ভাৰতীয় কন্যাই ৰচিলে ইতিহাস; প্ৰথমবাৰৰ বাবে মহিলাৰ এদিনীয়া বিশ্বকাপৰ খিতাপ দখল

ভাৰতীয় কন্যাই ৰচিলে ইতিহাস

নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত ভাৰতৰ কন্যাই ৰচিলে ইতিহাস। দেশবাসীৰ মুখত বিশ্বজয়ৰ অনন্য গৌৰৱৰ হাঁহি বিৰিঙাই ভাৰতীয় মহিলা ক্ৰিকেট দলে জিনিলে এদিনীয়া মহিলা বিশ্বকাপ ২০২৫ৰ খিতাপ।

এক আৱেগিক মুহূৰ্ত! সুদীৰ্ঘ ২৫ বছৰৰ অন্তত ICC এদিনীয়া মহিলা বিশ্বকাপৰ চেম্পিয়নছ হ’ল ভাৰত। এই মেচত টিম ইণ্ডিয়াই প্ৰথমে বেটিং কৰাৰ সুযোগ লাভ কৰি ৫০ অভাৰত ৭ টা উইকেট হেৰুৱাই ২৯৮ ৰান সংগ্ৰহ কৰিছিল।

ইয়াৰ উত্তৰত আফ্ৰিকান দলটোৱে এই মেচখনত ২৪৬ ৰান সংগ্ৰহ কৰি অল আউট হৈছিল।এই খেলখনত ভাৰতৰ হৈ শ্বাফলী ভাৰ্মা আৰু দীপ্তি শৰ্মাই অৰ্ধশতক অৰ্জন কৰে।

লগতে পঢ়ক: BCCI ৰ ডাঙৰ সিদ্ধান্ত;T-20 দলৰ পৰা ৰিলিজ কৰি দিলে কুলদীপ যাদৱক…

ভাৰতে ভংগ কৰিলে অষ্ট্ৰেলিয়াৰ বিশ্ব অভিলেখ; লিখিলে নতুন ইতিহাস

ভাৰতে ভংগ কৰিলে অষ্ট্ৰেলিয়াৰ বিশ্ব অভিলেখ

মহিলা বিশ্বকাপ ২০২৫ৰ ছেমি ফাইনেলত ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াৰ দলটোক ৫ উইকেটত পৰাস্ত কৰে।জয় পঞ্জীয়ন কৰাৰ পাছত ভাৰতে ফাইনেলত প্ৰৱেশ কৰে।

এই মেচখনত জেমিমা ৰড্ৰিগেজে ভাৰতৰ হৈ বেটিং কৰাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিলে। তেওঁ অপৰাজিত হৈ ১২৭ ৰান সংগ্ৰহ কৰি দলটোক জয়ী হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

টছত জয়লাভ কৰাৰ পাছত অষ্ট্ৰেলিয়াৰ দলটোৱে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। ইয়াৰ পিছত ফীবি লিচফিল্ডৰ শতকৰ বাবেই কেংগাৰু দলটোৱে ৩৩৮ ৰানৰ বিশাল লক্ষ্য নিৰ্ধাৰণ কৰে।

ভাৰতৰ বাবে এই লক্ষ্যত উপনীত হোৱাটো সহজ নহ’ব,কিন্তু ভাৰতীয় দলৰ হৈ জেমিমাহ ৰড্ৰিগেছে (১২৭ ৰান), হৰমনপ্ৰীত কৌৰে (৮৯ ৰান), ৰিচা ঘোষ আৰু দীপ্তি শৰ্মাই ভাল ইনিংছ খেলিছিল। এই খেলুৱৈসকলৰ বলত ভাৰতে শক্তিশালী অষ্ট্ৰেলিয়ান দলটোক পৰাস্ত কৰে।

