টি-২০ বিশ্বকাপ : আইচিচিয়ে বৃদ্ধি কৰিলে প্ৰাইজমানি, কিমান ধন লাভ কৰিব চেম্পিয়ন দলে ?

মহিলা টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে অভিলেখ সংখ্যক ৮২ কোটিৰ পুৰস্কাৰ ধন ঘোষণা কৰে আইচিচিয়ে

সোমবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে মহিলা টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে অভিলেখ সংখ্যক ৮২ কোটিৰ পুৰস্কাৰ ধন ঘোষণা কৰে । দুমাহ পিছত ইংলেণ্ড আৰু ৱেলছত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখনৰ বাবে এই বৃহত ধনৰাশি ঘোষণা কৰিছে আইচিচিয়ে ।

এইবাৰ মুঠ পুৰস্কাৰৰ ধন ১০% বৃদ্ধি কৰা হৈছে । ইউ এ ইত অনুষ্ঠিত হোৱা যোৱা প্ৰতিযোগিতাখনত এই ধনৰাশি আছিল প্ৰায় ৭৪ কোটি, যিটো এতিয়া ৮২ কোটিলৈ বৃদ্ধি পাইছে । এইবাৰ এই প্ৰতিযোগিতাখনৰ পৰিসৰো বৃদ্ধি পাব, য’ত ১২টা দলে অংশগ্ৰহণ কৰিব । ২০২৪ চনত ১০টা দলে অংশগ্ৰহণ কৰিছিল এই মেগা প্ৰতিযোগিতাত ।

কিমান লাভ কৰিব চেম্পিয়ন দলে-

পুৰস্কাৰৰ ধনৰ ক্ষেত্ৰত চেম্পিয়ন দলটোৱে প্ৰায় ২১.৮ কোটি  লাভ কৰিব, আনহাতে ৰানাৰ্ছ আপ দলে ১০ কোটি লাভ কৰিব । পৰাজিত ছেমি ফাইনেলিষ্ট দলেও লাভ কৰিব প্ৰায় ৬.২৯ কোটি । গ্ৰুপ মেচত জয়ী হোৱা প্ৰতিটো দলে প্ৰায় ২৯ লাখ টকা লাভ কৰিব ।

আইচিচিয়ে লগতে স্পষ্ট কৰি দিছে যে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা ১২টা দলে নূন্যতম নিশ্চিত ধন ২.০৬ কোটি টকা লাভ কৰিব । ১২ জুনত আৰম্ভ হ’ব এই প্ৰতিযোগিতা । উদ্বোধনী মেচত আয়োজক ইংলেণ্ডে এডগবাষ্টনত শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব ।

অষ্ট্ৰেলিয়া, ভাৰত, পাকিস্তান, নিউজীলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজৰ দৰে ডাঙৰ দলেও এই মেগা ইভেণ্টত খিতাপৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব । ২৪ দিনত ৭টা ভিন্ন স্থানত মুঠ ৩৩খন খেল অনুষ্ঠিত হ’ব ।

প্ৰতিযোগিতাখনৰ পূৰ্বে মে’ মাহত স্কটলেণ্ডৰ পৰা আৰম্ভ কৰি বিভিন্ন চহৰ ভ্ৰমণ কৰি লণ্ডনত সমাপ্ত হ’ব লগা ট্ৰফী ভ্ৰমণো অনুষ্ঠিত হ’ব । আইচিচিৰ চিইঅ’ সংযোগ গুপ্তাই কয় যে মহিলা ক্ৰিকেটৰ জনপ্ৰিয়তা দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু ১২টা দলৰ এই প্ৰতিযোগিতাখনে ইয়াক আৰু অধিক প্ৰতিযোগিতামূলক আৰু শক্তিশালী কৰি তুলিব ।

লগতে পঢ়ক : মুম্বাই ইণ্ডিয়ানছৰ পৰাজয়ৰ হেট্ৰিক; খঙত অগ্নিশৰ্মা হাৰ্দিক পাণ্ডিয়া

আইচিচিৰ এদিনীয়া ৰেংকিঙত ভাৰতীয় তাৰকাৰ দপদপনি

এদিনীয়া ৰেংকিঙত ভাৰতীয় তাৰকাৰ দপদপনি । ভাৰতৰ তাৰকা বেটছমেন স্মৃতি মন্ধানা এদিনীয়াত বিশ্বৰ প্ৰথম স্থানৰ বেটছমেন হিচাবে পৰিগণিত হৈছে

আইচিচিয়ে প্ৰকাশ কৰিছে মহিলা এদিনীয়া বেটছমেনৰ শেহতীয়া ৰেংকিং । ভাৰতৰ তাৰকা বেটছমেন স্মৃতি মন্ধানা এদিনীয়াত বিশ্বৰ প্ৰথম স্থানৰ বেটছমেন হিচাবে পৰিগণিত হৈছে । অষ্ট্ৰেলিয়াৰ এলানা কিং মহিলাৰ এদিনীয়াত বিশ্বৰ ১ নম্বৰ বলাৰ হিচাপে পৰিগণিত হৈছে । শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তিনিখন মেচৰ এদিনীয়া শৃংখলাত ভাৰতৰ তাৰকা অ’পেনাৰ স্মৃতি মন্ধানাই উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত ৫৮ আৰু ৩১ ৰান সংগ্ৰহ কৰা স্মৃতিৰ পইন্ট ৭৯০ । দক্ষিণ আফ্ৰিকাৰ ল’ৰা উলভাৰ্ডক অতিক্ৰম কৰি তেওঁ এদিনীয়াৰ ১ নম্বৰ বেটছমেন হিচাপে পৰিগণিত হৈছে । এতিয়া উলভাৰ্ডৰ হাতত আছে ৭৮২ পইণ্ট ।

