বৈভৱ সূৰ্যবংশীৰ বিস্ফোৰক ১৭৫ ৰানৰ সহায়ত ভাৰতীয় দলটোৱে ১৯ বছৰ অনুৰ্ধৰ বিশ্বকাপৰ ফাইনেলত ৰানৰ পাহাৰ গঢ়ে ।
১৯ বছৰ অনুৰ্ধ বিশ্বকাপ ২০২৬ৰ ফাইনেলত ভাৰতীয় দলে শক্তিশালী প্ৰদৰ্শনেৰে অভিলেখ সৃষ্টি কৰিছে । বৈভৱ সূৰ্যবংশীৰ বিস্ফোৰক ১৭৫ ৰানৰ সহায়ত ভাৰতীয় দলটোৱে ১৯ বছৰ অনুৰ্ধৰ বিশ্বকাপৰ ফাইনেলত ৰানৰ পাহাৰ গঢ়ে । ভাৰতীয় দলে বিশ্বকাপৰ ফাইনেলত সৰ্বাধিক স্ক’ৰ গঢ়াৰ অভিলেখ সৃষ্টি কৰে । খিতাপৰ মেচখনত ভাৰতে ৫০ অভাৰত ৯ উইকেটত ৪১১ ৰান সংগ্ৰহ কৰে ।
চূড়ান্ত খেলখনত বৈভৱ সূৰ্যবংশীয়ে ১৭৫ ৰানৰ বিস্ফোৰক ইনিংছ খেলে । মাত্ৰ ৫৫টা বলত শতক অৰ্জন কৰে বৈভৱে । বৈভৱ সূৰ্যবংশীয়ে ৮০টা বলত ১৭৫ ৰানৰ ঐতিহাসিক ইনিংছ খেলে, এই ইনিংছত তেওঁ ১৫টা ছয় আৰু ১৫টা চাৰি কোবাই । বৈভৱে কেৱল বাউণ্ডেৰীৰ পৰাই ১৫০ ৰান সংগ্ৰহ কৰে ।
বৈভৱ সূৰ্যবংশীৰ নতুন বিশ্ব অভিলেখ-
১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ ফাইনেলৰ ইতিহাসত দ্ৰুততম শতক অৰ্জন কৰা বেটছমেন হিচাপে পৰিগণিত হৈছে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশী । ইয়াৰ লগে লগে তেওঁ এতিয়া ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ ইতিহাসত দ্বিতীয় দ্ৰুততম শতক অৰ্জন কৰাৰ অভিলেখো অৰ্জন কৰিছে । ১৯ বছৰ অনুৰ্ধ বিশ্বকাপত দ্ৰুততম শতক অৰ্জন কৰাৰ অভিলেখ অষ্ট্ৰেলিয়াৰ উইল মালাজুকৰ হাতত আছে যদিও বৈভৱ সূৰ্যবংশীয়ে এতিয়া ফাইনেলত দ্ৰুততম শতক অৰ্জনৰ বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । ১৯ বছৰ অনুৰ্ধৰ বিশ্বকাপৰ ফাইনেলত শতক অৰ্জন কৰা তৃতীয়গৰাকী ভাৰতীয় বৈভৱ । ইয়াৰ পূৰ্বে উন্মুক্ত চান্দ (২০১২) আৰু মনজোত কলৰা (২০১৮) য়ে এই অভিলেখ গঢ়িছে ।
ভাৰতীয় দলৰ ইনিংছ-
প্ৰথমে বেটিং কৰি টিম ইণ্ডিয়াই ২০ ৰানতে প্ৰথমটো উইকেট হেৰুৱাইছিল ।এৰন জৰ্জে ১১টা বলত ৯ ৰান কৰি আউট হয় । ইয়াৰ পিছতে অধিনায়ক আয়ুষ মাহাত্ৰে আৰু বৈভৱ সূৰ্যবংশীয়ে ১৪২ ৰানৰ অংশীদাৰিত্ব গঢ়ে । ৫১টা বলত ৭টা চাৰি আৰু ২টা ৬ৰ সহায়ত ৫৩ ৰান সংগ্ৰহ কৰি মাহত্ৰেই । বেদান্ত ত্ৰিবেদীয়ে ৩৬ বলত ৩২ ৰান, বিহান মালহোত্ৰাই ৩৬ বলত ৩০ ৰান আৰু উইকেটকীপাৰ অভিজ্ঞান কুণ্ডুৱে ৩১ বলত ৪০ ৰান সংগ্ৰহ কৰে । কনিষ্ক চৌহানে ২০টা বলত ৩৭ ৰান কৰি অপৰাজিত হৈ থাকে, তেওঁ ৩টা চাৰি আৰু এটা ছয় কোবাই । কেৱল বৈভৱেই ৮০টা বলত ১৭৫ ৰান সংগ্ৰহ কৰে, য’ত ১৫টা চাৰি আৰু ১৫টা ছয় আছিল ।
ইংলেণ্ডৰ হৈ চেবাষ্টিয়ান মৰ্গানে ৯ অভাৰত ৭৪ ৰান খৰচ কৰি দুটা উইকেট দখল কৰে । এলেক্স গ্ৰীনে ৫ অভাৰত ৪৯ ৰানৰ বিনিময়ত দুজন ভাৰতীয় খেলুৱৈক আউট কৰে । জেমছ মিণ্টোৱে ৮ অভাৰত ৬৩ ৰানৰ বিনিময়ত তিনিটা উইকেট দখল কৰে । মেনি লামছডেনেও এটা উইকেট লাভ কৰে ।
লগতে পঢ়ক : বৈভৱ সূৰ্য্যবংশীৰ ৰচিলে নতুন ইতিহাস; ৫৫ বলত ধুমুহাময় শতক