ভাৰতীয় দলটোৱে নিজৰ বেটছমেনৰ বলত ৩৩৯ ৰানৰ লক্ষ্যত উপনীত হৈ ইতিহাস ৰচনা কৰিছে।ভাৰতে মহিলাৰ এদিনীয়া ক্ৰিকেটৰ ইতিহাসৰ সৰ্ববৃহৎ লক্ষ্যত উপনিত হৈছে আৰু অষ্ট্ৰেলিয়াৰ বিশ্ব অভিলেখ ভংগ কৰিছে।

এইটো প্ৰথমবাৰৰ বাবে সংঘটিত হৈছে যে, যেতিয়া যিকোনো এদিনীয়া বিশ্বকাপৰ নকআউট মেচত (পুৰুষ আৰু মহিলা উভয়তে) ৩০০ ৰানতকৈ অধিক লক্ষ্য বান্ধি দিছিল আৰু সেই বিশ্ব অভিলেখ ভাৰতে ভংগ কৰিছে।

ইয়াৰ পূৰ্বে ২০১৫ চনৰ এদিনীয়া বিশ্বকাপৰ ছেমি ফাইনেলত নিউজিলেণ্ডৰ পুৰুষ দলে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ২৯৮ ৰানৰ লক্ষ্যত উপনীত হয়,যিটো আছিল নকআউটত সৰ্বাধিক স্ক’ৰ চেজ।কিন্তু এতিয়া ভাৰতীয় মহিলা দলটোৱে এই অভিলেখ অতিক্ৰম কৰিছে।

লগতে পঢ়ক: ইতিহাস সৃষ্টি: অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ..

ইতিহাস সৃষ্টি: অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ..

ফাইনেলত প্ৰৱেশ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ

মহিলা বিশ্বকাপ ২০২৫ত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত ছেমি ফাইনেল খেলখন ঐতিহাসিক বুলি প্ৰমাণিত হয়।

এই মেচখনত ভাৰতে মহিলাৰ এদিনীয়া ইতিহাসত সৰ্বাধিক ৰান চেজ কৰি অষ্ট্ৰেলিয়াৰ গৌৰৱ ভাঙি পেলালে। বৃহস্পতিবাৰে (৩০ অক্টোবৰ) ছেমি ফাইনেলত ভাৰতৰ মহিলা ক্ৰিকেট দলটোৱে ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াক ৫ উইকেটত পৰাস্ত কৰে।

এই জয়ৰ লগতে ভাৰতে বিশ্বকাপৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। এতিয়া ২ নৱেম্বৰত ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব ঘৰুৱা দলটোৱে।

খেলখনত অষ্ট্ৰেলিয়াৰ অধিনায়ক এলিছা হিলীয়ে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ বাছি লয়। লিচফিল্ডৰ শতক আৰু পেৰী গাৰ্ডনাৰৰ পঞ্চাশৰ ভিত্তিত অষ্ট্ৰেলিয়াই ভাৰতক ৩৩৯ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল।

তাৰ বিপৰীতে ৫উইকেট হেৰুৱাই ৩৪১ ৰান সংগ্ৰহ কৰিলে ভাৰতীয় দলটোৱে। খেলখনত ভাৰতৰ হৈ শেফালি বাৰ্মাই ১০ ৰান, স্মৃতি মান্ধানাই ২৪ ৰান, জেমিমা ৰড্ৰিগুৱেজে অপৰাজিত ১২৭ ৰান হৰমনপ্ৰীত কৌৰে ৮৯ ৰান, দীপ্তি শৰ্মাই ২৪ ৰান, ৰিছা ঘোষে ২৬ ৰান আৰুআমজিত কৌৰে অপৰাজিত ১৫ ৰান সংগ্ৰহ কৰে।

লগতে পঢ়ক: হিটমেনৰ অভিলেখ; বিশ্বৰ প্ৰথম স্থানৰ এদিনীয়া বেটছমেন ৰোহিত শৰ্মা

নিউজিলেণ্ডক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ টিম ইণ্ডিয়াৰ…

ছেমি ফাইনেলত প্ৰৱেশ টিম ইণ্ডিয়াৰ

হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত চলি থকা মহিলা এদিনীয়া বিশ্বকাপ ২০২৫ৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে টিম ইণ্ডিয়াই।বৰষুণৰ ফলত ভাৰতীয় দলটো লাভৱান হয়।

