ড’নাল্ড ট্ৰাম্পক মোক্ষম আঘাত; আমেৰিকাৰ কংগ্ৰেছত ইৰাণৰ বিৰুদ্ধে যুদ্ধ বন্ধ কৰাৰ প্ৰস্তাৱ গৃহীত

ড’নাল্ড ট্ৰাম্পৰ মোক্ষম আঘাত; আমেৰিকাৰ কংগ্ৰেছত ইৰাণৰ বিৰুদ্ধে যুদ্ধ বন্ধ কৰাৰ প্ৰস্তাৱ গৃহীত

ড’নাল্ড ট্ৰাম্পৰ ইৰাণ নীতিৰ বিৰুদ্ধে আমেৰিকাৰ চেনেটে এক প্ৰস্তাৱ গৃহীত কৰিছে।ইয়াৰ পৰা পোনপটীয়াকৈ বুজা যায় আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে আমেৰিকাত মতামত গঢ় লৈ উঠিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ইৰাণ নীতিক লৈ আমেৰিকাত পুনৰ এবাৰ তীব্ৰ বিতৰ্কৰ সূচনা হৈছে। মাৰ্কিন চিনেটে ট্ৰাম্প প্ৰশাসনক ইৰাণৰ বিৰুদ্ধে সামৰিক অভিযান

ড’নাল্ড ট্ৰাম্পৰ ইৰাণ নীতিৰ বিৰুদ্ধে আমেৰিকাৰ চেনেটে এক প্ৰস্তাৱ গৃহীত কৰিছে।ইয়াৰ পৰা পোনপটীয়াকৈ বুজা যায় আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে আমেৰিকাত মতামত গঢ় লৈ উঠিছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ইৰাণ নীতিক লৈ আমেৰিকাত  পুনৰ এবাৰ তীব্ৰ বিতৰ্কৰ সূচনা হৈছে। মাৰ্কিন চিনেটে ট্ৰাম্প প্ৰশাসনক ইৰাণৰ বিৰুদ্ধে সামৰিক অভিযান সমাপ্ত কৰিবলৈ দাবী জনাই এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে। যদিও এই প্ৰস্তাৱৰ কোনো আইনী বাধ্যবাধকতা নাই, তথাপিও ইয়াক ৱাইট হাউচৰ সামৰিক ৰণনীতিৰ বিৰুদ্ধে মাৰ্কিন সংসদ ‘কংগ্ৰেছ’ৰ বৰ্ধিত অসন্তুষ্টি আৰু ৰাজনৈতিক চাপ হিচাপে চোৱা হৈছে।

চিনেটত এই প্ৰস্তাৱটো ৫০-৪৮ ৰ এক কঠিন ব্যৱধানত গৃহীত হয়। প্ৰস্তাৱটোত কোৱা হৈছে যে যদিহে মাৰ্কিন সেনাই ইৰাণৰ বিৰুদ্ধে যিকোনো ধৰণৰ সামৰিক কাৰ্যকলাপ অব্যাহত ৰাখে, তেন্তে তাৰ বাবে কংগ্ৰেছৰ স্পষ্ট অনুমতিৰ প্ৰয়োজন হ’ব। যেতিয়ালৈকে কংগ্ৰেছে আনুষ্ঠানিকভাৱে সামৰিক শক্তি প্ৰয়োগৰ অনুমতি নিদিয়ে, তেতিয়ালৈকে ৰাষ্ট্ৰপতিয়ে ইৰাণৰ সৈতে জড়িত সামৰিক অভিযানৰ পৰা মাৰ্কিন বাহিনীক প্ৰত্যাহাৰ কৰিব লাগে।

এই প্ৰস্তাৱটো ইয়াৰ পূৰ্বে মাৰ্কিন প্ৰতিনিধি সভা (হাউচ অৱ ৰিপ্ৰেজেন্টেটিভচ)তো গৃহীত হৈছিল। দুয়োটা সদনতে এই প্ৰস্তাৱ অনুমোদিত হোৱাটোৱে এই সংকেত প্ৰদান কৰে যে ডেম’ক্ৰেট আৰু ৰিপাব্লিকান দুয়োটা দলৰে কেইবাগৰাকীও সাংসদে ৰাষ্ট্ৰপতিৰ যুদ্ধ সম্পৰ্কীয় ক্ষমতাক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে।

