুৱা মাটিত ইতিহাস ৰচনা কৰিবলৈ সাজু হৈছে ভাৰত ।

লগতে পঢ়ক : দুদিনৰ ভিতৰত ভাৰতলৈ আহিব এছিয়া কাপৰ ট্ৰফী;BCCI এ মহচিন নাকভিৰ বিৰুদ্ধে গ্ৰহণ কৰিব ব্যৱস্থা!

আজি মহিলা ক্ৰিকেট বিশ্বকাপৰ প্ৰথমখন ছেমিফাইনেল; বৰ্ষাপাৰাত ইংলেণ্ড-দক্ষিণ আফ্ৰিকাৰ যুঁজ

আজি মহিলা ক্ৰিকেট বিশ্বকাপৰ প্ৰথমখন ছেমিফাইনেল

আজি অনুষ্ঠিত হ’ব আই চি চি মহিলা বিশ্বকাপ ২০২৫ৰ প্ৰথমখন ছেমি ফাইনেল মেচ । ফাইনেলত স্থান লাভৰ বাবে ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকা এই যুঁজত মুখামুখি হ’ব । শেষবাৰৰ বাবে দুয়োটা দলৰ মাজত হোৱা মেচত দক্ষিণ আফ্ৰিকা মাত্ৰ ৬৯ ৰানত অল আউট হৈছিল আৰু ইংলেণ্ডে ১০ উইকেটত জয়লাভ কৰিছিল । অৱশ্যে এই ছেমি ফাইনেলৰ পৰিস্থিতি সম্পূৰ্ণ বেলেগ । দুয়োটা দলে শক্তিশালী প্ৰদৰ্শন আগবঢ়াইছে আৰু কঠিন প্ৰতিযোগিতা হোৱাৰ সম্ভাৱনা আছে ।

গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই হাইভল্টেজ মেচ । ভাৰতীয় সময় অনুসৰি বিয়লি ৩ বজাৰ পৰা আৰম্ভ হ’ব এই মেচ । বিয়লি ২.৩০ বজাত হ’ব এই মেচৰ টছ ।

উল্লেখ্য যে, দক্ষিণ আফ্ৰিকা আৰু ইংলেণ্ডৰ মহিলা দলে এই পৰ্যন্ত ৪৭ খন এদিনীয়া খেলিছে । ইয়াৰে ৩৬খন খেলত ইংলেণ্ডে জয়লাভ কৰাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাই ১০খন খেলত জয়লাভ কৰিছে । এখন মেচ ড্ৰ’ত সমাপ্ত হৈছে । সামগ্ৰিকভাৱে মেচ ইংলেণ্ডৰ হাতত আছে যদিও দক্ষিণ আফ্ৰিকাৰ শেহতীয়া ফৰ্মৰ প্ৰতি লক্ষ্য ৰাখি এতিয়াও এই মেচত অঘটন ঘটাৰ সম্ভাৱনা আছে ।

ইফালে বুধবাৰে গুৱাহাটীত বৰষুণৰ সম্ভাৱনা ২৫ শতাংশ । অৰ্থাৎ খেলৰ সময়ত কিছু বাধা আহিব পাৰে । অৱশ্যে ৰাতিৰ সময়ত বতৰ পৰিষ্কাৰ হৈ থকাৰ সম্ভাৱনা আছে, যাৰ বাবে সমগ্ৰ মেচখন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ।

আনহাতে বিশ্বকাপত ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰদৰ্শনলৈ চালে ইংলেণ্ডে এতিয়ালৈকে ৭খন মেচ খেলিছে । পাঁচখনত জয়, এখনত পৰাজয় আৰু এখন ড্ৰ’ত শেষ হৈছে । ইফালে দক্ষিণ আফ্ৰিকাই ৭খন খেলৰ ভিতৰত ৫খনত জয়লাভ কৰি দুখনত পৰাজয় হৈছে । ৩০ অক্টোবৰত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব দ্বিতীয়খন ছেমি ফাইনেল । ২ নৱেম্বৰত অনুষ্ঠিত হ’ব মহিলা ক্ৰিকেট বিশ্বকাপৰ ফাইনেল মেচ ।

লগতে পঢ়ক : সুস্থ হোৱাৰ পথত শ্ৰেয়াছ আয়াৰ; বিচিচিআইয়ে প্ৰকাশ কৰিলে মেডিকেল আপডেট