মহিলা দলটোৰ অধিনায়ক হৰমনপ্ৰীত কৌৰে বিশ্বকাপৰ ছেমি ফাইনেলত স্থান দখল কৰি সুখ প্ৰকাশ কৰে।লগতে দলৰ অ’পেনিং বেটছমেন স্মৃতি মান্ধনা (১০৯ ৰান) আৰু প্ৰতীকা ৰাৱাল (১২২ ৰান)ৰ দুৰ্দান্ত ইনিংছৰ প্ৰশংসা কৰে।

মান্ধানা আৰু ৰাভালৰ শতকত ৰাইডিং কৰি ভাৰতে বৰষুণ প্ৰভাৱিত মেচত ডাকৱৰ্থ-লুইছ পদ্ধতিৰে নিউজিলেণ্ডক ৫৩ ৰাণত পৰাস্ত কৰে।

এই জয়েৰে ভাৰতে প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা চতুৰ্থটো দল হিচাপে পৰিগণিত হয়। জেমিমা ৰড্ৰিগেছেও নট আউট ৭৬ ৰানৰ এক সুন্দৰ ইনিংছ খেলিছিল।

টিম ইণ্ডিয়াই ছেমি ফাইনেলৰ বাৰ্থ নিশ্চিত কৰাৰ পিছত অধিনায়ক হৰমনপ্ৰীতে কয় যে এই জয় একেবাৰেই সহজ নহয়।দলটোৱে যিদৰে যুঁজিছিল, তাৰ কৃতিত্ব সমগ্ৰ দলটোলৈ যায়।

আমি জানিছিলোঁ যে টিম ইণ্ডিয়াৰ বাবে এই মেচখন কিমান গুৰুত্বপূৰ্ণ, গতিকে সকলোৱে উত্তেজিত আছিল আৰু আমি ভাল প্ৰদৰ্শন কৰাত সুখী।আমি ধাৰাবাহিকভাৱে ভাল আৰম্ভণি কৰি আছিলো, কিন্তু ডাঙৰ ইনিংছ কৰিব পৰা নাছিলো।

আজি স্মৃতি আৰু প্ৰতিকাই যিদৰে দায়িত্ব গ্ৰহণ কৰিছিল তাৰ বাবে সম্পূৰ্ণ কৃতিত্বৰ যোগ্য।জেমিমাহক প্ৰশংসা কৰি অধিনায়ক গৰাকীয়ে ক’লে যে আমি এটা ভাল আৰম্ভণি কৰিলোঁ।

যেতিয়া দুয়োজনে একেলগে স্ক’ৰ ২০০ লৈ লৈ গ’ল, তেতিয়া আমি ভাবিলোঁ যে জেমিমাহক ৩ নম্বৰত পঠোৱাটো সঠিক হ’ব।তেওঁ যি ধৰণে বেটিং কৰিছিল, সেইটোৱেই আছিল সকলোৱে অপেক্ষা কৰি থকা প্ৰদৰ্শন।

তেওঁ আৰু কয় যে যেতিয়াই আপুনি ঘৰত খেলে তেতিয়াই আপোনাৰ পৰা সকলোৰে বহুত আশা থাকে।টিভিতেই হওক, আমি সদায় কথা পাতো যে এইটো কেনেকৈ আমাৰ ঘৰ আৰু দৰ্শকে সদায় আমাৰ বাবে উল্লাস কৰে।

আৰু এইটো এটা উপভোগ কৰাৰ মুহূৰ্ত, কেৱল হেঁচা লোৱাতকৈ, আৰু আমি যোৱা দুদিনত সেইটোৱেই কথা পাতিলোঁ।

