ICC

ICC এ প্ৰথমবাৰৰ বাবে গ্ৰহণ কৰিছে ঐতিহাসিক পদক্ষেপ; মহিলা বিশ্বকাপ ২০২৫ক লৈ ডাঙৰ সিদ্ধান্ত

ICC এ প্ৰথমবাৰৰ বাবে গ্ৰহণ কৰিছে ঐতিহাসিক পদক্ষেপ মহিলা বিশ্বকাপ ২০২৫ আয়োজন ভাৰত আৰু শ্ৰীলংকাই যৌথভাৱে কৰিব আৰু ইয়াৰ বাবে ইতিমধ্যে সকলো দলৰ দল ঘোষণা কৰা হৈছে।ভাৰতীয় দলৰ কমাণ্ড হৰমনপ্ৰীত কৌৰৰ হাতত। এতিয়া ICC এ মহিলা বিশ্বকাপ ২০২৫ৰ বাবে এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে, য’ত

ICC এ প্ৰথমবাৰৰ বাবে গ্ৰহণ কৰিছে ঐতিহাসিক পদক্ষেপ

মহিলা বিশ্বকাপ ২০২৫ আয়োজন ভাৰত আৰু শ্ৰীলংকাই যৌথভাৱে কৰিব আৰু ইয়াৰ বাবে ইতিমধ্যে সকলো দলৰ দল ঘোষণা কৰা হৈছে।ভাৰতীয় দলৰ কমাণ্ড হৰমনপ্ৰীত কৌৰৰ হাতত।

এতিয়া ICC এ মহিলা বিশ্বকাপ ২০২৫ৰ বাবে এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে, য’ত প্ৰথমবাৰৰ বাবে কেৱল মহিলা বিষয়াৰ হাতত দায়িত্ব অৰ্পণ কৰাৰ কথা ঘোষণা কৰা হৈছে।

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ আৰু প্ৰথম মহিলা মেচ ৰেফাৰী জি এছ লক্ষ্মী ৪ জনীয়া মেচ ৰেফাৰী পেনেলৰ অংশ হ’ব।

ICC এ জনাইছে যে, ক্লেয়াৰ প’লোছাক, জেকলিন উইলিয়ামছ, ছু ৰেডফাৰ্নৰ টিকড়ী তৃতীয় মহিলা বিশ্বকাপত আম্পায়াৰ হিচাপে কাম কৰিব।

লৰেন এজেনবেগ আৰু কিম কটন দ্বিতীয়বাৰৰ বাবে বিশ্বকাপৰ অংশ হ’ব। ভাৰতৰ প্ৰাক্তন খেলুৱৈ বৃন্দা ৰাথী, এন জননী আৰু গায়ত্ৰী ভেনুগোপালনেও আম্পায়াৰিং পেনেলত স্থান লাভ কৰিছে।

ICC ৰ সভাপতি জে শ্বাহে এইদৰে কয় মেচ বিষয়াৰ পেনেলত কেৱল মহিলা বিষয়াক অন্তৰ্ভুক্ত কৰাটো কেৱল বৃহৎ কৃতিত্বই নহয়, বৰঞ্চ ই ক্ৰিকেটত লিংগ সমতা বৃদ্ধিৰ বাবে আই চি চিৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে। ই সুযোগ আৰু ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰিব পৰা অৰ্থপূৰ্ণ আদৰ্শ হোৱাৰ কথা।

লগতে পঢ়ক: এছিয়া কাপ ২০২৫ৰ প্ৰথমখন মেচত টীম ইণ্ডিয়াৰ বৃহৎ জয়; ইউ এ ইক কৰিলে পৰাস্ত