কেতিয়া আৰু ক’ত অনুষ্ঠিত হ’ব ছেমি ফাইনেলৰ মেচ ?  কোন দলৰ মুখামুখি হ’ব ভাৰত ?

কেতিয়া আৰু ক’ত অনুষ্ঠিত হ’ব ছেমি ফাইনেলৰ মেচ ?  কোন দলৰ মুখামুখি হ’ব ভাৰত ?

ছুপাৰ-৮ৰ অন্তিমখন খেলত ৱেষ্ট ইণ্ডিজক ৫ উইকেটত পৰাস্ত কৰি ছেমি ফাইনেলৰ টিকট নিশ্চিত কৰে মেন ইন ব্লু দলে টি-২০ বিশ্বকাপ ২০২৬ অন্তিম পৰ্যায়ত উপনীত হৈছে । ইতিমধ্যে প্ৰতিযোগিতাখনে ছেমি ফাইনেলৰ চাৰিটা দল নিশ্চিত কৰিছে । সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত থকা টিম ইণ্ডিয়াই নকআউট পৰ্যায়ত প্ৰৱেশ কৰা

ছুপাৰ-৮ৰ অন্তিমখন খেলত ৱেষ্ট ইণ্ডিজক ৫ উইকেটত পৰাস্ত কৰি ছেমি ফাইনেলৰ টিকট নিশ্চিত কৰে মেন ইন ব্লু দলে

টি-২০ বিশ্বকাপ ২০২৬ অন্তিম পৰ্যায়ত উপনীত হৈছে । ইতিমধ্যে প্ৰতিযোগিতাখনে ছেমি ফাইনেলৰ চাৰিটা দল নিশ্চিত কৰিছে । সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত থকা টিম ইণ্ডিয়াই নকআউট পৰ্যায়ত প্ৰৱেশ কৰা চতুৰ্থটো দল হিচাপে পৰিগণিত হয় । ছুপাৰ-৮ৰ অন্তিমখন খেলত ৱেষ্ট ইণ্ডিজক ৫ উইকেটত পৰাস্ত কৰি ছেমি ফাইনেলৰ টিকট নিশ্চিত কৰে মেন ইন ব্লু দলে । এতিয়া পৰৱৰ্তী টি-২০ চেম্পিয়নৰ বাবে দুখন ছেমি ফাইনেলকে ধৰি মাত্ৰ তিনিখন মেচ বাকী আছে । গতিকে ছেমি ফাইনেলৰ মেচ কেতিয়া আৰু কাৰ মাজত অনুষ্ঠিত হ’ব জানক ।

প্ৰথম ছেমি ফাইনেল-

প্ৰতিযোগিতাখনৰ প্ৰথমখন ছেমি ফাইনেলত মুখামুখি হ’ব নিউজীলেণ্ড আৰু দক্ষিণ আফ্ৰিকা । এই খেলখন ৪ মাৰ্চ বুধবাৰে কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব । সন্ধিয়া ৭:০০ বজাৰ পৰা আৰম্ভ হ’ব খেলখন ।

দ্বিতীয় ছেমি ফাইনেল-

দ্বিতীয়খন ছেমি ফাইনেল খেল ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব । এই মেচখন ৫ মাৰ্চ বৃহস্পতিবাৰে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । সন্ধিয়া ৭:০০ বজাৰ পৰা আৰম্ভ হ’ব খেলখন ।

দেওবাৰে খিতাপৰ সংঘৰ্ষ-

ছেমি ফাইনেলত বিজয়ী দুটা দল ফাইনেলত প্ৰৱেশ কৰিব । ৮ মাৰ্চ, দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব প্ৰতিযোগিতাখনৰ খিতাপৰ মেচ । উল্লেখ্য যে ছেমি ফাইনেলত প্ৰৱেশ নকৰালৈকে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত টিম ইণ্ডিয়াই মাত্ৰ এখন খেলত পৰাস্ত হৈছে ।

উল্লেখ্য যে, ভাৰতীয় দলটো টি-২০ বিশ্বকাপৰ ডিফেণ্ডিং চেম্পিয়ন । ২০২৪ চনৰ অন্তিমখন টি-২০ বিশ্বকাপত ৰোহিত শৰ্মাৰ অধিনায়কত্বত টিম ইণ্ডিয়াই খিতাপ দখল কৰিছিল । বাৰ্বাডোছত অনুষ্ঠিত চূড়ান্ত খেলখনত ৰোহিত দলে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিছিল । এইবাৰ টিম ইণ্ডিয়াই খিতাপ দখল কৰিবলৈ সক্ষম হ’ব নে নহয় তাকে লৈ ক্ৰিকেটপ্ৰেমীৰ মাজত উত্তেজনাই বিৰাজ কৰিছে ।

লগতে পঢ়ক : ক্ৰিকেট গ্ৰাউণ্ডত পুনৰ গৰজিব ৰোহিত-কোহলীৰ বেটে, এদিনীয়া শৃংখলাৰ সময়সূচী ঘোষণা