লগতে পঢ়ক: স্মৃতি মন্ধানা-প্ৰতীকা ৰাৱালৰ দৰ্শনীয় শতক; ভংগ কৰিলে কেইবাটাও ডাঙৰ অভিলেখ

মহিলা ক্ৰিকেট বিশ্বকাপত অব্যাহত ভাৰতৰ পৰাক্ৰম; কলম্বোত ৮৮ ৰানত ধুলিস্যাৎ চিৰবৈৰী পাকিস্তান

কলম্বোত ৮৮ ৰানত ধুলিস্যাৎ চিৰবৈৰী পাকিস্তান

পাকিস্তানী ক্ৰিকেটৰ গ্ৰাফ যেন প্ৰতিদিনে কমি আহিছে। ২০২৫ চনৰ এছিয়া কাপত অপমানিত হোৱাৰ পাছত পাকিস্তানে এমাহ নৌহওঁতেই চতুৰ্থবাৰৰ বাবে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়।

কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা আইচিচি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ৰ ৬ নম্বৰ মেচখনত ভাৰতে ৮৮ ৰানত জয়লাভ কৰে।

মেচখনত পাকিস্তানে জয়লাভৰ বাবে ২৪৮ ৰানৰ লক্ষ্য লাভ কৰিছিল,যিটো তেওঁলোকে পাৰ কৰিব নোৱাৰিলে।পাকিস্তানী দলটোৱে ৪৩ অভাৰত ১৫৯ ৰান সংগ্ৰহ কৰি অল আউট হয়।

মহিলা এদিনীয়াত পাকিস্তানৰ বিৰুদ্ধে একেৰাহে ১২ সংখ্যক জয় অৰ্জন কৰিছে ভাৰতীয় দলটোৱে।ভাৰতৰ হৈ বেগী বলাৰ ক্ৰান্তি গৌডে তিনিটা উইকেট দখল কৰি ‘প্লেয়াৰ অৱ দ্য মেচ’ হিচাপে ঘোষণা কৰে।দীপ্তি শৰ্মাইও তিনিটা আৰু স্নেহ ৰাণাই দুটা উইকেট দখল কৰে।

লগতে পঢ়ক: মহিলা বিশ্বকাপটো অব্যাহত আছে ‘ন হেণ্ডশ্বেক’; পাকিস্তানৰ অধিনায়কক হাত নিমিলালে হৰমনপ্ৰীত কৌৰে

মহিলা বিশ্বকাপটো অব্যাহত আছে ‘ন হেণ্ডশ্বেক’; পাকিস্তানৰ অধিনায়কক হাত নিমিলালে হৰমনপ্ৰীত কৌৰে

পাকিস্তানৰ অধিনায়কক হাত নিমিলালে হৰমনপ্ৰীত কৌৰে

মহিলা বিশ্বকাপত আজি মুখামুখি হৈছে পাকিস্তান আৰু ভাৰতীয় দল। কলম্বোত অনুষ্ঠিত হৈ আছে এই মেচখন।পাকিস্তানৰ অধিনায়ক ফাতিমা ছানাই টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছে।

ভাৰতীয় দলে প্ৰথমে বেটিং কৰিব।তাৰ মাজতে মহিলা বিশ্বকাপটো ভাৰতৰ ন’ হেণ্ডশ্বেক নীতি অব্যাহত আছে।ভাৰতীয় অধিনায়ক হৰমনপ্ৰীত কৌৰে টছৰ পাছত পাকিস্তানী অধিনায়ক ফাতিমা ছানাক হাত মিলোৱা নাছিল।  

দৰাচলতে ভাৰত-পাকিস্তানৰ ক্ৰিকেট সম্পৰ্ক আটাইতকৈ বেয়া পৰ্যায়ৰ মাজেৰে পাৰ হৈ গৈছে। শেহতীয়াকৈ এছিয়া কাপৰ সময়ত ভাৰতীয় খেলুৱৈসকলে পাকিস্তানী খেলুৱৈৰ সৈতে হাত মিলাবলৈ অস্বীকাৰ কৰিছিল।