অন্তিমখন এদিনীয়া মেচত শতক অৰ্জন কৰা অষ্ট্ৰেলিয়াৰ এলিছা হিলীয়ে চতুৰ্থ স্থানত থাকি ৱান ডে ইণ্টাৰনেশ্যনেলৰ পৰা অৱসৰ গ্ৰহণ কৰে । অষ্ট্ৰেলিয়াৰ বেথ মুনী তৃতীয় স্থানত থকাৰ বিপৰীতে এছলি গাৰ্ডনাৰ (৭২৪) পঞ্চম স্থানত আছে । ভাৰতীয় অধিনায়ক হৰমনপ্ৰীত কৌৰে নৱম স্থান দখল কৰাৰ বিপৰীতে জেমিমাহ ৰড্ৰিগোজ দ্বাদশ স্থানত আছে । তিনিখন মেচৰ ছিৰিজত ক্লীন ছুইপৰ পাছতো ভাৰতে হৰমনপ্ৰীতে (৬৫২) চাৰিটা স্থান আগুৱাবলৈ সক্ষম হয় । এই শৃংখলাত তেওঁ ৫৩, ৫৪ আৰু ২৫ ৰান সংগ্ৰহ কৰে ।

অষ্ট্ৰেলিয়াৰ তাৰকা বলাৰ আলানা কিঙে (৭৭৫ পইণ্ট) বলাৰৰ ৰেংকিঙৰ শীৰ্ষত স্থান লাভ কৰিছে । প্ৰায় চাৰি বছৰ ধৰি শীৰ্ষস্থান দখল কৰা ছফী এক্লেষ্টনক অতিক্ৰম কৰিছে তেওঁ । তৃতীয় স্থানত আছে গাৰ্ডনাৰ । বলিং তালিকাৰ শীৰ্ষ ১০ ৰ ভিতৰত একমাত্ৰ ভাৰতীয় বলাৰ দীপ্তি শৰ্মা । তেওঁ দশম স্থানত আছে । ভাৰতৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত অষ্ট্ৰেলিয়াৰ আলানাই ১৬.৭১ গড়ে ৭টা উইকেট দখল কৰিছিল । তৃতীয় আৰু অন্তিম এদিনীয়াত ৩৩ ৰানত চাৰিটা উইকেট দখল কৰিছিল তেওঁ ।

লগতে পঢ়ক : কেতিয়া আৰু ক’ত অনুষ্ঠিত হ’ব ছেমি ফাইনেলৰ মেচ ? কোন দলৰ মুখামুখি হ’ব ভাৰত ?

শ্ৰীলংকাৰ বিৰুদ্ধে চতুৰ্থ টি-২০টো ভাৰতৰ জয়… ক্লীন ছুইপৰ দিশে হৰমনপ্ৰীত ব্ৰিগেড

শ্ৰীলংকাৰ বিৰুদ্ধে চতুৰ্থ টি-২০ত বিজয় সাব্যস্ত কৰিছে ভাৰতীয় মহিলা ক্ৰিকেট দলে । এই জয়েৰে শৃংখলাত ৪-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে হৰমনপ্ৰীত বাহিনীয়ে ।

দেওবাৰে ভাৰত আৰু শ্ৰীলংকাৰ মহিলা ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হয় পাঁচখন খেলৰ টি-২০ শৃংখলাৰ চতুৰ্থখন মেচ । তিৰুৱনন্তপুৰমত অনুষ্ঠিত হোৱা মেচখনত ভাৰতীয় দলটোৱে ৩০ ৰাণত জয়লাভ কৰি ৪-০ ব্যৱধানত শৃংখলাত অগ্ৰগতি লাভ কৰে । শ্ৰীলংকাই টছত জয়লাভ কৰি প্ৰথমে ভাৰতক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায় । প্ৰথমে বেটিং কৰি ভাৰতে শ্ৰীলংকাক ২২২ ৰানৰ বিশাল লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে । শ্বেফালী বাৰ্মা আৰু স্মৃতি মন্ধানাৰ বিস্ফোৰক অৰ্ধ শতক আৰু ৰিচা ঘোষৰ ফিনিচিং টাচৰ বাবে ভাৰতে এই মেচত জয়লাভ কৰিবলৈ সক্ষম হয় । লক্ষ্য অনুসৰণ কৰি শ্ৰীলংকাৰ দলটোৱে ২০ অভাৰত ৬ টা উইকেট হেৰুৱাই ১৯১ ৰানহে কৰিবলৈ সংক্ষম হয় ।

