সুস্থ হোৱাৰ পথত শ্ৰেয়াছ আয়াৰ
ভাৰতীয় এদিনীয়া দলৰ সহ-অধিনায়ক শ্ৰেয়াছ আয়াৰৰ স্বাস্থ্যৰ অৱস্থা ক্ৰমে উন্নত হৈছে । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে মঙলবাৰে ঘোষণা কৰে যে তাৰকা বেটছমেনগৰাকী সুস্থিৰ আৰু বৰ্তমান চিকিৎসকৰ তত্বাৱধানত আছে । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়া মেচৰ সময়ত ফিল্ডিং কৰি থকা অৱস্থাত আঘাতপ্ৰাপ্ত হোৱা আাৰক ছিডনীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ।
বিচিচিআইয়ে জাৰি কৰা দ্বিতীয়টো মেডিকেল আপডেটত কোৱা হৈছে, “অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে (২৫ অক্টোবৰ) তৃতীয়খন এদিনীয়া মেচৰ সময়ত আয়াৰে পেটত আঘাত পাইছিল । আঘাতৰ বাবে তেওঁৰ আভ্যন্তৰীণ ৰক্তক্ষৰণ হৈছিল । দলটোৰ মেডিকেল টিমে লগে লগে পৰিস্থিতি চিনাক্ত কৰি ৰক্তক্ষৰণ নিয়ন্ত্ৰণ কৰে । শ্ৰেয়াছ আয়াৰ বৰ্তমান সুস্থিৰ আৰু চিকিৎসকৰ তত্বাৱধানত আছে ।”
বিচিচিআইয়ে আৰু কয় যে, “মঙলবাৰে কৰা ৰিস্কেনত তেওঁৰ স্বাস্থ্যৰ যথেষ্ট উন্নতি হৈছে । বিচিচিআইৰ চিকিৎসা দলে ছিডনী আৰু ভাৰতৰ বিশেষজ্ঞ চিকিৎসকৰ সৈতে আলোচনা কৰি তেওঁৰ অৱস্থা নিৰীক্ষণ কৰি থাকিব । শ্ৰেয়াছে এতিয়া সুস্থ হোৱাৰ পথত আগবাঢ়িছে ।”
লগতে পঢ়ক : কাইলৈৰ পৰা ভাৰত-অষ্ট্ৰেলিয়াৰ টি ২০ শৃংখলা; এদিনীয়াত পৰাজয়ৰ পোতক তোলাৰ সুযোগ সূৰ্য বাহিনীৰ