যিহেতু এই প্ৰস্তাৱটো ১৯৭৩ চনৰ ‘ৱাৰ পাৱাৰ্চ এক্ট’ (War Powers Act)-ৰ অধীনত গৃহীত কৰা হৈছে, সেয়েহে ইয়াত ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ প্ৰয়োজন নাই আৰু ই আইনৰ ৰূপো নলয়। এই কাৰণেই প্ৰশাসনৰ ওপৰত ইয়াৰ কোনো প্ৰত্যক্ষ আইনী প্ৰভাৱ নপৰিব। ৱাইট হাউচে ইতিপূৰ্বে এই প্ৰস্তাৱটোক অসাংবিধানিক বুলি অভিহিত কৰি কৈছে যে ৰাষ্ট্ৰপতিৰ সাংবিধানিক অধিকাৰক এইদৰে সীমিত কৰিব নোৱাৰি।

প্ৰস্তাৱটো সমৰ্থন কৰা সাংসদসকলৰ মতে, আমেৰিকাক কোনো দীৰ্ঘম্যাদী সামৰিক সংঘাতত লিপ্ত কৰাৰ অধিকাৰ কেৱল ৰাষ্ট্ৰপতিৰ হাতত থাকিব নালাগে। তেওঁলোকৰ যুক্তি হ’ল যে সংবিধান অনুসৰি যুদ্ধ বা দীৰ্ঘদিনীয়া সামৰিক অভিযানৰ সিদ্ধান্ত কংগ্ৰেছৰ সন্মতিৰ হে হ’ব লাগে। সংসদীয় স্বীকৃতি অবিহনে সামৰিক ব্যৱস্থা গ্ৰহণ কৰিলে আমেৰিকা এক বৃহৎ আঞ্চলিক সংঘাতত সোমাই পৰিব পাৰে, যাৰ প্ৰভাৱ সমগ্ৰ পশ্চিম এছিয়াৰ সুস্থিৰতাৰ ওপৰত পৰিব বুলি সাংসদসকলে আশংকা প্ৰকাশ কৰিছে।  আনহাতে, ট্ৰাম্প প্ৰশাসনৰ মতে, ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু মাৰ্কিন স্বাৰ্থ ৰক্ষাৰ বাবে প্ৰয়োজনীয় পৰিস্থিতিত সামৰিক ব্যৱস্থা গ্ৰহণ কৰাৰ সাংবিধানিক অধিকাৰ ৰাষ্ট্ৰপতিৰ আছে। প্ৰশাসনে দাবী কৰিছে যে বৰ্তমানৰ পৰিস্থিতিত ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰা পদক্ষেপসমূহ সম্পূৰ্ণ সাংবিধানিক আৰু ইয়াৰ বাবে কোনো অতিৰিক্ত সংসদীয় অনুমতিৰ প্ৰয়োজন নাই।

ইয়াৰ মাজতে ট্ৰাম্প প্ৰশাসনে ইৰাণৰ সৈতে এক বিতং শান্তি চুক্তি ৰূপায়ণৰ দিশত আগবাঢ়িছে। দুয়োখন দেশৰ মাজত চুক্তিক লৈ সহমত প্ৰকাশ পাইছে আৰু শেহতীয়াকৈ চুইজাৰলেণ্ডৰ জেনেভাত এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ গৈছে। বৰ্তমান দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি বাহাল আছে আৰু কেইবাটাও বিষয়ত দুয়োপক্ষই সন্মতি প্ৰকাশ কৰিছে।

ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, এই প্ৰস্তাৱটো আইনীভাৱে বাধ্যতামূলক নহ’লেও ইয়াৰ ৰাজনৈতিক গুৰুত্ব বহুত বেছি। ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে মাৰ্কিন সংসদত ৰাষ্ট্ৰপতিৰ ইৰাণ নীতিক লৈ মতানৈক্য বৃদ্ধি পাইছে আৰু কংগ্ৰেছে ভৱিষ্যতে যুদ্ধ সম্পৰ্কীয় সিদ্ধান্তত নিজৰ ভূমিকা অধিক শক্তিশালী কৰিব বিচাৰে।

চিনেট আৰু প্ৰতিনিধি সভা দুয়োটাতে প্ৰস্তাৱটো গৃহীত হোৱাটোৱে এই কথাও সূচাইছে যে আমেৰিকাত যুদ্ধ সম্পৰ্কীয় সাংবিধানিক অধিকাৰক লৈ বিতৰ্ক পুনৰ তীব্ৰতৰ হৈ পৰিছে। অনাগত দিনত যদি ইৰাণৰ সৈতে উত্তেজনা বৃদ্ধি পায় বা সামৰিক কাৰ্যকলাপ দীঘলীয়া হয়, তেন্তে অধিকাৰক লৈ কংগ্ৰেছ আৰু ৱাইট হাউচৰ মাজত সংঘাত আৰু অধিক ঘনীভূত হ’ব পাৰে।

লগতে পঢ়ত; ব্ৰিটেইনৰ ৰাজনীতিত ধুমুহা : ১০ বছৰত সলনি হ’ল ৬ গৰাকী প্ৰধানমন্ত্ৰী

শেহতীয়া প্ৰৱন্ধসমূহ