শ্ৰীলংকাৰ ইনিংছ-

ভাৰতৰ ২২২ ৰানৰ প্ৰতিক্ৰিয়া স্বৰূপে শ্ৰীলংকাই শক্তিশালী আৰম্ভণি কৰে । পেৰেৰা আৰু চামাৰী আটাপাট্টুয়ে অৰ্ধ শতিকীয় অংশীদাৰিত্ব গঢ়ে । অৱশ্যে ষষ্ঠ অভাৰত আলহী দলটোৱে প্ৰথমটো বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় যেতিয়া হাছিনি পেৰেৰা ৩৩ ৰানত আউট হয় । তাৰ পিছতে দুলহানী আৰু আটাপট্টুৱে ইনিংছৰ দায়িত্ব লয় । ৩৭টা বলত ৫২ ৰান সংগ্ৰহ কৰি অধিনায়ক চামাৰীয়ে ১৩ অভাৰত নিজৰ উইকেট বিসৰ্জন দিয়ে । ইয়াৰ পিছত ভাৰতীয় বলাৰসকলে শক্তিশালী প্ৰদৰ্শনেৰে মেচখন নিজৰ হাতলৈ আনে আৰু আলহী দলটোৱে মুঠ ১৯১ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।

ভাৰতৰ ইনিংছ-

প্ৰথমে বেটিং কৰি ভাৰতে শক্তিশালী আৰম্ভণি কৰে । স্মৃতি মন্ধানা আৰু শ্বেফালী বাৰ্মাই ছয় আৰু চাৰিৰ বৰষুণ নমাই । মাত্ৰ ১০ অভাৰতে ভাৰতৰ স্ক’ৰ ৮৫ত উপনীত কৰায় দুয়োগৰাকী বেটছমেনে । শেফালী বাৰ্মাই মাত্ৰ ৩০টা বলত অৰ্ধ শতক অৰ্জন কৰে । তেওঁ এই বিস্ফোৰক ইনিংছত  সাতটা চাৰি কোবাই । ১৬ নং অভাৰত ভাৰত প্ৰথমটো বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয়, যেতিয়া শ্বেফালী বাৰ্মাই ৭৯ ৰান সংগ্ৰহ কৰি উইকেট বিসৰ্জন দিয়ে । এই সময়ত ভাৰতৰ স্ক’ৰ আছিল ১৬২ ৰান । মন্ধানাৰ ইনিংছ অব্যাহত আছিল যদিও ১৭ নং অভাৰত তেওঁ নিজৰ উইকেট বিসৰ্জন দিয়ে । মন্ধানাই ৪৮টা বলত ৮০ ৰান সংগ্ৰহ কৰে । তেওঁৰ ইনিংছত ১১টা চাৰি আৰু তিনিটা ছয় আছিল ।

ইয়াৰ পিছতে ৰিচা ঘোষে উজ্জ্বল বেটিং কৰে । ১৬টা বলত ৪০ ৰান সংগ্ৰহ কৰি ৪টা চাৰি আৰু ৩টা ছয় কোবাই । অধিনায়ক হৰমনপ্ৰীত কৌৰে ১০টা বলত ১৬ ৰান সংগ্ৰহ কৰে । ইয়াৰ বাবে ভাৰতে শ্ৰীলংকাক ২২২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে ।

লগতে পঢ়ক : শ্ৰীলংকাৰ বিৰুদ্ধে চতুৰ্থ টি-২০ত ইতিহাস ৰচিলে ভাৰতে…

শ্ৰীলংকাৰ বিৰুদ্ধে চতুৰ্থ টি-২০ত ইতিহাস ৰচিলে ভাৰতে…

তিৰুৱনন্তপুৰমত দেওবাৰে শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা চতুৰ্থখন টি-২০ মেচত ভাৰতীয় দলে আন এক কৃতিত্ব অৰ্জন কৰিছে । এই মেচখনত ভাৰতীয় বেটছমেনে শ্ৰীলংকাৰ বলিং আক্ৰমণক সম্পূৰ্ৰূপে বিধস্ত কৰি পেলায় ।

ভাৰতীয় মহিলা ক্ৰিকেট দল আৰু শ্ৰীলংকাৰ মহিলা ক্ৰিকেট দলৰ মাজত দেওবাৰে তিৰুৱনন্তপুৰমত অনুষ্ঠিত হৈছে শৃংখলাৰ চতুৰ্থখন টি-২০ মেচ । এই মেচ ভাৰতীয় দলে অভিলেখ সৃষ্টি কৰিছে । এই মেচত প্ৰথমে বেটিং কৰি ভাৰতীয় মহিলা ২২১ ৰান সংগ্ৰহ কৰে । মহিলাৰ টি-২০ ক্ৰিকেটত এয়া ভাৰতৰ সৰ্বোচ্চ মুঠ স্ক’ৰ ।

ভাৰতীয় বেটছমেনে শ্ৰীলংকাৰ বলিং আক্ৰমণ সম্পূৰ্ণৰূপে তচনচ কৰে ।  শেষৰ ১০ অভাৰত ১৩৬ ৰান সংগ্ৰহ কৰে ভাৰতে । টীম ইণ্ডিয়াৰ হৈ স্মৃতি মন্ধানাই সৰ্বোচ্চ ৮০ ৰান সংগ্ৰহ কৰে । একেৰাহে তৃতীয়খন মেচত অৰ্ধশতক অৰ্জন কৰি ৭৯ ৰান সংগ্ৰহ কৰে শ্বেফালী বাৰ্মাই । মালছা শ্বাহানীৰ বাহিৰে কোনো শ্ৰীলংকাৰ বলাৰেই ১০তকৈ কম ইকনমি ৰেটত ৰান দিয়া নাছিল ।

