স্মৃতি মন্ধানা-প্ৰতীকা ৰাৱালৰ বিস্ফোৰক শতক
চলিত আই চি চি মহিলা এদিনীয়া ক্ৰিকেট বিশ্বকাপত নিউজীলেণ্ডৰ বিৰুদ্ধে বিস্ফোৰক শতকৰে ইতিহাস ৰচিলে স্মৃতি মন্ধানা আৰু প্ৰতীকা ৰাৱালে । ভাৰতীয় অ’পেনাৰে এদিনীয়া বিশ্বকাপত শতক অৰ্জন কৰা এয়া প্ৰথম আৰু মহিলা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তৃতীয়বাৰৰ বাবেহে এনে ঘটিছে । মন্ধানাই ৯৫টা বলত ১০৯ ৰানৰ বিস্ফোৰক ইনিংছ খেলাৰ বিপৰীতে প্ৰতীকা ৰাৱালে ১৩৪ বলত ১২২ ৰান সংগ্ৰহ কৰে । দুয়োগৰাকী বেটছমেনে ২১২ ৰানৰ অ’পেনিং পাৰ্টনাৰশ্বিপ গঢ়ে ।
ইয়াৰ লগে লগে দুয়োগৰাকী বেটছমনে কেইবাটাও অভিলেখো ভংগ কৰে ।
-মহিলাৰ এদিনীয়া বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে দুয়োগৰাকী অ’পেনাৰে শতক অৰ্জন কৰিছিল ১৯৭৩ চনত । তেতিয়া ইংলেণ্ডৰ অপেনিং যুটি লিন থমাছ আৰু এনাইড বেকৱেলে শতক অৰ্জন কৰিছিল । দ্বিতীয়বাৰৰ বাবে ১৯৮৮ চনত অষ্ট্ৰেলিয়াৰ লিণ্ডচে ৰিলাৰ আৰু ৰুথ বাকষ্টেইনে এই কৃতিত্বৰ পুনৰাবৃত্তি কৰিছিল । এতিয়া ৩৭ বছৰৰ পাছত মন্ধানা আৰু ৰাৱালে শতক অৰ্জন কৰি এই ইতিহাস ৰচনা কৰিছে ।
–স্মৃতি মন্ধানাই ১০৯ ৰানৰ ইনিংছত ১০টা চাৰি আৰু চাৰিটা ছয় কোবাই । ৰাৱালে নিজৰ ১২২ ৰানৰ ইনিংছত ১৩টা চাৰি আৰু দুটা ছয় কোবাই । লগে লগে দুয়োগৰাকী অ’পেনাৰে দ্বিতীয়বাৰৰ বাবে দুশৰো অধিক অংশীদাৰিত্ব গঢ়ি তোলে । মহিলাৰ এদিনীয়াত দ্বিতীয়বাৰৰ বাবে দুশৰো অধিক অংশীদাৰিত্ব গঢ়া আন খেলুৱৈ-
মেগ লেনিং আৰু এলিছা পেৰী
তামিন ব্ৰিটছ আৰু লৌৰা বলৱাৰ্ড
টেমি বিউমন্ট আৰু এমি জোনছ
স্মৃতি মন্ধানা আৰু প্ৰতিকা ৰাৱাল
-কেলেণ্ডাৰ বছৰত আটাইতকৈ বেছি শতকীয় অংশীদাৰিত্ব (যিকোনো উইকেটৰ বাবে)
৫- বেলিণ্ডা ক্লাৰ্ক আৰু লিজা কিটলি (অষ্ট্ৰেলিয়া), ২০০০
৫- স্মৃতি মন্ধানা আৰু প্ৰতীকা ৰাৱাল (ভাৰত), ২০২৫
৪- চুজি বেটছ আৰু ৰেচেল প্ৰিষ্ট (নিউজীলেণ্ড), ২০১৫
৪- তাজমিন ব্ৰিটিছ আৰু ল’ৰা উলভাৰ্ড (দক্ষিণ আফ্ৰিকা), ২০২৫
-মহিলাৰ এদিনীয়াত এটা কেলেণ্ডাৰ বছৰত সৰ্বাধিক ছয়
৩১* – স্মৃতি মন্ধানা (ভাৰত), ২০২৫
২৮ – লিজেল লি (দক্ষিণ আফ্ৰিকা), ২০১৭
২১ – ডিয়াণ্ড্ৰা ডটিন (ৱেষ্ট ইণ্ডিজ)
-মহিলাৰ এদিনীয়াত ইনিংছৰ হিচাবত সৰ্বাধিক দ্ৰুত ১০০০ ৰান
২৩ – লিণ্ডচে ৰিলাৰ (অষ্ট্ৰেলিয়া)
২৩ – প্ৰতীকা ৰাৱাল (ভাৰত)
২৫ – মেগ লেনিং (অষ্ট্ৰেলিয়া)
২৫ – নিকোল বোল্টন (অষ্ট্ৰেলিয়া)
২৭ – বেলিণ্ডা ক্লাৰ্ক (অষ্ট্ৰেলিয়া)
-মহিলাৰ এদিনীয়াত এটা কেলেণ্ডাৰ বছৰত আটাইতকৈ বেছি শতক
৫- তাজমিন ব্ৰিটিছ (দক্ষিণ আফ্ৰিকা), ২০২৫
৫- স্মৃতি মন্ধানা (ভাৰত), ২০২৫
৪- স্মৃতি মন্ধানা (ভাৰত), ২০২৪
লগতে পঢ়ক : দ্বিতীয় এদিনীয়াটো ভাৰতীয় দলৰ পৰাজয়; অথলে গ’ল ৰোহিত-শ্ৰেয়াছৰ অৰ্ধশতক









