ইতিহাস সৃষ্টি: অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ..

ফাইনেলত প্ৰৱেশ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মহিলা বিশ্বকাপ ২০২৫ত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত ছেমি ফাইনেল খেলখন ঐতিহাসিক বুলি প্ৰমাণিত হয়। এই মেচখনত ভাৰতে মহিলাৰ এদিনীয়া ইতিহাসত সৰ্বাধিক ৰান চেজ কৰি অষ্ট্ৰেলিয়াৰ গৌৰৱ ভাঙি পেলালে। বৃহস্পতিবাৰে (৩০ অক্টোবৰ) ছেমি ফাইনেলত ভাৰতৰ মহিলা ক্ৰিকেট দলটোৱে ডিফেণ্ডিং

ফাইনেলত প্ৰৱেশ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ

মহিলা বিশ্বকাপ ২০২৫ত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত ছেমি ফাইনেল খেলখন ঐতিহাসিক বুলি প্ৰমাণিত হয়।

এই মেচখনত ভাৰতে মহিলাৰ এদিনীয়া ইতিহাসত সৰ্বাধিক ৰান চেজ কৰি অষ্ট্ৰেলিয়াৰ গৌৰৱ ভাঙি পেলালে। বৃহস্পতিবাৰে (৩০ অক্টোবৰ) ছেমি ফাইনেলত ভাৰতৰ মহিলা ক্ৰিকেট দলটোৱে ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াক ৫ উইকেটত পৰাস্ত কৰে।

এই জয়ৰ লগতে ভাৰতে বিশ্বকাপৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। এতিয়া ২ নৱেম্বৰত ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব ঘৰুৱা দলটোৱে।

খেলখনত অষ্ট্ৰেলিয়াৰ অধিনায়ক এলিছা হিলীয়ে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ বাছি লয়। লিচফিল্ডৰ শতক আৰু পেৰী গাৰ্ডনাৰৰ পঞ্চাশৰ ভিত্তিত অষ্ট্ৰেলিয়াই ভাৰতক ৩৩৯ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল।

তাৰ বিপৰীতে ৫উইকেট হেৰুৱাই ৩৪১ ৰান সংগ্ৰহ কৰিলে ভাৰতীয় দলটোৱে। খেলখনত ভাৰতৰ হৈ শেফালি বাৰ্মাই ১০ ৰান, স্মৃতি মান্ধানাই ২৪ ৰান, জেমিমা ৰড্ৰিগুৱেজে অপৰাজিত ১২৭ ৰান হৰমনপ্ৰীত কৌৰে ৮৯ ৰান, দীপ্তি শৰ্মাই ২৪ ৰান, ৰিছা ঘোষে ২৬ ৰান আৰুআমজিত কৌৰে অপৰাজিত ১৫ ৰান সংগ্ৰহ কৰে।

লগতে পঢ়ক: হিটমেনৰ অভিলেখ; বিশ্বৰ প্ৰথম স্থানৰ এদিনীয়া বেটছমেন ৰোহিত শৰ্মা