মহিলা ক্ৰিকেট বিশ্বকাপৰ পইণ্ট টেবুলত ভাৰতৰ আধিপত্য; শলঠেকত পাকিস্তান

মহিলা ক্ৰিকেট বিশ্বকাপৰ পইণ্ট টেবুলত ভাৰতৰ আধিপত্য

দেওবাৰে মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ৰ এখন মেচত ভাৰতে পাকিস্তানক ৮৮ ৰাণত পৰাস্ত কৰে । এই জয়ে চলিত এই প্ৰতিযোগিতাৰ পইণ্ট তালিকাত টীম ইণ্ডিয়াক অগ্ৰগতি প্ৰদান কৰিছে । এফালে এতিয়ালৈকে অনুষ্ঠিত হোৱা দুয়োখন মেচতে জয়লাভ কৰি পইন্ট টেবুলৰ শীৰ্ষত আছে ভাৰতীয় দল । আনফালে  এতিয়ালৈকে অনুষ্ঠিত হোৱা দুয়োখন মেচতে পৰাস্ত হৈ শলঠেকত পৰিছে পাকিস্তান । এই বিশ্বকাপত সকলো দলেই অন্ততঃ এখন মেচ খেলিছে, গতিকে পইণ্ট টেবুলে প্ৰাৰম্ভিক ৰূপ ল’বলৈ আৰম্ভ কৰিছে ।

তালিকাৰ প্ৰথম স্থানত ভাৰত-

প্ৰথমখন খেলত ভাৰতীয় দলটোৱে শ্ৰীলংকাক ৫৯ ৰাণত পৰাস্ত কৰাৰ পাছত দ্বিতীয়খন মেচত পাকিস্তানক ৮৮ ৰাণত পৰাস্ত কৰে । দুটাকৈ ডাঙৰ জয়ৰ অন্তত এতিয়া মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ৰ পইন্ট তালিকাৰ শীৰ্ষত আছে ভাৰত । ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াই দুখন মেচ খেলিছে, এখনত জয়ী আৰু আনখন ড্ৰ’ হৈছে । তালিকাত অষ্ট্ৰেলিয়া দ্বিতীয় স্থানত থকাৰ বিপৰীতে ২০১৭ চনৰ বিশ্বকাপ বিজয়ী ইংলেণ্ড বৰ্তমান তৃতীয় স্থানত আছে । প্ৰথমখন মেচত পাকিস্তানক ৭ উইকেটত পৰাস্ত কৰা বাংলাদেশ তালিকাৰ চতুৰ্থ স্থানত আছে ।

শলঠেকত পাকিস্তান-

পইণ্ট তালিকাত সংকটত ভুগিছে ​​পাকিস্তানী দলে । দুয়োখন মেচতে প্ৰথমে বাংলাদেশৰ হাতত ৭ উইকেটত, তাৰ পাছত ভাৰতৰ হাতত ৮৮ ৰানত পৰাস্ত হৈছে দলটো । দুয়োখন মেচতে পৰাস্ত হোৱা পাকিস্তান বৰ্তমান টেবুলৰ ষষ্ঠ স্থানত আছে । ক্ৰমে সপ্তম আৰু অষ্টম স্থানত আছে নিউজীলেণ্ড আৰু দক্ষিণ আফ্ৰিকা । মন কৰিবলগীয়া যে এই প্ৰতিযোগিতাত মুঠ আঠটা দলে অংশগ্ৰহণ কৰিছে আৰু ষ্টেণ্ডিঙৰ শীৰ্ষ চাৰিটা দলে ছেমি ফাইনেলত প্ৰৱেশ কৰিব ।

উল্লেখ্য যে, ভাৰতীয় দলৰ পৰৱৰ্তী মেচ ৯ অক্টোবৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে হ’ব । ইয়াৰ পিছত ১২ অক্টোবৰত ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াৰ মুখামুখি হ’ব টিম ইণ্ডিয়া । ২০২২ চনৰো মহিলা ক্ৰিকেট বিশ্বকাপ ৰাউণ্ড ৰবিন ফৰ্মেটত অনুষ্ঠিত হৈছিল, য’ত পাঁচখন বা তাতকৈ অধিক মেচত জয়ী হোৱা দলসমূহে সহজেই নকআউট পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিছিল । পৰৱৰ্তী পাঁচখন মেচৰ ভিতৰত যদি ভাৰতীয় দলটোৱে তিনিখন খেলত জয়লাভ কৰে তেন্তে ছেমিফাইনেলত স্থান প্ৰায় নিশ্চিত হ’ব ।

লগতে পঢ়ক : বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতৰ অভিলেখ ভংগকাৰী প্ৰদৰ্শন…

মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ : কাইলৈ বৰ্ষাপাৰাত সিংহল বাহিনীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব ভাৰতে

মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫

১৩ ছেপ্টেম্বৰ, মঙলবাৰৰ পৰা আৰম্ভ হব আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপৰ ত্ৰয়োদশ সংস্কৰণ । গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হ’বলগা উদ্বোধনী মেচত ভাৰতৰ মুখামুখি হ’ব শ্ৰীলংকা । ২ নৱেম্বৰত মহিলা ক্ৰিকেট বিশ্বকাপৰ ফাইনেল অনুষ্ঠিত হ’ব । প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলৈ গৈ আছে বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠান ।  