তিৰুৱনন্তপুৰমত অনুষ্ঠিত হৈ থকা এই মেচখনত শ্ৰীলংকাই টছত জয়লাভ কৰি প্ৰথমে বলিং কৰিবলৈ সিদ্ধান্ত লয় । ভাৰতীয় অ’পেনাৰ স্মৃতি মন্ধানা আৰু শ্বেফলী বাৰ্মাই বিধ্বংসী ৰূপ ধাৰণ কৰি পাৱাৰপ্লে’ত দলীয় স্ক’ৰ ৬১লৈ বৃদ্ধি কৰে । শীঘ্ৰেই ভাৰতে ১০ অভাৰত এটাও উইকেট নেহেৰুৱাকৈ ৮৫ ৰাণত উপনীত হয় ।

শেষ ১০ অভাৰত ১৩৬ ৰান-

প্ৰথম ১০ অভাৰৰ অন্তত টিম ইণ্ডিয়াৰ স্ক’ৰ আছিল ৮৫/০ । ইয়াৰ পিছতে ভাৰতীয় বেটছমেনে ইমানেই বিস্ফোৰক বেটিং প্ৰদৰ্শন কৰে যে অন্তিম ১০ অভাৰত ১৩৬ ৰান সংগ্ৰহ কৰে । ইফালে শ্বেফলী বাৰ্মাই ৩০টা বলত অৰ্ধ শতক অৰ্জন কৰাৰ বিপৰীতে মন্ধানাই ৩৪টা বলত অৰ্ধ শতকত উপনীত হয় । মন্ধানা আৰু বাৰ্মাই ১৬২ ৰানৰ অ’পেনিং অংশীদাৰিত্ব গঢ়ে । মহিলা টি-২০ ক্ৰিকেটত চতুৰ্থবাৰৰ বাবে মন্ধানা আৰু বাৰ্মাই ১০০ ৰানৰ ওপৰত অ’পেনিং অংশীদাৰিত্ব গঢ়ে ।

টি-২০ত ভাৰতৰ সৰ্বোচ্চ স্ক’ৰ-

চতুৰ্থ টি-২০ত শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতে ২২১ ৰান সংগ্ৰহ কৰে । আন্তঃৰাষ্ট্ৰীয় মহিলা টি-২০ ক্ৰিকেটত এইটোৱেই হৈছে টিম ইণ্ডিয়াৰ সৰ্বোচ্চ স্ক’ৰ । ইয়াৰ পূৰ্বে ভাৰতৰ সৰ্বোচ্চ স্ক’ৰ আছিল ২১৭ ৰান, যিটো ২০২৪ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আছিল । এই মেচখনত স্মৃতি মন্ধানাই টি-২০ত শ্ৰীলংকাৰ বিৰুদ্ধে সৰ্বাধিক ব্যক্তিগত ইনিংছ কৰা ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয় । ইয়াৰ পূর্বে এই অভিলেখ শ্রীলংকাৰ বিৰুদ্ধে পূর্বৰ খেলখনত ৭৯ ৰান অর্জন কৰা শ্বেফালী বার্মাৰ নামত আছিল ৷ উল্লেখ্য যে, চতুৰ্খন মেচত শ্বেফালীয়েও ৭৯ ৰান সংগ্ৰহ কৰে ।

লগতে পঢ়ক : গৌতম গম্ভীৰৰ ঠাইত ল’ব ভি ভি এছ লক্ষ্মণে ? নীৰৱতা ভংগ কৰিলে বি চি চি আইয়ে

ভাৰতীয় দলত ডাঙৰ আঘাত; বিশ্বকাপৰ পৰা বাহিৰ হ’ল প্ৰতীকা

ভাৰতীয় দলত ডাঙৰ আঘাত

আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ৰ ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ মুখামুখি হ’ব ভাৰতীয় দল । এই ছেমি ফাইনেল মেচখন ৩০ অক্টোবৰত নৱী মুম্বাইৰ ডি ৱাই পাটিল স্পৰ্টছ একাডেমীত অনুষ্ঠিত হ’ব । এই প্ৰতিযোগিতাৰ ফিন্ট তালিকাত চতুৰ্থ স্থান দখল কৰি ভাৰতে ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে অষ্ট্ৰেলিয়াই প্ৰথম স্থানত অৱস্থান কৰিছে । গ্ৰুপ পৰ্যায়ত অষ্ট্ৰেলিয়াৰ হাতত ভাৰতীয় দল পৰাস্ত হৈছিল । গতিকে ছেমি ফাইনেলত জয়ী হ’বলৈ হৰমনপ্ৰীত ব্ৰিগেডে যৎপৰোনাস্তি চেষ্টা কৰিব লাগিব ।

ইফালে ছেমি ফাইনেলল মেচৰ পূর্বে বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে ভাৰতীয় দল ৷ ক্ৰিকবাজৰ এক প্ৰতিবেদন অনুসৰি ইন ফৰ্ম অ’পেনাৰ প্ৰতীকা ৰাৱাল বিশ্বকাপৰ পৰা বাহিৰ হৈছে । ২৬ অক্টোবৰ দেওবাৰে বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা মেচত ফিল্ডিং কৰি থকা অৱস্থাত প্ৰতীকাই আঁঠু আৰু ভৰিৰ গোৰোহাত আঘাত পাইছিল । প্ৰথম ইনিংছত এটা বল ৰখাবলৈ চেষ্টা কৰোঁতেই সংঘটিত হয় এই ঘটনা । পৰৱৰ্তী সময়ত বৰষুণৰ বাবে মেচখন পৰিত্যক্ত ঘোষণা কৰা হয় ।

