আজি মহিলা ক্ৰিকেট বিশ্বকাপৰ প্ৰথমখন ছেমিফাইনেল; বৰ্ষাপাৰাত ইংলেণ্ড-দক্ষিণ আফ্ৰিকাৰ যুঁজ

আজি মহিলা ক্ৰিকেট বিশ্বকাপৰ প্ৰথমখন ছেমিফাইনেল আজি অনুষ্ঠিত হ’ব আই চি চি মহিলা বিশ্বকাপ ২০২৫ৰ প্ৰথমখন ছেমি ফাইনেল মেচ । ফাইনেলত স্থান লাভৰ বাবে ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকা এই যুঁজত মুখামুখি হ’ব । শেষবাৰৰ বাবে দুয়োটা দলৰ মাজত হোৱা মেচত দক্ষিণ আফ্ৰিকা মাত্ৰ ৬৯ ৰানত

আজি মহিলা ক্ৰিকেট বিশ্বকাপৰ প্ৰথমখন ছেমিফাইনেল

আজি অনুষ্ঠিত হ’ব আই চি চি মহিলা বিশ্বকাপ ২০২৫ৰ প্ৰথমখন ছেমি ফাইনেল মেচ । ফাইনেলত স্থান লাভৰ বাবে ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকা এই যুঁজত মুখামুখি হ’ব । শেষবাৰৰ বাবে দুয়োটা দলৰ মাজত হোৱা মেচত দক্ষিণ আফ্ৰিকা মাত্ৰ ৬৯ ৰানত অল আউট হৈছিল আৰু ইংলেণ্ডে ১০ উইকেটত জয়লাভ কৰিছিল । অৱশ্যে এই ছেমি ফাইনেলৰ পৰিস্থিতি সম্পূৰ্ণ বেলেগ । দুয়োটা দলে শক্তিশালী প্ৰদৰ্শন আগবঢ়াইছে আৰু কঠিন প্ৰতিযোগিতা হোৱাৰ সম্ভাৱনা আছে ।

গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই হাইভল্টেজ মেচ । ভাৰতীয় সময় অনুসৰি বিয়লি ৩ বজাৰ পৰা আৰম্ভ হ’ব এই মেচ । বিয়লি ২.৩০ বজাত হ’ব এই মেচৰ টছ ।

উল্লেখ্য যে, দক্ষিণ আফ্ৰিকা আৰু ইংলেণ্ডৰ মহিলা দলে এই পৰ্যন্ত ৪৭ খন এদিনীয়া খেলিছে । ইয়াৰে ৩৬খন খেলত ইংলেণ্ডে জয়লাভ কৰাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাই ১০খন খেলত জয়লাভ কৰিছে । এখন মেচ ড্ৰ’ত সমাপ্ত হৈছে । সামগ্ৰিকভাৱে মেচ ইংলেণ্ডৰ হাতত আছে যদিও দক্ষিণ আফ্ৰিকাৰ শেহতীয়া ফৰ্মৰ প্ৰতি লক্ষ্য ৰাখি এতিয়াও এই মেচত অঘটন ঘটাৰ সম্ভাৱনা আছে ।

ইফালে বুধবাৰে গুৱাহাটীত বৰষুণৰ সম্ভাৱনা ২৫ শতাংশ । অৰ্থাৎ খেলৰ সময়ত কিছু বাধা আহিব পাৰে । অৱশ্যে ৰাতিৰ সময়ত বতৰ পৰিষ্কাৰ হৈ থকাৰ সম্ভাৱনা আছে, যাৰ বাবে সমগ্ৰ মেচখন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ।

আনহাতে বিশ্বকাপত ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰদৰ্শনলৈ চালে ইংলেণ্ডে এতিয়ালৈকে ৭খন মেচ খেলিছে । পাঁচখনত জয়, এখনত পৰাজয় আৰু এখন ড্ৰ’ত শেষ হৈছে । ইফালে দক্ষিণ আফ্ৰিকাই ৭খন খেলৰ ভিতৰত ৫খনত জয়লাভ কৰি দুখনত পৰাজয় হৈছে । ৩০ অক্টোবৰত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব দ্বিতীয়খন ছেমি ফাইনেল । ২ নৱেম্বৰত অনুষ্ঠিত হ’ব মহিলা ক্ৰিকেট বিশ্বকাপৰ ফাইনেল মেচ ।

লগতে পঢ়ক : সুস্থ হোৱাৰ পথত শ্ৰেয়াছ আয়াৰ; বিচিচিআইয়ে প্ৰকাশ কৰিলে মেডিকেল আপডেট