২০০৭ চনৰ ২৩ জুনত ৰোহিত শৰ্মাৰ ভাৰতৰ হৈ খেলাৰ সপোন পূৰণ হয় আৰু একে তাৰিখতে মঙলবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা তেওঁ পদ্মশ্ৰী বঁটাও লাভ কৰে।
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাই লাভ কৰা বঁটাৰ তালিকাত এতিয়ালৈকে আটাইতকৈ ডাঙৰ সন্মানটো যোগ হৈছে। মঙলবাৰে (২৩ জুন) ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত তেওঁ নিজৰ পদ্মশ্ৰী সন্মানৰ সৈতে এখন ছবি শ্বেয়াৰ কৰে। মুম্বাইৰ এই ৩৯ বছৰীয়া সোঁহতীয়া অ’পেনাৰগৰাকীক মঙলবাৰে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত পদ্ম বঁটা প্ৰদান অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ক্ৰিকেটাৰ গৰাকীক এই সন্মানেৰে বিভূষিত কৰে।
ৰোহিত শৰ্মাৰ নাম ২০২৬ চনৰ জানুৱাৰী মাহত ঘোষণা কৰা পদ্ম বঁটা বিজয়ীৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল। ক্ৰীড়া জগতত তেওঁৰ অসাধাৰণ অৱদান, ভাৰতীয় ক্ৰিকেটক এক নতুন উচ্চতালৈ লৈ যোৱা আৰু এজন বেটছমেন হিচাপে তেওঁৰ অনবদ্য কৃতিত্বৰ বাবে তেওঁক এই সন্মানেৰে সন্মানিত কৰা হয়।

ৰোহিতে এক্সত লিখিছে, “২৩ জুন তাৰিখে সকলো যাদু কঢ়িয়াই আনে। ১৯ বছৰ আগতে এই যাত্ৰা ইণ্ডিয়া কেপেৰে আৰম্ভ হৈছিল। আজি এই কাহিনীটোত আন এক গৌৰৱময় অধ্যায় যোগ হ’ল।”
২৩ জুন ৰোহিতৰ বাবে বিশেষ দিন, কাৰণ ২০০৭ চনৰ আজিৰ দিনটোতে বেলফাষ্টত আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলা এখন এদিনীয়া খেলত ভাৰতৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটায়। বিগত ১৯ বছৰত ৰোহিতে ভাৰতৰ হৈ ৬৭খন টেষ্ট, ২৮৫খন এদিনীয়া আৰু ১৫৯খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে। এই টেষ্টত ৪,৩০১ ৰান, এদিনীয়াত ১১,৭২০ ৰান আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ৪,২৩১ ৰান সংগ্ৰহ কৰিছে। টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত তেওঁ ভাৰতৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী। ভাৰতৰ হৈ এদিনীয়াত সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ তালিকাত তেওঁ তৃতীয় স্থানত আছে।
ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এই অনুষ্ঠানত মুঠ ৬৫ গৰাকী ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰা হয়, যাৰ ভিতৰত ২ টা পদ্ম বিভূষণ, ৭ টা পদ্ম ভূষণ আৰু ৫৬ টা পদ্মশ্ৰী সন্মান আছিল। ইয়াৰ পূৰ্বে ২৫ মে’তো পদ্ম বঁটাৰ বাবে এটা সন্মানীয় অনুষ্ঠান আয়োজন কৰা হৈছিল, য’ত ৰাষ্ট্ৰপতিয়ে ৬৬ গৰাকী ব্যক্তিক সন্মানিত কৰিছিল।
লগতে পঢ়ক: ফিফা বিশ্বকাপৰ পৰা বাহিৰ হ’ল পানামা; ১-০ গ’লত ক্ৰ’ৱেছিয়াৰ জয় লাভ









