লিঅ’নেল মেছী

ফুটবল প্ৰেমীৰ বাবে ভালখবৰ; মেচ খেলিবলৈ ভাৰতলৈ আহিব লিঅ’নেল মেছী

মেচ খেলিবলৈ ভাৰতলৈ আহিব লিঅ’নেল মেছী আৰ্জেণ্টিনাৰ লিঅ’নেল মেছী বিশ্বৰ শ্ৰেষ্ঠ ফুটবলাৰৰ ভিতৰত গণ্য কৰা হয় আৰু সমগ্ৰ বিশ্বতে তেওঁৰ অনুৰাগী আছে। এতিয়া তেওঁ আৰু তেওঁৰ দল আৰ্জেণ্টিনা প্ৰীতি মেচ খেলিবলৈ ভাৰতলৈ আহিব ।এই কথা নিশ্চিত কৰিছে আৰ্জেণ্টিনাৰ ফুটবল এছ’চিয়েশ্যনে। ভাৰতীয় আৰু ফুটবল অনুৰাগীৰ বাবে

মেচ খেলিবলৈ ভাৰতলৈ আহিব লিঅ’নেল মেছী

আৰ্জেণ্টিনাৰ লিঅ’নেল মেছী বিশ্বৰ শ্ৰেষ্ঠ ফুটবলাৰৰ ভিতৰত গণ্য কৰা হয় আৰু সমগ্ৰ বিশ্বতে তেওঁৰ অনুৰাগী আছে।

এতিয়া তেওঁ আৰু তেওঁৰ দল আৰ্জেণ্টিনা প্ৰীতি মেচ খেলিবলৈ ভাৰতলৈ আহিব ।এই কথা নিশ্চিত কৰিছে আৰ্জেণ্টিনাৰ ফুটবল এছ’চিয়েশ্যনে।

ভাৰতীয় আৰু ফুটবল অনুৰাগীৰ বাবে এয়া এক উদযাপনৰ তুলনাতকৈ কম নহয়। ভাৰতলৈ অহাৰ পিছত এই আৰ্জেণ্টিনাৰ দলটোৱে কাৰ বিৰুদ্ধে খেল খেলিব সেয়া এতিয়াও নিৰ্ণয় হোৱা নাই।এই কথা পিছত ঘোষণা কৰা হ’ব।

আৰ্জেণ্টিনাৰ ফুটবল এছ’চিয়েশ্যনে এক প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে যে ২০২৫ চনৰ শেষৰ ফালে আৰ্জেণ্টিনাৰ জাতীয় দলটোৱে ফিফাৰ দুখন প্ৰীতি মেচ খেলিব।

প্ৰথমখন অক্টোবৰ মাহত আমেৰিকাত আৰু দ্বিতীয়খন ভাৰতৰ কেৰালাত নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব।এই দুয়োখন মেচতে আৰ্জেণ্টিনাৰ অধিনায়কত্বৰ দায়িত্ব মেছিয়ে ল’ব বুলিও খবৰ ওলাইছে।উল্লেখিত যিকোনো এটা তাৰিখত মেচ অনুষ্ঠিত কৰিব পাৰিব।

লিঅ’নেল মেছীৰ নেতৃত্বতেই আৰ্জেণ্টিনাৰ দলটোৱে ফিফা বিশ্বকাপ ২০২২ খিতাপ দখল কৰে।সেই সময়ছোৱাত ভাৰতীয় আৰু কেৰালা ৰাজ্যই আৰ্জেণ্টিনাৰ দলটোক বহুত সহায় কৰিছিল।

পিছত যেতিয়া আৰ্জেণ্টিনাৰ দলটোৱে বিশ্বকাপৰ ট্ৰফী লাভ কৰে তেতিয়া তেওঁলোকে ভাৰত, বাংলাদেশ আৰু কেৰালা ৰাজ্যকো বিশেষভাৱে ধন্যবাদ জনায়।

লগতে পঢ়ক: পাকিস্তানৰ সৈতে মেচ সন্দৰ্ভত ভাৰত চৰকাৰৰ ডাঙৰ ঘোষণা; নাথাকিব দ্বিপাক্ষিক মেচ