মহিলা টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে অভিলেখ সংখ্যক ৮২ কোটিৰ পুৰস্কাৰ ধন ঘোষণা কৰে আইচিচিয়ে
সোমবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে মহিলা টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে অভিলেখ সংখ্যক ৮২ কোটিৰ পুৰস্কাৰ ধন ঘোষণা কৰে । দুমাহ পিছত ইংলেণ্ড আৰু ৱেলছত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখনৰ বাবে এই বৃহত ধনৰাশি ঘোষণা কৰিছে আইচিচিয়ে ।
এইবাৰ মুঠ পুৰস্কাৰৰ ধন ১০% বৃদ্ধি কৰা হৈছে । ইউ এ ইত অনুষ্ঠিত হোৱা যোৱা প্ৰতিযোগিতাখনত এই ধনৰাশি আছিল প্ৰায় ৭৪ কোটি, যিটো এতিয়া ৮২ কোটিলৈ বৃদ্ধি পাইছে । এইবাৰ এই প্ৰতিযোগিতাখনৰ পৰিসৰো বৃদ্ধি পাব, য’ত ১২টা দলে অংশগ্ৰহণ কৰিব । ২০২৪ চনত ১০টা দলে অংশগ্ৰহণ কৰিছিল এই মেগা প্ৰতিযোগিতাত ।
কিমান লাভ কৰিব চেম্পিয়ন দলে-
পুৰস্কাৰৰ ধনৰ ক্ষেত্ৰত চেম্পিয়ন দলটোৱে প্ৰায় ২১.৮ কোটি লাভ কৰিব, আনহাতে ৰানাৰ্ছ আপ দলে ১০ কোটি লাভ কৰিব । পৰাজিত ছেমি ফাইনেলিষ্ট দলেও লাভ কৰিব প্ৰায় ৬.২৯ কোটি । গ্ৰুপ মেচত জয়ী হোৱা প্ৰতিটো দলে প্ৰায় ২৯ লাখ টকা লাভ কৰিব ।
আইচিচিয়ে লগতে স্পষ্ট কৰি দিছে যে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা ১২টা দলে নূন্যতম নিশ্চিত ধন ২.০৬ কোটি টকা লাভ কৰিব । ১২ জুনত আৰম্ভ হ’ব এই প্ৰতিযোগিতা । উদ্বোধনী মেচত আয়োজক ইংলেণ্ডে এডগবাষ্টনত শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব ।
অষ্ট্ৰেলিয়া, ভাৰত, পাকিস্তান, নিউজীলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজৰ দৰে ডাঙৰ দলেও এই মেগা ইভেণ্টত খিতাপৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব । ২৪ দিনত ৭টা ভিন্ন স্থানত মুঠ ৩৩খন খেল অনুষ্ঠিত হ’ব ।
প্ৰতিযোগিতাখনৰ পূৰ্বে মে’ মাহত স্কটলেণ্ডৰ পৰা আৰম্ভ কৰি বিভিন্ন চহৰ ভ্ৰমণ কৰি লণ্ডনত সমাপ্ত হ’ব লগা ট্ৰফী ভ্ৰমণো অনুষ্ঠিত হ’ব । আইচিচিৰ চিইঅ’ সংযোগ গুপ্তাই কয় যে মহিলা ক্ৰিকেটৰ জনপ্ৰিয়তা দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু ১২টা দলৰ এই প্ৰতিযোগিতাখনে ইয়াক আৰু অধিক প্ৰতিযোগিতামূলক আৰু শক্তিশালী কৰি তুলিব ।
লগতে পঢ়ক : মুম্বাই ইণ্ডিয়ানছৰ পৰাজয়ৰ হেট্ৰিক; খঙত অগ্নিশৰ্মা হাৰ্দিক পাণ্ডিয়া