প্ৰতীকা ৰাৱাল দলৰ পৰা বাহিৰ হোৱাৰ পিছত ছেমি ফাইনেলত স্মৃতি মন্ধানাৰ সৈতে কোনে অ’পেন কৰিব তাকে লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে । বাংলাদেশৰ বিৰুদ্ধে ইনিংছ অ’পেনিং কৰিছিল অমনজোত কৌৰে । ভাৰতীয় দলে অমনজোত কৌৰক নকআউট মেচত চেষ্টা কৰিব নে নকৰে সেয়া হ’ব লক্ষ্যণীয় । অমনজোতে অ’পেনিং কৰাৰ সম্ভাৱনা নাই, কিয়নো তেওঁ নিম্ন মধ্যম ক্ৰমত খেলে । বাংলাদেশৰ বিৰুদ্ধে মেচখন সহজ আছিল, গতিকে ভাৰতে তেওঁক চেষ্টা কৰিছিল ।

ছেমি ফাইনেলত স্মৃতি মন্ধানাৰ সৈতে হৰ্লিন দেওলে ইনিংছ মুকলি কৰিব পাৰে । হাৰ্লিনে ৩ নম্বৰত বেটিং কৰে আৰু প্ৰায়ে প্ৰথম পাৱাৰপ্লেত বেটিং কৰিছে । অৰ্থাৎ সহজে তেওএঁ নতুন বলৰ সন্মুখীন হ’ব পাৰিব । ভাৰতীয় প্ৰাক্তন অধিনায়ক মিতালী ৰাজেও বিশ্বাস কৰে যে হাৰ্লিনে ইনিংছ মুকলি কৰাটো এটা ভাল বিকল্প হ’ব পাৰে ।

আন এটা বিকল্প হ’ল উমা ছেত্ৰী । কিন্তু এইগৰাকী উইকেটকীপাৰ বেটছমেনে ছেমি ফাইনেলত খেলাৰ সম্ভাৱনা নাই । নিয়মীয়া উইকেটকীপাৰ ৰিচা ঘোষ ফিট হোৱাৰ উপক্ৰম হৈছে আৰু তেওঁ ছেমি ফাইনেলত খেলাৰ সম্ভাৱনা আছে । বাংলাদেশৰ বিৰুদ্ধে ৰিচাক জিৰণি দিয়া হৈছিল, যাৰ ফলত উমাক সুযোগ লাভ কৰিছিল ।

আনহাতে বাওঁহতীয়া অল ৰাউণ্ডাৰ দীপ্তী শৰ্মাও বিকল্প হ’ব পাৰে । ইয়াৰ পূৰ্বে দীপ্তিয়ে ভাৰতীয় দলৰ হৈ মহিলাৰ এদিনীয়া খেলত ইনিংছ মুকলি কৰিছিল । মহিলাৰ এদিনীয়া মেচত তেওঁৰ সৰ্বোত্তম স্ক’ৰ হৈছে ১৮৮, যিটো তেওঁ আয়াৰলেণ্ডৰ বিৰুদ্ধে ইনিংছ মুকলি কৰাৰ সময়ত কৰিছিল ।

লগতে পঢ়ক : ICU ত ভৰ্তি ক্ৰিকেটাৰ শ্ৰেয়াছ আয়াৰ; কেচ লোৱাৰ সময়তে হৈছিল আঘাতপ্ৰাপ্ত

আই চি চি মহিলা বিশ্বকাপ : অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১০৭ ৰানত ধৰাশায়ী পাকিস্তান

আই চি চি মহিলা বিশ্বকাপ

আই চি চি মহিলা বিশ্বকাপৰ নৱমখন মেচ বুধবাৰে কলম্বোত পাকিস্তান আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হয় । এই মেচত অষ্ট্ৰেলিয়াই পাকিস্তানক ১০৭ ৰানত বৃহৎ ব্যৱধানত পৰাস্ত কৰে । টছত জয়ী হৈ পাকিস্তানে প্ৰথমে বলিং কৰিবলৈ সিদ্ধান্ত লয় । প্ৰথমে বেটিং কৰি সাতবাৰৰ বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়া পাকিস্তানী বলাৰৰ সন্মুখত অসহায় হৈ পৰা যেন লাগিছিল । অৱশ্যে বেথ মুনীয়ে শতক অৰ্জন কৰি দশম উইকেটৰ বাবে ১০০ ৰানৰো অধিক অংশীদাৰিত্ব গঢ়ি তোলে । ইয়াৰ সহায়ত অষ্ট্ৰেলিয়াই পাকিস্তানৰ সন্মুখত ২২২ ৰানৰ বিজয় লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে ।

২২২ ৰানৰ লক্ষ্য অনুসৰণ কৰি পাকিস্তান ১১৪ ৰানতে ইনিংছ সামৰিবলৈ বাধ্য হয় । কিম গাৰ্থে তিনিটা উইকেট দখল কৰে । উল্লেখ্য যে, বৰ্তমানলৈকে পাকিস্তান দলটোৱে চলিত বিশ্বকাপত তিনিখন মেচ খেলিছে । কিন্তু তিনিওখন মেচতে পৰাজয়ৰ সন্মুখীন হৈছে দলটো ।

