পাকিস্তানৰ অধিনায়কক হাত নিমিলালে হৰমনপ্ৰীত কৌৰে
মহিলা বিশ্বকাপত আজি মুখামুখি হৈছে পাকিস্তান আৰু ভাৰতীয় দল। কলম্বোত অনুষ্ঠিত হৈ আছে এই মেচখন।পাকিস্তানৰ অধিনায়ক ফাতিমা ছানাই টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছে।
ভাৰতীয় দলে প্ৰথমে বেটিং কৰিব।তাৰ মাজতে মহিলা বিশ্বকাপটো ভাৰতৰ ন’ হেণ্ডশ্বেক নীতি অব্যাহত আছে।ভাৰতীয় অধিনায়ক হৰমনপ্ৰীত কৌৰে টছৰ পাছত পাকিস্তানী অধিনায়ক ফাতিমা ছানাক হাত মিলোৱা নাছিল।
দৰাচলতে ভাৰত-পাকিস্তানৰ ক্ৰিকেট সম্পৰ্ক আটাইতকৈ বেয়া পৰ্যায়ৰ মাজেৰে পাৰ হৈ গৈছে। শেহতীয়াকৈ এছিয়া কাপৰ সময়ত ভাৰতীয় খেলুৱৈসকলে পাকিস্তানী খেলুৱৈৰ সৈতে হাত মিলাবলৈ অস্বীকাৰ কৰিছিল।
একে সময়তে ‘ন হেণ্ডশ্বেকিং পলিচি’ আগুৱাই লৈ ভাৰতীয় মহিলা দলটোৱে মহিলা বিশ্বকাপত পাকিস্তানী খেলুৱৈৰ সৈতে হাত নিমিলোৱাৰ সিদ্ধান্ত লৈছে।
পাকিস্তানে প্লেইং ১১ ত এটা পৰিৱৰ্তন কৰি শীৰ্ষ অৰ্ডাৰ বেটছমেন চাদাফ ছামছক স্থান দিছে।ইফালে অসুস্থ অমনজোত কৌৰৰ ঠাইত ৰেণুকা সিঙক সুযোগ দিছে ভাৰতে।
লগতে পঢ়ক: ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত জয় ভাৰতৰ;আঢ়ৈ দিনতে শেষ হ’ল ৫ দিনীয়া খেল









