ইতিহাস ৰচিবলৈ সাজু হৰমনপ্ৰীত ব্ৰিগেড; কাইলৈ মহিলা ক্ৰিকেট বিশ্বকাপৰ ৰোমাঞ্চকৰ ফাইনেল

ইতিহাস ৰচিবলৈ সাজু হৰমনপ্ৰীত ব্ৰিগেড; কাইলৈ মহিলা ক্ৰিকেট বিশ্বকাপৰ ৰোমাঞ্চকৰ ফাইনেল

মহিলা ক্ৰিকেট বিশ্বকাপৰ বহু প্ৰতীক্ষিত ফাইনেল দেওবাৰে নৱী মুম্বাইৰ ডি ৱাই পাটিল স্প’ৰ্টছ একাডেমীত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ৰ ফাইনেল মেচ । এই মেচৰ জৰিয়তে ইতিহাস ৰচিবলৈ সাজু হৈছে ভাৰতীয় মহিলা ক্ৰিকেট দল । ভাৰতীয় মহিলা

মহিলা ক্ৰিকেট বিশ্বকাপৰ বহু প্ৰতীক্ষিত ফাইনেল

দেওবাৰে নৱী মুম্বাইৰ ডি ৱাই পাটিল স্প’ৰ্টছ একাডেমীত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ৰ ফাইনেল মেচ । এই মেচৰ জৰিয়তে ইতিহাস ৰচিবলৈ সাজু হৈছে ভাৰতীয় মহিলা ক্ৰিকেট দল । ভাৰতীয় মহিলা দলটোৱে এই মেচত জয়লাভ কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ ট্ৰফী দখল কৰাৰ লক্ষ্য ৰাখিছে । ইফালে দক্ষিণ আফ্ৰিকাইও তেওঁলোকৰ প্ৰথমটো খিতাপ দখলৰ বাবে চকু মৰণপণ যুঁজত অৱতীৰ্ণ হ’ব । যিটো দলে এই মেচত জয়ী হ’ব সেই দলেই ইতিহাসৰ সৃষ্টি কৰিব ।

শনিবাৰৰ খিতাপ মেচৰ পূৰ্বে সংবাদমেলত অংশগ্ৰহণ কৰে ভাৰতীয় অধিনায়ক হৰমনপ্ৰীত কৌৰে । হৰমনপ্ৰীতে কয় যে তেওঁৰ দলটোৱে বহুবাৰ পৰাজয়ৰ যন্ত্ৰণা ভোগ কৰিছে, কিন্তু এতিয়া সেই আখ্যান সলনি কৰাৰ সময় আহি পৰিছে । হৰমনপ্ৰীতে কয় যে দলটোৱে এতিয়া বিজয়ৰ আনন্দ অনুভৱ কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে । তেওঁ লগতে কয় যে ভাৰতীয় দলটোৱে বিগত কেইমাহমানৰ পৰা আত্মবিশ্বাস, ঐক্য আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে এই সফলতা লাভ কৰিছে ।

হৰমনপ্ৰীত কৌৰে কয়, “আমি জানো পৰাজয় অনুভৱ কেনেকুৱা, কিন্তু এতিয়া আমি জানিব বিচাৰিছো যে জয়ৰ অনুভৱ কেনেকুৱা হয় । আমি বহুত কষ্ট কৰিছো আৰু এতিয়া আমি দলৰ বাবে সকলো দিব লাগিব । আশাকৰোঁ, ২ নৱেম্বৰ আমাৰ বাবে এক অতি বিশেষ দিন হ’ব । আমি যেতিয়াই খেলপথাৰত মুক্তভাৱে খেলো আৰু খেল উপভোগ কৰো, তেতিয়াই ফলাফল সদায় আমাৰ মতে যায় । যোৱা দুখন মেচত দলটোৱে শক্তিশালী প্ৰদৰ্শন আগবঢ়াইছে আৰু এইটো দলটোৰ বাবে সমগ্ৰ দেশৰ বাবে গৌৰৱৰ বিষয় ।”

তৃতীয় বাৰৰ বাবে ফাইনেল খেলিব টিম ইণ্ডিয়াই-

তৃতীয়বাৰৰ বাবে এদিনীয়া বিশ্বকাপৰ ফাইনেলত অংশগ্ৰহণ কৰিছে ভাৰতীয় মহিলা দলটোৱে । ২০০৫ চনৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত ৯৮ ৰানত পৰাস্ত হৈছিল ভাৰত । ২০১৭ চনত ৰোমাঞ্চকৰ ফাইনেলত ইংলেণ্ডে ভাৰতক ৯ ৰানত পৰাস্ত কৰিছিল । ২০২২ চনৰ কমনৱেলথ গেমছৰ ফাইনেলতো অষ্ট্ৰেলিয়াই ভাৰতক পৰাস্ত কৰিছিল । এই পৰাজয়ৰ যন্ত্ৰণা এতিয়াও দলৰ খেলুৱৈৰ হৃদয়ত সতেজ হৈ আছে যদিও এইবাৰৰ পৰিস্থিতি বেলেগ । ঘৰুৱা মাটিত ইতিহাস ৰচনা কৰিবলৈ সাজু হৈছে ভাৰত ।

লগতে পঢ়ক : দুদিনৰ ভিতৰত ভাৰতলৈ আহিব এছিয়া কাপৰ ট্ৰফী;BCCI এ মহচিন নাকভিৰ বিৰুদ্ধে গ্ৰহণ কৰিব ব্যৱস্থা!