ইফালে মহিলা বিশ্বকাপত ৭ বাৰকৈ চেম্পিয়ন হৈছে অষ্ট্ৰেলিয়া । অৰ্থাৎ সৰ্বাধিক বিশ্বকাপ জয়ৰ অভিলেখ অষ্ট্ৰেলিয়াৰ হাতত আছে । ১৯৭৮, ১৯৮২, ১৯৮৮, ১৯৯৭, ২০০৫, ২০১৩, আৰু ২০২২ চনত অষ্ট্ৰেলিয়াই এই খিতাপ দখল কৰিছে ।

আনহাতে ২৮ বছৰে পাকিস্তানৰ মহিলা ক্ৰিকেট দলে অষ্ট্ৰেলিয়াক এদিনীয়াত পৰাস্ত কৰিব পৰা নাই । এই পৰ্যন্ত দুয়োটা দলে ১৮খন এদিনীয়া খেলিছে যদিও প্ৰতিবাৰেই অষ্ট্ৰেলিয়াই জয়লাভ কৰিছে ।

লগতে পঢ়ক : অষ্ট্ৰেলিয়া ভ্ৰমণত ৮খন মেচ খেলিব ভাৰতীয় দলে; জানক দুয়োটা দলৰ স্কোৱাড আৰু সম্পূৰ্ণ সূচী

আজি মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী মেচ; বৰ্ষাপাৰাত ভাৰতৰ মুখামুখি হ’ব শ্ৰীলংকা

আজি মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী মেচ

এছিয়া কাপ ২০২৫ৰ ৰোমাঞ্চকৰ সামৰণিৰ পিছত এতিয়া আৰম্ভ হ’ব মহিলা বিশ্বকাপ ক্ৰিকেট । আজিৰে পৰা আৰম্ভ হ’ব আই চি চি মহিলাৰ এদিনীয়া বিশ্বকাপ । মঙলবাৰে ভাৰতীয় মহিলা ক্ৰিকেট দলে ২০২৫ চনৰ এদিনীয়া বিশ্বকাপৰ প্ৰথমখন খেলত শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব । গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব উদ্বোধনী মেচ । এই প্ৰতিযোগিতাৰ ৪৭ বছৰীয়া ইতিহাসত প্ৰথমটো খিতাপ দখল কৰাৰ লক্ষ্যৰে নিজৰ অভিযান আৰম্ভ কৰিব হৰমনপ্ৰীত কৌৰ বাহিনীয়ে ।

বিশ্বৰ তৃতীয় স্থানত থকা হৰমনপ্ৰীত কৌৰৰ নেতৃত্বৰ দলটোৱে এই বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ঘৰুৱা অভিজ্ঞতা আৰু শেহতীয়া উৎকৃষ্ট ফৰ্মৰ সম্পূৰ্ণ সুবিধা ল’বলৈ চেষ্টা কৰিব । ১২ বছৰৰ মূৰত ভাৰতত অনুষ্ঠিত হোৱা মহিলা ক্ৰিকেট বিশ্বকাপৰ এয়া ত্ৰয়োদশ সংস্কৰণ । এই প্ৰতিযোগিতাত ৫ অক্টোবৰত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া মেচকে ধৰি ২৮খন খেল অনুষ্ঠিত হ’ব । ছেমি ফাইনেল আৰু সম্ভাৱ্য ফাইনেলো ভাৰতত অনুষ্ঠিত হ’ব । অৱশ্যে ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা ৰাজনৈতিক উত্তেজনাৰ বাবে পাকিস্তানী দলটোৱে ইয়াৰ সকলো মেচ শ্ৰীলংকাত খেলিব । আনহাতে পাকিস্তানৰ দলটো ফাইনেলত উপনীত হ’লে চূড়ান্ত মেচো শ্ৰীলংকাত অনুষ্ঠিত হ’ব ।

উল্লেখ্য যে, বৰ্ষাপাৰাত অনুষ্ঠিত হ’বলগা এই প্ৰতিযোগিতাৰ উদ্বেধনী অনুষ্ঠান অসমীয়াৰ আদৰৰ শিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা হৈছে ।

এই প্ৰতিযোগিতাত অষ্ট্ৰেলিয়া, ইংলেণ্ড, ভাৰত, নিউজীলেণ্ড, দক্ষিণ আফ্ৰিকা, শ্ৰীলংকা, বাংলাদেশ, পাকিস্তান আদি আঠটা দলে অংশগ্ৰহণ কৰিছে ।

ভাৰতীয় দল-

হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মন্ধনা, প্ৰতিকা ৰাৱাল, হৰলীন দেউল, জেমিমাহ ৰড্ৰিগোছ, ৰিচা ঘোষ, উমা ছেত্ৰী, ৰেনুকা সিং ঠাকুৰ, দীপ্তি শৰ্মা, স্নেহ ৰানা, শ্ৰী চৰাণী, ৰাধা যাদৱ, অমনজোত কৌৰ, অৰুন্ধতী ৰেড্ডী, ক্ৰান্তি গৌড় ।

লগতে পঢ়ক : নৱমবাৰলৈ এছিয়া কাপত ভাৰতৰ জয়; পাকিস্তানী মন্ত্ৰীৰ পৰা টীম ইণ্ডিয়াই নল’লে ট্ৰফী

আই চি চিয়ে বৃদ্ধি কৰিলে মহিলা বিশ্বকাপৰ পুৰস্কাৰৰ ধন… পুৰুষৰ বিশ্বকাপৰ তুলনাত কিমান বেছি ?