ভাৰতে এইবাৰ প্ৰথমবাৰৰ বাবে এদিনীয়া বিশ্বকাপৰ খিতাপ দখল কৰাৰ লক্ষ্য ৰাখিব । ২০১৭ চনত ভাৰতীয় দলটোৱে ফাইনেলত প্ৰৱেশ কৰিছিল যদিও ইংলেণ্ডৰ হাতত পৰাস্ত হৈছিল । মহিলা ক্ৰিকেট বিশ্বকাপৰ ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়া, ২০২২ চনৰ ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি ট্ৰফী লাভ কৰিছিল দলটোৱে । নিউজীলেণ্ড হৈছে মহিলা বিশ্বকাপ জয় কৰা আন এটা দল । ২৫ বছৰ পূৰ্বে কিৱি দলে এই খিতাপ দখল কৰিছিল ।

৮টা দলৰ মাজত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা-

এইবাৰ মহিলা বিশ্বকাপত ৮টা দলে অংশগ্ৰহণ কৰিব : ভাৰত, অষ্ট্ৰেলিয়া, বাংলাদেশ, ইংলেণ্ড, নিউজীলেণ্ড, পাকিস্তান, দক্ষিণ আফ্ৰিকা, আৰু শ্ৰীলংকা ।

এইবাৰ ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা । অৱশ্যে ভাৰত আৰু পাকিস্তানৰ অস্বস্তিকৰ ৰাজনৈতিক পৰিস্থিতিৰ বাবে পাকিস্তানে শ্ৰীলংকাৰ কলম্বোত সকলো খেল খেলিব ।

ছেমি ফাইনেলৰ ফৰ্মেট :

শীৰ্ষ চাৰিটা দলে ছেমি ফাইনেলত প্ৰৱেশ কৰিব । ১ নং দলটোৱে ৪ নং আৰু ২ নং দলে ৩ নং দলৰ বিৰুদ্ধে খেলিব ।

যদি পাকিস্তানে ফাইনেলত প্ৰৱেশ কৰে তেন্তে কলম্বোত অনুষ্ঠিত হ’ব ফাইনেল । অন্যথা নৱী মুম্বাইত অনুষ্ঠিত হ’ব এই মেচ । ইয়াৰ পূৰ্বে ভাৰতে তিনিবাৰকৈ মহিলা এদিনীয়া বিশ্বকাপ আয়োজন কৰিছে – ১৯৭৮, ১৯৯৭, আৰু ২০১৩ চনত । প্ৰথমবাৰৰ বাবে শ্ৰীলংকাই আয়োজন কৰিছিল এই প্ৰতিযোগিতা ।

বিশ্বকাপ বিজয়ীৰ পুৰস্কাৰৰ ধন-

এই বছৰ মুঠ পুৰস্কাৰৰ ধন ১৩.৮৮ মিলিয়ন ডলাৰ (প্ৰায় ১২৩.১ কোটি) । এয়া ২০২২ চনৰ বিশ্বকাপতকৈ প্ৰায় চাৰিগুণ বেছি আৰু আনকি ২০২৩ চনৰ পুৰুষৰ বিশ্বকাপতকৈয়ো অধিক ।

ক’ত চাব লাইভ সম্প্ৰচাৰ ?

ভাৰতত জিঅ’ষ্টাৰৰ সৈতে অংশীদাৰিত্বৰে ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্কত টিভিত লাইভ সম্প্ৰচাৰ কৰা হ’ব এই প্ৰতিযোগিতা । জিঅ’হটষ্টাৰৰ জৰিয়তে ডিজিটেল প্লেটফৰ্মত মেচ চাব পাৰিব । বাংলাদেশ, শ্ৰীলংকা, নেপাল,মালদ্বীপ আৰু ভূটানত একে প্লেটফৰ্মতে উপলব্ধ হ’ব এই প্ৰতিযোগিতা । ভাৰতৰ সকলো খেলৰ লগতে ছেমি ফাইনেল আৰু ফাইনেল টিভিত হিন্দী, তামিল, তেলেগু, আৰু কানাড়া ভাষাত লাইভ সম্প্ৰচাৰ কৰা হ’ব ।

লগতে পঢ়ক : নৱমবাৰলৈ এছিয়া কাপত ভাৰতৰ জয়; পাকিস্তানী মন্ত্ৰীৰ পৰা টীম ইণ্ডিয়াই নল’লে ট্ৰফী

এদিনীয়া বিশ্বকাপ ২০২৭ৰ বাবে ডাঙৰ ঘোষণা… ক’ত ক’ত অনুষ্ঠিত হ’ব মেচ ?

