আজি মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী মেচ
এছিয়া কাপ ২০২৫ৰ ৰোমাঞ্চকৰ সামৰণিৰ পিছত এতিয়া আৰম্ভ হ’ব মহিলা বিশ্বকাপ ক্ৰিকেট । আজিৰে পৰা আৰম্ভ হ’ব আই চি চি মহিলাৰ এদিনীয়া বিশ্বকাপ । মঙলবাৰে ভাৰতীয় মহিলা ক্ৰিকেট দলে ২০২৫ চনৰ এদিনীয়া বিশ্বকাপৰ প্ৰথমখন খেলত শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব । গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব উদ্বোধনী মেচ । এই প্ৰতিযোগিতাৰ ৪৭ বছৰীয়া ইতিহাসত প্ৰথমটো খিতাপ দখল কৰাৰ লক্ষ্যৰে নিজৰ অভিযান আৰম্ভ কৰিব হৰমনপ্ৰীত কৌৰ বাহিনীয়ে ।
বিশ্বৰ তৃতীয় স্থানত থকা হৰমনপ্ৰীত কৌৰৰ নেতৃত্বৰ দলটোৱে এই বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ঘৰুৱা অভিজ্ঞতা আৰু শেহতীয়া উৎকৃষ্ট ফৰ্মৰ সম্পূৰ্ণ সুবিধা ল’বলৈ চেষ্টা কৰিব । ১২ বছৰৰ মূৰত ভাৰতত অনুষ্ঠিত হোৱা মহিলা ক্ৰিকেট বিশ্বকাপৰ এয়া ত্ৰয়োদশ সংস্কৰণ । এই প্ৰতিযোগিতাত ৫ অক্টোবৰত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া মেচকে ধৰি ২৮খন খেল অনুষ্ঠিত হ’ব । ছেমি ফাইনেল আৰু সম্ভাৱ্য ফাইনেলো ভাৰতত অনুষ্ঠিত হ’ব । অৱশ্যে ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা ৰাজনৈতিক উত্তেজনাৰ বাবে পাকিস্তানী দলটোৱে ইয়াৰ সকলো মেচ শ্ৰীলংকাত খেলিব । আনহাতে পাকিস্তানৰ দলটো ফাইনেলত উপনীত হ’লে চূড়ান্ত মেচো শ্ৰীলংকাত অনুষ্ঠিত হ’ব ।
উল্লেখ্য যে, বৰ্ষাপাৰাত অনুষ্ঠিত হ’বলগা এই প্ৰতিযোগিতাৰ উদ্বেধনী অনুষ্ঠান অসমীয়াৰ আদৰৰ শিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা হৈছে ।
এই প্ৰতিযোগিতাত অষ্ট্ৰেলিয়া, ইংলেণ্ড, ভাৰত, নিউজীলেণ্ড, দক্ষিণ আফ্ৰিকা, শ্ৰীলংকা, বাংলাদেশ, পাকিস্তান আদি আঠটা দলে অংশগ্ৰহণ কৰিছে ।
ভাৰতীয় দল-
হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মন্ধনা, প্ৰতিকা ৰাৱাল, হৰলীন দেউল, জেমিমাহ ৰড্ৰিগোছ, ৰিচা ঘোষ, উমা ছেত্ৰী, ৰেনুকা সিং ঠাকুৰ, দীপ্তি শৰ্মা, স্নেহ ৰানা, শ্ৰী চৰাণী, ৰাধা যাদৱ, অমনজোত কৌৰ, অৰুন্ধতী ৰেড্ডী, ক্ৰান্তি গৌড় ।
লগতে পঢ়ক : নৱমবাৰলৈ এছিয়া কাপত ভাৰতৰ জয়; পাকিস্তানী মন্ত্ৰীৰ পৰা টীম ইণ্ডিয়াই নল’লে ট্ৰফী