আই চি চিয়ে বৃদ্ধি কৰিলে মহিলা বিশ্বকাপৰ পুৰস্কাৰৰ ধন

মহিলা ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে পুৰস্কাৰৰ ধন আচৰিত ভাৱে বৃদ্ধি পাবলৈ গৈ আছে । ১ ছেপ্টেম্বৰ, সোমবাৰে আই চি চিয়ে মহিলা বিশ্বকাপ ২০২৫ৰ বাবে মুঠ ১২২.৫ কোটি টকা (১৩.৮৮ মিলিয়ন মাৰ্কিন ডলাৰ) ঘোষণা কৰে । এই ধনৰাশি পূৰ্বৰ বিশ্বকাপতকৈ প্ৰায় ২৯৭ শতাংশ বেছি । বিশেষ কথাটো হ’ল ২০২৫ চনৰ মহিলা বিশ্বকাপত বিজয়ী দলে যি ধন লাভ কৰিব সেয়া পুৰুষৰ বিশ্বকাপৰ চেম্পিয়নতকৈও অধিক হ’ব ৷

বিজয়ী দলে লাভ কৰিব ৩৯.৪ কোটি টকা-

এই প্ৰতিযোগিতাত জয়ী হোৱা দলটোৱে লাভ কৰিব ৪৪.৮ মিলিয়ন মাৰ্কিন ডলাৰ (প্ৰায় ৩৯.৪ কোটি টকা)। এই পুৰস্কাৰৰ ধন এতিয়ালৈকে সৰ্বাধিক আৰু বিগত বিশ্বকাপ (২০২২)তকৈ প্ৰায় ডেৰ-দুগুণ বেছি ।

ৰানাৰ্ছ আপ আৰু ছেমি ফাইনেলৰ পৰাজিত দল-

বিশ্বকাপৰ ৰানাৰ্ছ আপ দলটোক ২২.৪ মিলিয়ন মাৰ্কিন ডলাৰ (প্ৰায় ১৯.৭ কোটি টকা) দিয়া হ’ব । বিশ্বকাপৰ ছেমি ফাইনেলত পৰাস্ত হোৱা দলে লাভ কৰিব ১১.২ মিলিয়ন মাৰ্কিন ডলাৰ (প্ৰায় ৯.৮ কোটি টকা) পুৰস্কাৰ ।

গ্ৰুপ ষ্টেজ আৰু অন্যান্য পুৰস্কাৰ-

গ্ৰুপ পৰ্যায়ৰ প্ৰতিখন মেচত জয়ী হোৱাৰ বাবে দলক দিয়া হ’ব ৩৪,৩১৪ মাৰ্কিন ডলাৰ (প্ৰায় ৩০.১৯ লাখ টকা)।

পঞ্চম আৰু ষষ্ঠ স্থান দখল কৰা দলসমূহে লাভ কৰিব ৭ লাখ ডলাৰ (প্ৰায় ৬.১৬ কোটি টকা) ।

সপ্তম আৰু অষ্টম স্থান দখল কৰা দলসমূহে ২.৮ লাখ ডলাৰ (প্ৰায় ২.৪৬ কোটি টকা) পুৰস্কাৰ লাভ কৰিব ।

প্ৰতিটো দলক গ্ৰুপ ষ্টেজৰ অংশগ্ৰহণ মাচুল হিচাপে পৃথকে পৃথকে ২.৫ লাখ ডলাৰ (প্ৰায় ২.২ কোটি টকা) দিয়া হ’ব ।

জয় শ্বাহৰ ডাঙৰ মন্তব্য-

আই চি চিৰ অধ্যক্ষ জয় শ্বাহে কয় যে এই সিদ্ধান্তই মহিলা ক্ৰিকেটৰ ভৱিষ্যতক এক নতুন দিশ প্ৰদান কৰিব । তেওঁ কয়, “মহিলা ক্ৰিকেটৰ যাত্ৰাৰ এয়া এক ঐতিহাসিক মাইলৰ খুঁটি । পুৰস্কাৰৰ ধনৰ এই চাৰিগুণ বৃদ্ধিয়ে প্ৰমাণ কৰিছে যে এতিয়া মহিলা ক্ৰিকেটকো পুৰুষৰ সমান মৰ্যাদা দিয়া হৈছে । আমাৰ বাৰ্তা স্পষ্ট, যদি মহিলাসকলে এই খেলখন পেছাদাৰীভাৱে বাছি লয়, তেন্তে তেওঁলোকেও পুৰুষ খেলুৱৈয়ে পোৱা সন্মান আৰু সুযোগ লাভ কৰিব ।”

ক’ত অনুষ্ঠিত হ’ব প্ৰতিযোগিতা-

ত্ৰয়োদশ সংস্কৰণৰ মহিলা বিশ্বকাপ ২০২৫ ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’ব । ভাৰতত গুৱাহাটী, ইন্দোৰ, নৱী মুম্বাই আৰু বিশাখাপট্টনমে এই প্ৰতিযোগিতাৰ আয়োজনৰ অধিকাৰ লাভ কৰাৰ বিপৰীতে শ্ৰীলংকাত খেলসমূহ কলম্বোত অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক : অষ্ট্ৰেলিয়া ভ্ৰমণৰ পূৰ্বে টীম ইণ্ডিয়াৰ ফিটনেছ টেষ্ট; ৰোহিত শৰ্মা, বিৰাট কোহলীয়ে দিব লাগিব পৰীক্ষা