এদিনীয়া বিশ্বকাপ ২০২৭ৰ বাবে ডাঙৰ ঘোষণা

২০২৭ চনত অনুষ্ঠিত হ’বলগীয়া আই চি চিৰ পুৰুষ এদিনীয়া বিশ্বকাপৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে । দক্ষিণ আফ্ৰিকা, জিম্বাবুৱে আৰু নামিবিয়াই যৌথভাৱে আয়োজন কৰিব এই প্ৰতিযোগিতা । ক্ৰিকেট দক্ষিণ আফ্ৰিকাই এই মেগা ইভেণ্টৰ বাবে নিৰ্বাচিত ষ্টেডিয়াম ঘোষণা কৰিছে, য’ত মুঠ ৫৪খন মেচ অনুষ্ঠিত হ’ব । এইবাৰ দক্ষিণ আফ্ৰিকা আৰু জিম্বাবুৱেই যৌথভাৱে এদিনীয়া বিশ্বকাপ আয়োজন কৰাৰ বিপৰীতে নামিবিয়াই প্ৰথমবাৰৰ বাবে এই বৃহৎ প্ৰতিযোগিতাখন আয়োজন কৰিব ।

এই ষ্টেডিয়ামসমূহত অনুষ্ঠিত হ’ব মেচ-

এই বিশ্বকাপত দক্ষিণ আফ্ৰিকাই ৪৪খন খেল আয়োজন কৰাৰ বিপৰীতে বাকী ১০খন খেল জিম্বাবুৱে আৰু নামিবিয়াত অনুষ্ঠিত হ’ব । দক্ষিণ আফ্ৰিকাৰ আঠখন ষ্টেডিয়াম নিৰ্বাচিত কৰা হৈছে, য’ত জোহান্সবাৰ্গৰ ৱাণ্ডাৰাৰছ ষ্টেডিয়াম, কেপ টাউনৰ নিউলেণ্ডছ ক্ৰিকেট খেলপথাৰ, ডাৰবানৰ কিংছমিড ক্ৰিকেট খেলপথাৰ, প্ৰিট’ৰিয়াৰ চেঞ্চুৰিয়ান পাৰ্ক, ব্ল’মফণ্টেইনৰ মাংগাউং অ’ভাল, গ্কেবেৰহাৰ ছেইণ্ট জৰ্জ পাৰ্ক, ইষ্ট লণ্ডনৰ বাফেলো পাৰ্ক আৰু পাৰ্লৰ ব’লেণ্ড পাৰ্ক অন্যতম । এই সকলোবোৰ খেলপথাৰেই উৎকৃষ্ট সুবিধা আৰু ঐতিহাসিক গুৰুত্বৰ বাবে জনাজাত ।

উল্লেখ্য যে, দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন বিত্তমন্ত্ৰী ট্ৰেভৰ মেনুৱেল হ’ব স্থানীয় আয়োজক সমিতিৰ মুৰব্বী । চি এছ এয়ে এক বিবৃতিত কয় যে দক্ষিণ আফ্ৰিকাৰ মেচসমূহ জোহান্সবাৰ্গ, প্ৰিট’ৰিয়া, কেপ টাউন, ডাৰবান, গ্কেবেৰহা, ব্ল’মফণ্টেইন, ইষ্ট লণ্ডন আৰু পাৰ্লত অনুষ্ঠিত হ’ব । একে সময়তে চি এছ এৰ অধ্যক্ষ পাৰ্ল মাফোছে কয় যে, ‘চি এছ এৰ লক্ষ্য হৈছে দক্ষিণ আফ্ৰিকাৰ মুখখন প্ৰতিফলিত কৰা এক বিশ্বব্যাপী, প্ৰেৰণাদায়ক, বৈচিত্ৰময়, সৰ্বাংগীন আৰু ঐক্যবদ্ধ অনুষ্ঠানৰ আয়োজন কৰা ।’

এই ফৰ্মেটত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা-

২০২৭ চনৰ বিশ্বকাপত ১৪টা দলে অংশগ্ৰহণ কৰিব, আৰু ইয়াৰ ফৰ্মেট ২০০৩ চনৰ বিশ্বকাপৰ দৰেই হ’ব । দুটা গ্ৰুপ থাকিব, প্ৰতিটো গ্ৰুপত থাকিব সাতটা দল । ২০০৩ চনত দক্ষিণ আফ্ৰিকাই জিম্বাবুৱে আৰু কেনিয়াৰ সৈতে এই প্ৰতিযোগিতাখন আয়োজন কৰিছিল । ইয়াত অষ্ট্ৰেলিয়াৰ দলটোৱে খিতাপ দখল কৰিছিল ।

লগতে পঢ়ক : ফুটবল প্ৰেমীৰ বাবে ভালখবৰ; মেচ খেলিবলৈ ভাৰতলৈ আহিব লিঅ’নেল মেছী