একে সময়তে ‘ন হেণ্ডশ্বেকিং পলিচি’ আগুৱাই লৈ ভাৰতীয় মহিলা দলটোৱে মহিলা বিশ্বকাপত পাকিস্তানী খেলুৱৈৰ সৈতে হাত নিমিলোৱাৰ সিদ্ধান্ত লৈছে।

পাকিস্তানে প্লেইং ১১ ত এটা পৰিৱৰ্তন কৰি শীৰ্ষ অৰ্ডাৰ বেটছমেন চাদাফ ছামছক স্থান দিছে।ইফালে অসুস্থ অমনজোত কৌৰৰ ঠাইত ৰেণুকা সিঙক সুযোগ দিছে ভাৰতে।

লগতে পঢ়ক: ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত জয় ভাৰতৰ;আঢ়ৈ দিনতে শেষ হ’ল ৫ দিনীয়া খেল

ICC এ প্ৰথমবাৰৰ বাবে গ্ৰহণ কৰিছে ঐতিহাসিক পদক্ষেপ; মহিলা বিশ্বকাপ ২০২৫ক লৈ ডাঙৰ সিদ্ধান্ত

ICC এ প্ৰথমবাৰৰ বাবে গ্ৰহণ কৰিছে ঐতিহাসিক পদক্ষেপ

মহিলা বিশ্বকাপ ২০২৫ আয়োজন ভাৰত আৰু শ্ৰীলংকাই যৌথভাৱে কৰিব আৰু ইয়াৰ বাবে ইতিমধ্যে সকলো দলৰ দল ঘোষণা কৰা হৈছে।ভাৰতীয় দলৰ কমাণ্ড হৰমনপ্ৰীত কৌৰৰ হাতত।

এতিয়া ICC এ মহিলা বিশ্বকাপ ২০২৫ৰ বাবে এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে, য’ত প্ৰথমবাৰৰ বাবে কেৱল মহিলা বিষয়াৰ হাতত দায়িত্ব অৰ্পণ কৰাৰ কথা ঘোষণা কৰা হৈছে।

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ আৰু প্ৰথম মহিলা মেচ ৰেফাৰী জি এছ লক্ষ্মী ৪ জনীয়া মেচ ৰেফাৰী পেনেলৰ অংশ হ’ব।

ICC এ জনাইছে যে, ক্লেয়াৰ প’লোছাক, জেকলিন উইলিয়ামছ, ছু ৰেডফাৰ্নৰ টিকড়ী তৃতীয় মহিলা বিশ্বকাপত আম্পায়াৰ হিচাপে কাম কৰিব।

লৰেন এজেনবেগ আৰু কিম কটন দ্বিতীয়বাৰৰ বাবে বিশ্বকাপৰ অংশ হ’ব। ভাৰতৰ প্ৰাক্তন খেলুৱৈ বৃন্দা ৰাথী, এন জননী আৰু গায়ত্ৰী ভেনুগোপালনেও আম্পায়াৰিং পেনেলত স্থান লাভ কৰিছে।

ICC ৰ সভাপতি জে শ্বাহে এইদৰে কয় মেচ বিষয়াৰ পেনেলত কেৱল মহিলা বিষয়াক অন্তৰ্ভুক্ত কৰাটো কেৱল বৃহৎ কৃতিত্বই নহয়, বৰঞ্চ ই ক্ৰিকেটত লিংগ সমতা বৃদ্ধিৰ বাবে আই চি চিৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে। ই সুযোগ আৰু ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰিব পৰা অৰ্থপূৰ্ণ আদৰ্শ হোৱাৰ কথা।

লগতে পঢ়ক: এছিয়া কাপ ২০২৫ৰ প্ৰথমখন মেচত টীম ইণ্ডিয়াৰ বৃহৎ জয়; ইউ এ ইক কৰিলে পৰাস্ত