২০২৫ৰ এদিনীয়া বিশ্বকাপৰ সূচী… জানক কেতিয়া আৰু কাৰ বিৰুদ্ধে মুখামুখি হ’ব ভাৰতীয় দল

২০২৫ৰ এদিনীয়া বিশ্বকাপৰ সূচী…

মহিলা এদিনীয়া বিশ্বকাপৰ ত্ৰয়োদশ সংস্কৰণৰ বাবে অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে । ৩০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এই প্ৰতিযোগিতা । ভাৰত আৰু শ্ৰীলংকাৰ মুঠ ৫ খন খেলপথাৰত এই প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । ৩০ ছেপ্টেম্বৰত ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’ব বিশ্বকাপৰ প্ৰথমখন মেচ । এই বিশ্বকাপত মুঠ ৩১খন মেচ অনুষ্ঠিত হ’ব, ইয়াৰে ২৮খন খেল লীগ পৰ্যায়ত অনুষ্ঠিত হ’ব । ঘৰুৱা পৰিৱেশত খেলিবলগীয়া টিম ইণ্ডিয়াই এই এদিনীয়া বিশ্বকাপত জয়ী হোৱাৰ এক সোণালী সুযোগ লাভ কৰিব । জনাওক বিশ্বকাপত ভাৰতৰ মেচ কেতিয়া আৰু ক’ত অনুষ্ঠিত হ’ব ।

ভাৰতৰ বিশ্বকাপৰ সূচী-

৩০ ছেপ্টেম্বৰত শ্ৰীলংকাৰ বিৰুদ্ধে খেলিবলগীয়া মেচৰ জৰিয়তে টিম ইণ্ডিয়াই এই এদিনীয়া বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব । দ্বিতীয়খন মেচ ৫ অক্টোবৰত পাকিস্তানৰ বিৰুদ্ধে আৰু তাৰ পিছত তৃতীয়খন খেল ৯ অক্টোবৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আছে । ১২ অক্টোবৰত ভাৰত-অষ্ট্ৰেলিয়াৰ মেত অনুষ্ঠিত হ’ব, আনহাতে ১৯ অক্টোবৰত ইংলেণ্ডৰ বিৰুদ্ধে খেলিব ভাৰতীয় দলটোৱে । ২৩ অক্টোবৰত ভাৰত বনাম নিউজীলেণ্ডৰ মেচখন অনুষ্ঠিত হ’ব আৰু টিম ইণ্ডিয়াৰ অন্তিমখন লীগ মেচ ২৬ অক্টোবৰত বাংলাদেশৰ বিৰুদ্ধে হ’ব ।

জানক ভাৰতীয় দলৰ সূচী-

৩০ ছেপ্টেম্বৰ- ভাৰত বনাম শ্ৰীলংকা

৫ অক্টোবৰ- ভাৰত বনাম পাকিস্তান

৯ অক্টোবৰ- ভাৰত বনাম দক্ষিণ আফ্ৰিকা

১২ অক্টোবৰ- ভাৰত বনাম অষ্ট্ৰেলিয়া

১৯ অক্টোবৰ- ভাৰত বনাম ইংলেণ্ড

২৩ অক্টোবৰ- ভাৰত বনাম নিউজীলেণ্ড

২৬ অক্টোবৰ- ভাৰত বনাম বাংলাদেশ

ছেমি ফাইনেল খেলৰ সময়সূচী নিৰ্ধাৰণ কৰা হ’ব ছেমি ফাইনেলৰ দলসমূহৰ ওপৰত । প্ৰথমখন ছেমি ফাইনেল গুৱাহাটী বা কলম্বোত অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয়খন ছেমি ফাইনেল খেল বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । ফাইনেলৰ স্থান এতিয়াও নিৰ্ণয় কৰা হোৱা নাই কাৰণ খিতাপৰ সংঘৰ্ষ বেংগালুৰু বা কলম্বোত অনুষ্ঠিত হ’ব ।

ভাৰতে এদিনীয়া বিশ্বকাপ জয় কৰিছেনে ?

হতাশাজনক সত্যটো হ’ল যে, ভাৰতীয় মহিলা ক্ৰিকেট দলে এতিয়াও এদিনীয়া বিশ্বকাপৰ ট্ৰফী লাভ কৰিব পৰা নাই । ১৯৭৩ চনৰ পৰা মহিলাৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপ মুঠ ১২ বাৰ অনুষ্ঠিত হৈছে, য’ত ভাৰতীয় দলটোৱে মাত্ৰ দুবাৰহে ফাইনেলত প্ৰৱেশ কৰিছে । ২০০৫ আৰু ২০১৭ চনত টিম ইণ্ডিয়াই বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছিল যদিও দুয়োবাৰেই পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । সেয়েহে এইবাৰ ঘৰুৱা মাটিত ভাৰতীয় দলে এদিনীয়া বিশ্বকাপৰ খিতাপ দখল কৰি ইতিহাস ৰচনা কৰাৰ সোণালী সুযোগ লাভ কৰিব ।

লগতে পঢ়ক : ভাৰতীয় দলৰ পৰৱৰ্তী মেচ কেতিয়া ? জানক ২০২৬ৰ টি-২০ বিশ্বকাপলৈ সম্পূৰ্ণ সময়সূচী